Monday 9 September 2013

উলুৱনী জয়পুৰৰ ডাঙৰীয়া দেউতা

(ভৌতিক গল্প)
জোনাই মহকুমাৰ উলুৱনী এক বৃহৎ অঞ্চল৷ আগেয়ে এই অঞ্চলত কোনো মেল-মিটিং হ’লে তেলাম নিবাসী নৰকান্ত পেগুক নিমন্ত্ৰণ নজনোৱাকৈ নাথাকে; কিন্তু বড়ো জনগোষ্ঠী অধ্যুষিত এই অঞ্চলৰ ৰাইজে বড়ো আন্দোলনৰ সহযোগী হোৱাৰে পৰাই বহুদিন ধৰি নৰকান্তক সেই অঞ্চলৰ কোনো মেল-মিটিঙলৈ নমতা হ’ল৷

আজি বহু দিনৰ বিৰতিত উলুৱনী অঞ্চলৰ এখন ৰাজহুৱা সভালৈ নৰকান্তই এখন নিমন্ত্ৰণী পত্ৰ পাইছে৷ সেইয়েহে তেওঁৰ মনটো ফৰকাল লাগি যোৱা যেন অনুভৱ কৰিছে৷ ৰজনী বড়ো দেৱৰ জন্ম জয়ন্তী উৎসৱলৈ নিমন্ত্ৰণ৷ স্থান উলুৱনী জয়পুৰ প্ৰাথমিক বিদ্যালয়৷ সভালৈ নৰকান্তক বিশিষ্ট অতিথি স্বৰূপে আমন্ত্ৰণ কৰিছে৷ অঞ্চলটোৰ বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ কথা চিন্তা কৰি নৰকান্তই মিটিঙলৈ যোৱাটো মনস্থ কৰিলে৷ ৰজনী বড়ো , বড়ো অনাবড়ো সকলোৰে বাবেই আছিল এজন দেৱতা বা অৱতাৰী পুৰুষ৷ তেনে  এক মহান ব্যক্তিৰ বিষয়ে সৎ আলোচনা এটা হ’ব বুলি ভাৱি নৰকান্তৰ ভাল লাগিল- য’ত ৰজনী বড়োৰ নাম উচ্চাৰিত হ’ব পুন্যাত্মা স্বৰূপে৷ পৰম পৰোপকাৰী ৰজনী বড়োৰ মৃত্যু হোৱা বহু বছৰ হ’ল যদিও  বুৰঞ্জীত স্থান নোপোৱা কৃষক বন্ধুজনক কিন্তু এই অঞ্চলৰ ৰাইজে সদায়ে স্মৰণ কৰি আহিছে৷

আহিন মাহৰ পূৰ্ণিমা তিথিৰ দিনা ৰজনী বড়োৰ জন্ম হৈছিল৷ সেই দিনাও আছিল আহিন মাহৰ পূৰ্ণিমা তিথি৷ সোমবাৰ৷ তেলামৰ পৰা চাইকেলেৰে গৈ ঠিক সময়তেই নৰকান্ত উলুৱনী জয়পুৰ গাঁও পালেগৈ৷

মূল মিটিঙৰ সময়খিনিত বহুতো গাঁৱৰ বয়োবৃদ্ধ লোকে ৰজনী বড়োৰ উদাৰতা, সততা আৰু পৰোকাৰৰ বিৱৰণ দাঙি ধৰিলে৷ কোনোবা এজন বক্তাই ক’লে ,--“আজিৰ দুৰ্নীতিপৰায়ণ মানুহৰ লগত তুলনা কৰিলে আমাৰ ৰজনী দেউতাক আমি মানুহ বুলিব নোৱাৰোঁ৷ তেওঁ দেৱতা৷ কঠোৰ  পৰিশ্ৰমেৰে খেতি কৰি তেওঁ প্ৰচুৰ উপাৰ্জন কৰিছিল৷ নিজে ভোগ বিলাস নকৰি বানপানীৰ সময়ত  আৰু আলৈ-আহুকালৰ বেলিকা বিধ্বস্ত ৰাইজক জীয়াই ৰাখিবলৈ নিজৰ ভঁৰালৰ ধান বিলাই দিছিল৷ সেইজন জানো সাধাৰণ মানুহ হ’ব পাৰে ? এটি সাধাৰণ জুপুৰিত তেওঁ বাস কৰিছিল—যিদৰে আন গঁঞাসকল বাস কৰিছিল৷”

সভাত ৰজনী বড়োৰ বিষয়ে বহু কথা নৰকান্তই জানিব পাৰিলে আৰু তেওঁ অভিভূত হৈ পৰিল৷

পশ্চিমৰ আকাশখন ৰাঙলী হোৱাৰ বেলিকা মিটিং ভাগিল৷ উলুৱনীৰ ৰাইজে নৰকান্তক ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিছিল৷ তেলামলৈ তাৰ পৰা দূৰত্ব পোন্ধৰ কিলোমিটাৰমান হ’ব৷ ইফালে জামজিং বিলৰ পাৰত হেনো এজাক বনৰীয়া হাতী ওলাইছেহি৷ তথাপিও নিজৰ গাঁৱত আন এখন জৰুৰী বৈঠক ৰাতিলৈ বহাৰ কথা থকা বাবে নৰকান্ত যাবলৈ ওলাল৷

নৰকান্তক আগবঢ়াই থ’বলৈ উলুৱনীৰ কেইবাজনো যুৱক ওলাল৷ ল’ৰাকেইজনে চাইকেল বিচাৰি দেৰি কৰাত সিহঁতক পিছে পিছে আহিবলৈ কৈ নৰকান্ত আগ বাঢ়িল৷ প্ৰায় আধা কিলোমিটাৰ মান বাট গৈ ঘূৰি চাই  নৰকান্তই দেখে যে কেইটামান ল’ৰা তেওঁক আগবঢ়াই থ’বলৈ চাইকেলত উঠিছে৷ নৰকান্তই ভালেই পালে৷ অন্ততঃ দোমকল ঘাটটো পাৰ কৰাই থৈ আহিলেও হ’ব৷

কিছুদূৰ অহাৰ পিছত নৰকান্তই দ্বিতীয়বাৰৰ বাবে পিছলৈ ঘূৰি চাই দেখে—ল’ৰাহঁতে উভতি গাঁৱৰ ফালেহে জোৰেৰে চাইকেল চলাইছে৷ নৰকান্ত চাইকেলৰ পৰা নামিল৷ কথানো কি বুজ লব’লৈ চেষ্টা কৰিলে৷ ল’ৰাকেইটালৈ চাই থাকোঁতে তেওঁ দেখা পালে,তাৰ পৰা মাত্ৰ দুশ মিটাৰমান দূৰত এটা প্ৰকাণ্ড দঁতাল হাতী হাবিৰ পৰা ৰাস্তালৈ উঠি আহিছে৷ তেতিয়াহে নৰকান্তই ঘটনাটো কি বুজিব পাৰিলে৷ তেওঁ সাৱধান হ’বলৈ নৌ পাওঁতেই  বিলখনৰ পৰা এজাক হাতী আহি ৰাস্তাত উঠিল৷

নৰকান্তই ততালিকে চাইকেলত উঠি প্ৰাণপণে  পেডেল ঘূৰাব ধৰিলে৷ দোমকল ঘাটলৈ যোৱা ৰাস্তাৰে নগৈ তেওঁ ভুলক্ৰমে  উলুৱনী চিয়াৰীলৈ যোৱা ৰাস্তাৰে চাইকেল চলাব ধৰিলে৷ কিছুদূৰ যোৱাৰ পিছত ৰাস্তাৰ কাষত এজন বুঢ়াক ৰৈ থকা দেখি তেওঁৰ মনৰ ভয়-সংশয় নিমিষতে নোহোৱা হৈ গ’ল৷ বুঢ়াৰ ওচৰ পাই তেওঁ চাইকেলৰ পৰা নামিল৷

বুঢ়াৰ কাষ চপাৰ লগে লগে নৰকান্তই অনুভৱ কৰিলে যেন বুঢ়াৰ গাৰ পৰা এক ঐশ্বৰিক সুগন্ধি ভাঁহি আহি তেওঁৰ নাকত লাগিছে৷ মিঠা হাঁহি এটি মাৰি বুঢ়াই প্ৰথমেই মাত দিলে—“কিহে নৰকান্ত, হাতীৰ জাকটো দেখা পালা নেকি ? ইমান উধাতু খাই আহিছা যে ? ভয় নকৰিবা৷ সিহঁতে একো নকৰে৷ মিটিঙত তোমাক দেখা পালো আৰু তোমাৰ নামটোও জানিলোঁ৷ তোমাৰ ভাষণ শুনি ভাল পালোঁ৷ হৃদয়ৰ পৰা কথা ক’লে মই বৰ ভাল পাওঁ নৰকান্ত৷ তুমি আজি মোৰ ঘৰতে থাকি যোৱা৷ তুমি ভুল পথেৰে আহি উলুৱনী চিয়াৰীহে পালাহি৷ ঘূৰি গৈ হাতীজাকক আমনি দিব নালাগে৷ বুঢ়াৰ ব্যক্তিত্ব আৰু কথা-বাৰ্তাই তেওঁক বৰ সকাহ দিলে আৰু মন্ত্ৰমুগ্ধৰ দৰে কৰি পেলালে৷ তেওঁ মাথো বুঢ়াৰ মুখলৈ ভেবা লাগি চাই থাকিল৷ বুঢ়াই পুনৰ ক’লে,--“ ব’লা মোৰ জুপুৰি সৌটো৷ খেতি –পথাৰৰ ৰখীয়া হৈ এই জুপুৰিত অকলশৰীয়াকৈ আছোঁ৷” নৰকান্তই বুঢ়াৰ পিছ ল’লে৷

বুঢ়াৰ ঘৰৰ পদুলিৰ শেৱালি জোপাৰ সুগন্ধিয়ে চৌদিশ আমোল মোলাই গৈছে৷ শেৱালিজোপাৰ গুৰিত চাইকেলখন আঁউজাই নৰকান্তই বুঢ়াৰ ঘৰৰ ভিতৰ সোমাল৷ ঘৰৰ বেৰৰ জলঙাইদি পাৰ হৈ অহা পূৰ্ণিমাৰ জোনৰ পোহৰে কোঠাটোৰ আন্ধাৰবোৰ খেদি পঠাইছিল৷  নৰকান্তক বেতৰ চকী এখনত বহিবলৈ দি বুঢ়াই পাকঘৰৰ পৰা খোৱাবস্তু আনিবলৈ গ’ল৷ বুঢ়াই আহি কলপাতেৰে বন্ধা টোপোলা এটা নৰকান্তৰ হাতত দিলে, লগতে এটা টেকেলিত এটেকেলি পানীও দিলে আৰু ক’লে, “খোৱা নৰকান্ত,এই অঞ্চলৰ ডাঙৰীয়াসকলক উদ্দেশ্যি  এটা সকাম পাতিছিল তাৰে প্ৰসাদ৷”

নৰকান্তই পৰম তৃপ্তিৰে সেই প্ৰসাদ স্বৰূপ পৰমান্ন  ভোজন কৰিলে৷ ভাগৰে হেচা মাৰি ধৰিছিল তেওঁক৷ চকু দুটা মুদ খাই যাব ধৰাত বুঢ়াই তেওঁক পিছ ফালৰ চোতালত থকা জুপুৰিটোত সোমাই শুই থাকিবলৈ ক’লে৷

বিছনাত পৰি তেওঁ বেচ আৰাম অনুভৱ কৰিলে৷ তেওঁ যেন নিজৰ ঘৰত থকা বিছনাখনতহে শয়ন কৰিছে৷ লগে লগে নৰকান্তই স্বপ্ন ৰাজ্যত বিচৰণ কৰিলে৷  সপোনত দেখিলে---তেওঁ ৰজনী বড়োৰ ঘৰলৈ গৈছে -----সমাজৰ বৰ্তমানৰ জটিল সমস্যাবোৰৰ সমাধানৰ উপায় বিচাৰি আলোচনা কৰিবলৈ৷ ৰজনী বড়ো ৰূপত সপোনত দেখা পোৱা মানুহজন দেখোন এই বুঢ়াজনেই৷ ৰজনী বড়োৱে তেওঁক বহুতো উপদেশ দিলে৷ ----“নৰকান্ত , তুমি সংগঠনৰ নামত যিসকল বন্ধুৰ লগ লৈছা তেওঁলোকৰ মাজত বিশ্বাসঘাতক ব্যক্তিও আছে৷ চাই বুজি চলিবা৷ সংগৰ দোষে মানুহক বিপদত পেলায়৷-------৷”নৰকান্তই পুৱতি নিশা সপোন দেখি থাকোতে বুঢ়াৰ মাতত সাৰ পালে৷ বুঢ়াই নৰকান্তক পুৱাৰ ৰ’দজাক নৌ উঠোতেই চাইকেল চলাই যাবলৈ ভাল হ’ব বুলি পৰামৰ্শ দিলে৷ নৰকান্তই উঠি হাত-মুখ ধুই বুঢ়াৰ চৰণত প্ৰণাম জনাই বিদায় ল’লে৷

তেতিয়া পোহৰ ভালদৰেই হৈছিল৷ অলপমান আহিয়েই নৰকান্তই ঠাইডোখৰ মনত ৰখাৰ উদ্দেশ্যে কৃতজ্ঞতাৰ দৃষ্টিৰে বুঢ়াৰ ফালে ওভতি চালে৷ কিন্তু কি আচৰিত ! য’ৰ পৰা তেওঁ এইমাত্ৰ আহিছে সেই ঠাইত কোনো ঘৰ-দোৱাৰ নাই৷ মাথো এখন বহল মুকলি পথাৰ৷ তেন্তে ক’ত , কাৰ ঘৰত তেওঁ ৰাতিটো কটালে ? এইবোৰ ভাৱি গৈ থাকোতে নৰকান্তই কেইজনমান ডেকা ল’ৰা বিপৰীত  দিশৰ পৰা আহি থকা দেখা পালে৷ ল’ৰা কেইজনে নৰকান্তক দেখা পাই দৌৰি আহিল৷ “ছাৰ, ছাৰ আপুনি যোৱা ৰাতি ক’ত থাকিল ? আপোনাক ক’তো নেদেখি  আমি বৰ ভয় খাইছিলো৷” সিহঁতক নৰকান্তই ৰাতিটো ক’ত কেনেকৈ থাকিলে সকলো ক’লে৷ তেতিয়া ল’ৰাকেইজনে বুঢ়াৰ চেহেৰা কেনে আছিল সেই বিষয়ে সুধিলে৷ নৰকান্তই মানুহজনৰ শাৰিৰীক গঠন আৰু চেহেৰাৰ বৰ্ণনা দিয়াৰ লগে লগে তেওঁলোকে চিঞৰি উঠিল—“হয় হয় সেইজনাই আমাৰ ৰজনী বড়ো দেউতা৷ তেখেতৰ সোঁ গালত চকুত পৰাকৈ এপাহ তুলসী আছিল৷ এলাপেচাই আমাৰ দেউতাক লগ নাপায়৷ ছাৰ, আপুনিও আমাৰ দেউতাৰ লগৰে৷”

