Tuesday 11 July 2023

মোৰ চিৰ নমস্য আলোকৰে যাত্ৰীসকলৰ এগৰাকীৰ স্মৃতি ৰোমন্থন

“এইটো, এইটো অনিল হয়।গাডী ৰখা।“ মাততে ধৰিব পাৰিলো আগন্তু়ক়জন কোন।তেঁও মোমাইদেউ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা। ড্ৰাইভাৰে মোৰ নিচেই কাষতে গাডীখন ৰখাই দিলে। “অনিল, গাডীত উঠ, ৰ’বলৈ সময় নাই।গাডীতে কথা পাতিম।“ মই গাডীত উঠি বহি ললোঁ।গাডী চলিব ধৰিলে। গন্তব্য স্থান ঢকুৱাখলা বালি গাঁৱৰ উজনী পথাৰ, য’ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫ তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলি আছে।খা-খবৰ সুধ পুচৰ পিছতে আমি অধিৱেশন কেনেকৈ সফল কৰিব পৰা যাব সেই লৈ আলোচনা কৰিলোঁ।তেওঁ নানা পৰামৰ্শ আগবঢালে। এয়া আছিল ১৯৮৬ চনৰ কথা। বহাগ বিহুৰ কেইদিন মানৰ আগতেই চুটি লৈ কৰ্মস্থলি এৰি ঢকুৱাখনাৰ ঘৰত আছিলোঁহি।সেয়েহে ভাগ্যে মোমাইদেউ ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱক লগ পাই গলোঁ। কাৰণ,৭,৮,৯,১০ এপ্ৰিলত অধিৱেশন অনুস্থিত হৈছিল।ইয়াৰ পূ্ৰ্বে ১৯৮৫ চনৰ ১১ আৰু ১২ মে’ ত ঢকুৱাখনাত অনুস্থিত ধেমাজি জিলা চুতীয়া সন্মিলনৰ ৭ম বা্ৰ্ষিক অধিৱেশনৰ স্থলিতো তেওঁক সৌভাগ্যক্ৰমে কিছু সময়ৰ বাবে লগ পাইছিলোঁ। তেতিয়াও সেই একেই ব্যস্ততা। তাৰ মাজতেই ফৰকাল বতৰৰ নমুনা বহন কৰা হাস্যবদন মুখায়বৰ মানুহজনে নিজ বাসগৃহতহে যেন কোনো মাংগলিক অনুস্থান পাতিছে ঠিক তেনেদৰে নিজৰ দায়িত্বভাৰ পালন কৰি গৈছে। এনে কৰ্মযোগী ব্যক্তিয়ে সহযোগীসকলক কৰ্মক্ষেত্ৰত পূৰ্ণ উদ্যমে লাগি যাবলৈ প্ৰেৰণা যোগায়।সেয়েহে চাগৈ অনুস্থানবোৰ অতি নিয়াৰিকৈ অনুস্থিত গৈছিল। ১৯৮৬ চনত ঢকুৱাখনাত অনুস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ত লগ পোৱাৰ পিছত আৰু ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱক পুণৰ লগ পোৱাৰ সৌভাগ্য নঘটিল। ১৯৯১ চনৰ ১০ জানুৱাৰী তাৰিখে তেওঁ বৈকুন্ঠগামী হয়।গাঁৱলীয়া বেংকৰ চাকৰিৰ খাটিৰত অসমৰ তেনেই ভিতৰুৱা ঠাইত থাকি ব্যস্ততাৰে সময়বোৰ পাৰ কৰি নিচেই আপোনজনৰ সান্নিধ্যৰ পৰাও বঞ্চিত হ’লোঁ।এই ক্ষেত্ৰত মোৰ দৰে পথভ্ৰষ্ট ল’ৰা এটাক বেংক বিষয়া হিচাপে প্ৰতিস্থিত হোৱাত অনুপ্ৰেৰণা যোগাই যোৱা ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুভৱ ব্যক্তিসকলেই জগৰীয়া নহয় নে? ঢকুৱাখনা বালি গাঁৱৰ তিনি আলিৰ যিটো পথেৰে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ধৰলৈ যায়, যিটো পথেৰে ঘাঁহি গাঁৱৰ গুণী জ্ঞানী শিক্ষক,সমাজ সেৱক তথা মহানুভৱ ব্যক্তি শ্ৰীযুত দেৱৰাম সুতৰ ঘৰলৈ যায় তাৰ উত্তৰ পাৰে ডাঃ প্ৰদীপ মোমাইদেউহঁতৰ ঘৰ আৰু দক্ষিণ পাৰে আমাৰ ঘৰ।সেয়েহে সৰুৰে পৰা তেওঁক দেখি আহিছোঁ, তেওঁৰ গুণবোৰ যিমান পাৰোঁ অনুকৰণ কৰি আহিছোঁ।তেওঁলোকৰ ঘৰৰ এমূৰত থকা প্ৰতীক কোঠাৰ বেৰত আঁৰি থোৱা তেওঁলোকৰ স্বৰ্গগত পিতৃদেৱ দীনবন্ধু বৰুৱাৰ বন্ধাই থোৱা ফটোখনলৈ সৰু কালত ৰ’লাগি চাই আছিলোঁ।একেদৰেই ভেবালাগি চাইছিলোঁ তেওঁলোকৰ ঘৰত থকা সেই ৰজা দিনীয়া অতি দীঘল হেংদাংখন।মোমাইদেউহঁতে আমাক কৈছিল যে সেইখন চুতীয়া ৰজাৰ সেনাপতিৰ হেংদাং।তেতিয়াই আমি জানিছিলোঁ –তেওঁলোকৰ উপৰি পুৰুষৰ এজনা আছিল চুতীয়া ৰজাৰ সেনাপতি। আমি সৰু হৈ থাকোঁতে সেই ঘৰখনৰ মূল কেন্দ্ৰবিন্দু তথা আকৰ্ষণৰ অধিকাৰী আছিল তেওঁলোকৰ পূজনীয়া মাতৃ।আমাৰ ভাৱ হৈছিল যেন ঘৰৰ বাৰাণ্ডাৰ বৰপীৰাত বহি দেৱীসদৃশ বগী ধকধকী আইটাগৰাকীয়েই সমস্ত ঘৰখনৰ সকলো দিশ সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল।নিচেই সৰুৰে পৰা মোমাইদেউঙঁতৰ পিতৃ-নাতৃৰ প্ৰতি থকা অগাধ ভক্তি দেখি আহিছোঁ।তাৰে প্ৰভাৱ আমাৰ ওপৰতো কিঞ্চিত পপিমান হ’লেও নিশ্চয় পৰিছিল।মোমাইদেউহঁতে প্ৰতি বছৰে ককাৰ বছেৰেকীয়া শ্ৰাদ্ধ পাতিবলৈ ঘৰলৈ আহিছিল। ঘৰখন উলহ মালহেৰে উপচি পৰিছিল। আমি কণ কণ মখাই বেছ আমোদ উপলব্ধি কৰিছিলোঁ। নিচেই সৰু কালতেই মোমাইদেউসকলৰ দৰে বৰ মানুহ হোৱাৰ এক উচ্চ অভিলাসে মানস পটত জন্ম লভিছিল। সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ভৱিষ্যতে এজন ডাক্টৰ হোৱাৰ পৰিকল্পনাৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলোঁ। পিছে আমাৰ ঘৰৰ আ্ৰথিক অৱস্থা অতিকৈ দুৰ্বল হোৱা বাবে মোৰ হাবিয়াস পূৰণ হোৱাৰ আশা ক্ষীণ হৈ আহিল।দেউতা আছিল বানপানীৰ সৈতে তাল মিলাই ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা এজন সংগ্ৰামী কৃষক আৰু লগতে কানেকান মাৰি ঘৰখন চলাই নিবলৈ চেষ্টা চলাই যোৱা বজাৰত বেপাৰ কৰা সামান্য লোক যাৰ সৈতে বজাৰত এই অভাজনেও চুন বিক্ৰী কৰিছিলোঁ।চুনৰ টিন সমুখত লৈ বেপাৰ কৰাজন আঁতৰি গৈ কলেজত বিজ্ঞান পঢাটো আৰ্থিক কাৰণত অসম্ভৱ হৈ পৰিল।হিন্দী বিষয়ত বিশাৰদ পৰীক্ষা পাছ কৰি আছিলোঁ বাবে চাকৰি কৰাৰ কথা ভাৱিলোঁ। উত্তৰ লখিমপুৰ কলেজ এৰি ধেমাজি উচ্চ বুনিয়াদী বিদ্যালয়ত অবৈতনিকভাৱে হিন্দী শিক্ষকৰ চাকৰিত যোগ দিলোঁগৈ।অজানিতে আৰ্থিক সংকটৰ এক কৰাল গ্ৰাসৰ মাজত সোমাই পৰিলোঁ। তাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিলোঁ ধেমাজিৰ কেইজনমান দয়াশীল বিশিষ্ট ব্যক্তিৰ বদান্যতাৰ প্ৰভাৱত।তেওঁলোকৰ মাজৰে এজন হ’ল ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা।এইখিনিতেই সুযোগ পাইছো যেতিয়া অন্য কেইজনমান মহানুভৱ ব্যক্তিৰ নাম উল্লেখ কৰিলোঁ। সেইসকল হৈছে ক্ৰমে পৰম শ্ৰদ্ধাভাজন স্বৰ্গীয় ডাঃ ভবেন বৰুৱাদেৱ, শ্ৰীযুত ললিত চন্দ্ৰ চুতীয়াদেৱ, শ্ৰীযুত সৰ্বেশ্বৰ চুতীয়াদেৱ, শ্ৰীযুত দিব্য চুতীয়াদেৱ, ডক্টৰ বুদ্ধিন্দ্ৰ বৰুৱাদেৱ, স্বৰ্গীয় বোম্বেশ্বৰ বুঢাগোহাঁইদেৱ, কৃষি বিভাগৰ বিষয়া স্বৰ্গীয় কেশব চন্দ্ৰ দত্ত(ঘৰ ঢকুৱাখনাৰ ভগামুখত,মোৰ সহপাঠী শ্ৰীপৰম শংকৰ দত্তৰ পিতৃদেৱ) আৰু ধেমাজি কলেজৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় ভূপেন পেগু ছাৰ যিয়ে মোক অসম আন্দোলনৰ সময়ত কাণত ধৰি টানি নি বলপূৰ্বক পৰীক্ষা গৃহৰ আসনত বহাই পৰীক্ষা দিবলৈ বাধ্য কৰিছিল।। আটাইকে সশ্ৰদ্ধ প্ৰণাম জনালোঁ।পাঠকসকলে আত্মকেন্দ্ৰীকতাৰ আভাস পাই বিৰক্তি বোধ কৰিলে কথাখিনি অনুপ্ৰেৰণা দায়ক বুলি ধৰি ক্ষমা কৰি দিয়ে যেন। সেয়া আছিল ১৯৭৪ চনৰ কথা।ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱে ধেমাজিৰ টঙনাপৰাত স্থায়ী ভাৱে ঘৰ বাৰী কৰি বসবাস কৰি আছিল।মই গৈ তেওঁলোকৰ ঘৰত ওলোৱাৰ লগে লগে ঘৰৰ আটাইয়ে উষ্ম আদৰণি জনালে।অজিত,দীপালি,ৰূপালি,জোনালী আৰু মনাকহঁতৰ ঘৰুৱা শিক্ষকৰ দায়িত্বভাৰ লোৱাৰ লগে লগে মই আৰ্থিক দিশত যথেষ্ট সকাহ পালোঁ।ভাল মানুহ লগ পালে ভাল দিনবোৰ ঘূৰি আহে।মোৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল।এজন উচ্চ পদস্থ পশু চিকিতচকৰ দায়িত্বভাৰ নিয়াৰিকৈ পালন কৰাৰ উপৰিও ডাঃ বৰুৱাদেৱে এজন উদ্যোগী কৃষকৰ ভূমিকা পালন কৰি নিজ বাসগৃহৰ ওচৰতে বহু বিঘা মাটিত কাজি নেমুৰ খেতি কৰিছিল। সেই নেমু বাৰীৰ নেমু মই ঢকুৱাখনাৰ বজাৰত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছিলোঁ। হাতলৈ ধন অহাত পূনৰবাৰ ডাঙৰ মানুহ হোৱাৰ সপোন দেখিলোঁ। ধেমাজি কলেজত ক’লা শাখাত নাম ভৰ্তি কৰি লৈ মাজে মধ্যে শ্ৰেণীত উপস্থিত থাকিলোঁ।এইখিনিতে পুনৰবাৰ ডাঙৰজন ডাক্টৰ মোমাইদেউৰ কথা উল্লেখ কৰিব লাগিব।জিলা পশু চিকিতসা বিষয়া পদপী লাভ কৰা ডাক্টৰ ভবেন বৰুৱাৰ ঘৰতেই থাকিবলৈ মই ঠাই পাইছিলোঁ।এনে বহু কেইজন মহানুভৱ ব্যক্তিৰ সান্নিধ্য লাভ কৰি মনবোৰ বহল হৈ পৰিছিল। কোঁৱাৰ পৰা ওলাই সাগৰত জপিয়াই দিয়াৰ সপোন দেখিছিলোঁ। ১৯৭৭ চনত বাটঘৰীয়া হাইস্কুলত শিক্ষকতা কৰা সময়ৰলৈকে মই ধেমাজিতে বসবাস কৰিছিলোঁ।পিছত স্কুলৰ পৰা লমাহৰ চুটি লৈ ঢকুৱাখনা কলেজত অৰ্থনীতি বিভাগৰ স্নাতক শ্ৰেণীৰ অনাৰ্চৰ ক্লাচ কৰিবলৈ গুচি আহিলোঁ।তাৰ পিচত বি এ পৰীক্ষা দি কিছুদিন বাটঘৰীয়া হাইস্কুলত চাকৰি কৰোঁতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱক দুই এদিন লগ পাইছিলোঁ।ডিব্ৰুগড বিশ্ব বিদ্যালয়ত দুবছৰ এম এ পঢাৰ পিছত ডিব্ৰুগডতে কৰ্মজীৱনৰ পাতনি মেলি জীৱন যুঁজত নামি পৰি আপোনসকলৰ সান্নিধ্যৰ পৰা বৰ দুখ লগাকৈ বঞ্চিত হ’লোঁ। ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুবৱসকলে বজাৰত চুন, নেমু আদি বিক্ৰী কৰি আৰ্থিকভাৱে সকাহ পাবলৈ চেষ্টা চলাই থকা ল’ৰাটোক এদিন এ চি এচ ৰ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ(চৰকাৰে চাকৰি নিদিলে)সক্ষম হ’বলৈ অনুপ্ৰেৰণা যোগালে। সেই ল’ৰাটোৱে জানো জীৱনত তেওঁলোকৰ অৱদানসমূহ পাহৰি যাব ? সেযা অসম্ভৱ। দূৰণিত থাকিও কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱৰ সামাজিক জীৱনৰ কাম কাজসমূহৰ খবৰ ৰাখি আছিলোঁ।তাকে লৈ গৌৰৱবোধ কৰিছিলোঁ।কাৰোবাৰ ব্যক্তিগত জীৱনলৈ আলোক সঞ্চাৰ কৰাই নহয়, সমাজৰ প্ৰতি, স্বজাতিৰ প্ৰতি ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱৰ যথেষ্ট অৱদান আছে। সেযেহে ধেমাজিৰ স্বনামধন্য বিশিষ্ট ব্যক্তি পৰম শ্ৰদ্ধাভাজন শ্ৰীযুত ললিত চুতীয়াদেৱে তেওঁৰ এটি প্ৰৱন্ধত ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাক ভুয়সী প্ৰসংসা কৰি বহু কথা লিখিছে। ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ বাৰ্ষিক অধিবেশনৰ বাবে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱে লিখা অধিভাষণ যিসকলে পঢিছে তেওঁলোকে নিশ্চয় বৰুৱাদেৱৰ অকাল মৃত্যুত চুতীয়া জাতিৰ লগতে অসমীয়া সমাজৰ কিমান ক্ষতি হ’ল সেয়া অনুমান কৰিব পাৰিছে। মুঠতে, সামাজিক জীৱনৰ সৈতে জডিত প্ৰায় আটাইবোৰ অনুস্থানৰ সৈতেই বৰুৱাদেৱ জডিত হৈ আছিল।এজন দায়িত্বশীল চৰকাৰী বিষয় ববীয়া হৈ নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ ওপৰি সমাজৰ উন্নয়নৰ হকে অত’’বোৰ কাম কৰাজন কিমান উদ্যমী ব্যক্তি হ’ব পাৰে ভাৱিলে আচৰিত যেন লাগে। এজন ইমান উচ্চ পদস্থ চৰকাৰী বিষয়াই তেনেই নিঃকিন ল’ৰা এটাৰ সৈতে নিজৰ লগৰীয়াৰ দৰে, বন্ধুৰ দৰে আচৰণ কৰিব পাৰে বুলি ডাক্টৰ বৰুৱাদেৱৰ সান্নিধ্যলৈ অহাৰ পূৰ্বে কল্পনাও কৰিব পৰা নাছিলোঁ।তেওঁলোকৰ ঘৰত তামোলেৰে পৰিপূৰ্ণ বটাটো মেজত থৈ ইখনৰ পিচত সিখন তামোল পাগুলি পাগুলি বহু পৰ জুৰি মোমাইদেউ ডাক্টৰ প্ৰদীপ বৰুৱাৰ লগত মুখামুখিকৈ বহি বিভিন্ন বিষয়ৰ ওপৰত নানা ধৰণৰ ৰসাল আলাপ আলোচনা কৰাৰ কথা আজিও মানস পটত ভাঁহি উঠে।অসাধাৰণ আৰু প্ৰভাৱশালী মানুহে যদি এজন সাধাৰণ মানুহৰ ব্যক্তিত্বৰ ওপৰত আস্থা ৰাখি তেওঁক কিছু অধিক গুৰুত্ব দিয়ে তেন্তে সাধাৰণ মানুহজন যিমানেই নিঃকিন নহওক লাগে তেওঁৰ ব্যক্তিত্বৰ বিকাশ সম্ভৱপৰ হৈ উঠে।ডাঃ বৰুৱাও তেনে এজন অসাধাৰণ ব্যক্তি। ফুল অতিকৈ ভাল পোৱা কোমল হৃদয়ৰ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা মোমাইদেউৰ লগত এনে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ লৈ উঠাৰ বেলিকা সেইখন ঘৰৰ অন্য সদস্যসকলৰ অৱদানো নিশ্চয়কৈ অনস্বীকাৰ্য।মোৰ বাবে দেৱী স্বৰূপ মামীদেউ চিৰ পূজনীয়া শ্ৰীযুক্তা পূৰ্ণিমা ৰঞ্জিতা বৰুৱাৰ স্নেহৰ বান্ধোন আৰু ভাইটি ভন্টিহঁতৰ মৰম শ্ৰদ্ধাৰ মাজেদি অতিক্ৰম কৰা সেইবোৰ দিন আছিল মনৰ মণিকূটত স্থান লাভ কৰা সোণোৱালী দিন। ----------------সমাপ্ত-----------

