Wednesday 23 January 2013

অপপ্ৰচাৰৰ বলি

(
           জুনাই মহকুমাৰ তেলাম ৰেলৱে ষ্টেচনত ট্ৰেইনৰ পৰা নামিলোঁ ৷ কেইখোজমান আগুৱাই গৈয়ে সোৱনশিৰী গাৱঁলীয়া বেংকৰ তেলাম শাখাৰ কাৰ্য্যালয়টোৰ ওচৰ পালোঁ ৷ তেতিয়া সময় আবেলি ৷ শনিবাৰ ৷ কাৰ্য্যালয় দুই বজাতেই বন্ধ হ’ল ৷ ভিনিদেউৰ বা- বাতৰি অফিচৰ কাষতে থকা পাণ –তামোলৰ দোকানী জনৰ পৰাই ল’লো ৷ দোকানীজন মানে ‘কাঞ্চাই’ মোক চিনিবই পৰা নাছিল ৷ সি মাথো মোৰ প্ৰশ্নৰ চমু উত্তৰ দিছিল ৷ চিনি পাবনো কেনেকৈ ? প্ৰায় তিনি বছৰৰ আগতে এবাৰ তেলামত কেইদিনমান থাকি গৈছো, তেতিয়া মোৰ ইমাণসোপা দাঢ়ি গোফেৰে মুখখন ভোবোৰা হৈ থকা নাছিল ৷ মোৰ পৰিচয় দিয়াত সি আচৰিত হৈ ‘ভবেন’ বুলি চিঞঁৰি উঠিল ৷ তাৰ তেন্তে মোৰ নামটোও মনত আছে –মই ভাবিলো ৷ এৰা , নাথাকিব কিয় ? যি কেইদিন তেলামত আছিলো সেই কেইদিন তাৰ দোকানৰ সমুখৰ বেঞ্চখনতে বইি তাৰ স’তে গল্প মাৰিয়েই কটাইছিলো ৷ কাঞ্চাই ভইৰামৰ হোটেলৰ পৰা একাপ চাহ আনিলে ৷ পিলো ৷ কাঞ্চাই জৰ্দা পান এখন বনাই দিলে ৷ খালো ৷ আচৰিত ! মই কি জৰ্দা খাওঁ তাৰ এতিয়াও মনত আছে ৷ ব্যৱসায়ীৰ থাকিব লগীয়া গুণ এটা তাৰ আছে ৷ তাক ধন্যবাদ দি গামচুক গাৱঁৰ ফালে খোজ ললো ৷
         
            ভিনিদেউহঁত ঘৰৰ পদুলি পায়ে দেখোঁ -এবছৰীয়া ভাগিনজনী মানে ‘মণি’ অকলে অকলে থৰক বৰক খোজেৰে পদুলি পাইছেহি ৷ যেন তাই মোক আদৰণি জনাবলৈহে আহিছে ৷ ডাঙৰ এয়াৰ বেগটো কান্ধৰ পৰা নমাই পদুলি মুখতে থ’লো ৷ মণিক দুহাতেৰে ডাঙি ধৰিলো ৷ লগে লগে তাই টেটু ফালি কান্দিব ধৰিলে ৷ মোৰ ফুচুলনিয়ে কাম নিদিলে ৷ তাই বেছিকৈহে কান্দিব ধৰিলে ৷ মই মৰ্টন এটা মণিৰ হাটত দি মৰমেৰে ফুচুলাই থাকোতে আচম্বিতে মোৰ চাৰিওফালে চিঞঁৰ-বাখৰ কৰি বহুতো মানুহৰ সমাবেশ ঘটিল ৷ প্ৰথমে মই ‘ধৰিলে’ ‘নিলে’ ‘ধৰধৰ’ ‘মাৰমাৰ’ এনে কিছুমান শব্দ শুনিছিলো ; কিন্তু সেইবোৰৰ অৰ্থ বুজা নাছিলো ৷ কোনোবা এটাই মণিক মোৰ পৰা ধাপ মাৰি আঁতৰাই নিয়াত আৰু দুই চাৰিজনে মোৰ মূৰে গালে চ’ৰ ঘোঁচা মৰাতহে মোক কেন্দ্ৰ কৰি সকলো হোৱা বুলি গ’ম পালো ৷ ক্ষন্তেকতে চ’ৰ, ঘোঁচা, থিয়গোৰ,ঠেলামুৰি কিমানযে খালো মই টলকিবই নোৱাৰিলো ৷ লগে লগে ৰেলৱে ষ্টেচনৰ ফালে পগলা ঘন্টি বাজি উঠিল ৷ মই তেতিয়া অনুমান কৰিলো পগলা ঘন্টি বজোৱা মানুহটো কাঞ্চাই হ’ব নিশ্চয় ৷ কাৰণ, তাৰ দোকানৰ সমুখৰ বৰগছ জোপাটেই ঘন্টা এটা ওলোমাই থোৱা দেখা পাইছিলো ৷ ভাৱিলো কাঞ্চাইহে কিবা ‘চাল’ খেলিলে ৷