ল’ৰা কেইজনে কাকুতি-মিনতি কৰি নৰকান্তক পুনৰ উলুৱনী জয়পুৰ গাঁৱলৈ লৈ আহিল৷ নৰকান্তই ৰজনী দেউতাক লগ পোৱাৰ খবৰ যিয়েই পালে সিয়েই আহি নৰকান্তক বেৰি ধৰিলেহি৷ পুনৰবাৰ জয়পুৰ চাপৰিত এখন ৰাজহুৱা সভা বহিল৷ নৰকান্তই ৰাইজক ক’লে,“ডাঙৰীয়া দেউতাই কৈছে –‘দিন-কাল ভাল নহয়, তোমালোক সৎ হৈ থাকা,সেয়া বুদ্ধিমানৰ কাম৷ কোনোবা পাপীয়ে পাপ কাৰ্য্যৰে সুখ-সম্পদ আহৰণ কৰা দেখি নিৰাশ নহ’বা৷ আচল সুখ মনৰ সুখ আৰু আত্মাৰ সুখ৷ সৎকামে মন আৰু আত্মাক অনন্ত কাললৈ সুখ দি থাকে৷ দস্যু-দানৱে সেইবোৰ সুখ লাভ কৰিব নোৱাৰে৷  জাত-পাত লৈ হিংসা-দ্বেষ তোমালোকে মনলৈ নানিবা৷ তেনে হিংসা-দ্বেষে জাতিটোক ধ্বংসৰ পথলৈহে নিব৷ জাতি জীয়াই নাথাকিব৷ কাৰণ, উত্তৰ পুৰুষে এনে হিংসা-দ্বেষ ভাৱবোৰ জাতীয় চৰিত্ৰৰ অংঙ্গ কৰি ল’ব৷ অৱশেষত নিজৰ মাজত হিংষা-দ্বেষৰ জুই জ্বলাই নিজে ভস্মিভূত হ’ব আৰু সম্পূৰ্ণ জাতিটোৱেই নিঃশেষ হ’ব৷ এই কথা যেন কোনো জাতি- উপজাতিয়েই পাহৰি নোযোৱা৷’

সভা ভঙ্গ হোৱাৰ পিছত নৰকান্তক ৰাইজে ‘ডাঙৰীয়া দেউতা’ উপাধিৰে সম্বোধন কৰি সাদৰেৰে বিদায় দিলে৷

নৰকান্তই ঘৰলৈ গৈ গম পালে যে আগদিনা ৰাতি সিহঁতৰ সংগঠনৰ মিটিংখন অনুষ্ঠিত নহ’ল৷ গাঁৱত পুলিচ সোমাই সংগঠনৰ দুজন কৰ্ম্মীক গৰু চোৰ, গাভৰু অপসৰণ , ডকাইটি আদিৰ অপৰাধত দোষী সাব্যস্ত কৰি আটক কৰি নিলে৷
---------------------০০০-------------------
(বিঃদ্ৰঃ  গল্পটো ১৯৯৫ চনত ‘ৰহস্য’ৰ ৰঙালি বিহুৰ বিশেষ সংখ্যাত প্ৰকাশ পাইছিল৷)















Saturday 7 September 2013

প্ৰহেলিকা

(ৰহস্য গল্প)
বৈৰাগীমঠ৷  ডিব্ৰুগড় নগৰৰ এই অঞ্চলতেই আছে সেই কালিকা লগা পুখুৰীটো, য’ত অপদেৱতাই ক্ৰুব্ধ দৃষ্টি নিক্ষেপ কৰিলেই সলিল সমাধি ঘটে কোনোবাজনৰ৷ প্ৰতিবছৰে মৃত্যুক আঁকোৱালি লৈছে এজন বা ততোধিকজনে৷ এয়াই যেন স্বাভাৱিক ঘটনা৷

পাঁচবিঘা মাটিৰ আয়তাকাৰ কালিকালগা পুখুৰীটো বিচাৰি উলিওৱাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ বেছি পৰ নালাগিল৷ বৈৰাগীমঠ চাৰিআলি পায়ে ৰেলৱে’ বিভাগৰ শঙ্কৰদেৱ ক’লনিলৈ যোৱা ৰাস্তাৰ বিপৰীত দিশে থকা পথেদি আগুৱাই ষ্টেডিয়ামখনৰ ৱালৰ কাষেৰে আহি দুটামান কেঁকুৰি পাৰ হৈয়ে কালিকা লগা পুখুৰীটো দেখা পালে৷ পুখুৰীটো পোৱাৰ আগে আগে এটা কেঁকুৰিত পথৰ কাষত এজন মানুহে একাষৰীয়াকৈ ৰৈ ম’বাইল ফোনত কাৰোবাৰ স’তে একেবাৰে নিম্নস্বৰত কথা পাতি থকা  ৰতন বৰুৱাই লক্ষ্য কৰিছিল৷ মানুহটোক সন্দেহজনক যেন অনুভৱ হ’ল –ৰতন বৰুৱাৰ৷ পুখুৰীটোৰ পাৰৰ পকী বেৰাৰ কাষে কাষে কেইখোজমান আগুৱাই ৰতন বৰুৱাই তেওঁৰ ম’বাইল ফোনত নম্বৰ ডাইল কৰিলে৷

“ হেল্ল’ বিক্ৰম , তুমি ক’ত আছা ? ”

“ ছাৰ , মই চল্টব্ৰুক একাডেমিৰ ওচৰৰ কেন্টিনখনতে আছোঁ৷”

“ তুমি তাৰ পৰা আহা আৰু কালিকা লগা পুখুৰীটোৰ ফালে আগুৱাই আহি থাকিলে পথৰ দাঁতিত এজন মানুহে ম’বাইলত কথা পাতি থকা দেখিবা৷ তাক অনুসৰণ কৰিবা আৰু পাৰিলে ম’বাইলত পতা তাৰ কথা বাৰ্তা ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিবা৷ ঠিক আছে ? থৈছোঁ৷”


#######################


সদৰ থানাৰ আৰক্ষী বিষয়াৰ সৈতে ডিটেকটিভ ৰতন বৰুৱাই আলোচনাত ব্যস্ত৷

“ বৰুৱা ডাঙৰীয়া, আপুনি কালিকা লগা পুখুৰীটো নিশ্চয় অতি সুক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰিছে৷” সদৰ থানাৰ আৰক্ষী বিষয়া নিত্যানন্দ কলিতাই ৰতন বৰুৱাক উদ্দেশ্যি ক’লে,” পুখুৰীটোৰ মাটি কালি কিমান হ’ব যেন অনুমান হয় বাৰু ?
“অতি কমেও পাঁচ বিঘা মাটি হ’ব৷ পুখুৰীটোৰ বিষয়ে অন্য বহু কথাও আমি সংগ্ৰহ কৰিছোঁ৷ কেচটোৰ অনুসন্ধানৰ  ক্ষেত্ৰত সেইবোৰে আমাক নিশ্চয় সহায় কৰিব৷ পিছে কলিতা ডাঙৰীয়া, অৰুণ কোঁৱৰৰ মৃত্যুৰ লগত এই কালিকা লগা পুখুৰীৰ সম্পৰ্ক কেনেদৰে থাকিব পাৰে বুলি আপুনি সন্দেহ কৰিছে ?

“ চাওক বৰুৱা, প্ৰথমে অৰুণ কোঁৱৰৰ পত্নীৰ মৃত্যু হয় সামান্য পানী লগা জ্বৰ হৈ, তাৰ পিছত অৰুণ কোঁৱৰৰ মৃত্যু গুৱাহাটীৰৰ ‘হোটেল চম্পক’ নামৰ অভিজাত হোটেলখনৰ এটা কোঠাত অস্বাভাৱিক ধৰণে হোৱাৰ দৰেই তেওঁৰ বৰ পুত্ৰ নবীন কোঁৱৰৰ মৃত্যু হৈছিল নিজৰ গাড়ীৰ চিটত বহি থকা অৱস্থাতে৷ এওঁলোকৰ পৰিয়ালটোৰ লোকসকলৰ আকস্মিক ধৰণৰ মৃত্যুৰ বাবে পুখুৰীপৰীয়া ৰাইজে কালিকালগা পুখুৰীটোকে জগৰীয়া কৰিব খোজে৷ কাৰণ, কোঁৱৰ পৰিয়ালটোৰ ঘৰ পুখুৰীটোৰ উত্তৰ পশ্চিম কোণত৷ তেওঁলোকৰ ঘৰৰ কাষতে থকা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহঘৰকনো  কিয় তেনে অপায়-অমঙ্গল কালিকালগা পুখুৰীৰ অপদেৱতাই ঘটাব পৰা নাই বুলি ডাঙি ধৰা যুক্তিক পুখুৰীপৰীয়া ৰাইজে খণ্ডন  কৰি কয় যে তেনে ধৰণৰ ডাঙৰ অপায়-অমঙ্গল ঘটাৰ আগে আগে তেওঁলোকে নিজৰ ঘৰৰ চৌহদত এটি মন্দিৰ সজাই পূজা –পাতল আৰম্ভ কৰি দিলে৷ অৰুণ কোৱঁৰৰ মৃত্যুৰ পিছত কেচটোৰ অনুসন্ধানৰ বাবে আমি কোঁৱৰৰ ঘৰলৈ যাওঁতে পুখুৰীপৰীয়া ৰাইজে আমাক কালিকা লগা পুখুৰীটোৰ বিষয়ে আৰু বহুতো মনোগ্ৰাহী কাহিনী কৈছিল৷"

“সেই কাহিনীবোৰে আমাৰো অনুসন্ধানৰ কামত সহায় কৰিব৷ গতিকে কওকচোন কলিতা, কথাবোৰ শুনো৷” ৰতন বৰুৱাই আগ্ৰহ দেখুৱাই কণমানি নাতিয়ে বুঢ়ী আইটাৰ সাধু শুনিবলৈ জোপ লৈ খুন্দা তামোলৰ গুড়া মুখত ভৰোৱা আইতাকৰ মুখলৈ চাই ৰোৱাৰ দৰে কলিতালৈ চালে৷

“কালিকা লগা পুখুৰীটোত সলিল সমাধি ঘটা প্ৰত্যকজনেই ভালদৰে সাঁতোৰিব জানিছিল ; কিন্তু পুখুৰীটোৰ এক নৰ্দ্দিষ্ট স্থানত সাঁতোৰিব জানিলেও পানীত ডুব যোৱাৰ পিছত কোনোজনেই পানীৰ তলৰ পৰা ওলাই আহিব নোৱাৰিলে৷”

“ স্থানীয় লোকে কয় যে সেই কালিকা লগা পুখুৰীটোত মাছেৰে পূৰ্ণ হৈ থকাৰ দৰে দেখা যায় যদিও তাত মাছমৰীয়াই মাছ ধৰিব নোৱাৰে৷ আনহে নালাগে খৰালিও পানী সিঁচি মাছ ধৰিব নোৱাৰে৷ পানী নকমে,একেই থাকে৷

নিশা দহ বজাৰ পিছত পুখুৰীটোৰ আশে-পাশে কোনো মানুহকে দেখা পোৱা নাযায়৷   ৰাতি গভীৰ হোৱাৰ লগে লগে  পুখুৰীৰ পাৰত কেইবাটাও ক’লা মেকুৰীৰ চকু  লাইটৰ বাল্বৰ দৰে জ্বলি উঠে আৰু সেইবোৰ ইফালে সিফালে ঘূৰি ফুৰে৷ অন্যহাতে পুখুৰীপৰীয়া এঘৰত ৰকি নামৰ প্ৰকাণ্ড আকৃতিৰ কুকুৰটোৰ গুৰুগম্ভীৰ ভুকভুকনিৰ শব্দ নিশা যিমানে গম্ভীৰ হয় সিমানে বাঢ়ি যাব ধৰে৷ এনে এক জয়াল পৰিবেশৰ বাবে স্থানীয় বাসিন্দাসকলে কোঁৱৰৰ পৰিয়ালটো অপদেৱতাৰ ৰোষত পৰিছে বুলি ধৰি লৈছে৷-------------৷”আৰক্ষী বিষয়া কলিতাই কাহিনীটো বৰ্ণনা কৰি যাওঁতে ৰতন বৰুৱাৰ এনে ভাৱ হ’ল যেন কলিতাই কালিকা লগা পুখুৰীটোৰ অপদেৱতাকে ঘাতকৰ ৰূপত প্ৰতিষ্ঠিত কৰি গোচৰটোৰ সামৰণি মাৰিব খুজিছে৷ সেয়েহে ৰতন বৰুৱাই কলিতাক প্ৰশ্ন কৰিলে , “এজন আৰক্ষী বিষয়া হিচাপে আপুনি এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰাজিৰ আঁৰত কোনো স্বাৰ্থ জড়িত মহলৰ হাত থাকিব পাৰে বুলি নাভাৱেনে ?”

“চাওক বৰুৱা, আপুনি জানেই,পুলিচে সকলো বিষয়তে সন্দেহৰ গোন্ধ পায় আৰু তাৰ আলমতে অনুসন্ধানৰ প্ৰক্ৰিয়া আগুৱাই নিয়ে ; কিন্তু এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰাজিৰ  আঁৰত কোনো লোক  জড়িত থকাৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰিহে আমি আপোনাৰ সহায় লৈছোঁ৷ গতিকে আপুনিহে ইয়াৰ অন্তৰালত  কোনো ব্যক্তি জড়িত আছে যদি তাক উলিয়াব লাগিব৷ আমি আপোনাক সকলো দিশতে সহায় কৰি যাম৷”

“ধন্যবাদ কলিতা৷” ৰতন বৰুৱাই ক’লে৷


####################


বিচিত্ৰ নগৰীয়া জীৱন ! ইয়াত দিন ৰাতিৰ নাই ছেদ-ভেদ৷ জীৱনৰ গতিক যথোচিত মাত্ৰা দিবৰ বাবেই যেন এই অহোৰাত্ৰি সংগ্ৰাম মানৱ জাতিৰ৷ জীৱনৰ লক্ষ্য উদ্দেশ্য বিহীন মানসিক বিকাৰগ্ৰস্ত মানুহটোও অকাৰণতে ব্যস্ত হৈ পৰিছে৷ সি পলিথিনৰ মোনাবোৰ বুটলি ফুৰিছে আৰু সেইবোৰ সমগ্ৰ শৰীৰতে বান্ধি লৈছে৷ কিছুদিনৰ পৰা তাক বৈৰাগী মঠৰ ষ্টেডিয়ামৰ পকী বেৰাৰ কাষে কাষে পলিথিন বুটলি ফুৰা দেখা গৈছে৷

দেবানন্দ হাজৰিকাই পথৰ দাঁতিত নিৰ্জন ঠাইডোখৰত ৰৈ আনদিনাৰ দৰেই ম’বাইলত অনুচ্চ স্বৰত কাৰোবাৰ স’তে কিবা জৰুৰী তথা গোপন আলোচনা কৰি আছিল৷ হঠাৎ পগলাটো ক’ৰ পৰা কেতিয়ানো আহি তেওঁৰ কাষ পালেহি  তাকে তৎ ধৰিব নোৱাৰি তেওঁ প্ৰথমে উচপ খাই উঠিল৷ পগলাটোক ভালদৰে নিৰীক্ষণ কৰাৰ পিছত দেবানন্দ হাজৰিকাই পুনৰ ম’বাইলত কথা পাতিব ধৰিলে৷ পগলাটোৱেও ষ্টেডিয়ামৰ ৱালখনত কিবা এটা বিচাৰি চিকোটি-বাকোটি থাকিল৷