Monday 10 July 2023

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন

তেতিয়া মোৰ বয়স ছয় বছৰ হোৱাই নাছিল, স্কুললৈ যাবলৈ ব্যাকুল হৈ পৰিলোঁ।খেল ধেমালীৰ লগৰীয়া, কাণসমনীয়া বাল্য বন্ধু শৰতেও চাগৈ মোৰ দৰেই স্কুললৈ য়োৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁৰ দেউতাক, ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা আমাৰ ককা চন্দ্ৰ দাসদেৱে এদিন আমাক নি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ক মান শ্ৰেণীত নাম ভৰ্তি কৰাই দিলে।মই লেখা-পঢ়া বিষয়ৰ সামান্যতমো কথা ঘৰত শিকা নাছিলোঁ বা ঘৰত কোনেও কাহানিও মোক একো শিকোৱা নাছিল। ক, খ ,গ, ঘ এইবোৰনো কি মই জনা নাছিলোঁ।স্কুলত শিক্ষকে মাটি পেন্সিলেৰে মাটিৰ স্লেটত সেইবোৰ লিখিবলৈ কওঁতে মই বাকীবোৰ বুজি নাপাই ঘ মানে ঘৰ লিখিব বা অঁকিব দিছে বুলি ভাৱি লৈ ঘৰৰ ছবি এটা আঁকি শিক্ষকক দেখুৱাইছিলোঁ।ঘৰৰ ছবি আঁকি শিক্ষা জীৱনৰ পাতনি মেলা মুহূৰ্তত ছাৰে মোৰ মুখলৈ ৰলাগি চোৱা দৃশ্য আজিও মানস পটত ভাঁহি উঠে।ছাৰে কি ভাৱিছিল নাজানো, ভাল অথবা বেয়া একো মন্তব্য দিয়া নাছিল বাবে মই নিজৰ পাৰদৰ্শিতাত সন্তুষ্টি লাভ কৰিছিলোঁ।ক্ষন্তেক পিছতে ছাৰে মোৰ স্লেট পেন্সিল লৈ তাত অলপ ডাঙৰকৈ ক আখৰটো লিখি দি ক’লে, “এইটো ক আখৰ হয়, তুমি আঁকিব পাৰিবানে?”।মই পাৰিম বুলি কৈ ক্ষন্তেকতে ক আখৰটো চাই চাই আঁকি পেলালোঁ, মানে লিখি পেলালো।এইদৰেই ক, খ বোৰ অঁকাৰ লগতে আম,অমিতা,মানুহ, জীৱ-জন্তু আৰু অন্যান্য ছবিবোৰ আঁকি দিনবোৰ পাৰ কৰিব ধৰিলোঁ।মোৰ যিমানদূৰ মনত পৰে, মই ক মান শ্ৰেণীত মাথো এটা বছৰেই আছিলোঁ এনে নহয়, বেছি দিন আছিলোঁ।সেয়েহে ষোল্ল বছৰ বয়সত এম ভি পৰীক্ষা পাছ কৰি গৈ ঢকুৱাখনা হাইস্কুলত নাম ভৰ্তি কৰিছিলোঁ আৰু ১৯৭৩ চনত মেট্ৰিক পাছ কৰোঁতে বয়স উন্নৈশ বছৰ হৈছিল। অৱশেষত ক মান শ্ৰেণীৰ পৰা খ মান শ্ৰেণীলৈ উতীৰ্ণ হলোঁ।শ্ৰেণীৰ ভিতৰতে মই প্ৰথম হলোঁ।এতিয়াও ভালদৰে মনত আছে মোৰ সহপাঠী মাণিকপুৰ গাঁৱৰ জালালউদ্দীনে দ্বিতীয় স্থান লাভ কৰিছিল।বিদ্যালয়ৰ বছেৰেকীয়া অধিবেশনৰ লগতে প্ৰতি বছৰেই বটা বিতৰণী সভাও অনুস্থিত হয়।প্ৰথম হৈ প্ৰমোছন পোৱা বাবে মোক তদানীন্তন উদীয়মান লেখক ফনী বৰগোঁহাঞিদেৱে ৰচনা কৰা সাধু কিতাপ ৰঘূবংশৰ কথা পুৰষ্কাৰ স্বৰূপে দিছিল।তাৰ পিছৰ বছৰ দ্বিতীয় স্থান পাওঁতে ফনী বৰগোঁহাঞি দেৱইে লিখা মহামায়াৰ সাধু নামৰ কিতাপখন পুৰষ্কাৰ স্বৰূপে দিছিল।(অৱশ্যে, পিছত বিদ্যালয়লৈ ঘাঁহি গাঁৱৰ কুশল হাজৰিকা আৰু যোগেশ বৰুৱা,বান্টৌ গাঁৱৰ পূৰ্ণানন্দ গগৈ আদি ছাত্ৰসকল অহাত তেওঁলোকক চেৰ পেলাই প্ৰথম দ্বিতীয় স্থান লাভ কৰিব নোৱাৰা হলোঁ।) পাঠ্যপুথিৰ উপৰি জীৱনত প্ৰথম পঢ়া বাহিৰা কিতাপ আছিল এই দুখনেই। অতি হেঁপাহেৰে কিতাপ দুখন পঢ়িছিলোঁ।এবাৰ নহয়, বহুবাৰ পঢ়িলোঁ আৰু কিতাপ দুখনো বহুবছৰ ধৰি সংৰক্ষণ কৰি থৈ অৱশেষত ঢকুৱাখনা বালি গাঁৱৰ নেহেৰু অধ্যয়ন চক্ৰ নামৰ পুথিভঁৰালত থ’বলৈ দান কৰি দিলোঁ।।তেতিয়াৰ পৰাই সাধু কিতাপ পালেই পঢ়িব ধৰিলোঁ। কিতাপ পঢ়াৰ হেঁপাহ পূৰণ কৰিবলৈ বিদ্যালয়ৰ পুথিভঁৰালত অসমীয়া আৰু ইংৰাজী ভাষাত বহুতো শিশু উপযোগী কিতাপ আছিল।সেইবোৰৰ নিয়মীয়া পঢ়ুৱৈ হৈ পৰিলো। আজি কালিৰ দৰে আমি বিদ্যালয়ত পঢ়ি থকা দিনত বিদ্যালয়ৰ পাঠ্য-পুথিসমূহ সঘনাই সলনি কৰি থকা নাছিল বাবে আমাৰ দৰে দৰিদ্ৰ কৃষকৰ সন্তানে নতুন কিতাপ নিকিনাকৈ আনৰ পৰা পুৰণি কিতাপ খুজি আনি পঢ়িবলৈ সুবিধা হৈছিল।অমৃত বৰগোহাঁঞি মোৰ ওপৰৰ শ্ৰেণীত আৰু তেওঁৰ ভাগিনিয়েক দেৱাশীষ বুঢ়াগোহাঁই মোৰ তলৰ শ্ৰেণীত পঢ়িছিল বাবে প্ৰতি বছৰেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনা মোৰ কিতাপবোৰ নি দেবাশীষক দি অমৃতৰ কিতাপখিনি লৈ আহিছিলোগৈ।সেইবোৰ পুৰণি হ’লেও মই কিতাপবোৰত নতুন কিতাপৰেই গোন্ধ পাইছিলোঁ।মনটো উৎফুল্লিত হৈ পৰিছিল আৰু সেইবোৰ যিমান পাৰোঁ পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ বছেৰেকীয়া অধিৱেশনত এবাৰ ভীম বকাসুৰৰ যুদ্ধ পৰিৱেশন কৰা হৈছিল।তাত মই বকাসুৰৰ ভাও দিছিলোঁ আৰু আমাৰ গাঁৱৰ হীৰা চুতীয়াই অতি নিখুঁতভাৱে ভীমৰ ভাওত অভিনয় কৰিছিল। সেয়ে তেতিয়াৰ পৰাই হীৰাক আটায়ে কলিৰ ভীম বুলি মাতিছিল।মোৰ ভাগ্য ভাল আছিল যে কোনো দিনে বিদ্যালয়লৈ নোযোৱা আমাৰ পিতৃদেৱতা গৈ আমাৰ ভীম বকাসুৰৰ যুদ্ধ উপভোগ কৰিছিল।কথাবোৰ মোৰ আজিও স্পষ্ট মনত আছে। অনুস্থান শেষ হোৱাৰ পিছত দেউতাই মোক কেইঅনামান পইচা দিছিল। তাৰ পৰাই অনুমান হৈছিল যে আমাৰ অভিনয় চাই দেউতা বহুত অধিক অভিষিক্ত হৈছিল। আমাৰ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত ছাত্ৰসকলক কেৱল পাঠ্য-পুথিৰ জ্ঞানেই নিদি জীৱনত আৱশ্যক হোৱা বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়।বিছনি, খৰাহী আদি বাঁহ বেতৰ সঁজুলি নিৰ্মাণৰ শিক্ষা আমি বিদ্যালয়তে লাভ কৰিছিলোঁ। চাফ চিকুনতাৰ জ্ঞান আমি ক মান শ্ৰেণীৰ পৰাই পাই আহিছিলোঁ।বিদ্যালয়ৰ চৌপাশ আমি ছাত্ৰসকলেই চাফ চিকুন কৰি ৰাখিছিলোঁ।ছায়াদাৰ ফুলগছৰ তলৰ নিমজ দলিছাৰ দৰে বননিত বহি যোগ বিয়োগ, পূৰণ হৰণৰ নেওঁতা আওৰুৱা কথা মনত পৰিলে আজিও নষ্টালজিক হৈ পৰোঁ।ছাত্ৰসকলক যোগ শিক্ষা প্ৰদান কৰিবলৈ আদিত্য তালুকদাৰ নামৰ যোগগুৰু এজনক আমন্ত্ৰণ কৰি অনা হৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেখেতৰ পৰাই যোগ শিক্ষা লাভ কৰিছিলোঁ।গুৰুজনাই আমাক তেওঁ লিখা যোগাসনৰ কিতাপ-পত্ৰও যোগান ধৰিছিল।সহজ যোগাসন নামৰ কিতাপখন আজিও সযতনে ৰাখি থৈছোঁ আৰু আৱশ্যক হ’লে সাদৰেৰে মেলি লওঁ।খেলা-ধুলা আৰু কুচ-কাৱাজ আদি বিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে অপৰিহায্য আছিল।সৰস্বতী পূজা আছিল ছাত্ৰসকলৰ অতি প্ৰিয় উৎসৱ।সৰস্বতী পূজা পালন কৰোঁতেও ছাত্ৰসকলক নানা ধৰণৰ সামাজিক জ্ঞান প্ৰদান কৰা হয়।পূজাৰ কিছুদিনৰ পূৰ্বে বিদ্যালয়ত এখন সাধাৰণ সভা অনুস্থিত কৰা হয়।সভাত প্ৰথমে সৰস্বতী পূজা পতা হ’বনে নহয় সেইটো ঠিৰাং কৰা হয়।গৰিষ্ঠ সংখ্যক ছাত্ৰই পূজা পতাৰ সন্মতি প্ৰদান কৰিলেহে বিষয়টোৰ সন্দৰ্ভত আলোচনা আগুৱাই যায়।তাৰ পিছত মূৰ্তি পূজা হ’বনে নহ’ব সেই বিষয়ত সৰ্বসন্মতিক্ৰমে প্ৰস্তাব গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত আলোচনা হ’ব পূজাৰ প্ৰসাদ সন্দৰ্ভত।মাহ-প্ৰসাদ, লুচি-ভাজি নে পায়সেৰে অপ্যায়ণ কৰা হ’ব সেয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰৰ সন্মতিৰ ওপৰতেই নিৰ্ভৰ কৰিব।এই দৰেই গণতান্ত্ৰিক বিচাৰ ধাৰাৰে শৃঙ্খলাবদ্ধভাৱে সমাজখন আগুৱাই নিয়াৰ শিক্ষা আমাক দিয়া হৈছিল।নীতি শিক্ষাৰ জ্ঞান প্ৰতি গৰাকী শিক্ষকেই শ্ৰেণীত ছাত্ৰসকলক নিতৌ প্ৰদান কৰিছিল।এইদৰেই গৰ্হিত কামৰ পৰা ছাত্ৰসকলক বিৰত ৰাখিছিল।আমাক স্বাৱলম্বী হবলৈ শিকোৱা হৈছিল।সৰস্বতী পূজাৰ কাম-কাজবোৰ আমি নিজৰ মাজত ভগাই লৈ কৰিছিলোঁ। পূজাৰ প্ৰসাদ বিতৰণৰ বাবে আৱশ্যক হোৱা কৌপাত সংগ্ৰহ কৰিবলৈ আমি ছাত্ৰসকল জাকে জোমে কোৱঁৰ গাঁও আৰু বৰুৱাটিকা গাঁৱৰ ডাঙৰ ডাঙৰ বাৰীত প্ৰৱেশ কৰি পিটপিটাই ফুৰিছিলোঁ আৰু কৌপাতবোৰ আনি বিদ্যালয়ত জমা কৰি পূজাৰ প্ৰসাদ বিতৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ সমুখ ভাগত বিদ্যালয়ৰ প্ৰৱেশ পথৰ দুয়োপাৰে দুখন ফুলনি বাগিছা আছিল। মালীয়ে তাৰ তদাৰক হিচাপে কাম কৰে যদিও ছাত্ৰসকলকো বৃক্ষৰোপণ আৰু তাৰ পৰিচৰ্যাৰ জ্ঞান দিবৰ বাবে মাজে মাজে বাগিছাৰ কাম কৰিবলৈ দিয়া হৈছিল।