              চৌদিশৰ পৰা অহা লোকেৰে ঘটনাস্থলি ভৰি পৰিল ৷ অগণন জনতাৰ ভিৰৰ মাজেদি আহি কাঞ্চা যেতিয়া মোৰ কাষ পাইছিল তেতিয়া মোৰ অৱস্থা সূচনীয় হৈ পৰিছিল ৷ মোৰ মুখেৰে মাত ওলোৱা নাছিল ৷ মোক পানী খাবলৈ দিয়া নাছিল বাবে ঘোঁচাত মুখৰ কেৱাৰী ফাটি যি তেজ ওলাইছিল তাকে মই সেপ গিলি দিছিলো – শুকাই যোৱা কন্ঠনলী সিক্ত কৰিবলৈ ৷ মোক দেখা পাই কাঞ্চাই লগে লগেই ‘ভবেন’ বুলি চিঞঁৰ মাৰি ভিনিদেউক ক’লে-‘ চাৰ, এইটো আপোনালোকৰ ভবেন ৷’

            ভিনিদেউ আৰু বাইদেউ উন্মাদৰ দৰে জনতাৰ ওপৰেৰে জপিয়াই অহাদি আহি মোৰ কাষ পালেহি ৷
মোক লগে লগে চিকিৎসালয়লৈ নিয়া হ’ল ৷

              বাইদেউ আৰু ভিনদেউৰ মনত বেজাৰ ৷ হস্পিটেলতে ভিনিদেৱে মোক কোৱা মনত পৰে - ‘ভবেন, কেৱল তোমাৰে দুৰ্ভাগ্য নহয়, আমাৰো ------এই কেইদিন ইয়াত ‘ ল’ৰাধৰা’ ওলোৱা বুলি যিহে হৈ –ছৈ লাগি আছিল, তাতে তুমিও-------------৷’

(পষেকীয়া বাৰ্তালোচনী “উত্তৰ পূৰ্বাঞ্চল জনজাতি”ৰ স্বাধিনতা দিৱস সংখ্যা, ১৯৯২ চনত প্ৰকাশিত )

বিধ্বস্ত



             চিলাপথাৰ টাউনৰ “বৰুৱা ফাৰ্মাচী”ৰ মালিক অবিনাশ বৰুৱাক চিনি নোপোৱা মানু্হ নাই ৷ তেওঁৰ ফাৰ্মাচীখন চিলাপথাৰ টাউনৰ আটাইকেইখন ফাৰ্মাচীতকৈ সৰু ৷ তথাপিও অবিনাশ বৰুৱাৰ ঐশ্চৰ্য- বিভুতি আনতকৈ বহুগুণে অধিক ৷ তেঁও মাৰুতী গাড়ী লোৱাৰ উপৰিও গুৱাহাটী আৰু ডিব্ৰুগড় নগৰত মাটি কিনি অট্টালিকা সজাইছে হেনো ৷

             অবিনাশ বৰুৱাই ইমানবোৰ ধন সম্পত্তি ক’ত পাইছে ? এই বিষয়টোক লৈ স্থানীয় লোকসকলৰ মাজত চৰ্চ্চা হয় ৷ ফাৰ্মাচীখনৰ বাহিৰে দেখাত বৰুৱাৰ অন্য কোনো উপাৰ্জনৰ পথ নাই ৷ ফামাৰ্চীখনৰ আয় ব্যয়ৰ হিচাপ নিকাচ তাৰ কৰ্মচা্ৰী দুজনেই ৰাখে ৷ এক অতি স্বাভাৱিক আয় ; কমৰ্চা্ৰীৰ মাহিলী দৰমহা আৰু যাৱতীয় খৰছ পাতিৰ পিছত বৰুৱালৈ কিছু ধন বাচেগৈ ৷ সেই ধনেৰে বৰুৱাৰ পৰিয়ালটো কথমপিহে চলিব পাৰিব লাগে ৷ তেনেহলে ইমানবোৰ ধন ক’ত পাইছে অবিনাশ বৰুৱাই ? এনে আলোচনাৰ মাজতে কোনোবা এজনে গল্পৰ পাতনি মেলি কয়- অবিনাশ বৰুৱাৰ মৰমৰ কুকুৰ টমীজনীয়ে এবাৰ ছটামান পোৱালী দিছিল ৷ পোৱালিকেইটাই খেলিবলৈ টমীয়ে কৰবাৰ পৰা মাটি লাগি থকা শিকলি এডাল আনি দিলে ৷ শিকলিডালকে টনা আজোৰা কৰি পোৱালি কেইটাই খেলি আছিল ৷ এনেতে অবিনাশ বৰুৱাৰ পত্নীয়ে বাহিৰলৈ ওলাই আহি শিকলিডাল দেখি আচৰিত হ’ল ৷ শিকলিডাল আছিল সোণালী বৰণৰ ৷ তেঁও শিকলিডাল ভালদৰে পৰিস্কাৰ কৰি লৈ চালে ৷ আচৰিত কথা যে শিকলিডাল আছিল হেনো সম্পূণ্ৰ খাটি সোণেৰে তৈয়াৰী ৷