“হেল্ল ছাৰ, পাগল এটা ওচৰতে দেখি অলপ ৰৈ দিছিলোঁ৷ ৰ’ব ছাৰ ৰ’ব, ৰাস্তাৰে বেলেগ এজন মানুহ আহিছে৷ অল পিছত কথাখিনি জনাম৷”

ৰাস্তাৰে মানুহজন পাৰ হৈ যোৱাৰ পিছত দেবানন্দ হাজৰিকাই পুনৰবাৰ ম’বাইলত সংযোগ স্থাপন কৰি ক’লে,“হেল্ল’ শুনক ছাৰ, পুলিচে সকলোবোৰ ঘটনাকে কালিকা লগা পুখুৰীটোৰ অপদেৱতাৰ ক্ৰুব্ধ দৃষ্টিৰ ফলত ঘটা বুলি পতিয়ন যোৱাকৈ আমাৰ মানুহে সুন্দৰকৈ বৰ্ণনা দিছে৷ এতিয়া অনুৰাগ কোৱঁৰে ঘৰ-মাটি সকলো নিজৰ নামত কৰি ল’ব পাৰিলেই হ’ল৷ ছাৰ, সকলো হৈ যাব৷ নতুন বেংক একাউন্ট নম্বৰটো লিখি লওক৷ ৭২৫৪০১০০০৭৬২৫ ৷ হয়, হয়,ছাৰ৷ হ’ব হ’ব৷ একো চিন্তা নকৰিব৷ থৈছো ছাৰ৷”দেবানন্দ হাজৰিকাই ম’বাইলটো পকেটত  ভৰাই সেই স্থান ত্যাগ কৰিলে৷ ক্ষন্তেকতে পগলাটোও অন্তৰ্ধান হ’ল৷


##################


কালিকা লগা পুখুৰীটোৰ দক্ষিণ পূব দিশৰ পাৰত থকা ভাৰাঘৰত  কেইমাহমানৰ পূৰ্বে এঘৰ নতুন ভাৰাতীয়া সোমাইছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  পৰীক্ষাৰ্থী জীয়েক আৰু মাক৷ দুয়ো প্ৰকৃতিপ্ৰেমী৷ হাতত বাইন’কুলাৰ আৰু শক্তিশালী ডিজিটেল কেমেৰা লৈ পুখুৰীৰৰ চৰাইবোৰ নিৰীক্ষণ কৰে  আৰু ফটো তুলে৷ পুখুৰীপৰীয়া বাদিন্দাসকলৰ নজৰত ততালিকে পৰি গ’ল তেওঁলোক৷ অতি কম দিনৰ ভিতৰতে তেওঁলোকে পুখুৰীপৰীয়সকলৰ  ৰান্ধনী গৃহত প্ৰৱেশৰ অনুমতি পালে আৰু চাহ মেলত ভাগ ল’ব পৰা হ’ল৷


##################




প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ একমাত্ৰ সন্তান প্লাৱিতাই পুৱাই দৈনিক বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাতে শিৰোনামা এটা দেখিয়ে ঘৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি দিলে৷ তাই দেউতাকৰ বিছনাৰ কাষলৈ গৈ শুই থকা দেউতাকৰ পুৱাৰ চিকুন টোপনি ভাঙি দি চিঞৰি চিঞৰি ক’লে,“পাপা, পাপা শুনা, আজিৰ বাতৰি কাকতত তোমাৰ কথা কি লিখিছে,“প্ৰখ্যাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ সফল অভিযান৷ বৈৰাগী মঠৰ হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব৷----------------------৷”

ৰতন বৰুৱাই বিছনা এৰি মুখ-হাত ধুই চাহৰ পিয়লাত মুখ দিয়ে বাতৰিটো পঢ়িলে৷ দেউতাকৰ অভিযানবোৰৰ শেষ হ’লেই প্লাৱিতাই দেউতাকক নানা প্ৰশ্ন কৰি দোষীক কিদৰে ধৰা পেলালে সেয়া জানিব বিচাৰে৷ ৰতন বৰুৱাইও জীয়েকক নিজৰ অভিযানৰ কাহিনী কৈ ভাল পায়৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ জীয়েকৰ তাগিদাত ৰতন বৰুৱাই অভিযানৰ কাহিনী কৈ গ’ল৷

“ অৰুণ কোৱঁৰৰ দুই পুত্ৰ৷ নবীন আৰু অনুৰাগ৷ নবীন অবিবাহিত৷ অনুৰাগে চিৰিংচাপৰিৰ অৰুনিমাক বিয়া কৰোৱা সাতমাহ মানহে হৈছে৷ ইয়াৰ পূৰ্বে অৰুণ কোৱঁৰৰ ঘৰখন ঠিকেই চলি আছিল৷ এতিয়া আৰম্ভ হ’ল ইটোৰ পিছত বিঘিনি৷ অৰুণ কোৱঁৰৰ পত্নী চণ্ডীকা কোৱঁৰৰ মৃত্যু হ’ল সামান্য পানী লগা জ্বৰ হৈয়ে৷ তাৰ পিছত গুৱাহাটীৰ ‘হোটেল চম্পক’ত অস্বাভাৱিক মৃত্যু ঘটে অৰুণ কোৱঁৰৰ আৰু গাড়ীৰৰ চিটত বহি থকা অৱস্থাত মৃত্যু হয় নবীন কোৱঁৰৰ৷ কোৱঁৰৰ পৰিয়ালটোলৈ ৰঙানদীৰ বান্ধ ভাঙি নামি অহা ধলৰ দৰে বিঘিনিয়ে কিন্তু অনুৰাগ আৰু অৰুনিমাক চুই যোৱা নাই৷”

ৰতন বৰুৱাৰ কথাৰ মাজতে প্লাৱিতাই প্ৰশ্ন কৰিলে, “কিন্তু কিয় চুই যোৱা নাই পাপা ? আৰু কোৱঁৰৰ পৰিয়ালটোৰ ঘৰুৱা কথাবোৰ তোমালোকে কেনেকৈ জানিলা ?”

“ ৰহস্য এবোৰ কথাৰ মাজতে লুকাই থাকে মাজনী৷ অনুৰাগ যে অৰুণ কোৱঁৰৰ তুলনীয়া পুত্ৰহে সেই কথা বৈৰাগী মঠৰ কোনেও নাজানিলেও আমাৰ মহিলা সহযোগী বৰ্ণালী দত্তই তেওঁৰ নতুন বান্ধৱী  অৰুনিমাৰ পৰা জানিব পাৰিলে৷  ইয়াৰে পৰাই আমাৰ অভিযান দ্ৰুত গতিত আগ বাঢ়িল৷ বৰ্ণালীয়ে অৰুনিমাৰ পৰা জানিব পাৰিলে যে কালিকা লগা পুখুৰীৰ পাৰৰ এই অভিশপ্ত  ঘৰটোত শোক-বিহ্বল আৰু ভয়াৰ্ত হৈ তেওঁলোক আৰু বেছি দিন থাকিব নোৱাৰে৷ সেয়ে ঘৰটো কোনোবা এজন মন্ত্ৰীক সত্তৰ লাখ টকাত বিক্ৰী  কৰি দি তেওঁলোকে অন্য এখন নগৰত ফ্লেট কিনি তাতে থাকিবগৈ৷

কালিকা লগা পুখুৰীৰৰ দক্ষিণ পূব পাৰত নিজৰ জীয়েকৰ স’তে ভাৰা ঘৰ লৈ থকা প্ৰকৃতি প্ৰেমী বৰ্ণালী দত্তৰ বাইকুলাৰ আৰু শক্তিশালী ডিজিটেল কেমেৰাই কোৱঁৰৰ ঘৰৰ বহু ৰহস্যৰ সম্ভেদ দিলে৷ অন্যহাতে গাত পলিথিন বান্ধি ঘূৰি ফুৰা পগলা ৰূপী আমাৰ সহযোগী বিক্ৰমে তেওঁৰ গাত লুকুৱাই ৰখা শক্তিশালী কেমেৰা আৰু টেপৰেকৰ্ডাৰৰ যোগেদি তথ্য যোগান ধৰি আমাৰ অভিযান চলাই যোৱাত যথেষ্ট সহায় কৰিলে৷ বিক্ৰমে মন্ত্ৰী আৰু অনুৰাগৰ মধ্যস্থতাকাৰী ভূমি দালাল দেবানন্দ হাজৰিকাই ফোনত পতা কথাবোৰ অতি সাৱধানতাৰে টেপ কৰিবলৈ সক্ষম হ’ল৷”

আমি ভাল দৰেই জানিব পাৰিলো যে ভূমি মাফিয়াৰ চক্ৰটোৱে কালিকা লগা পুখুৰীটোৰ জয়াল পৰিবেশ ৰচনাৰ বাবেই  বহু কেইটা ক’লা মেকুৰী পুঁহিছিল যিবোৰক ৰাতি দেখা পাই কুকুৰবোৰে ওৰে ৰাতি ভুকি থাকে৷”

“পিছে পাপা, গুৱাহাটীৰ ‘হোটেল চম্পক’ত অস্বাভাৱিক ভাৱে মৃত্যু হোৱা অৰুণ কোৱঁৰৰ ভাৰাতীয়া হত্যাকাৰীক তোমালোকে কেনেকে ধৰা পেলালা ?”

“মাজনী, অতি সহজতে কামটো হৈ গ’ল৷ ‘হোটেল চম্পক’ৰ কোঠা এটা ভাৰাত লৈ  থাকি আমাৰ সহযোগী  ৰঞ্জিতে হোটেলখনৰ মানুহবোৰৰ ওপৰত নজৰ ৰাখি আছিল৷ হোটেল পৰিচৰ্য্যাকাৰী ল’ৰা এজনে চাকৰি এৰি যোৱাৰ লগে লগে আমৰ সহযোগী বাহাদুৰক খবৰ দি সেইটো চাকৰিত ভৰ্তি কৰাই দিয়া হ’ল৷ বাহাদুৰে হোটেলৰ অন্য কেইটা ল’ৰাৰ পৰা সংগ্ৰহ কৰা খবৰ অনুযায়ী জানিব পৰা গ’ল যে হোটেলত থকা অৱস্থাত অৰুণ কোৱঁৰক পৰিচৰ্য্যা কৰা কামত চাকৰি এৰি যোৱা বিনোদ পাণ্ডে নামৰ ল’ৰাটো সঘনে জড়িত আছিল৷ এইবাৰ আমাৰ বাহাদুৰেও চাকৰি এৰিলে৷ বিচাৰি গ’ল অচিনাকি বন্ধু বিনোদ পাণ্ডেক তাৰ নলবাৰীৰ ঘৰলৈ৷ বন্ধুৰ ঘৰত এনিশা কটায়ে বন্ধুৰ সচ্ছল আৰ্থিক অৱস্থাৰ সম্ভেদ পালে৷ পিছে বন্ধুক লগ নাপালে গাঁৱৰ ঘৰত৷ তেওঁ থাকে নলবাৰী নগৰত৷ আছে তাত তেওঁৰ ভাল ব্যৱসায়৷ এতিয়া জানিলানে মাজনী, অৰুণ কোৱঁৰক কোনে কিয় হত্যা কৰিলে ? এতিয়া তুমি নিশ্চয় নবীন কোৱঁৰৰ হত্যাকাৰীক কিদৰে চিনাক্ত কৰা হ’ল সেয়া জানিব বিচাৰিবা৷ নহয় জানো ? বাৰু মাজনী, চমুকৈ কে থওঁ শুনা৷”

“গাড়ীত বহি থাকোঁতে নবীন কোৱঁৰে তেওঁৰ ম’বাইলত  এটা অচিনাকি নম্বৰৰ পৰা অহা ফোন কল পাই ৰিচিভ কৰোঁতেই তেওঁৰ হৃদ-যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায় আৰু মৃত্যু মুখত পৰে৷ এয়া আছিল ফোন কৰা ব্যক্তিজনে প্ৰয়োগ কৰা এক উচ্চ প্ৰযুক্তিৰ কৌশল—যিয়ে নেকি ফোন কল ৰিচিভ কৰোঁতাজনৰ মৃত্যুৰ কাৰণ হ’ব পৰা জোখাৰে শব্দৰ সৃষ্টি কৰে৷”

কথাখিনি কৈ ৰতন বৰুৱাই প্লাৱিতাৰ হাতৰ  পৰা তাই আধা পঢ়া কৰা তেওঁৰ অভিযানৰ কাহিনী থকা বাতৰি কাকতখন থাপ মাৰি লৈ ক’লে,”মাজনী, তুমি বাতৰিত বৰ্ণনা কৰা কথাবোৰ নপঢ়াকৈ কোৱাচোন হত্যাকাণ্ডত কোন কেনেকৈ  কিয় জড়িত আছিল ? মাজনী, এটা কথা মনত ৰাখিবা যে অপৰধীৰ কৌশলবোৰ যিমানেই নিখুঁট নহওক কিয়, কিবা  নহয় কিবা এক বিজুটি হেতু অনুসন্ধানকাৰীৰ বাবে শুং-সূত্ৰ এৰি যোৱাৰ ফলতেই এদিন অপৰাধী ধৰা পৰে৷


---------------------০০০০০০------------------


বিঃদ্ৰঃ গল্পটো ইতিমধ্যে অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য"ত প্ৰকাশ পাইছে৷














Friday 6 September 2013

নহয় গল্প নহয় কবিতা

মোৰ গাঁৱতে  আছিল  ঘৰ সিহঁতৰ
কৰ্ম্মসূত্ৰে বহু ঠাইত কটাই
পিতৃ বিয়োগৰ পিছত
আহিল বিচাৰি নিজৰ ঠাই৷

সি মোৰ কাণসমনীয়া
‘চিত্ত বিত্তৰ ধৰ্ম্ম পৰীক্ষা’ নাটৰ ভাওনাত
আমি দুয়ো আছিলো ভাৱৰীয়া
মই চিত্ত সি বিত্ত,
আমি আছিলো একেখন কলেজৰ
একে শ্ৰেণীৰে ছাত্ৰ৷

পঢ়া-শুনাৰ আলোচনা চলে
অন্ত পৰে ইটোৱে সিটোৰ ঘৰলৈ গ’লে৷
বহুদিনৰ বিৰতিৰ পিছত
লগ হওঁ এখন নগৰত ,সি কৰে কেৰণী
তাৰে এখন কলেজত
মোৰো চাকৰি সেই নগৰত৷

অকাল বৃদ্ধ সি অশান্তিত পৰি
স্নাতক পুত্ৰ তাৰ নাই চাকৰি
পকেট খৰচৰ বাবে বেংকে বেংকে ঘূৰি ফুৰে
কে চি চি ঋণ বিচাৰি,
মই বোলো ,নালাগে সেইবোৰ কৰিব
প্ৰাইভেট কোম্পানীত চাকৰি ওলাব
সুযোগ আহিব ৰ’ , অলপ দিন বাট চাবি
আন নহ’লেও পকেট খৰচটো পাবি৷

কথামতে হ’ল কাম
মোৰহে নহ’ল একো নাম
নাভাৱিলে বজাৰত এটা চাকৰিৰ কিমান দাম,
নহ’লেনো মোৰ ল’ৰাৰ কিয় হ’ব এনে গতি
হেৰুৱা ‘প্ৰৱেশ-প্ৰত্ৰ’ৰ নকল কপি বিচাৰি লটি-ঘটি৷

এৰা, সি চিনি পায় বিত্ত
বুজিয়ে নাপালে মোৰ চিত্ত
উপৰুৱা ধনৰ লোভত 
ক’লে মোৰ ল’ৰাৰ মাকক
টকা দিবলৈ তাৰ পিয়নক
পাঁচশ টকাত প্ৰৱেশ- প্ৰত্ৰ পালো
লগে লগে বাল্য বন্ধুক বিদায় দিলো৷
------------০০০------------


( বেয়া হ’ল নেকি বাৰু ?)