আনহে নালাগে নাৰিকল গছ কিদৰে ৰোপণ কৰা হয় তাৰো জ্ঞান আমি লাভ কৰিছিলো।আমি ৰোপণ কৰা কেইজোপামান নাৰিকল গছ বৰ্তমানো বিদ্যালয়ৰ চৌহদত দেখিবলৈ পাওঁ। বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তিভাৱত আমাৰ শিৰ সদায়ে নত হৈ থাকে। সেইবোৰ দিনত চেকনিৰ আগতহে বিদ্যা বুলি এক দৃঢ মত পোষণ কৰা হৈছিল।বেতৰ কোবৰ পৰা হাত হাৰি থাকিবৰ বাবে পঢ়া-শুনাৰ কামবোৰ নিয়াৰিকৈ কৰিব লগা হৈছিল।আমি জানিছিলোঁ যে শিক্ষা গুৰুসকলে আমাৰ ভালৰ বাবে, আমাৰ উন্নতিৰ হকে সদায় চিন্তা কৰে আৰু মাথো সেই উদ্দেশ্য আগত ৰাখিয়েই বেতডাল হাতত লৈ ফুৰে।সেয়ে আমাৰ শ্ৰদ্ধা-ভক্তি সদায়ে অটুত আছিল।মৌখিকৰ উত্তৰ দিব নোৱাৰিলে শ্ৰদ্ধেয় মুখেশ্বৰ গগৈ ছাৰৰ সৌকাৰ কোব হাতৰ তলুৱাত পৰিবই, সেয়ে তাৰ পৰা ৰক্ষা পাবলৈ মৌখিক পাৰিবই লাগিব।।সৰু নেওঁতাৰ পৰা বৰ নেওঁতালৈকে সকলো সম্পূৰ্ণ মুখস্থ থাকিব লাগিবই, এইটো ধৰা-বন্ধা কথা। পূৰ্ণানন্দ সন্দিকৈ ছাৰে ইয়াৰ ব্যতিক্ৰম হ’বলৈ নিদিছিল।এনে জটিল পৰিস্থিতিৰ মাজতো ৰসাল সাধু কথা শুনাই আনন্দ দিছিল খগেশ্বৰ হাজৰিকা ছাৰে। ছাৰ আমাৰ শ্ৰেণী কোঠালৈ অহালৈ অতি ব্যগ্ৰতাৰে বাট চাই ৰৈছিলোঁ আমি। প্ৰতি বছৰে গৰমৰ বন্ধ ঘোষণা কৰা দিনটোত পুৱাতেই বিদ্যালয় আৰম্ভ হয় আৰু আমি ধূপ-ধুনা দি পূজা কৰি, ফুলৰ মালা বিন্ধাই, চাহ মিঠায়েৰে অপ্যায়ণ কৰি শিক্ষাগুৰুসকলৰ শ্ৰীচৰনত প্ৰণাম জনাই আন্তৰিক শ্ৰদ্ধা-ভক্তি প্ৰকট কৰোঁ। সত্য কথা ক’বলৈ গ’লে, এইখন বিদ্যালয়ত নপঢ়া হেতেন মই সৰুতে যি হ’ম বুলি মন বান্ধিছিলো সেইয়াই হ’লো হেতেন।ভাৱিলে মোৰ নিজৰে হাঁহি উঠে,ডাঙৰ হ’লে মই কোলাবুঢ়ী নাচ নাচি বিখ্যাত মানুহ হ’ম বুলি সপোন ৰচিছিলোঁ।কাৰণ,আমাৰ গাঁৱৰ চুটি চাপৰ মানুহ তথা আমাৰ ডাঙৰ ভিনিহীদেউ গেঠন চুতীয়াই গাঁৱৰ বিয়াবোৰত কোলাবুঢ়ী নাচ নাচি ৰাইজৰ মাজত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।ৰাইজে তেওঁক তামোল-পাণৰ বটাত ধন দি, ফুলাম গামোচা পিন্ধাই তেওঁৰ গুণ বখানিছিল।এইবোৰ দেখি শুনি মই অভিভূত হৈ পৰিছিলোঁ।খগেশ্বৰ হাজৰিকা ছাৰে এদিন আমাৰ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰকে থিয় কৰাই জীৱনৰ লক্ষ্য কি সুধিছিল।ছাৰে মোকো সুধিলে,”যুগল, তই ডাঙৰ হ’লে কি কৰিবি?” মই তপৰাই উত্তৰ দিলো,”কোলাবুঢ়ী নাচ নাচিম, ছাৰ” ।মোৰ উত্তৰ শুনি নিজে কৌতুক কৈ নহঁহাকৈ থকা ছাৰেও হাঁহি ৰখাব নোৱাৰিলে আৰু লগতে শ্ৰেণী কোঠাৰ আটাইবোৰ ছাত্ৰই গিৰ্জনিমাৰি হাঁহিলে।ময়ো স্বভাৱজাত মেলেঙা হাঁহিটো মাৰি দাঁত চেলাই ৰৈ গ’লোঁ।পিছত ছাৰে কথাবোৰ বুজাই দি জীৱনৰ লক্ষ্য সলনি কৰিবলৈ ক’লে মোক। ব্ৰিটিছৰ শাসন কালতে ১৮৭২ চনত প্ৰতিষ্ঠা কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িবলৈ পোৱা বাবে নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ।পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰুসকলৰ পৰা অতি মূল্যৱান শিক্ষা লাভৰ উপৰিও বিদ্যালয়খনৰ আহল-বহল চৌহদ, পকী শ্ৰেণী কোঠা, শিশু উপযোগী সুন্দৰ আৰু সৰু সৰু কাঠৰ বেঞ্চ-ডেক্স, ফুটবল খেলৰ পথাৰৰ সুবিধা আৰু বিদ্যালয়ৰ দক্ষতা সম্পন্ন চৌকিদাৰৰ ঘন্টি বা বেল বজাওঁতে সৃষ্ট সুমধূৰ সুৰ আদিৰ বাবে আমাক আন আন বিদ্যালয়ৰ ফুটবল খেলৰ পথাৰ আদিৰ সুবিধাই আমাক আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ অধিক উচ্চ স্থানত থকা বুলি অনুভৱ কৰাৰ সুযোগ দিছিল।এইবোৰ কাৰণতেই দূৰ দূৰণিৰ পৰা ছাত্ৰ আহি স্কুলৰ চৌহদত থকা বৰ্ডিং ঘৰত থাকি পঢ়িছিলহি। আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰসকলৰ হাতৰ আখৰ সুন্দৰ কৰা আৰু ছবি অঁকাত পাকৈত হোৱাত অধিক গুৰুত্ব দিছিল।তেতিয়া আমাক পাখি কলম অথবা বাঁহৰ কলম লৈ চিয়াঁহীৰ দোৱাতত তিয়াই তিয়াই হাতৰ আখৰ লিখিবলৈ দিয়া হৈছিল।আমাক নিজৰি কলম অৰ্থাত্ ফাউন্টেইন পেন ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল আৰু বৰ্তমান সময়ৰ দৰে ডট পেনো বজাৰত উপলব্ধ হোৱা নাছিল।সকলো ছাত্ৰই হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা চলাইছিল। কাৰণ, হাতৰ আখৰ সুন্দৰ হ’লে পৰীক্ষাত অধিক নম্বৰ লাভ কৰিব পাৰি আৰু ছবি আঁকি থাকিলে শিশু ধৈৰ্যশীল তথা অধ্যৱসায়ী হয়।ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে মই ছবি আঁকিব পৰা হৈ গ’লো; কিন্তু মোৰ হাতৰ আখৰ তুলনামূলকভাৱে অন্য ছাত্ৰসকলতকৈ বেয়া। ভাল কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, পিছে সফল হ’ব নোৱাৰিলোঁ।ইয়াৰ বিপৰীতে ছবি অঁকাৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিভিন্ন ধৰণৰ ছবিবোৰ আঁকিব পৰা হ’লোঁ।শ্ৰেণীৰ বিভিন্ন বিষয়ৰ টোকা বহীবোৰৰ উকা কাগজত মন গ’লেই একোখন ছবি আঁকি পেলাইছিলো।মোকে অনুসৰণ কৰি এনে কাম শৰতেও কৰিছিল।তেওঁ বেছিকৈ মানুহৰ ছবি আঁকিছিল আৰু মূৰত একোটা দীঘল ৰঙা টুপী পিন্ধাই দিছিল। তেওঁ অঁকা ছবিবোৰ চাই আমি বেছ আমোদ লাভ কৰিছিলোঁ আৰু তেওঁক ৰঙা টুপী বুলি নাম দি জোকাইছিলোঁ। কেতিয়াবা কেতিয়াবা শিক্ষকে আমাৰ এনে কাণ্ডবোৰ ধৰা পেলাই আৰু আমোদ পাই খং কৰিবলৈ পাহৰি গৈছিল।ছবি অঁকা কামত শৰত আত্মবিশ্বাসী হৈ পৰিছিল।সেয়েহে চাগৈ এটা সময়ত তেওঁ এনে কামৰ যোগেদি অৰ্থ উপাৰ্জন কৰি নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিবলৈ সমৰ্থৱান হৈছিল।মই নিজেও বহু সময়ত আৰ্থিক সংকটত পৰি চিত্ৰাংকনৰ জৰিয়তে ধন উপাৰ্জন কৰিছোঁ, যি কাম আজি পৰ্যন্ত বন্ধ হোৱা নাই। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত সাতোটা বছৰতকৈ অধিক কাল পঢ়া দিনবোৰৰ কিছুমান স্মৃতিয়ে আজিও মনৰ মাজত ঢৌ খেলি থাকে। শিক্ষাগুৰুসকলে আমাৰ মানসিক দিশৰ উত্তৰণৰ হেতু গম্ভীৰ ভাৱে চিন্তা কৰি কৰা কামবোৰৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।তেনেধৰণৰ কামৰ এক উদাহৰণ দিব পাৰি।ঢকুৱাখনাৰ সুসন্তান, জালভাৰী গাঁৱৰ শ্ৰদ্ধেয় ভোগেশ্বৰ দত্তদেৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা গৈ ছোভিয়েট দেশ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত তেওঁক আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি তেওঁৰ অভিজ্ঞতাবোৰ আমাক শুনাবলৈ দিছিল।কেৱল এয়াই নহয়, সুযোগ সুবিধা অনুযায়ী যিকোনো ধৰণৰ প্ৰয়োজনীয় সমল ব্যক্তিকে আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনি আমাৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাইছিল। দেৰশ বছৰত এই বিদ্যালয়খনে হেজাৰ হেজাৰ সুনাগৰিকৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যেতেও এই বিদ্যালয়ৰ গৰিমা অক্ষুন্ন হৈ থাকক।সাম্প্ৰতিক কালৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱে যাতে সৰ্বসাধাৰণ লোকৰ সন্তানে সহজে শিক্ষা লাভ কৰিব পৰা এনে বিদ্যালয়ৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষই দৃষ্টিপাত কৰি থকা উচিত। -----------------সমাপ্ত-----------------

