Tuesday 16 April 2013

সন্দিগ্ধ সহযাত্ৰী


(ভৌতিক গল্প)
সংগতিবিহীন দুঃস্বপ্নৰ মায়া- জাল ছিন্ন কৰি হঠাৎ ভাস্কৰ বিছনাতে বহি পৰিল ৷ মানসপটত সেইবোৰৰ পুনৰাবৃত্তি ঘটাই ক্ৰম অনুযায়ী সজাই চাব খুজিলে সি ৷ কিন্তু বাৰীৰ পিছফালৰ পৰা ভাঁহি অহা হুদু চৰইটোৰ কন্ঠস্বৰে তাক সেই কামত বাধা প্ৰদান কৰিলে ৷ সদায়ে শুনি থকা মাতটো আজি ভাস্কৰৰ বৰ আচহুৱা আৰু কৰ্কষ যেন লাগিল ৷ পুৱতি নিশাতে সাৰ পাই যোৱাত সি ভালেই পালে অৱশ্যে ৷ ঘড়ীটোলৈ চাই দেখিলে চাৰে চাৰি বাজি গৈছে ৷ সি ভাৱিলে – বাহিৰত নিশ্চয় পোহৰ হৈছে ৷সি ঘৰৰ মুখ্য - দুৱাৰ খুলি চোতালত ভৰি দিওঁতেই এটা ঢোঁৰা কাউৰী সিহঁতৰ গেটৰ খুঁটাত পৰি থকা প্ৰত্যক্ষ কৰিলে ৷ কাউৰীটোক নিচেই ওচৰৰ পৰা দেখা পোৱা বাবেই নেকি কিবা কিম্ভূতকিমাকাৰ যেন লাগিল ৷ ‘ কা, কা, কেলে, লে’ বুলি হঠাৎ কাউৰীটোৱে মাত লগাই দিয়াত সেয়াও ভাস্কৰৰ আচহুৱা যেন লাগিল ৷ তাৰ পিচত যেতিয়া কাউৰীটোৱে তাক দেখা পাই উৰা মাৰিলে , তেতিয়া কাউৰীটোৱে কিচ-কিচ কৈ ক’লাবৰণৰ কিবা প্ৰাণী এটা ভৰি দুখনেৰে ধৰি নিয়া দেখিলে ৷ বস্তুটোনো কি তাকে নিশ্চিতভাৱে জানিবলৈ যিমানেই চাব ধৰিলে সিমানেই সি আচৰিত হ’ল ৷ সেইটো যেন এটা ক্ষুদ্ৰ আকৃতিৰ কেঁচুৱা্হে ৷ যি হয় হওক ৷ সি মনতে ভাবিলে - তাৰ এতিয়া এইবোৰ চাই থাকিবৰ সময় নাই ৷ সি ভিতৰলৈ গৈ ঘড়ীটো আকৌ চালে ৷ পাঁচটা বাজিলেই ৷ ৰ’বৰ সময় নাই ৷ সি আজি ঢকুৱাখনা পাবগৈ লাগিব ৷

ভাস্কৰে খৰধৰ কৰিব ধৰিলে ৷ প্ৰাতঃকৃত্য সমাপন কৰি চাহ-জলপান খাই মাকক মাত লগাই সি ঘৰৰ পৰা ওলাল ৷ সিহঁতৰ ঘৰৰ পৰা গড়কাপ্তানী পথটোৰে আহি ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ পাবলৈ মাত্ৰ পোন্ধৰ মিনিটমানহে সময় লাগে ৷ ৰাষ্ট্ৰীয় ঘাই পথ পাই অলপ সময় ৰওঁতেই উত্তৰ লক্ষীমপুৰলৈ যোৱা বাছখন অহাত সি তাতে উঠি ভাল চিট এটাত বহি ল’লে ৷