Thursday 5 September 2013

বৰষুণ

আকাশীজনীয়ে হাঁহিটি মাৰিলে
বিজুলি চমকি গ’ল,
গোমোঠা মেঘৰ কিনো খং উঠিলে
গুজৰি গুমৰি  আস্ফালন কৰিলে
ধৰাতল কম্পমান হ’ল৷
মেঘৰ ধমকনি কেৰেপে নকৰি
আকাশীয়ে মাৰে বিজুলি হাঁহি
মেঘে খং উজাৰিলে বজ্ৰ নিনাদ কৰি
আকাশীৰ শোকে খুন্দা মাৰি ধৰিলে
ধাৰাসাৰে চকুলো সৰিলে৷
---------০০০---------

মন মন্দিৰতে তোমাকে থাপিলো

(এটি গীত)

মন মন্দিৰতে তোমাকে থাপিলো


প্ৰতিমা সজালো

হিয়াৰে এপাহি গোলাপ দি পুজিলো৷



জীৱন গতি- পথৰ য’ত খলাবমা

আৰু উঠা নমা

তাতো মোক নেৰিবা

হাতে ধৰি নিবা

ল’ম তোমাৰ নাম

গাম তোমাৰ গান৷



মন মন্দিৰতে---------

--------------------৷



মোৰ বুকুৰ জুৰণি

তোমাৰ সোঁৱৰণী

উৎসাহৰ বোৱতী নৈ,

এৰি দিম জীৱনৰ

টুলুঙা নাওখন

বিবেক বৈঠা হাতে লৈ৷



মন মন্দিৰতে-------

---------------------৷



নাও আগুৱালে বেলি ভাটি দিলে

ৰিণিকি ৰিণিকি দেখোঁ দূৰণীতে

নৈৰ সিপাৰতে ঘাটৰে কাষতে

তোমাৰে পঁজাটি


প্ৰাণ পখিৰ সজাটি


তালৈ নাও চপাই  দিম

নিজকে গতাই দিম

থ’বা মোক তোমাৰ কাষতে৷


মন মন্দিৰতে---------


-----------------------৷

                 
 -------  ০০০০০০--------                                              
                           

Tuesday 3 September 2013

শক্তি সাধনা

     মানৱ স্বভাৱজাত ভাবে এনেকুৱা যে কিবা এটা পায়ে  সন্তুষ্ট নহয়, তেওঁৰ জীৱনত বহুত কিবা পোৱাৰ পিছতো সন্তুষ্ট হোৱাৰ আৱশ্যকতা অনুভৱ নকৰে৷ তেওঁলোকৰ এনে স্বভাৱৰ বাবেই শক্তি সাধনাৰ আৱশ্যকতা অনুভৱ কৰে৷ অন্যহাতে মানৱ-জীৱনৰ যিবোৰ ডাঙৰ সমস্যা বুলি গণ্য কৰা হয় তাৰ ভিতৰত আছে দৰিদ্ৰতা আৰু শত্ৰুৰ উপস্থিতি৷ ধনী-দুখীয়া সকলোৰে শত্ৰু থাকিব পাৰে৷ মানুহৰ জীৱনত শত্ৰুৰ প্ৰভাৱ অতি প্ৰৱলভাবে পৰাও দেখা যায়৷ এইটো তেওঁহে অনুভৱ কৰিব পাৰিব যি নিজে শত্ৰুৰ দ্বাৰা বেষ্টিত হৈ থাকে৷ শত্ৰু তেওঁৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত জড়িত হ’ব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কোনো এক সাধনা সম্পন্ন কৰি ল’ব লগা হয়৷ তেতিয়া তেওঁ সহজভাৱে জীৱন কটাবলৈ সক্ষম হয়৷
এই অৱস্থা নিৰ্ধন ব্যক্তিৰো হয় যাৰ জীৱনত ধন নাই, যশ নাই, মান-সন্মান নাই আছে যদি মাথো ক্লেশ, অপমান আৰু সকলো সময়তে বিৰাজমান অভাৱ-অনাতন৷ দৰিদ্ৰতা এনে এক অভিশাপ যি নেকি মানুহক সহজভাৱে জীৱনত থিয় হ’বলৈ নিদিয়ে৷ মানুহে ধনৰ অভাৱত অসহায় অনুভৱ কৰে৷ তেনে মানুহে নিজে পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ দৃঢ় হ’বও নোৱাৰে৷ এনে মানুহৰ বাবে শক্তি আহৰণৰ উপায় হ’ল শক্তি সাধনা৷

শক্তি সাধনাৰ বাবে সাধকক তেওঁৰ গুৰুৱে প্ৰথমে আত্মশক্তিৰ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে৷ তেতিয়া ভগৱতী দূৰ্গাই সাধকৰ শক্তি স্বৰূপ হৈ তেওঁৰ সকলো দিশতে সহায়ক হৈ পৰে৷ সাধাৰণতে ভগৱতী দূৰ্গাকেই শক্তি সাধনাৰ মূল বুলি মানি লোৱা হেছে; কিন্তু তান্ত্ৰিক গ্ৰন্থসমূহত শক্তি সাধনাৰ এক পৃথক ধাৰণা আছে৷ শক্তিৰ তাৎপৰ্য্য কোনো দেৱী বিশেষৰ পৰা লোৱা নাযায়; তথাপি সাধকে নিজকে তেজস্ব, বিস্তৃত ,প্ৰচণ্ডপ্ৰাপ্ত কৰি লয়৷ পিছে সাধকে ইয়াৰ বাবে বিভিন্ন ধৰণৰ সাধনা অতিক্ৰম কৰিব লাগিব৷ যিকোনো গৃহ-ধৰ্ম্ম পালন কৰি থকা সাধকৰ বাবে ক্ৰমাগতভাৱে অনেক সাধনা সমাপন কৰা সহজ নহয়৷ সেয়া এজন সন্যাসীৰ বাবেহে সম্ভৱপৰ হ’ব৷

গুৰুসকলে সাধনাৰ অন্য এক পন্থা গৃহ-ধৰ্ম্ম পালন কৰি থকা সকলৰ বাবে প্ৰস্তুত কৰি দিয়ে, যাতে ব্যক্তি শক্তি সম্পন্ন হয়, তেওঁৰ মাজত তীব্ৰতা, চেতনা, প্ৰভুতা থাকে,তেওঁৰ চকুত ইমানেই তীব্ৰতা হওক যে তেওঁৰ দৃষ্টি মাত্ৰেই শত্ৰু পৰাভুত হয়, ভয়ভীত হয় , শত্ৰুৱে পুনৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ দিবলৈ যাতে সাহস নকৰে৷

সম্ভৱতঃ নৱৰাত্ৰিৰ শক্তি সাধনা সম্পন্ন কৰাৰ অন্তৰালত ঋষিসকলৰ মন্তব্য এয়াই আছিল৷

--------------------------

জামজিং বিলৰ ভূত

(ভৌতিক গল্প)
তেলাম ৰেল’ৱে ষ্টেচনৰ দক্ষিণ –পশ্চিম দিশত দিখাৰী নদীৰ উত্তৰ পাৰে এক বৃহৎ  অঞ্চল জুৰি  জামজিং বিলখন চৰাই-চিৰিকতি জীৱ-জন্তু আৰু বিভিন্ন মাছ-মগৰ ইত্যাদি জলচৰ প্ৰাণীৰ আশ্ৰয়-স্থল হিচাপে আছে৷ এই বিলৰ উত্তৰ দিশত জাঁজি, জামজিং, তেলাম,গামচুক ইত্যাদি গাঁওবোৰ৷ মূল বিলখনৰ চাৰিওফালে বহুদূৰ ধৰি পিটনিৰে ভৰি আছে৷ এইবোৰ পিটনিৰ  দাঁতি-কাষৰীয়া  অঞ্চলটো হাবি-জংগলেৰে ভৰা৷ ইয়াত হৰিণ,বাঘ ইত্যাদি বনৰীয়া জন্তুও আছে৷ কেৱল সেয়াই নহয় তেলামবাসী ৰাইজৰ মতে এই অঞ্চলটোত ভূত-পিশাচেও বাস কৰে৷ বৰ্তমান অসম চৰকাৰৰ বন-বিভাগে জামজিং বিলখন আৰু ইয়াৰ দাঁতি -কাষৰীয়া অঞ্চলটোৰ সংৰক্ষণ কৰিছে৷ বন-বিভাগে বিলৰ কাষৰ এটা অঞ্চলত মূল্যবান গছ-গছনিৰ পুলি ৰুইছে৷ গছ পুলি ৰুৱা আৰু ইয়াৰ প্ৰতিপালন কৰিবলৈ বন বিভাগে কেইজনমান স্থানীয় যুৱকক বনুৱা হিচাপে নিযুক্তি দিছে৷

বন বিভাগৰ  কৰ্ম্মী বিমান, কুমুদ,প্ৰবীণ আৰু নৰেনহঁতে বিলৰ পাৰতে এটা জুপুৰি-ঘৰ  সাজি কেম্প কৰি তাতে থাকে৷ বিমানৰ বাদে আন কেইজন ডেকাৰ  সাহস কম৷ এই অঞ্চলৰ ভূত-পিশাচৰ কাহিনীবোৰ শুনি সিহঁতৰ আৰম্ভণিৰে পৰাই অৱস্থা শোচনীয়৷ বিমানৰ আলম লৈ আৰু এম. এল .এ. বেজৰ তাবিজ পিন্ধি যেনে তেনে কৰ্ত্তব্য পালন কৰি চাকৰিটো বচাই ৰাখিছে৷

তেলামলৈ আহি জামজিং বিলৰ পাৰত থাকিবলৈ লোৱাৰ পৰাই স্থানীয় লোকসকলে বিমানহঁতক এই অঞ্চলৰ ভূত –পিশাচৰ নানা কাহিনী কৈছে৷ কিন্তু সিহঁতে নিজে কোনো ভূতকে দেখা পোৱা নাছিল ; কিন্তু সিদিনা ভূতে যি তাণ্ডৱলীলাৰ সৃষ্টি কৰিলে সেই কথা বিমান , কুমুদ, প্ৰবীন আৰু নৰেনে জীৱনতেই পাহৰিব নোৱাৰে৷

সিদিনা আছিল শনিবাৰ৷ তাতে আকৌ অমাৱস্যা৷ আবেলি সময়তে বিমান আৰু কুমুদ বজাৰলৈ ওলাই গৈছিল৷ কেম্পত প্ৰবীণ আৰু নৰেন আছিল৷ গধূলি হৈ অহাৰ লগে লগে প্ৰবীণ আৰু নৰেনৰ অৱস্থা বেয়ালৈ ঢাল খালে৷ কাৰণ, প্ৰবীণে হাত-লেম্প দুটা জ্বলাবলৈ ঠিক-ঠাক কৰি নৰেনক জুইশলাৰ বাকচটো আনিবলৈ কৈছিল; কিন্তু জুইশলা বাকচটো  থকা বাঁহৰ চাঙীখনত চকুফুৰাই তাত নৰেনে জুইশলাৰ বাকচটো নাপালে৷ জুইশলাৰ বাকচটো শূন্যতে দুলি দুলি ঘৰৰ মূধচৰ সুৰুঙাইদি আঁতৰি যোৱা দেখি নৰনে চিঞৰ-বাখৰ লগালে৷ প্ৰবীণ দৌৰি আহিল৷ কথা শুনি সি হতবাক হ’ল৷ দুয়ো চোতাল পালেগৈ৷ প্ৰবীণেও এইবাৰ চিঞৰি উঠিল –লেম্প দুটা নেদেখি৷ এইবোৰ  কাণ্ড দেখি দুয়োৰে সৰ্ব্ব শৰীৰ জিকাৰ খাই গাৰ নোম ডাল ডাল হ’ল৷ “ভূত ভূ---ত৷” ইটোৱে সিটোক ক’লে৷ দুয়ো এম. এল. এ.( মহম্মদ লটিফ আলি) বেজে দিয়া তাবিজ দুটা বিছনাৰ তলৰ পৰা উলিয়াই ককালত পিন্ধি ল’লে৷ লগে লগে ঘৰৰ ভিতৰৰ পৰা যেন ধুমুহাৰ গতিত কোনোবা এমখা ধমধমাই ওলাই গ’ল৷ তাৰ পিছত ঘৰৰ বাহিৰৰ গছ-গছনিবোৰত প্ৰচণ্ড ধুমুহা –বতাহ হোৱাৰ দৰে শব্দ৷ ক্ষন্তেক পিছতে পশ্চিম ফালৰ ওখ শিমলুজোপাৰ তলত শুনা গ’ল নাৰী-কন্ঠস্বৰ৷ যেন এমখা পাটগাভৰুৰ হাঁহি-খিকিন্দালি৷

প্ৰবীণ আৰু নৰেনে ভয়ত পেপুৱা লাগি ইটোৱে সিটোক গবামাৰি ধৰি বিছনাতে তাপ মাৰি বহি আছে৷ ঘৰৰ বাহিৰত সিহঁতে কাৰোবাৰ পদশব্দ  শুনিবলৈ পালে৷ গপ গপ গপ৷ দুয়োটাই শহা কণীয়া হৈ শুনি গ’ল৷ ঠিক দুৱাৰ মুখতে থিয় দি কোনোবাই গলগলীয়া মাতে কৈ গ’ল—“প্ৰবীণ আৰু নৰেন , তহঁতে এম. এল. এ. য়ে বেজে দিয়া তাবিজ পিন্ধিলি ৷ হুঃ নহ’লে আজি তহঁতহালকে জামজিং বিলত ওভোতাই পুতি থলোহেঁতেন৷ তহঁত মানুহবোৰে আমি মানুহ হৈ থাকোঁতে যি শাস্তি দিলি সেইবোৰ আমি পাহৰা নাই৷ এতিয়া আমি ভূত হোৱাৰ পিছতো তহঁতে আমাৰ পিছ নেৰিছ৷ এই পিটনিখনতো আমাক শান্তিৰে থাকিবলৈ নিদিয় নহয়নে ? ভাল যে আজি তহঁতে তাবিজ পিন্ধি ল’লি , নহ’লে---৷ আৰু শুনি ল’৷ আজি জামজিং বিলৰ পাৰত আমাৰ বৰমেলা বহিব৷ ইয়াত সকলো ঠাইৰ ভূত-প্ৰেত গোট খাইছেহি৷ সেইয়ে তহঁতহালক সাৱধান কৰি দিলো –ইয়াত জুই-ছাই একো নজ্বলাবি৷ কথা নামানিলে অঘটন ঘটাম৷ হিঃ হিঃ হিঃ----৷”