Sunday 5 February 2023

ল’ৰালি কালৰ ধেমালি

জীৱন পৰিক্ৰমাৰ সমগ্ৰ কাল ছোৱাৰ ভিতৰত শৈশবৰ দিনবোৰকে মধূৰতম বুলি গণ্য কৰা হয়।এয়া কেৱল মানৱ জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য এনে নহয়, ধৰাতলত জন্ম লাভ কৰা সকলোবোৰ প্ৰাণীয়েই শৈশবৰ দিনবোৰ খুউব আনন্দ উলাহৰ মাজেদি অতিবাহিত কৰা দেখা যায়।এই সময় খিনিত স্নেহ-বন্ধনৰ মাজত লালিত-পালিত হৈ প্ৰফুল্ল মনে দিন অতিবাহিত কৰাৰ সুযোগ থাকে।মন মগজুক সংসাৰৰ জটিলতা, কুটিলতা আৰু ভয়-শংকা আদি সমস্যাবোৰে তীক্ষ্ণ নখেৰে আঁচুৰি নাযায় বাবে শিশুৱে নিৰ্ভিক, নিষ্পাপ আৰু ভেদাভেদ হীন ভাৱে জন্মগতভাৱে লব্ধ সমাজ প্ৰিয়, সংগ প্ৰিয় স্বভাৱৰ প্ৰকিফলন ঘটাই লগ-সমনীয়াৰ সৈতে হাঁহি ধেমালিৰ মাজেদি জীৱনৰ সময়বোৰ পাৰ কৰিব ধৰে।এই পৃথিবীত যেন কোনেও সময়ক বাট এৰি দি কাষৰতে ৰৈ থাকিব নোখোজে।শিশুসকলেও কিবা এটা কৰি সময়ক ধৰি ৰাখিব খোজে।তাৰেই পৰিণাম হ’ল ল’ৰালি কালৰ ধেমালি। মানৱ শিশুৱে জন্মৰ কিছুদিনৰ পিছৰ পৰাই মাতৃৰ কোলাতেই মিচিক-মাচাক হাঁহিৰে ধেমালিৰ পাতনি মেলে।মাতৃ আৰু আত্মীয়-স্বজনৰ সঁহাৰি পাই শিশুৰ ধেমালি আগুৱাই যায়।লাহে লাহে খিটখিটাই হাঁহিবলৈ আৰম্ভ কৰে, পুতলা খেলিব শিকে আৰু কণ কণ শিশু দেখা পালে উত্তেজনা প্ৰকাশ কৰে আৰু তেওঁলোকৰ সৈতে খেলিবলৈ আগ্ৰহ দেখায়। শিশু সামান্য জনা বুজা যেন হ’লেই খেলা-ধূলাত মগ্ন হৈ পৰে।শিশুসকলৰ ৰং-ধেমালিবোৰ দেখি বয়োজ্যেষ্ঠজনে নিজৰ ল’ৰালি কালৰ ধেমালিবোৰৰ কখা স্মৰণ কৰে আৰু সেই দিনবোৰক সোণোৱালী-ৰূপোৱালী আখ্যা দি হা-হুমূনিয়া কাঢ়ে। বসবাস কৰা স্থান আৰু তাৰ পৰিৱেশ-পৰিস্থিতি অনুযায়ী ল’ৰালি কালৰ ধেমালিবোৰ ভিন ভিন ধৰণৰ হয়।উদাহৰণ স্বৰূপে, নৈ পৰীয়া কণ কণ সকলৰ ধেমালিবোৰৰ অধিকাংশ নৈৰ পানীতেই আৰম্ভ আৰু অন্ত হয়।পানীত সাঁতুৰি-নাদুৰি তেঁওলোকে অনেক খেল-ধেমালি কৰে।পৰ্বত-পাহাৰ আৰু হাবি-জঙ্গলেৰে আগুৰা ঠাইৰ শিশুসকলে তাতেই নানা ধৰণৰ খেল-ধেমালি খেলি ল’ৰালি কালছোৱাৰ আনন্দ উপভোগ কৰে। মুঠতে, যিকোনো পৰিৱেশতে ল’ৰালি কালৰ ধেমালিয়ে জীৱনৰ সোণোৱালী দিনবোৰৰ ইতিহাস ৰচি থৈ যায়।এনেকুৱাও দেখা যায় যে লগ-সংগ বিহীন শিশুৱেও নিজৰ পুতলা কেইটাৰ লগত দিনৰ দিনটো খেলি খেলি ভাগৰত লাল-কাল হৈ ঠাইতে টোপনি যায়। --------------সমাপ্ত--------

Saturday 4 February 2023

ড০ ক্ৰাটকীৰ হাইড্ৰপনিক কৃষি পদ্ধতি আৰু ইয়াৰ প্ৰায়োগিক দিশত যত্কিঞ্চিত্ আলোকপাত

হাইড্ৰপনিক কৃষি কাৰ্যৰ বিষয়ে লিখিব লওঁতেই বহুবছৰৰ আগৰ আমাৰ বাল্যকালৰ কথা এটা মনলৈ আহিছে। এটা ৰজাদিনীয়া পুখুৰী মীন পালনৰ বাবে উপযোগী কৰিবলৈ গাঁৱৰ ৰাইজে চাফ চিকুন কৰিছিল।তেতিয়া দেখা গৈছিল যে পুখুৰীৰ মাজ ভাগত থকা গছবোৰ প্ৰকৃততে পানীৰ ওপৰতে থিয় দি আছিল। একোটা প্ৰকাণ্ড হাতী ডুব যোৱাকৈ ৰজাই খন্দুওৱা পুখুৰীটোৰ পানীৰ ওপৰত বছৰ বছৰ ধৰি আবৰ্জনা গোট খাই থাকি কালক্ৰমত এক অতি ডাঠ স্তৰৰ সৃষ্টি হয় আৰু তাত গজি উঠা গছৰ শিপাই তললৈ গতি কৰি পানী পাই তাৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আহৰণ কৰি লহপহকৈ ডাঙৰ দীঘল হয়।ইয়াকে প্ৰাকৃতিক হাইড্ৰপনিক পদ্ধতিৰ দ্বাৰা সৃষ্ট উদ্ভিদ বুলিব পাৰি। পুখুৰীৰ ওপৰৰ গছবোৰ কাটি ডাঠ তৰপটো আঁতৰ কৰি পুখুৰীটো মীন পালনৰ উপযোগী কৰি তুলিবলৈ ৰাইজৰ যথেষ্ট কষ্ট হৈছিল। ডক্টৰ ক্ৰাটকীয়ে(Dr Kratky) ওপৰত উল্লেখ কৰা পুখুৰীত উদ্ভিদ ডাঙৰ হোৱা পদ্ধতিৰ দৰেই পানীত পুষ্টিদ্ৰব্য মিহলাই জলাশয়ত কৃষি কাৰ্য কৰা এক সফল পদ্ধতিৰ উদ্ভাৱন কৰে।এই পদ্ধতি অনুযায়ী পানীত যথোপযুক্ত পুষ্টিদ্ৰব্য মিহলি কৰি পানীৰ ওপৰত ওপঙি থাকিব পৰা আৱৰণ (থাৰ্মকল আদি)দি তাত সুবিধাজনক দূৰত্বত নিৰ্দিষ্ট জোখত বিন্ধা কৰা হয়। তাত উদ্ভিদৰ শিপাই পানী স্পৰ্শ কৰিব পৰাকৈ ঘন ঘন ছিদ্ৰযুক্ত পানী খোৱা কাপৰ দৰে পাত্ৰ জোখমতে ভৰাই দিয়া হয়।তাক নেটপট বুলি কোৱা হয়। নেটপটত থকা নিম্নভাগৰ বিন্ধাইদি উদ্ভিদৰ পুলিৰ শিপা বাহিৰ কৰি দি পুলিটোক আৱৰি ৰাখিবলৈ নাৰিকলৰ বাকলিৰ গুৰি(ককপিট) অথবা ক্লেবল(হাইড্ৰপনিকছত ব্যৱহৃত সৰু সৰু গুটি) নেটপটৰ ভিতৰত দিয়া হয়।এইদৰে ৰোপণ কৰা পুলিবোৰৰ শিপাই পুষ্টিদ্ৰব্য গ্ৰহণ কৰিব ধৰে আৰু পুলিবোৰৰ শ্ৰীবৃদ্ধি হয়। সাম্প্ৰতিক কালত হাইড্ৰপনিক কৃষি কাৰ্য সহজে কৰিব পৰাকৈ বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানে ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলাপাতিবোৰ তৈয়াৰ কৰি বজাৰলৈ পঠাই আছে। এনে ধৰণৰ সকলোবোৰ আহিলা পাতি ক্ৰয় কৰি কৃষি কাৰ্য কৰাটো ব্যয় বহুল হোৱা হেতু এই কাম সকলোৰে বাবে সহজসাধ্য নহয়।গতিকে অনেক কৃষকে নিজা কৌশল প্ৰয়োগ কৰি অতি কম খৰছতে সহজ লভ্য দ্ৰব্যকে বিকল্প হিচাপে ব্যৱহাৰ কৰি মাটিবিহীন কৃষি কাৰ্যত নামি পৰিছে। আমি তেনে এক অতি সহজ আৰু কম খৰছী কৌশল অনুকৰণ কৰি কৰা কৃষি কাৰ্যৰ বিষয়ে জনাব খুজিছোঁ। এটা টাবত পানী সম্পূৰ্ণকৈ ভৰাই লৈ তাৰ পানীত ওপঙি থকাকৈ ঘূৰণীয়াকৈ এখন থাৰ্মকল কাটি লৈ তাৰ মধ্য ভাগত এটা পানী খোৱা প্লাষ্টিকৰ ডিচপজিবল গিলাচ ৰাখিব পৰাকৈ বিন্ধা কৰি ল’ব লাগে। উদ্ভিদৰ শিপাই গিলাচ ভেদ কৰি পানীলৈ গতি কৰিব পৰাকৈ তাৰ তলত আৰু চাৰিও কাষে বিন্ধা কৰি দিব লাগে। গিলাচৰ ভাগত থকা ফুটাইদি পুলিৰ শিপা পাৰ কৰি দি পুলিৰ চাৰিওকাষে গিলাচৰ ভিতৰত নাৰিকলৰ বাকলিৰ গুৰি দি থৰ ৰাখিব পৰা কৰি দিব লাগে। মন কৰিব লাগে যাতে পুলিৰ শিপাই পানী স্পৰ্শ কৰি থাকে। টাবৰ পানীত প্ৰয়োজন অনুপাতে পুষ্টিদ্ৰব্য মিহলি কৰিব লাগে। এই কথা লক্ষ্য কৰিব লাগে যাতে টাবৰ পানী কমি গ’লে ওপঙি থকা থাৰ্মকলখনৰো নিম্নগামিতা বাহাল থাকে। তেতিয়া উদ্ভিদৰ পুলি পানী লাভৰ পৰা বঞ্চিত নহয়।যথেষ্ট পৰিমাণে পানী কমি গ’লে উপযুক্ত মাত্ৰাত পুষ্টিদ্ৰব্য মিলাই পানী যোগান ধৰিব লাগে। উল্লেখযোগ্য যে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য ঘৰতে নিজে সামান্য খৰছত প্ৰস্তুত কৰি ল’ব পাৰি। তাৰ বাবে দহ লিটাৰ পানীত এক কিলোগ্ৰাম ছয়মাহৰ পুৰণি শুকান গৰু গোবৰ, আধা কিলোগ্ৰাম কেঁচু সাৰ, দুইশ গ্ৰাম মান খলিহৈ , দুই চাহ চামোচ গুৰ আৰু তাৰ সমপৰিমাণৰ দৈ মিহলি কৰি একৈশ দিন ঢাকোন মাৰি থৈ দিব লাগে । পিছত পাত্ৰটোৰ তলত পৰি থকা দ্ৰব্যখিনি এৰি কেৱল ৰঙচুৱা পানীখিনি অন্য এক পাত্ৰত ঢালি ল’ব লাগে।তাত পুনৰ সমপৰিমাণৰ পানী মিহলি কৰি সেই পানীত ওপৰত উল্লেখ কৰা পদ্ধতিত খেতি কৰিলে অন্য পুষ্টিদ্ৰব্য মিহলাবৰ প্ৰয়োজন নহয়। এই জুলীয়া পুষ্টিদ্ৰব্য মাটিত কৰা খেতিৰ বাবেও উপযোগী হয়। এইদৰেই অতি কম খৰছত ঘৰৰ ভিতৰতে ক্ৰাটকীৰ পদ্ধতিত পানীত খেতি কৰিব পাৰি। ------------------সমাপ্ত------