বাটত গাড়ীখনৰ দুবাৰকৈ চকা ফুটাত উত্তৰ লক্ষীমপুৰ পাওঁতেই দুই বাজি গ’ল ৷ সি ৰাজ্যিক পথ পৰিবহন নিগমৰ বাছ-আস্থানলৈ গৈ ঢকুৱাখনালৈ যোৱা বাছৰ খবৰ কৰিলে ৷ ‘হিমাংকু’ নামৰ বাছখন বিয়লি চাৰে তিনিবজাত ঢকুৱাখনালৈ যাব ৷ শেষৰখন বাছ ৷ ভাস্কৰে টিকট এটা কিনি গাড়ীতে বহি থাকিল ৷ নিৰ্দষ্ট সময়ত ‘ হিমাংকুৱে’ যাত্ৰা আৰম্ভ কৰিলে ৷

হাইস্কুলত পঢ়ি থকা দিনৰে পৰা ভাস্কৰে মাহেকীয়া আলোচনীবোৰ নিয়মীয়াকৈ পঢ়িছে ৷ কোনোবা এখন আলোচনীৰ ‘বন্ধু-বান্ধৱী’ শিতানৰ যোগেদি সি বহুতো বন্ধু- বান্ধৱী লাভ কৰিছে ৷ বহুজনে যোগাযোগ ৰক্ষা কৰি আছে আৰু বহুজনে বিছিন্ন কৰি দিছে ৷ ইয়াৰে কেইজনমান বন্ধু –বান্ধৱীয়ে ভাস্কৰক তাৰ প্ৰতিভা বিকাশত অনুপ্ৰেৰণা যোগাই আহিছে ৷ প্ৰথমে এখন বিনোদনধৰ্মী আলোচনীৰ পাতত এক ‘ক্ষন্তেকীয়া পাঠ্য ’ প্ৰকাশ পোৱা ভাস্কৰৰ এতিয়া প্ৰায়ে গল্প – কৱিতা প্ৰকাশ পাই থাকে ৷ এই ক্ষেত্ৰত উৰ্মিমালাৰ অৱদান যথেষ্ট আছে ৷ সেয়ে আজি ভাস্কৰে উৰ্মিমালাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সিহঁতৰ ঘৰলৈ বুলি যাত্ৰা কৰিছে ৷ ‘ উৰ্মিমালা বৰুৱা ’, তায়ো ভাস্কৰৰ দৰেই আলোচনীৰ পাতত দুই এটা গল্প - কবিতা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ৷

‘ গোগামুখ , গোগামুখ নামি আহক ৷ লাষ্ট বাছ , ঢকুৱাখনা উঠক, উঠক ৷ ’

উৰ্মিমালাৰ কথাবোৰ ভাবি আহি থাকোতে , বাছখন আহি গোগামুখ পোৱাৰ কথা সি গমেই পোৱা নাছিল ৷ চিঞৰ বাখৰৰ প্ৰকোপতে সি সম্বিত ঘূৰাই পালে ৷ বাছখনে এই যাওঁ এই যাওঁকৈ

অগা –পিছ কৰি থাকি প্ৰায় এঘণ্টামানৰ পিছতহে সন্ধ্যা সময়ত গোগামুখ এৰি ঢকুৱাখনালৈ গতি কৰিলে ৷

ঢকুৱাখনালৈ যোৱা গড়কাপ্তানী পথৰ দুৰৱস্হা দেখি সি ভালদৰেই উপলব্ধি কৰিলে কিয় ঢকুৱাখনাত প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠি সেয়া চুনামিলৈ পৰ্য্যবসিতহৈ ৰাজপাট খাই থকাজনক

উটুৱাই নি নৱ- প্ৰভাতক আদৰি ল’বলৈ ৰাইজক সুযোগ দিলে ৷ গোগামুখৰ পৰা ৩৫ কি:মি: বাট অতিক্ৰম কৰি ঢকুৱাখনা পাবলৈ দুঘণ্টা সময় লাগিল ৷