 মাতটো নাইকীয়া হোৱাৰ লগে লগে পুনৰ গপ গপ পদশব্দ হ’ল৷ তাৰ পিছতে হুৰ হুৰকৈ বতাহ এজাক আহি গছ-গছনিবোৰ কঁপাই তুলিলে৷ প্ৰবীণ আৰু নৰেনে তলকিবই নোৱাৰিলে –কথাবোৰ কোনে ক’লে আৰু কৈ সি ক’লৈ গুচি গ’ল৷ সিহঁতে বৰ ভয় খালে আৰু চাকি-বাতি জ্বলাবলৈ সাহস নকৰিলে৷ দুয়ো তেলামৰ বিট-অফিচাৰ চমুৱাৰ ঘৰলৈকে গুচি যোৱাৰ সিদ্ধান্ত ল’লে৷ সিহঁত ভয়ে ভয়ে ঘৰৰ পৰা ওলাই এক প্ৰকাৰ দৌৰি যোৱাৰ দৰেই তেলামলৈ যোৱা লুংলুঙীয়া বাটটোৰে কিছুদূৰ যোৱাৰ পিছত দেখে যে সিহঁত জামজিং বিলৰ হাবিৰ কাষতহে ওলাইছেগৈ৷ পিটনিত পৰিবলৈ অলপহে থাকিল৷ ঘূৰি আহি সঠিক পথেৰে আগুৱাব ধৰোঁতেই দুয়োকে এমখা ভূতে আগুৰি ধৰিলে৷ তেতিয়া সিহঁতৰ অচেতন প্ৰায় অৱস্থা৷ তথাপিও সিহঁতে যেন তাবিজৰ বলতে প্ৰাণ হেৰুওৱা নাই৷ এইবাৰ সিহঁতৰ কাণত পৰিল ওজাই মন্ত্ৰ উচ্চাৰণ কৰাৰ দৰে শব্দ কিছুমান৷ হ্লিং ক্লিং ক্লিং ফুট ফুট ক্লিং ক্লিং----ইত্যাদি৷ লাহে লাহে সিহঁতৰ ভয় ভাৱ মনৰ পৰা আঁতৰি যোৱা যেন লাগিল৷ দুয়ো মূৰ তুলি চাবলৈ সাহস ঘুৰাই পালে৷ সিহঁতে দেখা পালে –এমখা কিম্ভুৎ-কিমাকাৰ মুনিহ-তিৰোতাই সিহঁতক বেৰি আছে ৷ সেই মখাৰ মাজৰে এটা প্ৰকাণ্ড পেটুৱাই কাউৰীৰ পাখিৰ দৰে   পাখি কইখনমান হাতত লৈ সিহঁতহালক উদ্দেশ্য কৰিয়েই মন্ত্ৰবোৰ গাই আছে৷


“ফুট ফুট ক্লিং ক্লিং ফুট ফুট ক্লিং ---৷”মন্ত্ৰ গাই গাই পেটুৱাটোৱে ক’লে , “হুঃ , তহঁতহালৰ মন্ত্ৰপুতঃ তাবিজ দুটাৰ  শক্তি মই নষ্ট কৰিব নোৱাৰোঁ৷ কাৰণ মই মানুহৰ ওজা নহয় এতিয়া, ভূতৰহে ওজা৷ তথাপিও ভূত হিচাপে তহঁতক কৰিব পৰা খিনি কৰিমেই৷ শুন তহঁতে”,পেটুৱা ভূতে পেটটো মোহাৰি মোহাৰি কৈ গ’ল,“মোৰ নাম আছিল বেদান্ত ওজা৷ নামটো শুনিছিলি চাগৈ৷ মোৰ পৰম আয়ু আছিল আশী বছৰ৷ সিমান দিন জীয়াই থাকিবলৈ নিদি ষাঠি বছৰ বয়স নৌ হওঁতেই তহঁত মানুহবোৰে মোক হত্যা কৰিলি৷ এতিয়া এই বিশ বছৰ মই তহঁতৰ উৎপাততে শান্তিৰে থাকিবলৈ পোৱা নাই৷ আজি তহঁতহালক আমাৰ ভূতমেলা চাবলৈ দিম যাতে তহঁতৰ জ্ঞান বাঢ়ে৷ বুজিলি ?” ইয়াকে কৈ ওজা ভূতে সিহঁত দুটাক উদ্দেশ্য কৰি পুনৰ মন্ত্ৰ জপ কৰাত লাগি গ’ল৷  প্ৰবীণ আৰু নৰেনে বেদান্ত ওজাৰ নাম শুনিছে৷ কেইবছৰমান আগতে এই বেজজনক এখন গাঁৱলৈ সৰ্পদংশনত মৃত ল’ৰা এটাক জীৱিত কৰি তুলিবলৈ মাতি নিছিল৷ বেদান্ত ওজাই প্ৰথমে মঙ্গল এভাগ চাই লৈ ল’ৰাটোক জীয়াই তুলিব পাৰিব বুলি ভাৱি ৰাইজক আশ্বাস দিলে৷ কিন্তু একেৰাহে দুদিন দুবেলা মন্ত্ৰ জপ কৰিও ল’ৰাটোক জীয়াই তুলিব নোৱাৰিলে৷ তেতিয়া গাঁৱৰ ল’ৰাহঁতে খঙতে ভুৱা বেজ বুলি বেদান্ত ওজাক মাৰধৰ কৰিবলৈ ধৰে৷ ৰাজহুৱা পিটনৰ কোবত বিষালী হৈ কিছুদিনৰ পিছত বেদান্ত ওজাৰ মৃত্যু হয়৷ সেই বেদান্ত ওজাই এতিয়া ভূত হৈ জামজিং বিলত দেখা দিছে৷

ওজা ভূতে মন্ত্ৰ মাতি থাকোঁতে থাকোঁতে প্ৰবীণ আৰু নৰেনৰ মনলৈ এনে ভাৱ আহিব ধৰিলে যেন সিহঁত মানুহ নহয়৷ সিহঁতো নিজে একোটা ভূতহে৷ এনে ভাৱ অহাত সিহঁতে ভূতবোৰলৈ ভয় নকৰি সিহঁতৰ লগ ল’লেগৈ৷ ওজা ভূতে তেতিয়া সিহঁতহালক ক’লে, “ব’ল , এতিয়া মোৰ আদেশমতে কাম কৰিবি৷”

বিমান আৰু কুমুদে  ডেকাপাম সাপ্তাহিক বজাৰত বজাৰ-সমাৰ কৰি সন্ধ্যাৰ আগে আগে জামজিং গাঁও হৈ জামজিং বিলৰ পাৰত থকা সিহঁতৰ কেম্পলৈ খোজ ল’লে৷ ইতিমধ্যে আন্ধাৰ নামি আহিছিল৷ সিহঁতে ঠিক বাটেৰেই আহিছিল; কিন্তু সেই বাটেৰে আহি থাকিও নিজৰ কেম্পত ওলাব নোৱাৰিলে৷ গৈ গৈ সিহঁতে জানজিং বিলৰ পিটনিৰ কাষ পালগৈ৷ পুনৰ ঘূৰি আহিল৷ সিহঁতে বাট ভুল হোৱা বুলিয়েই ভাৱি লৈছিল৷ এইবাৰ সঠিক পথটো বাছনি কৰি লৈ পুনৰ খোজ ল’লে৷ গৈ গৈ পুনৰ বিলৰ অন্য এটা পাৰতহে ওলালগৈ৷ তাত বিলৰ পানীত এঠাইত এক প্ৰচণ্ড ধমধমনি শুনিবলৈ পালে৷ প্ৰকাণ্ড শাল মাছ এটাইহে যেন পানীত শব্দ কৰিছে৷ পানীলৈ চাই সিহঁত অবাক হ’ল৷ কাৰণ, পানীৰ এটা স্তম্ভ উপৰলৈ উঠি কুণ্ডলী পকাই পকাই থকা দেখা পালে৷ দৃশ্যটো কিবা অলৌকিক  যেন লাগিল৷ সিহঁত পুনৰ ঘূৰি আহিল৷ পৰুৱাই পোৱা মানুহৰ দৰে অৱস্থা হ’ল সিহঁতৰ৷ কি কৰিব কি নকৰিব ভাৱি পাৰ নাপায় চাকি-বাতিৰ পোহৰকে ধিয়াঁই গামচুক গাঁৱৰ ফালে পথাৰৰ মাজেদি আগুৱাব ধৰিলে৷ কুমুদে খুউব ভয় খাইছিল৷ সি জোৰ কৰি বিমানক এম. এল. এ. বেজৰ ঘৰলৈ লৈ গ’ল৷ বেজক সকলো কথা ভাঙি পাতি ক’লে৷ বেজে দুয়োকে দুটা তাবিজ পিন্ধাই অভয় প্ৰদান কৰি পুনৰ কেম্পলৈ যাবলৈ ক’লে৷ এইবাৰ মনত সাহস লৈ দুয়ো জামজিং বিলৰ ফালে গতি কৰিলে৷ তেতিয়া ৰাতি নমানেই বাজিছিল৷

বিমল আৰু কুমুদ গৈ থকা বাটটোৰ সমুখত কাকো দেখা পোৱা নাছিল ; কিন্তু সিহঁতৰ কাণৰ কাষতেই প্ৰবীণ আৰু  নৰেনৰ মাত শুনিবলৈ পালে৷ প্ৰবীণে ক’লে, “বিমান আৰু কুমুদ , তহঁত সৌ ডিমৰু জোপাৰ তললৈ ব’ল৷ তাত ওজা বাবাই তহঁতলৈ বাট চাই আছে৷” প্ৰবীণৰ মাত শুনি বিমল আৰু কুমুদ দুয়ো চিঞৰি উঠিল---“ প্ৰবীণ তই ক’ৰ পৰা কথা কৈছ ? আমি যে তোক দেখা পোৱা নাই ?” এইবাৰ হুৰহুৰাই এজাক প্ৰবল বতাহ সিহঁতৰ সমুখৰ পৰা বৈ গ’ল ডিমৰুজোপাৰ ফালে৷ ডিমৰু গছজোপাৰ তলত নৰেনৰ মাত শুনা গ’ল৷

“বিমান আৰু কুমুদ দুয়োটা ইয়ালৈ আহ৷ আমি ইয়াতে বাবাৰ ওচৰত আছোঁ৷”

বিমান আৰু কুমুদ ডিমৰু গছৰ তল পালেগৈ৷ গছৰ গুৰিত ‘ হ্লিং ক্লিং ক্লিং— --’   ইত্যাদি মন্ত্ৰ উচ্চাৰণ  কৰি থকা শুনিবলৈ পালে; কিন্তু তাত কাকো দেখা নাপাই সিহঁতে চিঞৰি উঠিল, “কোন ? ইয়াত কোন আছ ? নৰেন আৰু প্ৰবীণ তহঁত ক’ত আছ ?” লগে লগে গছজোপাত এক প্ৰবল ধুমুহাৰ সৃষ্টি হ’ল—যেন গছজোপা উঘালি পেলাব৷ দুয়োটাৰে চকু গৈ কপালত উঠিল যেতিয়া সিহঁতে গছজোপাৰ ঠাইত এটা প্ৰকাণ্ড পেটুৱা দৈত্যহে থিয় দি থকা দেখা পালে৷ এইবাৰ সাহসী বিমানৰো ভয়ত সৰ্ব্ব শৰীৰ কম্পমান হ’ল৷ কুমুদ এক প্ৰকাৰ চেতনাহীন যেনেই হৈ পৰিল৷ পুনৰ দৈত্যটো ডিমৰু গছলৈ ৰূপান্তৰিত হ’ল৷  গছজোপাৰ গুৰিত পুনৰ মন্ত্ৰ –ধ্বনি শুনা গ’ল৷----“ ক্লিং –ক্লিং—ক্লিং---৷”

লাহে লাহে বিমান আৰু কুমুদৰ মনৰ পৰা ভয়ৰ ভাৱ কেনিবা পলাল৷ সিহঁতে নিজৰ অস্তিত্ব পাহৰি যাব ধৰিলে৷ গাবোৰ পাতল পাতল অনুভৱ হ’ল৷ ভৰি দুখন যেন মাটিৰ পৰা ওপৰলৈ উঠি আহিছে আৰু সিহঁত শূন্যতে ভাঁহি থাকিব পৰা হ’ল৷ সিহঁতে যেনিয়ে চাইছে তেনিয়েই কিম্ভুৎ-কিমাকাৰ প্ৰাণীবোৰহে দেখা পাইছে৷ সেই প্ৰাণীবোৰৰ হাঁহি-খিকিন্দালিবোৰ শুনি সিহঁতৰ ভাল লাগি গৈছে৷ আনন্দত যেন হিয়া উঠলি উঠিছে৷ দুয়ো সেই অলৌকিক প্ৰাণীবোৰৰ সৈতে বিচৰণ কৰি ফুৰিব ধৰিলে৷

ভূতবোৰৰ লগত ঘূৰি ফুৰোঁতে বিমান আৰু কুমুদে প্ৰবীণ আৰু নৰেনক লগ পালেগৈ৷ আটাইকেইটাই কথা পাতিব ধৰিলে৷ প্ৰবীণ আৰু নৰেনে  বিমান আৰু কুমুদক বুজাই দিলে যে আজি  এই জামজিং বিলৰ পাৰত ভূতবোৰৰ এখন ডাঙৰ মেলা অনুষ্ঠিত হ’ব৷ গতিকে মেলা দেখুৱাবলৈকে সিহঁতক এনেদৰে অনা হৈছে৷ লগতে বিমান আৰু কুমুদক বেদান্ত ওজাৰ কাহিনীও ক’লে৷

চাৰিওটাই আলোচনা কৰি ভূতৰ কথামতে সিহঁতৰ মেলা চোৱাটোকে সিদ্ধান্ত ল’লে৷ আচলতে ইয়াৰ বাহিৰে সিহঁতৰ অন্য উপায়ো নাছিল৷

সিহঁতে কথা পাতি থাকোঁতেই এজাক প্ৰচণ্ড বতাহ আহি চাৰিওটাকে জামজিং বিলৰ পিটনিৰ ফালে উৰুৱাই লৈ গ’ল৷ পিটনি পাই যি ঠাইত  বতাহজাক স্তব্ধ হ’ল তাতে সিহঁত ৰৈ গ’ল৷  সিহঁতে দেখিলে তাত হেজাৰ হেজাৰ ভূত সমবেত হৈছে৷ সিহঁতক দেখা পোৱাৰ লগে লগে ভূতবোৰে সিহঁতকো আচুতিয়াকৈ  বহিবলৈ আসন দিলে৷ সিহঁতক কোনোবা এটা ভূতে জনালে যে সভা আৰম্ভ হ’বৰ হ’ল৷