ৰাজনীতিকৰ হাতুৰাই ডিঙি চেপা দিয়া দেশৰ অৰ্থনীতি আৰু নিঃকিন জনতাৰ মৌন নিনাদ

ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশ আদি অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দেখা পাই এতিযা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজেও আমাৰ দেশৰ অতি সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি সেইবোৰ দেশৰ তালিকাভুক্ত হৈ জ্বলা-কলা খোৱাৰ শংকাত ভূগিব ধৰিছে। ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যেৰে দেশৰ আশী কোটি লোকক হিতাধিকাৰী সজাই অৰ্থনৈতিক স্বাধীনতাৰ পৰা বঞ্চিত কৰাৰ পিছত এইবাৰ মধ্যবিত্তসকলৰ সপোনবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিকভাৱে পালিত-পোষিত পুঁজিপতি গৌতম আদানিয়ে; কিন্তু এইবোৰ কথা মিছা বুলি প্ৰতিপন্ন কৰি, দেশ প্ৰগতিৰ পথত আগুৱাই বিশ্ব গুৰুৰ আসনতহে বহাৰ খবৰহে চৰকাৰৰ কোলাত বহি বাতৰি পৰিবেশন কৰা একাংশ সংবাদসেৱীয়ে টেঁটু ফালি চিঞৰি চিঞৰি ক’ব ধৰিছে, মাহেকীয়া এক নিৰিশত ধন লাভ কৰি থকা সৰ্বভাৰতীয় স্তৰৰ কিছুমান বাতৰি কাকত আলোচনী আদিয়ে চৰকাৰী পক্ষ লৈ আদানিক বচাবলৈ আৰু ৰাইজৰ চকুত ধূলি দিবলৈকে আদানিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠিপৰি লাগি গৈছে।এইসকলে যে দেশখনক কেনে এক বিপৰ্যয়ৰ দিশে ঠেলি দিছে সেই লৈ ভ্ৰূক্ষেপ কৰা নাই, কেৱল নিজৰ লাভৰ বাবেই সত্যক হনন কৰিছে। সত্য সূৰ্যৰ দৰেই, ঢাকি ৰখাটো কাহানিও সম্ভৱ নহয়।তুঁহজুইৰ দৰে উমি উমি জ্বলি থকা গৌতম আদানিৰ কু-কীৰ্তিৰ জুইকোৰাও হিণ্ডেনবাৰ্গ ৰিছাৰ্চে প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে হঠাত্ দপ দপকৈ জ্বলি উঠিল।দেশৰ টি ভি চেনেল আৰু কিছুমান বাতৰি কাকতত সত্য কথাবোৰ প্ৰকাশ নকৰিলেও সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় টি ভি চেনেল আৰু বাতৰি কাকত আদিয়ে সমগ্ৰ বিশ্বতে গৌতম আদানিৰ অৰ্থনৈতিক কেলেংকাৰীবোৰৰ বাতৰি সবিস্তাৰে প্ৰচাৰ কৰি যাব ধৰিছে।এতিয়া আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজেও গৌতম আদানিৰ ধন টকা-পইচাৰ ভেটিটো বালিঘৰ খহাদি খহা দেখা পাইছে।গৌতম আদানিয়ে কাৰ ছত্ৰছায়াত থাকি দেশৰ ৰাষ্ট্ৰীয়কৃত বেংক আৰু সংস্থাৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ নিচেই কম সুতত লাভ কৰিব পাৰিছিল সেয়াও আটাইয়ে জানিব পাৰিছে।সেয়েহে চৰকাৰে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষভাৱে তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰে আৰু গম্ভীৰ অৰ্থনৈতিক সংকটত পৰি হাবু–দাবু খাব নিবিচাৰে।আদানি, আম্বানী আদি কোটিপটিয়ে মাত্ৰ এটকাত ভূমি লাভ কৰি আৰু নামমাত্ৰ সুতত ঋণ লাভ কৰিও লোকচান ভৰিলে বুলিয়েই বিশ্ব দৰবাৰত আমাৰ দেশৰ অৰ্থনৈতিক স্থান যাতে নিম্নগামী নহয় তাৰ ব্যৱস্থা কৰক চৰকাৰে।ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান সমূহক সুৰক্ষিত কৰি জনগণৰ স্বাৰ্থৰ প্ৰতি নজৰ দিয়ক। --------------সমাপ্ত-------------

অপৰিসীম ধৈৰ্যৰ প্ৰতীক স্বৰূপ মান্যবৰ ঠগেন গগৈ দেৱৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলী তৰ্পণ

বিচিত্ৰ মানৱ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কেৱল নিপুণতা, কৰ্মদক্ষতা,যোগ্যতা আৰু পাৰদৰ্শীতা থাকিলেই নহ’ব, লগতে অপৰিসীম ধৈৰ্যৰো প্ৰয়োজন।সেয়েহে নিপুণ, কৰ্মদক্ষ আৰু পাৰদৰ্শী লোকেও ধৈৰ্যৰ অভাৱতে সফলতা লাভ কৰিব নোৱাৰে।তেনে লোকে ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ ফলত সফলতা প্ৰাপ্তিৰ বাবে ব্যগ্ৰ হৈ পৰি উগ্ৰতা প্ৰদৰ্শন কৰে, বহুলোকে তেনে ক্ষেত্ৰত দুৰ্নীতি, মিথ্যাচাৰ আৰু ব্যভিচাৰৰ আশ্ৰয় লয়।এনেবোৰ কাৰণতে মানৱ সমাজখন উশৃঙ্খল হৈ পৰে আৰু শান্তি ভঙ্গ হয়।যোগ্যজনক বঞ্চিত কৰি তুলনামূলকভাৱে অযোগ্যজনে ক্ষণিকৰ বাবে হ’লেও নিজকে সফলকাম কৰি তোলে; কিন্তু যোগ্যজনে আনে স্বীকৃতি নিদিলেও সকলো ক্ষেত্ৰতে নিজৰ যোগ্যতা অতুত ৰাখি, সমাজৰ আইন-শৃঙ্খলা মানি চলি শান্তিপূৰ্ণভাৱে জীৱনটো আগুৱাই নিয়ে।এইসকল লোকে জীৱনৰ সফল পৰিসমাপ্তি ঘটাই নিজৰ যোগ্যতাৰ পৰিচয় অন্তিম বাৰৰ বাবে দি যায়।পৰম শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱৰো সৌসিদিনা জীৱনৰ সফল পৰিসমাপ্তি ঘটিল।নিজৰ যোগ্যতাৰে গঢ় দিয়া সংসাৰখনৰ আত্মীয়-স্বজনৰ বিপুল আদৰ-সন্মান আৰু আলপৈচনৰ মাজেদি জীৱনৰ শেষৰ দিনকেইটো অভিজ্ঞ ডাক্তৰৰ নিৰীক্ষণত অতিবাহিত কৰি আমাৰ দদাইদেউ ঠগেন গগৈদেৱে আটাইকে শোক সাগৰত ডুবাই অনন্ত অনাদি ধামত ধ্যানত মগ্নজনৰ আহ্বানত তালৈ বিদেহ আত্মা হৈ অদৃশ্য ৰথত উঠি গমণ কৰিলে। ঠগেন গগৈদেৱৰ জীৱন-সংগ্ৰামৰ জটিল সময়ছোৱাৰ মাজতেই আমি তেওঁক লগ পাইছিলোঁ।বিদ্যালয়ৰ সহকৰ্মী হিচাপে আমাৰ পৰিচয় ঘটিছিল।শান্ত-শিষ্ট তথা অমায়িক স্বভাৱৰ জ্যেষ্ঠ শিক্ষকজনৰ কথা-বতৰা আৰু ভাৱ-ভঙ্গীত আন্তৰিকতা উপচি পৰিছিল।তাহানিতেই আমাৰ মনত ৰেখাপাত কৰি যোৱা সেই আন্তৰিকতাৰ ওৰ নপৰিল।অলপ দিনৰ পিছতেই তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিলে।তেতিয়া তেওঁৰ আন্তৰিকতাৰ প্ৰভাৱে বিদ্যালয়ৰ প্ৰতি আমাৰো দায়িত্ব বৃদ্ধি কৰিলে।হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ পিছত কলেজীয়া জীৱনৰ পাতনি মেলাৰ লগে লগে আমি সমান্তৰাল ভাৱে শিক্ষকতাৰে কৰ্ম জীৱনৰো পাতনি মেলিব লগা হৈছিল। সেই গতিধাৰাৰ যতি পৰিছিল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত ছাত্ৰ জীৱনৰ পাতনি মেলোঁতে।দুটা বছৰত বিশ্ব বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি পুনৰ আমাৰ কৰ্ম জীৱনৰ আৰম্ভণী হয় শিক্ষকতাৰেই। ঠগেন গগৈদেৱে জ্যেষ্ঠ শিক্ষক হিচাপে আমাক যিবোৰ কথা শিকাইছিল পূৰ্বতে কোনেও শিকোৱা নাছিল।তেওঁৰ উপদেশবোৰে আমাৰ কৰ্ম জীৱনৰ জটিলতা কিছুমান দূৰ কৰাত সহায়ক হৈছিল।বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্ন সাজ-পোছাক পৰিধান কৰিহে কাৰ্যালয়লৈ যোৱা ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব আৰোপ কৰিছিল। ঠগেন গগৈদেৱৰ জ্ঞান পিপাসু স্বভাৱটোৱে সততে আমাক আকৰ্ষণ কৰিছিল।সমাজৰ সকলো দিশতে, সকলো বিষয়তে তেওঁ নজৰ ৰাখিছিল।সেয়েহে সকলো ধৰণৰ আলোচনাতে ভাগ লৈ নিজৰ জ্ঞান গৰীমা প্ৰকাশ কৰিব পাৰিছিল।আমি জনাত তেওঁ আজৰি পালেই বিভিন্ন বিষয়ৰ পুথি অধ্যয়ন কৰিছিল।চাকৰি কৰি থকা সময়ছোৱাত শিক্ষা বিষয়ক কিতাপ-পত্ৰ অনেক অধ্যয়ন কৰিছিল আৰু তাৰ যোগেদি প্ৰলব্ধ জ্ঞানৰাশি কৰ্ম জীৱনৰ প্ৰায়োগিক দিশত প্ৰয়োগ কৰিছিল।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফল অধিক ভাল কৰিবিলৈ অনবৰতে তেওঁক চিন্তান্বিত হৈ থকা দেখা গৈছিল।আমি জনাত এই বিষয়ত কি ব্যৱস্থা ল’লে ভাল হ’ব সেই সন্দৰ্ভত আন আন ওচৰ-পাজৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু তাক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিছিল।।মুঠতে ক’বলৈ গ’লে তেওঁ বিদ্যালয়খনৰ উন্নতিৰ বাবে নিজৰ ব্যক্তিগত জীৱনৰো অধিকাংশ সময় ব্যয় কৰিছিল। এজন প্ৰধান শিক্ষক হিচাপে তেওঁ উৰ্ধতম কৰ্তৃপক্ষৰ সতে সততে যোগাযোগ ৰক্ষা কৰি চলিছিল।বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ পৰা আৰম্ভ কৰি আৰ্থিক অনুদান লাভ কৰালৈকে অনেকবাৰ অফিচলৈ বাটকুৰি বাব লগীয়া হৈছিল আৰু তেওঁ অক্লান্ত ভাৱে সেয়া কৰি গৈছিল আৰু অৱশেষত তেওঁৰ মৰমৰ বিদ্যালয়খনৰ গৃহ সজ্জাৰ পূৰ্ণতা প্ৰাপ্তি ঘটিছিল।তাতেই তেওঁ যেন জীৱনৰ চৰম আনন্দ লাভ কৰিছিল। ঠগেন গগৈদেৱে সদায়ে তেওঁৰ সহকৰ্মীসকলৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখিছিল। কাৰোৰে সৈতে কাহানিও হাই-কাজিয়াত লিপ্ত হোৱা নাছিল।সহকৰ্মীসকলৰ সুখত সুখী হৈছিল আৰু দুখত আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছিল।সেয়েহে তেওঁ এজন সৰবৰহী লোক হৈ পৰিছিল।যিকোনো পৰিবেশতে নিজৰ বিদ্যালয়ৰ শিক্ষকসকলে যাতে সময়মতে মাহেকীয়া দৰ্মহা লাভ কৰিব পাৰে তাৰ বাবে সততেই সজাগ হৈ থাকে আৰু নিজৰ কষ্টক আওকান কৰি সেয়া সম্ভৱপৰ কৰিহে এৰে।তেওঁৰ সহকাৰী শিক্ষকসকলৰ যেয়ে যেনেকৈ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা কিবা সা-সুবিধা লাভ কৰাৰ যোগ্যতা ৰাখে তাক ফলৱতী কৰাত সততেই হাত উজান দিছিল।সেই বাবেই আমিও তেওঁৰ অনুগ্ৰহত সুদূৰ হিমাচল প্ৰদেশৰ শিমলাত এন চি ই আৰ টিৰ অধীনত পুতলা নিৰ্মাণৰ এমহীয়া প্ৰশিক্ষণত ভাগ ল’বলৈ সুযোগ পাইছিলোঁ। ইয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লোঁ। আমাৰ প্ৰৱন্ধ-পাতি অসমীয়া কাকত-আলোচনীত প্ৰকাশ পাই থকা দিনবোৰত যেতিয়া সন্মানীয় ঠগেন গগৈদেৱক লগ পাইছিলোঁ তেতিয়া আমাক যিদৰে লিখি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।কেৱল আমাৰ ক্ষেত্ৰতেই নহয়, তেওঁক শেষ বাৰৰ বাবে লগ পোৱাৰ দিনা আমাৰ পূৰ্বৰ সহকৰ্মী তথা বৰ্তমান সময়ৰ সু-লেখক চাবুৱাৰ শ্ৰীযুত যতীন নেওঁগদেৱৰো তেওঁ ভূয়সী প্ৰসংশা কৰিছে।এইবাৰৰ আগত লগ পাওঁতে আমাৰ তাহানিৰ সহকৰ্মী তথা বৰ্তমান শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত গুণ শইকীয়াদেৱ আৰু আমাৰ সহকৰ্মী ৰাম চন্দ্ৰ গোহাঁইৰ প্ৰসংশাত তেওঁ পঞ্চমুখ হৈ পৰিছিল। আমি শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱক তেওঁলোকৰ গৃহত অন্তিম বাৰৰ বাবে তেওঁৰ মৃত্যুৰ মাথো কেইদিনমানৰ আগত, বিগত বছৰৰ নবেম্বৰ মাহৰ আঠাইশ তাৰিখে লগ কৰিছিলোঁগৈ।পাৰ হৈ যোৱা অসুখৰ পিছত তেতিয়া তেওঁ ক্ৰমান্বয়ে আৰোগ্য লাভ কৰা বুলি আমাক জনাইছিল।অশীতিপৰ দদাইদেৱে নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত গৌৰৱেৰে কৈছিল যে অত’দিনে মধূমেহ, ৰক্তচাপ আদি কোনো ধৰণৰ জটিল ৰোগত নোভোগাকৈ আৰু চুলি নপকাকৈ থাকিল তেওঁ।সেইদিনা তেওঁৰ পৰা বিদায় লৈ আহি বাটত আমি কৈছিলোঁ, “দদাইদেউ পুনৰ সম্পূৰ্ণ সুস্থ হৈ পৰিব চাবা”; কিন্তু বিধিৰ যি বিধান সেইমতেই সকলো হৈ গ’ল। লগে লগে সমাজৰ বাবে তথা আমাৰ সকলোৰে বাবে এএক অপূৰণীয় ক্ষতি হ’ল।শেষত শিশুৰ দৰে সৰলতাৰে নিজৰ খং আৰু অভিমান প্ৰকাশ কৰোঁতা মান্যবৰ আমাৰ দদাইদেউ ঠগেন গগৈদেৱৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ওম্ শান্তি, ওম্ শান্তি। ----সমাপ্ত------ বিঃদ্ৰঃ ১৯৮০চনত মই ডিব্ৰুগড বিশ্ব বিদ্যালয়ৰ পৰা এম এ পাছ কৰি লগে লগে ডিব্ৰুগডৰ বকুল হাইস্কুলত ইংৰাজী পঢাবৰ বাবে সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলোঁ।সেই স্কুলৰে প্ৰতিস্থাপক শিক্ষক স্বনাম ধন্য ঠগেন গগৈদেৱে অলপ দিনৰ পিছত প্ৰধান শিক্ষক হৈ সময়ত অৱসৰ গ্ৰহণ কৰিলে। বিদ্যালয়খনত পাঁচটা বছৰ শিক্ষকতা কৰি বেংকৰ চাকৰিত যোগদান কৰি পিছত তেখেতৰ ভতিজী ৰুমী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হওঁ। সেয়ে তেখেত মোৰ সম্বন্ধত দদাইদেউ হয়। ১৬ দানুৱাৰী , ২০২৩ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।লেখাটো তেখেতৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাৰ্ঘ্য নামেৰে নামাকৰণ কৰা স্মৰণিকাত প্ৰকাশ পাইছে।