ঢকুৱাখনা চাৰিআলিত বাছৰ পৰা নামিয়েই ভাস্কৰে তাৰ ম’বাইলত উৰ্মিমালাৰ নম্বৰ ডায়েল কৰিলে ৷ নাই,নেটৰ্ৱক নাই, ছে: সি ভাবিলে, দেৰি কৰি লাভ নাই ৷ সি চাৰিআলিৰ পৰা দক্ষিণফালে গতি কৰিলে ৷ কাৰণ , তাক উৰ্মিমালাই সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাৰ বিষয়ে ভালদৰে বুজাই থৈছে ৷ সি গৈ চাৰিকড়িয়া নদীৰ দলঙত উঠিল আৰু এখোজ দুখোজকৈ আগুৱাই গৈ থাকিল ৷ দলঙতে ৰিক্সা এখন দেখি ৰামপুৰ চাপৰিলৈ যাব নেকি সু্ধিলে ৷ যদি যায় তেন্তে সি যিমান ভাৰা বিচাৰে সিমানেই দিবলৈ প্ৰস্তত বুলি ক’লে ৷ তাক মাথো ৰামপুৰ চাপৰিত থৈ আহিব লাগে ৷ ৰিক্সাৱলাই খিলখিলাই হাঁহিব ধৰিলে আৰু ক’লে যে , পাঁচ হাজাৰ টকা দিলেও সি তাক ৰামপুৰ চাপৰিত থৈ আহিব নোৱাৰে ৷ ৰিক্সাৱলাৰ হাঁহিটো তাৰ কিবা অস্বাৱাভাৱিক যেন লাগিল ৷ এনে ধৰনৰ হাঁহি ভাস্কৰে কাহনিও শুনা নাছিল ৷ থিয়েটাৰ বা যাত্ৰা পাৰ্টিত ভাৱৰীয়াই হাঁহি কিছুমান মাৰে , কিন্তু এই হাঁহিটো বেলেগ ধৰনৰ আছিল ৷ হয়তু তাক উপহাস কৰি হঁহা বাবে তাৰ তেনে ভাৱ হ’ব পাৰে ৷

সি পদব্ৰজে গমন আৰম্ভ কৰিলে ৷ চাৰিকড়িয়া নৈৰ দলংখন পাৰহৈ অলপ দূৰ গৈ ৰাস্তাৰ কাষত থকা জোপোহা গছ এজোপাৰ তলত কোনোবা এজনক ৰৈ থকা দেখা পালে ৷ ৰামপুৰ চাপৰিলৈ যোৱা বাটটোৰ কথা সুধিম বুলি লওঁতেই এক নাৰীকণ্ঠৰ মাত শুনি সি থমকি ৰ’ল ৷ “দাদা , আপুনি কোনফালে যায় ?” “মই ৰামপুৰ চাপৰিলৈ যাম ৷” সি উত্তৰ দিলে ৷ তেন্তে ভালেই হ’ল ৷ ময়ো আপোনাৰ লগতে যাব পাৰিম ৷ মোৰ ঘৰ শিমলুগুৰি চাপৰিত ৷ ৰাস্তাটো নিৰ্জন আৰু বেয়া , সেয়ে অকলে যাবলৈ ভয় কৰি ইয়াতে ৰৈ আছিলোঁ ৷ ব’লক দাদা ৷” কথাখিনি কৈ থকা গাভৰুজনীক ভাস্কৰে ভালদৰে চালে ৷ চিকিমিকি পোহৰতে সি দেখিলে – তাই এজনী ষোল্ল- সোতৰ বছৰ বয়সৰ বেছ দেখনিয়াৰ ছোৱালী ৷ তাইক সি অনুসৰণ কৰিলে ৷ টেকেলীফুটা ঘাটলৈ যোৱা পথেৰে সিহঁত কিছু দূৰ গৈ টাউন হাইস্কুলৰ ওচৰৰ তিনি শিমলু তল পালেগৈ ৷ এইখিনি পোৱালৈকে দুয়োৰে মাজত বিশেষ কথা-বাৰ্ত্তা হোৱা নাছিল ৷ভাস্কৰে তাইৰ নামটো সোধাত তাই ‘অৰুন্ধতি’ বুলিকৈ ভাস্কৰৰ নাম ঠিকনা সুধিলে ৷ ভাস্কৰে উৰ্মিমালাহঁতৰ ঘৰলৈ অহাৰ কথা কোৱাত অৰুন্ধতিয়ে উৰ্মিমালা আৰু সিহঁতৰ ঘৰৰ অন্য সদস্যসকলৰ প্ৰসংসাসূচক মন্তব্যৰে দুষাৰমান কথা ক’লে ৷ ইমানেই ….৷