ভূতৰ সভাত মানুহৰ কাম –কাজৰ ওপৰত নানা সমালোচনা আৰম্ভ হ’ল৷ এটা ভূতে তাৰ ভাষণত ক’লে যে বৰ্ত্তমান মানুহে যি দৰে যধে-মধে মানুহ হত্যা কৰিব ধৰিছে তালৈ লক্ষ্য ৰাখিলে অতি কম দিনৰ ভিতৰতে ভূতৰ সংখ্যা পৃথিবীৰ মানুহৰ সংখ্যাতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ জীয়াই থাকিবলৈ যি আয়ুস লৈ মানুহে পৃথিবীত জন্ম লয় সেই আয়ুস পূৰ্ণ নহওতেই হত্যাৰ বলি হোৱাত ভূত হোৱাৰ বাহিৰে অন্য উপায় নাথাকে৷  অন্যহাতে মানুহে ভূতবোৰ বিচৰণ কৰিব পৰা ঠাইবোৰ নোহোৱা কৰি গৈছে৷ সেয়েহে ভূতবোৰৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ ভূতবোৰে প্ৰাণ ৰক্ষাৰ বাবে বাস-স্থান সলাই থাকিব লগীয়া হৈছে৷ মানুহে হত্যা বন্ধ নকৰিলে ভূত-প্ৰেতৰ সমস্যা নিতৌ বৃদ্ধি পাই যাব৷  ভূতৰ সংখ্যা বাঢ়ি গেছে ; কিন্তু খাদ্যৰ পৰিমাণ কমি গৈছে৷ ভূত চৰিবলৈ ঠাইৰ অভাৱ হৈ গৈছে৷ গতকে কিবা উপায়েৰে ভূতবোৰ জীয়াই ৰাখিবই লাগিব৷ ভূতবোৰেই পৃথিবীৰ আটাইতকে দুৰ্ভগীয়া প্ৰাণী৷ মানুহে চকুৰে দেখা নাপায় বাবে ভূতৰ ক্ষেত্ৰত হৃদয়খন প্ৰয়োগ নকৰে , ভগৱানৰ ক্ষেত্ৰত কিন্তু হৃদয়খনেই মূল ভেটি৷ ভূতৰ এনে দুৰ্ভাগ্য আৰু অধিক ভূতৰ বাবে সহ্য নহয়৷ এনে বক্তব্য শুনি সভাৰ সকলোবৰ ভূতে তাক সমৰ্থন জনাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে৷

এইবাৰ অন্য এটা নামী  উগ্ৰবাদী ভূতে তাৰ  ভাষণত ক’লে যে এই পৃথিবীৰ মানুহ জাতিটো জীয়াই থাকে মানে ভূতৰ কোনো কাহানিও শান্তি নহ’ব৷ গতিকে পৃথিবীৰ পৰা মানুহ জাতিটো নিঃশেষ কৰি দি কেৱল ভূতবোৰহে জীয়াই থাকিব লাগিব৷ সেইটো ভূতৰ  ভাষণতো সকলো ভূতে সমৰ্থন জনাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে৷

এইবাৰ অন্য এটা মানৱ-বিদ্বেষী ভূতে থিয় হৈ ভাষণ আৰম্ভ কৰি ক’লে যে এতিয়া ভূতবোৰৰ  প্ৰধান কাম হ’ব মানুহ জাতিটো পৃথিবীৰ পৰা শেষ কৰি দিয়া৷ তাৰ উপায় উলিয়াব লাগে৷ উপায়টো উলিয়াই আমি আতি গোপনে ৰাখি হাতে –কামে লাগি যোৱা উচিত৷
ঠিক তেতিয়াই ভূতৰ মাজত বুবু-বাবা চলিল৷ ওপৰৱালা ভূতৰ নিৰ্দ্দেশত বিমান, কুমুদ,প্ৰবীণ আৰু নৰেনক কেইটামান ভূতে সভাস্থলিৰ পৰা আতঁৰাই লৈ গ’ল৷ সিহঁত চাৰিওটাকে পুনৰ এক প্ৰবল বতাহে উৰাই লৈ গ’ল আৰু জামজিং বিলৰ অন্য পাৰে থকা সিহঁতৰ জুপুৰিৰ কাষ পোৱালেগৈ৷ তেতিয়া সিহঁতে নিজৰ শৰীৰটো শীতল শীতল অনুভৱ কৰিলে৷ কোনেও কাৰো মুখলৈ চাবলৈ শক্তি নাছিল৷ ভাগৰত সিহঁতৰ দেহ-মন লেবেজান হৈ পৰিছিল৷ সিহঁত ততালিকে ঘৰত সোমাই বিছনাত ঢলি পৰিল৷

পিছদিনা পুৱা নমান বজাত বিট অফিচাৰ চমুৱা আৰু বন-বিভাগৰ অন্য কেইজনমান কৰ্ম্মী গৈ চাৰিওটাকে চিঞৰি-বাখৰি শুৱাৰ পৰা উঠাই দিলে৷ বিমানৰ বাদে বাকী কেইটাৰ মুখত মাত-বোল নাই৷ সিহঁত তিনিওটা সদ্যজাত কুকুৰ পোৱালীৰ দৰে চকু মেলিব নোৱাৰা অৱস্থাত৷ ইফালে গাত প্ৰচণ্ড জ্বৰ৷

বিমানে ৰাতি ঘটি যোৱা ঘটনাৰ বিতং বিৱৰণী ডাঙি ধৰিলে৷ বিট অফিচাৰ চমুৱাই ততালিকে এম. এল. এ. বেজক কেম্পলৈ মতাই আনিলে৷ জাৰি-ফুকি দিয়াতহে কুমুদ , প্ৰবীণ আৰু নৰেনৰ মুখলৈ মাত ঘূৰি আহিল৷

-----------------------সমাপ্ত------------------












Sunday 1 September 2013

আদ্ৰভূমিৰ গুপ্তঘাতক



(ৰহস্য গল্প)
খ্যাতনামা প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা  গৈ পাওঁতে ঘটনাস্থলিত লোকে লোকাৰণ্য হৈ আছিল৷ ৰতন বৰুৱাৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ লগে লগে মানুহবোৰৰ মাজত চলি থকা আলোচনাৰ শব্দবোৰৰ মাত্ৰা অধিক বৃদ্ধি পালে৷ ৰতন বৰুৱা আৰু তেওঁৰ সহযোগী ইন্দ্ৰজিৎ, কামাখ্যা আৰু বাহাদুৰক আৰক্ষীৰ লোকে মৃতদেহ কেইটা থকা ঠাইলৈ লৈ গ’ল৷ তাত কৰ্ত্তব্যৰত কনিষ্টবলকেইজনে ৰতন বৰুৱাক চ্যেলুট দি সম্ভাষণ জনালে৷

ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল৷ চিত হৈ পৰি থকা মৃতদেহকেইটাৰ ফটো কামাখ্যাই বিভিন্ন দিশৰ পৰা কেমেৰাত বন্দী কৰিলে৷ বাহাদুৰ আৰু ইন্দ্ৰজিতে ফিটা হাতত লৈ  পানীযঁৱলিৰ পৰা মৃতদেহৰ দূৰত্ব, হাবি—জোপোহাৰ পৰা মৃতদেহৰ দূৰত্ব ইত্যাদিবোৰৰ  জোখ-মাপ ল’ব ধৰিলে৷ ৰতন বৰুৱাই অতি সুক্ষ্ম দৃষ্টিৰে মৃতদেহ কেইটা পৰি থকা স্থানত কিবা শুংসূত্ৰ পাব পাৰে নেকি বিচাৰিব ধৰিলে৷ ৰতন বৰুৱাই অ’ত-ত’ত পৰি থকা দুই-এপদ বস্তু বুটলি নিজৰ জোলোঙাত ভৰাই যাবলৈ ধৰিলে৷ তেওঁ ঘটনাস্থলিৰ ইফালে- সিফালে নিৰীক্ষণ কৰি মৃতদেহ পৰি থকা ঠাইৰ পৰা কিছু আঁতৰি গ’ল৷ তেওঁৰ কাষে কাষে স্থানীয় গাঁওবুঢ়া অনিৰূদ্ধ গাম আৰু সদৰথানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতা৷ গাঁওবুঢ়া  অনিৰূদ্ধ গামক সোধা নানান প্ৰশ্নৰ উত্তৰ তেওঁ দি গৈছে৷

সত্বজান আদ্ৰভূমি৷ অতিথি পক্ষীৰ শীতকালৰ বিচৰণস্থলী৷ গগণবিহাৰী পক্ষীবোৰে নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত থকা  নদীখনৰ পশ্চিম পাৰৰ ৰেলৱে’ দলঙৰ ওচৰত মথাউৰিৰ কাষত থকা এই সত্বজান আদ্ৰভূমিৰ মোহ এৰিব নোৱাৰি প্ৰতিবছৰে নবেম্বৰ মাহত আতিথ্য গ্ৰহণ কৰেহি৷

সত্বজান আদ্ৰভূমিৰ বিভিন্ন ধৰণৰ উদ্ভিদবোৰে পক্ষীকূলক ৰক্ষা কৰিবলৈ যেন সদায়ে সাজু হৈ থাকে আৰু তাৰ মাজে মাজে থকা জলাশয়বোৰে অতিথি পক্ষীৰ বাবে খাদ্যসম্ভাৰ মজুত ৰাখে৷ ‘গ্ৰীণ হেৰিটেজ’ আৰু ‘নদী প্ৰকৃতি সুৰক্ষা সমিতি’ ৰ সদস্যসকলে প্ৰাণপণে চেষ্টা চলাইছে এই আদ্ৰভূমিৰ সুৰক্ষাৰ হেতু৷ তাতে আহিছে অনেক বাধা,ঘটিছে সংঘাত৷ তথাপিও অতিথি পক্ষীক নিৰাপত্তা দিবই যে লাগিব৷ এয়া যেন জীৱনৰ ব্ৰত শান্তিৰাম গগৈৰ৷ শান্তিৰাম গগৈ—যিজনে বছৰ বছৰ ধৰি সত্বজান আদ্ৰভূমিৰ সুৰক্ষাৰ স্বাৰ্থত অহৰ্নিশে প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে৷ শান্তিৰাম গগৈৰ বিষয়ে আৰু অধিক জানিবৰ বাবে ৰতন বৰুৱাই আগ্ৰহ প্ৰকাশ কৰিলে৷

শান্তিৰাম গগৈৰ ঘৰ সত্বজান আদ্ৰভূমিৰ নিচেই কাষতে হোৱা বাবেই ইয়াৰ সুৰক্ষাৰ সমস্ত ভাৰ যেন তেওঁৰ ওপৰতেই পৰিছে৷ চৰকাৰৰ ওচৰত প্ৰকৃতিপ্ৰেমীসকলে জনোৱা আবেদনৰ ফলস্বৰূপে মাথোঁ  তিনিআলিত এখন নামফলক আঁৰি দিয়া হ’ল৷ ইয়াতেই যেন চৰকাৰৰ কৰ্ত্তব্য শেষ৷ এনে এক বন্য পক্ষীৰ উদ্যান চৰকাৰীভাৱে নিৰ্মাণ কৰা দূৰৰে কথা , প্ৰাকৃতিকভাৱে গঢ় লৈ উঠা এই পক্ষী –বিচৰণস্থলীৰ সুৱক্ষা  চৰকাৰৰ বন বিভাগে দিব নোৱাৰাটো কম লজ্জাজনক কথানে ? শক্তিশালী ৰাজনৈতিক দলৰ পাণ্ডাৰে গঠিত গোট একোটাহঁতে আকৌ এই আদ্ৰভূমি দখল কৰি মীনপালনৰ পুখুৰী খান্দবলৈ আহে৷ প্ৰকৃতিপ্ৰেমীসকলৰ সহায় লৈ শান্তিৰাম গগৈয়ে এনে কাৰ্য্যত বাধা প্ৰদান কৰে৷

ইংৰাজী নৱ-বৰ্ষৰ আৰম্ভণিৰ পৰাই শতাধিক বনভোজৰ দলে এই সত্বজান আদ্ৰভূমিৰ কাষত পক্ষীকূলৰ সহ্যাতীত হৈ-হাল্লাৰে সন্ধ্যাপৰলৈকে বনভোজ খাই অৱশেষত পলিথিনকে ধৰি নানা আবৰ্জনা পেলাই থৈ যায়৷ তেনে নকৰিবলৈ বিনম্ৰ ভাষাত লিখি আঁৰি দিয়া ফলকবোৰো তেওঁলোকে ভাঙি পেলাই দিয়ে৷ অসহায় শান্তিৰাম গগৈয়ে অৱশেষত আবৰ্জনাবোৰ চাফা কৰে৷ এই কাৰ্য্যত নগৰত থকা মহাবিদ্যালয়খনৰ অধ্যাপক প্ৰকৃতিপ্ৰেমী ড° নিতুল শইকীয়াইও নগৰৰ পৰা আহি গগৈৰ সৈতে সহযোগ কৰে৷

এক জানুৱাৰীৰ দিনা বনৰীয়া হাঁহবোৰৰ বিচৰণস্থলীৰ কাষত থকা মুকলি ঠাইখনত বনভোজ-দলৰ শিশুহঁতে বল খেলি থকা শান্তিৰাম গগৈয়ে তেওঁলোকৰ অভিভাৱকসকলক বিনম্ৰভাৱে অনুৰোধ জনাই তাত বল খেলাৰ পৰা শিশুহঁতক বাৰণ কৰিবলৈ কৈছিল; কিন্তু তেওঁলোকে অনুৰোধ ৰক্ষা নকৰিলে৷ পৰিণাম স্বৰূপে গোটেই দিনটো বনৰীয়া হাঁহবোৰে খাদ্য গ্ৰহণৰ পৰা বঞ্চিত হ’ল৷ কাৰণ. মুকলি ঠাইখনৰ কাষৰ পানী কম থকা পাৰটোৱেই হাঁহবোৰৰ বাবে একমাত্ৰ খাদ্য আহৰণৰ ঠাই৷ হাঁহবোৰ ভোকত থকাৰ বেজাৰতে  শান্তিৰাম গগৈয়েও সেইদিনা খোৱা-বোৱা কৰিব নোৱাৰিলে৷ গাঁওবুঢ়া অনিৰূদ্ধ গামৰ পৰা  ৰতন বৰুৱাই শান্তিৰাম গগৈৰ বিষয়ে আৰু কিছুমান কথা উলিয়াই ল’লে, যেন এইবোৰ কথাৰ মাজৰ পৰাই তেওঁ হত্যাকাৰীক বিচাৰি উলিয়াব৷

গাওঁবুঢ়াই কৈ গ’ল—“ চাৰ, কেইদিনমানৰ আগতে বদলপুৰৰ পৰা অহা এটা পিকনিক পাৰ্টিৰ ল’ৰাবোৰে শান্তিৰাম গগৈৰ পুতেকক মাৰধৰ কৰি পানীত পেলাই দিছিল৷”

“কিয় ?”

“তেওঁ পাৰ্টিটোৰ মাইক বজোৱা বন্ধ কৰিবলৈ অনুৰোধ জনাই কৈছিল যে চিঞৰ-বাখৰ হৈ থাকিলে চৰাইবোৰে ভয় খাব৷ এয়ে আছিল তেওঁৰ জগৰ৷ ল’ৰাটোৱে সাঁতুৰিব জানে বাবে সাঁতুৰি ৰেল আলিৰ কাষ পালেগৈ আৰু ৰেল লাইনৰ সিপাৰৰ গাঁৱলৈ গৈ ডেকাহঁতক সকলো কথা বিৱৰি ক’লে৷ তেতিয়া সন্ধ্যা লাগিছিল৷ গাঁৱৰ প্ৰকৃতিপ্ৰেমী ডেকাহঁত আহি পিকনিক পাৰ্টিৰ গাড়ীখনত আক্ৰমণ চলায়৷ পিকনিক পাৰ্টিটোৰ বহুকেইজন ডেকা আঘাতপ্ৰাপ্ত হয় আৰু গাড়ীখনৰ বিস্তৰ ক্ষতি হয়৷ অৱশেষত দলটোৱে ওৰে নিশা দলনী পথাৰখনতে কটাবলগা হয়৷”

“ বাৰু গাঁওবুঢ়া , আপুনি জনাত এই সত্বজান আদ্ৰভূমিত ইয়াৰ আগতে কোনো লোকৰ এনে ধৰণে মৃত্যু হৈছিলনে ?”