Sunday 3 April 2022

ঘৰৰ সুখবৰ

https://www.forbes.com/sites/andrewwight/2022/04/03/traditional-indigenous-agriculture-may-be-key-to-sustainability-in-india/

Thursday 12 November 2020

সন্তপুৰত অশান্ত আত্মাৰ বিননি

সৰু নগৰখনৰ উপকন্ঠ অঞ্চলৰ মৰমী তিনিআলিনামৰ ঠাইখনলৈ প্ৰতিটো সন্ধ্যাই আন্ধাৰৰ পৰিবৰ্তে মায়াবী জোনালীৰ প্ৰাণ ভৰা আকুলতা নমাই আনে। তিনিআলিটোৰ ইফালে সিফালে যেনেয়েই চোৱা যায় তেনিয়েই নানা ৰঙী বিজুলি বাতিৰ আলোক সজ্জাৰ নৃত্যই ইন্দ্ৰপুৰীৰ আভাস দি যায়।নিতৌ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা তিনিআলিটোত দুবছৰ মানৰ পূৰ্বে মাত্ৰ কেইখনমান দোকানহে আছিল।তাৰে একমাত্ৰ গেলামালৰ দোকানখন আছিল জীৱন দত্তৰ। জীৱনে তাৰ গেলামালৰ দোকানখনৰ বিক্ৰী তিনিআলিটোত নতুনকৈ খোলা গেলামালৰ দোকানখনৰ বাবে কমি যোৱা যেন উপলব্ধি কৰিলে। সি দোকান এৰাৰ কথা ভাৱি থাকোতেই সীমান্ত শইকীয়াক লগ পাই গল আৰু সীমান্তই মদৰ দোকান খুলিবলৈ তাৰ দোকান ঘৰটোকে ভাৰাত ললে। কৰ্মহীন হৈ পৰা জীৱন কালক্ৰমত সীমান্তৰ বিশ্বস্ত কৰ্মচাৰী হৈ পৰিল।“সীমান্ত ৱাইন শ্বপ” চলাই নিয়াৰ সম্পূৰ্ণ দয়িত্বভাৰ লৈ জীনে জীৱনৰ এক ভিন্ন মাদকতা উপলব্ধি কৰিলে।


বিধান সভাৰ নিৰ্বাচনত আশানুৰূপভাৱেই পুনৰ সীমান্তৰ ককায়েক দিগন্ত শইকীয়াই বিপুল ভোটত জয়লাভ কৰি বিধায়ক হল।সেই উপলক্ষেই মৰমী তিনিআলি অঞ্চলৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জনাবলৈ সীমান্তই আজি এক নৈশ ভোজৰ আয়োজন কৰিছিল।মাজনিশা পৰ্যন্ত খোৱা-বোৱা পৰ্ব চলিল।যাৰ যি খাবলৈ মন গল তাকে যোগান ধৰা হল।ভোজন বিলাসীসকলে হেঁপাহ পলুৱাই ভক্ষণ কৰি ঘৰলৈ গল। মদ্যপায়ীসকলৰ একাংশই টলং ভটংকৈ প্ৰস্থান কৰিলে যদিও আন একাংশই অৰ্ধ উলংগ যুৱতীৰ অশ্লীল নৃত্যৰ তালে তালে কথমপি ভৰিৰ থৰ ৰাখি নৃত্য কৰিবলৈ যত্ন কৰিলে।অৱশ্যে এসময়ত সীমান্তৰ এজন বিশ্বস্ত পুলিচ বিষয়া আহি অনুৰোধ কৰাত সীমান্তই উৎসৱমুখৰ পৰিৱেশৰ পৰিসমাপ্তিৰ ঘোষণা কৰি সকলোকে বিদায় দিলে।


ইতিমধ্যে পিচনিশা হৈছিল।সীমান্তই জীৱনক মাত লগাই ঘৰলৈ যাবলৈ ওলাল।তাৰ নতুন ইনোভা কাৰখনৰ চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে।গাড়ীখন পিছলৈ নি ঘূৰাব খুজিলে; কিন্তু বেকগিয়েৰ লগাব পৰা নাই। তাকে দেখি জীৱন সীমান্ত ৱাইন শ্বপৰ পৰা ওলাই আহিল।


সীমান্তদা, অসুবিধা হৈছে যদি দোকান বন্ধ কৰি ময়ে আপোনাক ঘৰত থৈ আহোঁগৈ।জীৱনে গাড়ীৰ কাষলৈ আহি কলে, “নাইট চুপাৰত ঘূৰি আহিম।


কোনো দৰকাৰ নাই, এইয়া হৈ গল। তই নিজৰ কামত লাগ।


পুৱতি নিশাৰ নিৰ্জন পথেদি সীমান্তৰ গাড়ীখন তীব্ৰ গতিত চলিব ধৰিলে। ভোলাগুৰি তিনিআলিৰ কেঁকুৰিটো পাওঁতেই সীসান্তই মাজ ৰাস্তাত কোনোবা এজন মানুহ থিয় দি থকা দেখা পালে।গাড়ীখন ওচৰ চাপি যোৱাৰ লগে লগে সীমান্তই যিহে দেখিলে যে তাৰ নিজৰ চকুহালকো বিশ্বাস কৰিবলৈ টান পালে। যোৱা বছৰ এই ঠাইতে যিটো শিশু তাৰ তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাস্তাত পৰি গৈছিল আৰু সি তাৰ ওপৰেৰে গাড়ীৰ চকা উঠাই শৰীৰটো মাটিত মিলাই দিছিল সেইটো শিশুৱেই তাৰ গাড়ীখন আগভেটি ধৰিছে। দৃশ্যটো দেখিয়েই সীমান্তৰ শৰীৰৰ সমস্ত ৰক্ত গৈ মূৰত জমা হল।স্বভাৱগত ভাৱেই শিশুটোৰ প্ৰতি দয়াভাৱ জন্মাৰ পৰিবৰ্তে তাৰ খং উঠি গল। তাৰ গাড়ীৰ গতিবেগ স্তব্ধ হোৱাৰ পৰিবৰ্তে বৃদ্ধি পালে। মাজ বাটত লৰাটো ৰৈ থাকিল আৰু সীমান্তৰ গাড়ীখন তীব্ৰবেগে গৈ কেঁকুৰিটোৰ সিপাৰে থকা খাৱৈটোৰ কাষৰ ঔটেঙা গছৰ গুৰিত প্ৰচণ্ড খুন্দা মাৰিলেগৈ।


******


সকলোৱে অধীৰ আগ্ৰহেৰে সীমান্তৰ চেতনা ঘূৰি অহালৈ অপেক্ষা কৰি আছে।নিচেই পুৱাতে সীমান্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰটো পাই বিধায়ক দিগন্ত শইকীয়াৰ কথামতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ দিহা লগাই জীৱন দত্তও হাস্পাটাললৈ আহিল।সি এক অপৰাধীৰ দৰে ভয়-সংকোচ ভাৱেৰে পুলিচ বেষ্টনীৰ মাজত থকা বিধায়ক দিগন্ত শইকীয়াৰ কষত থিয় দিলেগৈ।


জীৱন, গাড়ীখন গেৰেজত থৈ আহিলানে?কেনে আছে? ভোলাগুৰি চকীৰ ইন্সাৰ্জ ৰতন কলিতাই লগে লগে ফোন কৰি জনাই দিয়া বাবেহে এম্বুলেন্স এখনেৰে হাস্পাটাললৈ আনি সীমান্তৰ প্ৰাণ ৰক্ষা কৰিলোঁ।


দিগন্তৰ শান্ত মূৰ্তি প্ৰত্যক্ষ কৰি জীৱনে স্বস্তিৰ নিশ্বাস পেলাই দিগন্তৰ প্ৰশ্নৰ উত্তৰ দিলে।


সিমানতেই যে ৰক্ষা পৰিছে।গছৰ গুৰিত খুন্দা মাৰি গাড়ীৰ ইঞ্জিন সম্পূৰ্ণ গুড়া হৈ গৈছে দাদা। ক্ৰেনত উঠাই আনি গেৰেজত পেলাই থৈ আহিছোঁ।


বাৰু, তুমি অলপ এইফালে আহাচোন।জীৱনক বিধায়ক দিগন্ত শইকীয়াই একাষৰীয়াকৈ নি কলে,“বুইছা জীৱন, সীমান্তৰ দুৰ্ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয়, সি কটাঘাৰ বলি হৈছে।কাৰণ, এইবাৰ দুৰ্ঘটনা ঘটা ভোলাগুৰিৰ সন্তপুৰ নামৰ গাঁওখনতেই যোৱা বছৰ ঘটা দুৰ্ঘটনাটোত সৰু লৰা এটা মৰা নাছিল জান? গতিকে গাঁৱৰ মানুহবোৰে তাৰে পোক তুলিবলৈ এই কাণ্ড কৰিলে।সেয়ে ভোলাগুৰি পুলিচ চকীৰ ইন্সাৰ্জ ৰতন কলিতা আৰু তেওঁৰ পুলিচ ফৰ্চ লগত লৈ আজি নিশাৰ ভাগত সেই গাঁওখনত এক গোপন অভিযান চলাম।মই সিহঁতক শান্তিৰে থাকিব নিদিওঁ। অপাৰেচনত তুমিও লগত থাকিবা।


ব দাদা


দিগন্তৰ কথাত সন্মতি জনালে যদিও ঘটনা-দুৰ্ঘটনাবোৰৰ আঁত ধৰিব নোৱাৰি জীৱন ভাবুক হৈ পৰিল।যোৱা বছৰ সীমান্তৰ গাড়ীয়ে সৰু লৰাটোক মহটিয়াই নিওঁতে সীমান্তৰ লগত জীৱনৰ বাদে আন কোনোৱেই নাছিল।সমস্ত ঘটনাৰ সিয়েই একমাত্ৰ সাক্ষী।সেইদিনা সীমান্তই মৰমী তিনিআলিৰ তাৰ মদৰ দোকানত ওৰে দিনটো মদ্যপান কৰি জীৱনৰ ঘোৰ আপত্তি সত্বেও ঘৰলৈ যাবলৈ মনস্থ কৰি গাড়ীৰ দ্ৰাইভিং চিটত বহি লৈ গাড়ীখন ষ্টাৰ্ট দিছিল।উপায়ন্তৰ হৈ জীৱনেও সহযাত্ৰী হৈ গাড়ীত বহি পৰিছিল।প্ৰথমে ন-শিকাৰুৰ দৰে যেনেতেনে কৰি গাড়ীখন চলাইছিল যদিও সীমান্তই লাহে লাহে গাড়ীৰ গতিবেগ বঢ়াই যাব ধৰিলে।জকাইবিলৰ ওচৰেদি গাডীখন পাৰ হৈ যাঁওতে সীমান্তৰ মুখত অঞ্চলটোৰ যুৱক-যুৱতীসঁতক উদ্দেশ্যি অশ্লল গালি-গালাজৰ আখৈ ফুটিব ধৰিলে আৰু লগে লগে গাড়ীৰ গতিবেগো অধিক বৃদ্ধি পালে।


চাল্লা কুকুৰৰ পুতেকহঁত, মই কোন তহঁতে চিনি নাপালি?জকাইবিলৰ বনৰীয়া চৰাইবোৰৰ মালিক তহঁত?মোক তহঁতে চৰাই চিকাৰ কৰিব নিদি কি ভুল কৰিলি দুই এদিনতে বুজিবি ৰ।সীমান্তই বলকি যাব ধৰিলে।


সীমান্তৰ খং উঠাৰ কাৰণ কি এই বিষয়ে জীৱন সম্পূৰ্ণ জ্ঞাত।জকাইবিলত চৰাই চিকাৰ কৰিবলৈ জীৱনো সীমান্তৰ লগত গৈছিল।তাৰে প্ৰতিবাদ কৰি অঞ্চলটোৰ য়ুৱক-যুৱতীসকলৰ লগতে ৰাইজে চিঞৰ-বাখৰ লগোৱাত সিহঁতে তাৰ পৰা পলাব লগীয়া হল।গতিকে জীৱনৰ মনলৈ ভাৱ আহিছে যে কটাঘাৰ বাবে চৰাই মাৰিব নিদিয়া গাঁৱৰ যুৱকসকলেই জগৰীয়া।কাৰণ,খঙৰ ভমকত গাড়ীৰ গতিবেগ তীব্ৰতৰ হোৱাৰ মূহুৰ্ততে সৰু লৰাটো সমুখত দূৰণীতে দেখা পায়ো সীমান্তই গতি বেগ ৰোধ কৰাৰ কোনো চেষ্টা নকৰি তাৰ শৰীৰৰ ওপৰেদি গাড়ীখন সমান বেগেৰেই চলাই নিছিল।গাড়ীৰ অস্বাভাৱিক গতিবেগ দেখি ভোলাগুৰি তিনিআলিত কৰ্তব্যৰত আৰক্ষীৰ লোকে হুইচেল বজাই গাড়ী ৰখাবলৈ ইংগিত দি বিফল হৈ গাড়ীখনৰ নম্বৰটো টুকি ৰাখিলে। পিচত অনলাইনত পৰীক্ষা কৰি গাড়ীখন বিধায়ক দিগন্ত শইকীয়াৰ বুলি জানিব পাৰি তেওঁলৈ ফোন কৰি সবিশেষ জনালে।ভাতৃ সীমান্তক নিষ্কন্টক কৰিবলৈ বিধায়ক দিগন্ত শইকীয়াই ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰ সৈতে মোটা অংকৰ ধনৰ টোপোলা আৰু প্ৰমোচনৰ টোপ দি আপোচ-মীমাংসা কৰি পেলালে।আজি এটা বছৰ পাৰ হল কোনো পক্ষৰ পৰা সৰু লৰাটোৰ মৃত্যুৰ সন্দৰ্ভত ওজৰ আপত্তি অহা নাই।


কি চিন্তা কৰিছা জীৱন? তোমাৰ কিবা অসুবিধা হব নেকি?”