              সেই শিকলিডালেই বোলে অবিনাশ বৰুৱাৰ ঐশ্চৰ্য্য –বিভূতিৰ উৎস ৷ এনে কাহিনীবোৰ অবিনাশ বৰুৱাৰ ঘৰত কাম কৰা লগুৱা-লিকচৌহঁতে প্ৰচাৰ কৰি আহিছে ৷

              অবিনাশ বৰুৱাৰ একমাত্ৰ পুত্ৰ ৰাজকুমাৰ দীপক বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়ি আছে ৷ দীপকক এজন প্ৰখ্যাত ডাক্তৰ হিচা পে গঢ়ি তুলিবলৈ দেউতাকে অশেষ চেষ্টা কৰিছে ৷ আজি কেইমাহমানৰ পৰা দীপকে প্ৰতি মাহে পাঁচৰ পৰা দহ হেজাৰ কৈ টকা দেউতাকৰ পৰা নি খৰছ কৰিব ধৰিছে ৷ সি হেনো প্ৰটিটো বিষয়তেই টিউচন লৈছে আৰু বহুতো মূল্যৱান কিতাপ –পত্ৰ কিনিব লগা হৈছে ৷ অবিনাশ বৰুৱাৰ উপাৰ্জনো এই কেইমাহত আগতকৈ কেইবাগুনো বৃদ্ধিপাইছে ৷ সেয়েহে পুতেক দীপকক নিৰাশ নকৰি তেঁও বিচৰা মতেই টকাৰ যোগান ধৰিছে ৷

               ব্যৱসায়ৰ খাটিৰত অবিনাশ বৰুৱা ডিব্ৰুগড় পালেগৈ ৷ ডিব্ৰুগড়ত তেঁওৰ কেইজনমান সহযোগী ব্যৱসায়ী আছে ৷ তেঁওলোকে অবিনাশ বৰুৱাক জনালে যে গুৱাহাটীত থকা তেঁওলোকৰ কোম্পানীৰ প্ৰধান ষ্টকিষ্ট চাৰিজন আহি ‘দেৱৰাজ হোটেল’ ৰ ৫ নম্বৰ কোঠাত আছেহি ৷ গতিকে অবিনাশ বৰুৱাও গৈ চিনা-পৰিচয় হ’লে ব্যৱসায় প্ৰসাৰত সুবিধা হ’ব ৷ অবিনাশ বৰুৱাই তেঁওৰ সহযোগী ব্যৱসায়ী এজনৰ সৈতে ‘দেৱৰাজ হোটেল’ লৈ গ’ল ৷

             ‘দেৱৰাজ হোটেল’ৰ ৫ নম্বৰ কোঠাত ডিব্ৰুগড়ৰ সহযোগী ব্যৱসায়ী দুজন গুৱাহাটীৰ পৰা অহা চাৰিজন ব্যৱসায়ীৰ লগত বহি বিলাতী মদ আৰু মাংসৰ জুটি লৈ গোপন আলোচনাত ব্যস্ত ৷ এনে সময়তেই অবিনাশ বৰুৱাই সহযোগীজনৰ লগত কোঠাটোত প্ৰৱেশ কৰিলে ৷ গুৱাহাটীৰ পৰা অহা ব্যৱসায়ী চাৰিজনৰ মাজত নিজ পুত্ৰ দীপকক দেখা পাই বৰুৱাৰ চকু থৰ হৈ গ’ল ৷ তেঁওৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে ৷ শৰীৰৰ সমস্ত ৰক্ত যেন নিমিষতে তেঁওৰ মূৰলৈ প্ৰবাহিত হ’ব ধৰিলে ৷ তেঁওৰ এনে ভাৱ হ’ল – ইমাণ দিনে তেঁও নিজ হাতেৰে চালান দি অহা সমস্ত হিৰোইন ,কোকেইন আৰু ব্ৰাউনচুগাৰ আদি ড্ৰাগছবোৰ যেন তেঁও নিজেই সেৱন কৰি মতলীয়া হৈছে ৷ কোঠাটোৰ মানুহ-দুনুহ , আচবাবৰ সৈতে সকলো বস্তু যেন তেঁওৰ চাৰিওফালে ঘূৰিব ধৰিছে ; দুহেজাৰ চনৰ ভিতৰত হ’ব লগা বৰভূমিকম্পটোহে যেন আহি গ’ল- অবিনাশ বৰুৱাক বিধ্বস্ত কৰিবলৈ ৷ অবিনাশ বৰুৱাই আৰু একো ভাৱিব নোৱাৰিলে ৷ থিয় দি থকা ঠাইতে ধুপকৈ বহি পৰিল বৰুৱাৰ অচেতন দেহ ৷

(ৰহস্য আলোচনীৰ ১৯৯৪ চনৰ মাৰ্চ সংখ্যাত প্ৰকাশিত গল্প)