ৰতন বৰুৱাৰ প্ৰশ্নৰ উত্তৰ দি গাওঁবুঢ়াই ক’লে,”চাৰ, আজিৰ পৰা  তিনিবছৰৰ পূৰ্বে দুটা মৃতদেহ এই আদ্ৰভূমিৰ পাৰত দেখা পাই ৰাইজে থানাত খবৰ দিয়ে৷ পিছে মৃতদেহ কেইটাৰ প’ষ্টমৰ্টেম ৰিপৰ্টত  সৰ্পদংশনত মৃত্যু হোৱা বুলিহে লিখে৷”

“হয় নেকি ? “ ৰতন বৰুৱাই ক’লে, “তেন্তে এই অঞ্চলত বিষাক্ত তথা আক্ৰমণকাৰী সাপো আছে৷ ব’লক ইন্সপেক্টৰ কলিতা ,মৃতদেহকেইটাৰ প’ষ্টমৰ্টেমৰ ব্যৱস্থা কৰা হওক৷”

################

হোটেল মুনলাইট৷ ২০৫নং কোঠা৷ ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে ইয়াতেই বাহৰ পাতি অভিযানৰ কাম –কাজ চলাই গৈছে৷ সত্বজান আদ্ৰভূমিত পোৱা মৃতদেহ পাঁচটাৰ হত্যাকাৰীৰ সন্ধানৰ বাবে আলোচনা কৰিবলৈ আজি আৰক্ষী অধীক্ষক আৰু সদৰথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুয়োজনেই ৰতন বৰুৱাৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হৈছেহি৷

আলোচনাৰ আঁত ধৰি ৰতন বৰুৱাই ক’লে, “ইন্সপেক্টৰ কলিতা, প’ষ্টমৰ্টেম ৰিপৰ্টত কি পোৱা গৈছে কওকচোন৷”

“চাৰ, প’ষ্টমৰ্টেম ৰিপৰ্ট অনুযায়ী পাচোঁজন ব্যক্তিৰেই একেটা কাৰণতে মৃত্যু হৈছে৷ হাঁওফাওঁৰ পক্ষাঘাত৷ Lung paralysis ৷ কোনো এজনৰো শৰীৰত কোনো আঘাতৰ চিহ্ন নাই৷”

“কলিতা , আমি জানিব পাৰিছো যে সত্বজানৰ হাবিত বিষাক্ত সাপ আছে৷ এই বিষয়ত আমাৰ ইন্দ্ৰজিতে অনুসন্ধান চলাই আছে৷ বিষাক্ত সাপৰ দ্বাৰাই দংশনৰ বাবেও তেওঁলোকৰ হাঁওফাওঁৰ পক্ষাঘাত ঘটিব পাৰে৷ প’ষ্টমৰ্টেম ৰিপৰ্টত তেওঁলোকৰ শৰীৰৰ কোনো স্থানতে ক্ষত চিহ্ন ধৰা পৰা নাইনে ?”

“নাই চাৰ৷” কলিতাই ক’লে, “ আমি প’ষ্টমৰ্টেম ৰিপৰ্টৰ ক’তো এনে ক্ষত চিহ্নৰ বিষয়ে পোৱা নাই৷”

“ইন্দ্ৰজিৎ “, ৰতন বৰুৱাই ক’লে,” তুমি এই বিষয়ত কি কোৱা ?”

“চাৰ, তিনি বছৰৰ পূৰ্বে যি দুটা মৃতদেহ এই আদ্ৰভূমিৰ পাৰত পোৱা গৈছিল তাৰ পষ্টমৰ্টেম ৰিপৰ্টৰ কপি মই সংগ্ৰহ কৰিছোঁ৷  দুয়োটা মৃতদেহতে সৰ্পদংশনৰ ক্ষতচিহ্নৰ উল্লেখ আছে৷ এটাৰ বাওঁ ভৰিৰ সৰু গাঁঠিৰ ওপৰত  আৰু আনটোৰ সোঁভৰিৰ কেঞা আঙুলিত৷ অৰুণাচলৰ পাহাৰৰ পৰা শান্তিৰাম গগৈয়ে  কেইটামান সাপৰ কণী আনি জগিবৰ বাবে সুব্যৱস্থা  কৰি সত্বজান আদ্ৰভূমিৰ পাৰত ৰাখিছিল৷ সময়ত কণীবোৰ ফুটি নানা ধৰণৰ চিত্ৰ-বিচিত্ৰ পোৱালিবোৰ ওলাই হাবিৰ জোপোহাত সোমাই পৰা শান্তিৰাম গগৈয়ে দেখা পাইছিল৷”

“অ’ তেন্তে তুমি শান্তিৰাম গগৈক লগ কৰিলা ?” ৰতন বৰুৱাই ক’লে৷

“হয় ছাৰ, মই শান্তিৰাম গগৈক লগ কৰি সত্বজানৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিছো৷ ছাৰ , প’ষ্টমৰ্টেম ৰিপৰ্টৰ পিছত পুলিচে শান্তিৰাম গগৈ আৰু তেওঁৰ পুত্ৰক মুকলি কৰি দিয়ে৷ লগে লগে মই শান্তিৰাম গগৈক তেওঁৰ ঘৰতে লগ ধৰোগৈ৷ ছাৰ, তেওঁ এজন প্ৰকৃততেই ভদ্ৰলোক আৰু প্ৰকৃতিপ্ৰেমী৷ পুলিচে তেওঁক সন্দেহ কৰিবই নালাগিছিল৷ কৰ্ত্তব্যৰ খাতিৰতে তেওঁৰ পৰিয়ালটোক হাৰাশাস্তি কৰা হ’ল৷”

“এৰা, সঁচা কথা৷ পুলিচ বিভাগে এনে এজন সদাশয় ব্যক্তিৰ ওচৰত ক্ষমা খজা উচিত৷” পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে,”কলিতা আপুনি এটা কাম কৰক, শান্তিৰাম গগৈক ইয়ালৈকে লৈ আহকগৈ৷”

“ঠিক আছে ছাৰ, মই আহিছো৷” –এটা চেলুট মাৰি অ’চি কলিতা হোটেলৰ পৰা ওলাই গ’ল৷

#################


শান্তিৰাম গগৈৰ বাসগৃহ৷ ‘ হোটেল মুনলাইট’ত হোৱা সিদ্ধান্ত অনুযায়ী আজি সত্বজান আদ্ৰভূমিৰ পাৰত প্ৰাকৃতিক পৰিবেশৰ মাজতে এক আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে৷ আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ আগমনৰ বাবে অপেক্ষাৰত ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে শান্তিৰাম গগৈৰ সৈতে তেওঁৰ ঘৰতে কথা পাতি আছে৷

“গগৈ ডাঙৰীয়া, আপুনি যে কৈছিল সেই গুৱাহাটীৰ উদ্ভিদ বিশেষজ্ঞ কেইজনৰ কথা , তেওঁলোকে আজিৰ আলোচনাচক্ৰত ভাগ ল’বলৈ অহাটো নিশ্চিতনে ?”

ৰতন বৰুৱাৰ প্ৰশ্নৰ উত্তৰ দি শানতিৰাম গগৈয়ে ক’লে, “হয় ছাৰ, তেওঁলোক আহিব৷ সেইটো খাটাং৷”

“তেওঁলোকনো সত্বজান আদ্ৰভূমিৰ প্ৰতি কিদৰে আকৰ্ষিত হৈ এই নগৰ পালেহি ?” ৰতন বৰুৱাই উৎসুকতাৰে প্ৰশ্ন কৰিলে৷

“ইয়াতো এক কাহিনী জড়িত হৈ আছে ছাৰ৷” শান্তিৰাম গগৈয়ে ক’লে, “ইয়াৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী সমাৰোহত অংশ ল’বলৈ লামডিঙলৈ গৈছিল৷ তেওঁলোকৰ গৱেষণাৰ বিষয়-বস্তু আছিল ‘সত্বজান আদ্ৰভূমিৰ বনৌষধি উদ্ভিদসমূহ৷’ তেওঁলোকে এই আদ্ৰভূমিৰ সুৰক্ষা আৰু সংৰক্ষণৰ সম্মৰ্কেও গৱেষণা পত্ৰত উল্লেখ কৰিছিল৷ তাৰোপৰি তেওঁলোকে পৰিভ্ৰমী পক্ষীৰ সত্বজান আদ্ৰভূমিলৈ আগমণ ঘটাৰ কথাও গৱেষণাপত্ৰত লিপিবদ্ধ  কৰিছিল৷ তাকে পঢ়ি উদ্ভিদ বিশষজ্ঞসকল এই আদ্ৰভূমিৰ প্ৰতি আকৰ্ষিত হৈ পৰিল৷ তেওঁলোক আহি ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ উদ্দেশ্যে নগৰৰ হোটেলত বাহৰ পাতি আছেহি৷”

এনেতে শান্তিৰাম গগৈৰ ঘৰৰ চোতালত দুখন বলেৰ’ গাড়ী ৰ’লহি৷

এখন গাড়ীৰ পৰা পুলিচৰ দল এটা আৰু আনখনৰ পৰা কেইজনমান ভদ্ৰলোক নামিল৷ ৰতন বৰুৱা আৰু শান্তিৰাম গগৈয়ে সকলোটিকে সাদৰ সম্ভাষণ জনাই আগবঢ়াই নি বহিবলৈ দিলে৷

“আমি সকলোটি গোট খাইছোঁ, এতিয়া পলম কৰাৰ প্ৰয়োজন নাই৷” পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই সমবেতসকলক উদ্দেশ্যি ক’লে,--“আমি আলোচনাস্থলীলৈকে যাওঁ ব’লক৷”

সত্বজান আদ্ৰভূমিৰ পূবদিশত নদীৰ পাৰত ‘গ্ৰীণ হেৰিটেজ’ৰ সদস্য তথা স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱকসকলে প্লাষ্টিকৰ চকী মেজ সজাই পৰাই আলোচনাস্থলী সু-সজ্জিত কৰি ৰাখিছে৷ আসন গ্ৰহণ কৰাৰ পৰিবৰ্তে সকলোৱে অতিথি পক্ষীৰ নিৰীক্ষণতহে মনোনিবেশ কৰিলে৷

“চৰাইবোৰে মানুহলৈ ভয় নকৰেচোন,নহয়নে বাৰু ?” পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই নিচেই কাষতে চৰি থকা অতিথি কাম চৰাই কেইটালৈ চাই ক’লে, “এই কামচৰাই কেইটা নিশ্চয় অন্য দেশৰ পৰা আহিছে, নহয়নে গগৈ ডাঙৰীয়া ?”

শান্তিৰাম গগৈয়ে ক’লে, “আপুনি ঠিকেই ধৰিছে ছাৰ,এই কেইটা অতিথি কামচৰাই আৰু সৌ কেইটা আমাৰ দেশৰ৷” সৰু সৰু কামচৰাইকেইটালৈ আঙুলিয়াই দি শান্তিৰাম গগৈয়ে ক’লে৷

“মই আক’ সেইকেইটা ডাঙৰ কামচৰাইকেইটাৰে পোৱালি বুলিহে ভাৱিছিলোঁ৷”-সদৰ থানাৰ অ’চি কলিতাই ক’লে৷

কথাষাৰ শুনাৰ লগে লগে সকলোৱে গিৰ্জনি মাৰি হাঁহি দিয়াত কলিতাই লাজতে তলমূৰ কৰিলে৷

কথাটো তল পেলাবলৈকে যেন ৰসিকতাৰ সৃষ্টি কৰাৰ মানসেৰে শান্তিৰাম গগৈয়ে পুলিচ অথীক্ষক কৃষ্ণকমল দুৱৰাক উদ্দেশ্যি ক’লে, “ছাৰ, আপুনি আক’ ভাৱিছে নেকি যে সৌ ডাঙৰ হাঁহকেইটাৰে এইকেইটা পোৱালি ?”কাষতে চৰি থকা ঘিলাহাঁহজাকৰ ফালে আঙুলিয়াই দি কথাষাৰ কোৱাৰ লগে লগে পুনৰবাৰ হাঁহিৰ জোৱাৰ উঠিল৷

“চাওকচোন বাৰু, আমি ইমান ওচৰতে হাঁহি হাঁহি কথা পাতি আছো যদিও চৰাইবোৰে ভয় কৰি আঁতৰি যোৱা নাই৷”---পুলিচ অধীক্ষক দুৱৰাই আশ্চৰ্য্য প্ৰকাশ কৰাৰ লগতে গভীৰভাৱে চিন্তা কৰি ক’লে—“এই চৰাইবোৰ যি দেশৰ পৰা আহিছে সেই দেশৰ লোকসকল প্ৰকৃতিপ্ৰেমী হোৱা বাবে চৰাইবোৰক জনবসতিৰ নিচেই কাষতে নিৰ্ভয়ে বাস কৰিবলৈ দিবে৷ সেয়ে আমাৰ ইয়াতো মানুহলৈ ভয় কৰা নাই৷” কথাষাৰ সকলোৱে মানি ল’লে আৰু লাহে লাহে আহি সভাস্থলিত নিজৰ নিজৰ আসন গ্ৰহণ কৰিলে৷

আলোচনাচক্ৰৰ আঁত ধৰি পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে –“আজি আমি এক জটিল বিষয়ৰ সমাধানকল্পে এই আলোচনাচক্ৰৰ আহ্বান কৰিছো৷ সেয়া ইতিমধ্যে আপোনালোকে জানিব পাৰিছেই৷ এতিয়া প্ৰখ্যাত ডিটেকটিভ ৰতন বৰুৱাক তেখেতৰ বক্তব্য আৰম্ভ কৰিবলৈ অনুৰোধ জনালো৷”

ৰতন বৰুৱাই তেঁওৰ ভাষণ আৰম্ভ কৰি ক’লে, “এই সত্বজান আদ্ৰভূমিত পাঁচজনকৈ লোকৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটন আপোনালোক সকলোটিৰে সহযোগিতাৰ যোগেদিহে সম্ভৰ হ’ব৷ প্ৰথম অৱস্থাত আৰক্ষীৰ লোকে সন্দেহ কৰাৰ দৰে আমিও ভাৱিছিলো যে প্ৰকৃতিপ্ৰেমীৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হৈছে ;কিন্তু মৃতদেহৰ প’ষ্টমৰ্টেম ৰিপৰ্টে সেই সন্দেহ অমূলক বুলি প্ৰতিপন্ন কৰিলে৷ সৰ্প দংশনত মৃত্যু ঘটাৰ প্ৰমাণ নাপালো৷ তেনেহ’লে কেনেকৈ পাঁচজন মানুহৰ মৃতদেহ সত্বজান আদ্ৰভূমিৰ পাৰত পৰি থাকিল ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমাৰ মাজত উপস্থিত থকা উদ্ভিদ বিশেষজ্ঞসকলৰ পৰা মই সহায় পাব লাগিব৷ তেখেতসকলে মোক এই আদ্ৰভূমিত যিবোৰ দুস্প্ৰাপ্য উদ্ভিদৰ সন্ধান পাইছে সেইবোৰৰ বিষয়ে জনাব লাগিব৷”

ৰতন বৰুৱাৰ অনুৰোধক্ৰমে উদ্ভিদ বিজ্ঞানী  ড°সীমান্ত চহৰীয়াই ক’লে,--“আমি এই আদ্ৰভূমিত এতিয়ালৈকে দুবিধ দুস্প্ৰাপ্য ঔষধিগুণসম্পন্ন উদ্ভিদ পাইছো আৰু তাৰ নমুনা সংগ্ৰহ কৰিছো৷ সেইবোৰৰ ওপৰত বিষদভাৱে গৱেষণা কৰা হ’ব৷”

“ড° সীমান্ত চহৰীয়া মহোদয়, আপোনাৰ যদি কোনো আপত্তি নাই তেন্তে সেই দুবিধ উদ্ভিদৰ সৈতে আমাক পৰিচয় কৰাই দিবনে ?”