নাই নাই দাদা, মোৰ কোনো অসুবিধা নহয়।অন্য এটা কথাহে মই চিন্তা কৰি আছিলোঁ।


খুলি কোৱাচোন মোক।


জীৱনে জকাইবিলৰ ঘটনাটো বিৱৰি কলে।


তেনেহলে আজি মাজ নিশা গাঁৱৰ মুখীয়াল লৰা এমখাক পুলিচ লগাই উঠাব লাগিব।তাৰ আগে আগে সীমান্তৰ চেতনা ঘূৰি আহিলে নিশ্চয় বহু কথা পোহৰলৈ আহিব।


*******



চাওঁতে চাওঁতে ৰাতি বাৰ বাজি গল।দিগন্তহঁতে আশা কৰা ধৰণে সীমান্তৰ সংজ্ঞা ঘূৰি নাহিল। নৈশ অভিযানৰ বাবে সাজো হৈ ভোলাগুৰি আৰক্ষী চকীৰ দল আহি দিগন্তহঁতলৈ অপেক্ষা কৰি আছেহি।উপায়ন্তৰ হৈ বিধায়ক দিগন্ত শইকীয়াই জীৱনক লগত লৈ নৈশ অভিযানলৈ আৰক্ষীৰ সৈতে যাবলৈ ওলাল।


একেবাৰে আগত গতি কৰা গাড়ীখন আছিল ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতা আৰু তেওঁৰ সহচৰ সকলৰ।তাৰ পিছে পিছে দিগন্ত আৰু জীৱন উঠি যোৱা মাৰ্চিডিচ কাৰখন।তাৰ পিচত গৈছিল বিধায়ক দিগন্ত শইকীয়াৰ চিকিউৰিটি ফৰ্চৰ গাড়ী।দিগন্তই ডাক্টৰলৈ ফোন কৰি অভাৱনীয় বাৰ্তাটো পাই সম্বিত হেৰাই যোৱাৰ উপক্ৰম হৈছিল।সীমান্তৰ মৃত্যুৰ সংবাদটো জীৱনক দি দিগন্তই হুহুকাই কান্দি দিলে। কান্দিলে জীৱনেও।


সন্তপুৰ গাঁৱৰ কেঁকুৰিটো পাওঁতেই সম্পূৰ্ণ পথটোৱেই গছ-গছনিৰে ভৰা দেখি পুলিচৰ গাড়ীৰ চালকজন আচৰিত হৈ অচি ৰতন কলিতাৰ মুখলৈ ভয়াৰ্ত দৃষ্টি নিক্ষেপ কৰিলে।


বাওঁহাতে টাৰ্ন লোৱা। সেয়া দেখা নাই জানো ৰাস্তাত সৰু লৰা এটা ৰৈ আছে।


ছাৰ, এই মাজ নিশা ৰাস্তাৰ মাজত কৰ পৰা লৰাটো ওলালহি?


সেইবোৰ চিন্তা বাদ দিয়াহে। হৰ্ণ বজোৱা আৰু গাড়ী আগুৱাই নিয়া।অচি ৰতন কলিতাই চালকজনক আদেশৰ সুৰত কলে।


যথেষ্ট বিবুদ্ধিত পৰি চালকজনে কিছু দ্ৰূত গতিত গাড়ীখন চলাই দিলে।ঠিক পিচে পিচে গৈ থকা দিগন্তহঁতৰ গাড়ীখনেও একে গতিতেই আগ বাঢ়ি সমুখৰ গাড়ীখনক অনুসৰণ কৰিলে।।প্ৰথমখন গাড়ী বানপানীত সৃষ্ট আমগুৰি ডুবিত বাগৰি পৰাৰ ক্ষন্তেক পিচতে দিগন্তহঁৰ গাড়ীখনো বিকট শব্দ কৰি আমগুৰি ডুবিত পৰি গল।তাৰ পিচত গৈ থকা গাড়ী দুখনে প্ৰচণ্ড ব্ৰেক মাৰি ডুবিটোত নপৰাকৈ কথমপি নিজক ৰক্ষা কৰিলে।


******



নিচেই পুৱাতে সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিল।পানীত নামি উদ্ধাৰ অভিযানত লিপ্তসকলে একান্তভাৱে নিজৰ কৰ্তব্য কৰি গৈছে।পাৰত বাতৰি কাকত আৰু টিভি চেনেলৰ সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ বাবে ভিৰ কৰিছে।আৰক্ষীৰ লোকসকলে জনতাৰ ভিৰ কমাবলৈ ছেগা- কাকৈ লাঠ চালনাও কৰিব লগা হৈছে।অৱশ্যে দুই এক টিভি চেনেলৰ টিমক সংবাদদাতাই এক্সক্লচিভ বাতৰি পৰিবেষণ কৰি ইতিমধ্যে ৰাইজক জনাইছে যে যোৱা নিশা ভোলাগুৰি আৰক্ষী চকীৰ অধীনৰ সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি বিধায়ক দিগন্ত শইকীয়াৰ মৃত্যু ঘটে। তেওঁৰ লগত যোৱা জীৱন দত্ত নামৰ যুৱকজনৰো মৃত্যু ঘটিছে।শোকাবহ দুৰ্ঘটনাটোত বিধায়ক গৰাকীক পহৰা দি আগে আগে যোৱা ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰো মৃত্যু ঘটিছে। কিন্তু দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনৰ চালক দুজনে গাড়ীৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।অন্যহাতে বিধায়কজনৰ কনভয়ৰ অন্য দুখন গাডীও দুৰ্ঘটনাত পতিত নোহোৱাকৈ ৰক্ষা পৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আগ নিশা একেখন গাঁৱতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে জখম হৈ চিকিসাধীন হৈ থকা বিধায়ক দিগন্ত শইকীয়াৰ ভাতৃ সীমান্ত শইকীয়াৰো ইতিমধ্যে মৃত্যু ঘটিছে।


******


ভোলাগুৰি সন্তপুৰ গাঁও।


বৰলুইতৰ বানে বিধ্বস্ত কৰা তেনেই সহজ সৰল দৰিদ্ৰ কৃষকৰ এক ক্ষুদ্ৰ গাঁও।গাঁওখনৰ কেইটামান মাথো চুবুৰিক দুফাল কৰি মাজেদি পাৰ হৈ গৈছে গকাপ্তানী পথটো।গাঁওখনৰ ওপৰত চৰকাৰী পক্ষৰ কৃপাদৃষ্টি পৰা নাই।চুবুৰিৰ বাট পথবোৰ গোবাট হৈয়ে আছে।গঞাসকলৰ ঘৰবোৰৰ সৰহভাগ বিৰিণাৰ পাতেৰে চাওি কৰা।ক’ৰবাত কৰবাত দুই এঘৰে দুই এখন টিনপাত লগাই বাহৰ কামিৰে বান্ধি ৰাখিছে।নতুন ঠাইখনত গঞাসকলে জীৱিকাৰ সন্ধানত কঠোৰ সংগ্ৰাম কৰিব লগীয়া হৈছে।সেয়ে নিজৰ ঘৰখন আৰু গাঁওখন ঠিকঠাক লগাই ল’ব পৰা নাই।পাৰিলেহেঁতেন, যদিহে গাঁৱৰ নাতিদূৰত থকা জকাইবিলত মাছ মাৰি বজাৰত বিক্ৰী কৰিলেহেঁতেন।কিন্তু সেইকাম তেঁওলোকে কৰা নাই আৰু নকৰে, যিদৰে বিলৰ কাষৰীয়া অন্য গাঁৱৰ লোকসকলেও কৰা নাই।গঞা যুৱক যুৱতীসকলৰ উদ্যোগত আজি বহু বছৰ ধৰি পক্ষী উদ্যানৰ মান্যতা লাভ কৰি জকাইবিলে অঞ্চলটো পক্ষীৰ কাকলিত মুখৰিত কৰি ৰাখিছে।অঞ্চলটোৰ গঞাসকলৰ বহল মনৰ উমান পায়ে যেন প্ৰতি বছৰে পৰিভ্ৰমী পক্ষীৰ আগমণৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।


সন্তপুৰ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ দাস অতি নিৰ্জু স্বভাৱৰ অতিশয় দৰিদ্ৰ লোক।বাৰ মাহত তেৰটা বেমাৰে ঘেৰি ধৰি মহেন্দ্ৰ দাসৰ দেহটোক আক্ৰমণ কৰি থাকে বাবে মাহটোত দুই এদিনহে সুস্থ থাকিলে হাজিৰা কাম কৰিবলৈ ভোলাগুৰি তিনিআলিলৈ ওলাই যায়।ঘৈণীয়েক পদুমীয়ে কিন্তু নিতৌ গাঁওখনৰ ইঘৰ সিঘৰত ঘৰুৱা কামবনত সহায় কৰি দি কিছু উপাৰ্জন কৰে।নৰ ঘৰত হ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পাওক আৰু অ আ ক খ কেইটাকে শিকে যদি শিকক বুলি চিন্তা কৰিয়েই আঠ বছৰীয়া জীয়েক পুতলীক দূৰসম্পৰ্কীয় নগৰৰ শিক্ষক চক্ৰধৰ দাসৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকিবলৈ দিছে।বহুদিননৰ মূৰত পুতলীক দাসে মটৰ চাইকেলত উঠাই আনি এৰাতিৰ বাবে ঘৰত থৈ গল।প্ৰতি মাহৰ দৰমহাৰ টকা মাষ্টৰে মাক-দেউতাকৰ হাতত দি যাইহি যদিও এইমাহৰ দৰমহাৰ টকা কেইটা পুতলীৰ হাততে দিলে।তাই ভায়েক পিন্টুলৈ অলপ মিঠাই, এটা পেঁপা আৰু দুই এপদ কাপোৰ কিনি আনিলে।সেইবোৰ দিয়াত ছয়বছৰীয়া পিন্টুৰ আনন্দত হিয়া উঠলি উঠিল।তাতে আকৌ আবেলি মাটিৰ বাচন-বৰ্তন বেপাৰীৰ পৰা বায়েক পুতলীয়ে প্ৰকাণ্ড প্ৰকাণ্ড মাটি কলহ চাৰিটা কিনাত ঘৰখন সম্পত্তিৰে উপচি পৰা যেন লাগি পিন্টোৱে গাঁৱৰ পশ্চিম দিশত থকা বুঢ়ী মাকক(মাকৰ মাক)খবৰটো জনাবলৈ ঢাপলি মেলিলে।সি গড়কাপ্তানী পথটো পাৰ হব খোজোঁতেই সেই পথেৰে তীব্ৰ বেগেৰে ভোলাগুৰি দিশে আহি থকা কাৰ এখনে তাক..........


ৰ গাড়ী বা কাৰ গাড়ীয়ে ঘটনাটো ঘটালে তাৰ কোনো ওৱাদিহ নোলাল।কাঁহ পৰি জিন যোৱাৰ দৰে এক অদ্ভুত শব্দই যেন শন্তপুৰ গাঁৱক অনন্ত কাললৈ ছানি ধৰিলে।গাঁওখনত এই পৰ্যন্ত বহুকেইজন লোকৰ মৃত্যু ঘটিছে।মিথ্যাচাৰী চৰকাৰবোৰক ভেঙুচালি কৰি কোনোবাজন যদি মৰিছে খাদ্য খাবলৈ নাপাই তেনেহলে আন কোনোবাজন মৰিছে বেমাৰত দৰব খাবলৈ নাপাই।দিনবোৰ বাগৰি যোৱাৰ লগে লগে গঞাসকলে সেই মৃতসকলক পাহৰি যাব পাৰিছে।কিন্তু পাহৰি যাব পৰা নাই পিন্টুক।দুপৰ নিশা পিন্টুৰ মাক দেউতাকে তাৰ কান্দোন শুনি আত্মবিভো হৈ প্ৰায়ে গড়কাপ্তানী পথৰ দিশে দৌৰি যায়।সম্বিত ঘূৰাই পালে ঘৰলৈ ঘূৰি আহে।বায়েক পুতলীকো হেনো কিবা-কুবি খুজি পিন্টুৱে সপোনে দিঠকে আমনি কৰি থাকে।গাঁৱৰ প্ৰতিজন লোককে পিন্টুৱে নিৰ্জন স্থানত অ্ৱচেতন মন এটা লৈ থকাৰ সুযোগ পালেই হঠাতে মৰম লগাকৈ মাত এষাৰ দি শূণ্যত বিলিন হৈ দিয়ে।কোনোৱে আক পিন্টুৰ পেঁপাৰ মাত শুনি উচপ খাই উঠে।গভীৰ নিশা পিন্টুৰ বিননি শুনাসকলে পিছ নিশা টোপনি যাব নোৱাৰে আৰু নীৰৱে চকোলো টকি সময় পাৰ কৰে।


পিছে এইকেইদিন সংঘটিত হোৱা মটৰ দুৰ্ঘটনাৰ পিচত গাঁৱৰ সকলোকে আচৰিত কৰি পিন্টুৱে দুপৰ নিশা ইনাইবিনাই কন্দাৰ পৰিবৰ্তে খিটখিটাই হঁহাহে আটায়ে শুনিবলৈ পাইছে।কথাটো গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে।গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত মেধিযে গাঁৱৰে গণ্যমান্য ব্যক্তি পূণ্যেশ্বৰ বৰাক সুধিলে, “মহেন্দ্ৰ দাসৰ লৰা পিন্টুৱে যে কান্দিবলৈ এৰিলে খবৰটো পাইছানে পুণ্যেশ্বৰ।