ৰতন বৰুৱাৰ অনুৰোধক্ৰমে ড° চহৰীয়াই সত্বজান আদ্ৰভূমিৰ পাৰলৈ সকলোটিকে লৈ গ’ল৷ লগে লগে সেই ঠাইৰ আশে পাশে থকা চৰাইবোৰে উৰা মাৰি সত্বজানৰ উত্তৰ ফালে থকা জলাশয়লৈ আঁতৰি গ’ল৷

“চৰাইবোৰক আমনি দিয়া হৈছে”—আৰক্ষী অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে৷

“সেই কাৰণেই ছাৰ, ইহঁতক শান্তিৰে থাকিবলৈ দিবৰ বাবেই বন বিভাগৰ লোকৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিব লাগে৷” শান্তিৰাম গগৈয়ে সুযোগ পাই তেওঁৰ প্ৰস্তাব আগ বঢ়াই ক’লে, “তেনে কৰিলে আমিও কাৰো স’তে অযথা যুঁজিব লগা নহ’লহেঁতেন ছাৰ৷ তাৰোপৰি এনেদৰে মৃতদেহ পৰি নাথাকিলহেঁতেন৷”

“হয় গগৈ ডাঙৰীয়া, মই ডি. এফ. অ’.ৰ সৈতে কথাটো আলোচনা কৰিম৷” এচ. পি. কৃষ্ণকমল দুৱৰাই শান্তিৰাম গগৈক আশ্বাস দি ক’লে৷

“এইজোপা চাওক”, জোপোহা এটাৰ মাজত থকা উদ্ভিদ এজোপাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ড° চহৰীয়াই ক’লে,“ ‘আইৰিচ হেকসা গোনা’ , যাৰ বৈজ্ঞানিক নাম ‘Iris Versicolar’; এইবিধ  ঔষধি গুণযুক্ত  উদ্ভিদ আমেৰিকাত জন্মে৷ এই উদ্ভিদৰ পৰা বহুধৰণৰ ৰোগৰ ঔষধ তৈয়াৰ কৰা হয়৷”

“ আপোনালোক অনুগ্ৰহ কৰি এইফালে আহক৷ সৌজোপা চাওক”-অন্য এজোপা উদ্ভিদলৈ আঙুলিয়াই চহৰীয়াই ক’লে, “এইজোপাৰ নাম ‘ম্যাটিকো(Matico),ইয়াৰ  অন্য নাম ‘পাইপাৰ এ্যানগাষ্টি ফোলিয়াম’৷ এই উদ্ভিদ আমেৰিকাৰ সেমেকা কাঠৰ ওপৰত জন্মে৷” কথাষাৰ কৈয়ে তেওঁ উদ্ভিদজোপাৰ কাষলৈ গৈ তলৰ অংশৰ হাবি-বনবোৰ গুচাই দিয়াত দেখা গ’ল—পানী-যুৱঁলিত থকা কাঠ এডোখৰৰ ওপৰতে উদ্ভিদজোপা গজিছে৷

“কিন্তু এইবোৰ উদ্ভিদ এই আদ্ৰভূমিত গজিছে কিদৰে ?” অ’চি কলিতাই মনৰ কৌতুহল দমাই ৰাখিব নোৱাৰি প্ৰশ্ন কৰিলে৷

উদ্ভিদ বিজ্ঞানী ড° ৰজত বৰদলৈয়ে এই প্ৰশ্নৰ উত্তৰ দি ক’লে, “এই সকলোবোৰ সম্ভৱ হৈছে পৰিভ্ৰমী পক্ষীৰ জড়িয়তে৷ সিহঁতেই মলত্যাগ যোগে এইবোৱ উদ্ভিদৰ বংশ বিস্তাৰ কৰিছে৷ এনেধৰণৰ আদ্ৰভূমিতহে উদ্ভিদবোৱ গজে৷”

“আপোনালোকক ধন্যবাদ , ড° বৰদলৈ ডাঙৰীয়া৷” প্ৰাইভট ডিটেকটিভ ৰতন বৰুৱাই ক’লে,--“ এতিয়া ময়ো এক নিৰ্ভুল সিদ্ধান্তত উপনীত হ’ব পাৰিছো৷” কথাখিনি কৈয়ে ৰতন বৰুৱাই হাতত গ্লভ পিন্ধি বেগৰ পৰা কিছুমান ফুলৰ কলি উলিয়াই লৈ যাদুখেল দেখুৱাবলৈ আৰম্ভ কৰা যাদুসম্ৰাটৰ দৰে সকলোকে দেখুৱাই ক’লে,--“এইবোৰ ফুলনে কলি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে৷”

ড° চহৰীয়াই ভালদৰে চাই ক’লে, “এইবোৰ ফুলৰ কলিয়েই হয়; কিন্তু এনে ফুলৰ কলি আমি আগেয়ে কাহানিও ক’তো দেখা নাই , নহয়নে বৰদলৈ ?”

“এৰা , আপুনি এই ফুলৰ কলিবোৰ ক’ৰ পৰা সংগ্ৰহ কৰিছে বৰুৱা ডাঙৰীয়া ?” ড° ৰজত বৰদলৈয়ে ৰতন বৰুৱাক প্ৰশ্ন কৰিলে৷

“এৰা , এই ফুলৰ কলিতেই সকলো ৰহস্য লুকাই আছে৷” ৰতন বৰুৱাই কৈ গ’ল—“এই ফুল এই সত্বজান আদ্ৰভূমিতেই ফুলে৷ আপোনালোক মোৰ সৈতে আহক,”—এই বুলি কৈ ৰতন বৰুৱাই মৃতদেহ কেইটা য’ত পৰি আছিল সেইফালে গৈ আদ্ৰভূমিৰ হাবিৰ মাজত লুকাই থকা উদ্ভিদবোৰ লাঠি এডালেৰে লৰাই-বগৰাই সকলোকে দেখুৱাই ক’লে, “—এইবোৰ এইবোৰ ফুলৰ কলি চাওক , মই সংগ্ৰহ কৰা কলিবোৰৰ সৈতে একেই৷ এই উদ্ভিদৰ বীজ কোনোবা অজান্তিমুলুকৰ পৰা পৰিভ্ৰমী পক্ষীয়েই আনি এই ঠাইত পেলাইছে৷” কথাখিনি কওঁতে ৰতন বৰুৱাক কিছু উত্তেজিত হৈ ৰা যেন দেখাইছিল আৰু তেওঁ অবিৰাম ভাৱে কৈ গ’ল—“আপোনালোকে এই ফুলৰ বিষয়ে জানি আচৰিত হ’ব৷ ফুলবোৰ ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত ফুলে আৰু তাৰ  পিছতেই লগে লগে গুটিলৈ ৰূপান্তৰিত হয়৷ পুনৰ পিছদিনা ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত গুটিবোৰ ফুললৈ ৰুপান্তৰিত হয়৷ এইদৰে কেইদিনমান ফুলাৰ পিছতে  গুটিবোৰ কঠিন হৈ পৰে৷কঠিন গুটিবোৰৰ  ওপৰৰ পিৰপিৰিয়া ছালখন পকি যায়  আৰু সু-স্বাদু হৈ পৰে চাগৈ৷ সেয়েহে এবিধ পৰিভ্ৰমী পক্ষীয়ে সেইবোৱ ভক্ষণ কৰে ; কিন্তু কঠিন গুটিবোৰ হজম কৰিব নোৱাৰে৷ মলতভাগ কৰোতে বাহিৰ হৈ য’তে পৰে তাতে গজি উঠে৷ এনে উদ্ভিদ নিশ্চয় অৰুণাচল প্ৰদেশৰ কোনো কোনো আদ্ৰভূমিত গজিছে আৰু তাৰ পৰাই বীজ এই আদ্ৰভূমি পাইছেহি---যিহেতু আমি অৰুণাচল প্ৰদেশৰ আদ্ৰভূমিৰ তীৰত  এনেদৰে মৃতদেহ পোৰা গৈছে বুলি জানিব পাৰিছো৷ অৰুণাচলবাসীয়ে ভূত-প্ৰেতৰ কাণ্ড বুলি ধৰি কথাবোৰ সামৰণি মাৰে৷

আপোনালোকে আৰু এটা কথা জানি আচৰিত হ’ব যে এই উদ্ভিদৰ ফুলবোৰ ফুলিবৰ বাবে গাক’ চন্দ্ৰৰ পোহৰৰ প্ৰয়োজন হয়৷ সেয়ে মাজনিশা চন্দ্ৰৰ পোহৰ পালে ফুলবোৰ ফুলি সোণবৰণীয়া হৈ চিকমিকাই উঠে৷ এনে ফুলবোৰ ফুলি থকা দেখা পালে মানুহৰ মন মতলীয়া হৈ পৰে আৰু ফুলবোৰ চিঙিবলৈ আগ্ৰহী হৈ পৰে৷ ফুলবোৰৰ কাষলৈ চাপি যোৱাৰ লগে লগে স্নিগ্ধ সৌৰভে  মন পুলকিত কৰি তোলে৷ শুঙি চাই তাৰ ঘ্ৰাণ  ল’বৰ মন যায়; কিন্তু তেনে কৰিলেই লগে লগে হাওঁফাওঁৰ পক্ষাঘাত হৈ মৃত্যু মুখত পৰে৷”

“তেন্তে এই ফুলৰ ঘ্ৰাণ লৈয়ে মানুহ কেইটাৰ মৃত্যু হৈছে নেকি ?”

সদৰ থানাৰ অ’চি কলিতাই সোধা প্ৰশ্নৰ উত্ত্ৰ দি ৰতন বৰুৱাই কয়, “নিশ্চয়৷ মানুহকেইটাৰ মৃতদেহৰ প’ষ্টমৰ্টেম ৰিপৰ্টমতে ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত মৃত্যু ঘটিছে৷ কেৱল এই কেইজন মানুহৰে মৃত্যু ঘটিছে এনে নহয়,অন্য দুজন যুৱকৰো একে ধৰণেৰে মরত্যু ঘটিছে –উজনী চাপৰি গাঁৱত৷

ঘটনাটো এনে ধৰণৰ—আদ্ৰভূমি সত্বজানত পাঁচজন পক্ষী হত্যাকাৰীয়ে ঘোঁৰাৰ নেজৰ নোমেৰে তৈয়াৰী চৰাই ধৰা ফান্দ পাতি কেইবাটাও কামচৰাই ধৰি নিজৰ বেগত ভৰাই ল’লে৷ তাৰ পিছত হঠাৎ সিহঁতে জকমকাই ফুলি থকা সোণবৰণীয়া ফুলবোৰ দেখি ততালিকে চিঙি আনি বেগত ভৰালে আৰু তাৰ সুগন্ধিত মতলীয়া হৈ আটাইকেইটাই শুঙি চালে৷ লগে লগে হাওঁফাওঁৰ ক্ষাঘাট ঘটি সিহঁতে মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল৷
অন্যহাতে পুৱতি নিশা সত্বজানৰ পাৰে পাৰে ৰেল আলিৰ ফালৰপৰা অহা উজনীচাপৰি গাঁৱৰ দেবেশ্বৰে দেখে যে পাঁচটা মানুহ পৰি আছে আৰু কাষতে বেগ এটাত কেইবাটাও কামচৰাই ফান্দ এখনৰ সৈতে ভৰাই থোৱা আছে৷ তেওঁ ভাৱিলে---মানুহকেইটা মদৰ নিচাত তেনেদৰে পৰি আছে৷ তেওঁ বেগটো উঠাই লৈ ঘৰলৈ খৰধৰকৈ গুচি গ’ল৷ ঘৰ পাই বেগৰ পৰা কামচৰাইকেইটা উলিয়াই ঘৈণীয়েকক দিলেআৰু তেওঁ ঘৰৰ ভিতৰতে পল’ এটাৰে চৰাইকেইটা ঢাকি থ’লে৷ দেবেশ্বৰে বেগটো বাহিৰলৈ নি চাংঘৰৰ গাধৈৰ বাঁহ  এডালত ওলোমাই থ’লে৷ ওৰে দিনটো তাতে ওলমি থকা বেগটো ৰাতিৰ ভাগতো তাতেই থাকিল৷ সেইদিনা ৰাতি বাৰ বাজি কেইমিনিটমান যাওঁতে দেবেশ্বৰৰ পুত্ৰ  ঘনশ্যাম আৰু তাৰ বন্ধু নিত্যানন্দই বন্তু এজনৰ ঘৰত ভোজ-ভাত খাই ঘৰ সোমায়ে এক অদ্ভুত ধৰণৰ ফুলৰ সুগন্ধি পাই মতলীয়া হৈ পৰি  ক’তনো ফুলবোৰ আছে তাৰ অনুসন্ধান চলাই অৱশেষত চাংঘৰৰ গাধৈৰ বাঁহ এডালত ওলোমাই থোৱা বেগটো দেখা পায়৷ তেওঁলোকে বেগটো মেলি দেখে –সোণবৰণীয়া ফুলবোৰ বেগটোৰ ভিতৰত জকমকাই আছে৷ ফুল ৰশুঙি চোৱাৰ লোভ সামৰিব নোৱাৰি দুপাহ ফুলৰ ঘ্ৰাণ লৈয়ে দুয়ো স্বৰ্গবাসী হৈ ধুমুহা –বতাহত হালি পৰা কলগছৰ দৰে ঠাইতে ঢলি পৰিল৷

পুৱা ঘৰখনত শোকাকুল পৰিবেশ৷খবৰটো আমিও পালোঁ৷ খৰধৰকৈ ঘৈ দেবেশ্বৰৰ ঘৰ ওলালোগৈ৷ মই আগদিনাৰ দৰে সেই অচিন ফুলৰ কলিবোৰ তাত দেখা পাই এটাও নেৰাকৈ সকলোবোৰ কলি সেই বেগটোতে ভৰাই লৈ আহিলো৷ মোৰ নিৰ্দ্দেশতে  যুৱক দুজনৰ মৃতদেহ প’ষ্টমৰ্টেম কৰা হ’ল৷ ৰিপৰ্ট চাই দেখোঁ---ঠিক একেই৷ ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত মৈত্যু আৰু কাৰণ হৈছে ----হাঁও-ফাওঁৰ পক্ষাঘাত৷”

কথাবোৰশুনি থকা সকলোৱেই তেতিয়া উৎসুকতাৰে সেই ৰহস্যময় উদ্ভিদবোৰলৈকে   চাই আছিল৷

--------সমাপ্ত--------