পাইছো পাইছো, ককাইদেউ।মাকে মোক কৈছে নহয়, পিন্টুৱে হেন কৈছে বোলে সি সিহঁত মখাক এহেকা দিলে আৰু এতিয়া ইয়াত তাৰ কাম নাইসঁচাই ককাইদেউ, ময়ো প্ৰায়ে পুৱতি নিশা ৰাস্তাৰ ফালে কাণ উনালে পিন্টুৰ কান্দোন শুনো।এই কেইদিন কিন্তু শুনা নাই।


দেখিলা পুণ্যেশ্বৰ, অপৰাধী কেনেকৈ ধৰা পৰি গৈছে।আমাৰ দৰে দুখীয়া দৰিদ্ৰৰ বাবে দেশৰ আইন আদালতে ন্যায় নিদিলেও ভগৱানে যিকোনো প্ৰকাৰে হলেও ন্যায় দিয়ে।গধূলি নামঘৰত বন্তি এগছি জ্বলাই ঘোষা এফাকি জুৰিম, আহিবা আৰু গাঁৱৰ সকলোকে খবৰটো দিবা দেই।

--------------সমাপ্ত------

Sunday 6 September 2020

প্ৰস্তাৱিত খচৰা পাৰিৱেশিক প্ৰভাৱ অধিসূচনা,২০২০ৰ সন্দৰ্ভত দুৱাষাৰ

 অলপতে ভাৰত চৰকাৰৰ পৰিৱেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰস্তাৱিত খচৰা পাৰিৱেশিক প্ৰভাৱ অধিসূচনা,২০২০(ইয়াৰ পিচত খচৰা অধিসূচনা বুলি কোৱা হব)ৰ প্ৰসংগত বিভিন্ন পৰ্যায়ত জড়িত শৈক্ষিক সমাজ,বৈজ্ঞানিক আৰু গৱেষকসকলে ভাৰতবৰ্ষৰ বহনক্ষম ভৱিষ্যতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছেদেশৰ নাগৰিক হিচাপে আমাৰ মাজৰ বহুতেই নিৰ্দিষ্ট কৰি দিয়া সময় সীমা ১১ আগষ্ট,২০২০ ৰ ভিতৰতেই খচৰাটোৰ ওপৰত প্ৰতিপুষ্টি আৰু মন্তব্য প্ৰেৰণ কৰিছে।যেইকি নহওক,বহুতো ভাৰতীয় ভাষাত পাব পৰাকৈ খচৰাখন প্ৰকাশ নকৰি সীমিত পৰিসৰত বিতৰণ আৰু প্ৰচাৰ কৰা ফলত প্ৰকৃত আৰু অন্তৰ্ভুক্তকাৰী ৰাজহুৱা অংশগ্ৰহণত বাধা জন্মে।তাৰোপৰি,ভাৰতৰ গ্ৰাম্যাঞ্চলৰ অনেক পৰম্পৰাগত জাতি আছে,তেওঁলোকে প্ৰায়ে উন্নয়নমূলক যোজনাবোৰৰ ভু-নোহোৱাকৈ থকাৰ কুফলত প্ৰযুক্তি আৰু সুযোগ-সুবিধাৰ অভাৱত এনে অনুশীলনত অংশ লব নোৱাৰে।তাকেই বিবেচনা কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে ভাৰত চৰকাৰক বৰ্তমান ৭ আগষ্ট ২০২০ পৰ্যন্ত চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিছে,বিষয়টোৰ ওপৰত অধিক বিস্তৃতভাৱে ৰাজহুৱা বিতৰ্ক হোৱা দৰকাৰ।


মুঠৰ ওপৰত,বিদ্বত সমাজ এই সিদ্ধান্তত উপনীত হৈছে যে,বৰ্তমানৰ ৰূপত খচৰা অধিসূচনাখনে আমাৰ দেশৰ জৈৱ বৈচিত্ৰ আৰু পাৰিৱেশিক নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি নমাই আনিব।পৰিৱেশ(সংৰক্ষণ)আইন,১৯৮৬ ৰ মৌলিক উদ্দেশ্যসমূহৰ লগত সংগতি ৰাখি খচৰা অধিসূচনাখন প্ৰস্তুত কৰা নাই আৰু আন্তৰাষ্ট্ৰীয় চুক্তি আৰু দেশাচাৰৰ অধীনত আমাৰ দেশৰ যি প্ৰতিশ্ৰুতি তাৰ সৈতেও কোনো সংগতি ৰক্ষা কৰা হোৱা নাই।


বৰ্তমান বাহাল থকা পৰিৱেশ প্ৰভাব নিৰূপণ২০০৬ অধিসূচনাখনো ইয়াৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত নিজেই যথাযোগ্য প্ৰতিপন্ন হোৱা নাই।অবাধ্য আৰু অনিয়ন্ত্ৰিত উদ্যোগবোৰে পাৰিৱেশিক সুৰক্ষাসমূহ তলে তলে নাশ কৰি আহিছে।এনে কাৰ্য-ক্ৰমনিকাই সততেই অতি প্ৰবলভাৱে জৈৱ বৈচিত্ৰতা আৰু মানুহৰ জীৱন-জীৱিকাৰ ক্ষতি সাধন কৰাৰ লগতে পাৰিৱেশিক বিপৰ্যয়ৰ সূচনা কৰে।উদাহৰণ স্বৰূপে, অলপতে সংঘটিত হোৱা ভাইজাগ গেছ নিৰ্গমণ আৰু বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ কথা উল্লেখ কৰিব পাৰি।খচৰা অধিসূচনাখনে পাৰিৱেশিক প্ৰভাৱ নিৰূপন পদ্ধতিক শক্তিশালী কৰাৰ পৰিবৰ্তে পৰিৱেশৰ ক্ষতিৰ বিনিময়ত উদ্যোগীকৰণক উৰ্ধগামী কৰাত মগ্ন হৈছে।এই খচৰা অধিসূচনাখনৰ ওপৰত থকা ৰাইজৰ প্ৰমুখ উদ্বেগবোৰৰ বিষয়ে তলত উল্লেখ কৰা হল।


১)আইনসিদ্ধ পশ্চাৎবৰ্তী পাৰিৱেশিক অনুমোদন আৰু পূৰ্ব অনুমোদন অবিহনে অভিযান আৰম্ভ কৰিবলৈ উদ্যোগসমূহক উৎসাহিত কৰা আৰু অৱশেষত জৰিমণাৰ ধন লৈ পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন কৰাৰ পিচত নিয়মীয়াকৰণ কৰা কাৰ্য পাৰিৱেশিক প্ৰভাব নিৰূপণ বিধিৰ সতৰ্কতামূলক পদ্ধতিৰ পৰিপন্থী


২)সকলো যোজনাৰ পাৰিৱেশিক প্ৰভাব নিৰূপণ বিৱৰণ প্ৰস্তুত কৰিবলৈ ভিত্তিগত তথ্য সংগ্ৰহৰ বাবে কেৱল এটা ঋতু (নদী উপত্যকা যোজনাৰ বাদে)নিৰ্দ্দেশ কৰে, যেতিয়া নেকি পৰামৰ্শদাতা সমিতিয়ে দিহা দিলেহে কেৱল বৰ্ষা ঋতুৰ পৰা অতিৰিক্ত তথ্যৰ প্ৰয়োজন হয়-জৈৱ বৈচিত্ৰ আৰু পৰিৱেশৰ ওপৰত যোজনাটোৰ ঋতুগত প্ৰভাৱ নিৰ্ণয় কৰা ক্ষেত্ৰত ই অতিকৈ অযথাযোগ্য।


৩)সৌৰ তাপ বিদ্যুৎ প্ৰকল্প সংযোজন, ৰেখাবদ্ধ যোজনাৰ বাবে সাধাৰণ ভূমি খনন আৰু যোজনাৰ তালিকাত বোকা খনন পৰিচালনা আদিৰ বাবে পূৰ্ব অনুমতি পত্ৰৰ প্ৰয়োজন নহয়।এই প্ৰকল্পবোৰৰ সাম্ভাব্য পৰিণতিৰ প্ৰকৃত বুজাবুজি নোহোৱাকৈ যেতিয়া বৃহৎ পৰিসৰত চলাই নিয়ে তেতিয়া এনে ৰেহাইবোৰে নেতিবাচক ভাৱে বৰ্তমানৰ আঞ্চলিক আৰু জলজ জৈৱ ব্যৱস্থাত বেয়া প্ৰভাব পেলাব, বন্য প্ৰাণী আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱক চলাচলত অসুবিধা দিব


৪)বহুতো সম্ভাব্য জৈৱ বৈচিত্ৰ পদ্ধতি বিনষ্টকাৰী আৰু আনকি অতি উচ্চ মাত্ৰাৰ প্ৰদূষণকাৰী ৰেড কেটেগুৰিৰ উদ্যোগক B2 কেটেগুৰিলৈ পুনৰ বিভাজন কৰি লৈ তাৰ যোগেদি ৰাজহুৱা পৰামৰ্শ আৰু পৰিধিৰ পৰা ৰেহাই প্ৰদান কৰে আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ বিৱৰণৰ পৰিবৰ্তে পাৰিৱেশিক পৰিচালনা পৰিকল্পনা বিৱৰণৰ ওপৰত ভিত্তি কৰি স্বীকৃতি মঞ্জুৰ কৰে।


৫)ৰেড কেটেগুৰিত তালিকাভুক্ত বহুতো যোজনাকে ধৰি A আৰু B1 কেটেগুৰিৰ যোজনাক আধুনিকীকৰণ আৰু শতকৰা পঞ্চাশ শতাংশ ৰ তলত সম্প্ৰসাৰণৰ কাৰণে ৰাজহুৱা শুনানীৰ ৰেহাই দিয়া আৰু বৰ্তমান বাহাল থকা অযথাযোগ্য ৩০ দিনৰ পৰা ২০ দিনলৈ ৰাজহুৱা সঁহাৰিৰ নিম্নতম জাননী সময়সীমা  হ্ৰাসকৰণ এই উভয়ে বেয়াকৈ ৰাজহুৱা পৰামৰ্শ পদ্ধতিক আপোচ কৰিবলৈ দিছে


৬)সংশ্লিষ্ট অন্যসকল বা প্ৰভাবিত ব্যক্তিৰ অধিকাৰ খৰ্ব কৰি কেৱল যোজনা প্ৰস্তাৱকাৰী আৰু চৰকাৰী কৰ্তৃপক্ষকহে আইন ভঙ্গৰ সম্ভেদ আৰু চৰ্তসমূহৰ অমান্যৰ চৰকাৰী বিৱৰণ দিবৰ বাবে অনুমতি প্ৰদান কৰা হয়।


৭)যোজনা প্ৰস্তাবকাৰীৰ দ্বাৰা দাখিল কৰিব লগা বাধ্যতামূলক সৈমান বিৱৰনী ছয়মাহিলীৰ পৰা বাৰ্ষিকীলৈ হ্ৰাস কৰি পশ্চাৎ অনুমোদন নিয়ন্ত্ৰণৰ বিলুপ্তি ঘটাব লাগে।


প্ৰদূষণ সম্বন্ধিত স্বাস্থ্যজনিত প্ৰভাব বৃদ্ধি পোৱাৰ লগে লগে ভাৰতবৰ্ষত মৃত্যুৰ হাৰ ইতিমধ্যে উৰ্ধগামী হৈছে।সেয়ে শক্তিশালী বিধি প্ৰস্তুতৰ গুৰুত্ব বৃদ্ধি পাইছে আৰু সেয়েহে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগবোৰ বিচাৰি উলয়াবলৈ কোৱাটো বঢ়াই কোৱা কথা হব নোৱাৰে।


২০২০ চনৰ জুন মাহত প্ৰকাশিত ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰণালয়ৰ এক বিৱৰণত উল্লেখ কৰিছে যে দ্ৰুত গতিত বৃদ্ধি হোৱা ভাৰতৰ জলবায়ু পৰিবৰ্তনে দেশৰ জৈৱ বৈচিত্ৰ,খাদ্য, পানী, আৰু জন-স্বাস্থ্যকে ধৰি শক্তি খণ্ডৰ নিশ্চয়তা আদি আমি মুখামুখী হোৱা প্ৰত্যাহ্বানবোৰৰ অধিক অৱনতি ঘটাব।২০১৬ চনৰ পৰা ভাৰতে গোলকীয় পৰিৱেশ দক্ষতা সূচকৰ শাৰীৰ ইয়াৰ মানৰ পৰা ২০২০ চনত ২৭ টা স্থান পিচলৈ গৈছে আৰু ১৮০ খন দেশৰ ভিতৰত ১৬৮ স্থানত আছে।আমাৰ দেশৰ ক্ৰমাগত ভাৱে হ্ৰাসপ্ৰাপ্ত পাৰিৱেশিক দক্ষতাই তৎকালিন পাৰিৱেশিক পক্ষপাতিত্বমূলক আৰু জৈৱ বৈচিত্ৰিকভাৱে সুস্থ উন্নয়নমূলক ব্যৱস্থা হাতত লোৱাটো নিৰ্দেশ কৰে। এই খচৰা অধিসূচনাই এইবোৰ একো উল্লেখ কৰা নাই।


গতিকে আমি ভাৰত চৰকাৰে পৰিৱেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ক খচৰা অধিসূচনাখন বাতিল কৰি তাৰ পৰিবৰ্তে বৰ্তমান বাহাল থকা পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনাখন নতুন প্ৰস্তাব লৈ শক্তিশালী কৰিব লাগে।তাকে কৰিবলৈ,বিশেষকৈ চলিত মহামাৰীৰ পিচত বিস্তৃত আৰু অধিক ৰাজহুৱা পৰামৰ্শৰ অন্তৰ্ভুক্তি কৰিব লাগে।এক জৈৱ সংবেদনশীল আৰু দায়িত্বশীল অৰ্থনৈতিক উন্নয়নৰ নমুনা গঢ়ি তোলাৰ লক্ষ্যৰে এনে সংশোধিত প্ৰস্তাবে জ্ঞান বিস্তৃতিৰ বিশেষজ্ঞ পৰা, বিভিন্ন সংশ্লিষ্ট ক্ষেত্ৰৰ বিজ্ঞানীৰ পৰা মতামত আৰু পৰামৰ্শাৱলী লোৱা দৰকাৰ।

--------------সমাপ্ত--------------