তিনি শিমলুতল পোৱাৰ লগে লগে অৰুন্ধতিয়ে ক’লে , “এই ঠাইডোখৰ বৰ জয়াল ৷’’

“কাৰণ ?” ভাস্কৰে সূধিলে ৷
 “ এই তিনিজোপা শিমলুৰ তলত তিনিটা ভূত থাকে ৷ ’’ অৰুন্ধতিয়ে ওখ শিমলুজোপালৈ আঙুলিয়াই দি ক’লে , সেইজোপাৰ তলত থকা ভূতটোৰ নাম ভতক আৰু ইফালৰ জোপাৰ তলত থকা ভূতটোৰ নাম চেংলা ৷ সৌ দূৰত থকা শিমলুজোপাৰ তলত থকা ভূতটোৰ এটা চকু নাই ৷ তাক কণা ভূত বুলি কয় ৷”

“ তুমি এইবোৰ কথা কেনেকৈ জানিলা ? তুমি কেতিয়াবা ভূত দেখিছানে ?’’ ভাস্কৰে অৰুন্ধতিক সুধিলে ৷ 

“ ভাস্কৰ দাদা আমি সৰুৰে পৰা এই ঠাইতেই ডাঙৰ দীঘল হৈছোঁ ৷ এইবোৰ কথা নাজানিম কিয়? ঢকুৱাখনাৰ ক’ত কি আছে আমি নাজানিলে জানিব কোনে ?’’ কথাখিনিকৈ অৰুন্ধতিয়ে কেৰাহিকৈ ভাস্কৰলৈ চালে ৷

“ মই কিন্তু ভূত – প্ৰেত এইবোৰ সমূলি বিশ্বাস নকৰোঁ ৷ আচল কথা কি জানা ? আগৰ দিনত মানুহে অচিন পশু –পক্ষীকে নিশাৰ আন্ধাৰত ভূত বুলি ভাৱি লৈছিল আৰু সিঁহতৰ অদ্ভুত –অচিন মাতবোৰকে ভূত –প্ৰেতৰ মাত বুলি ধৰি লৈছিল ৷’’

ভাস্কৰে লক্ষ্য কৰিলে যে তাৰ মন্তব্যত যেন অৰুন্ধতি ক্ষুন্নহৈ পৰিছে ৷

“ আপুনি আত্মা বিশ্বাস কৰেনে নকৰে ?’’অৰুন্ধতিয়ে ভাস্কৰক প্ৰশ্ন কৰিলে ৷

“ মই আত্মা বিশ্বাস কৰোঁ ,কিন্তু আত্মা –প্ৰেতাত্মাক মানুহে দেখা পাব পাৰে বুলি নাভাবোঁ ৷”

“আপুনি ভাবিবলৈ বাধ্য হ’ব দাদা ৷ ’’ অৰুন্ধতিয়ে বেছ উষ্মা সহকাৰে কথাষাৰ ক’লে আৰু মুখেৰে টকালি পাৰিলে ৷

“ তহ্ তহ তহ ………………… L”

তাৰ পিছত তাই ওখ শিমলুজোপাৰ ফালে ভাস্কৰৰ দৃষ্টি আকৰ্ষণ কৰি ক’লে , “সৌৱা চাওক, সৌটো ভতক ৷ টকালি পাৰি দিলে ভতকে মোক দেখা দিয়ে ৷ ’’ভাস্কৰে ওখ শিমলুজোপাৰ তলৰ পৰা একেবাৰে চাপৰ শিমলুজোপাৰ ফাললৈ গৈ থকা “মহেন্দ্ৰ দত্ত ’’ছাতিটোৰ সমান ওখ আৰু জপাই থোৱা ছাতিৰ আকৃতিৰ জীৱটো দেখি আচৰিত হৈ ভালদৰে চালে ৷ মূৰটো সৰু আৰু তলফালে ক্ৰমে শকত-আৱত মানুহৰ দৰে প্ৰাণীটোৰ নাম কি হ’ব পাৰে সি ভাৱি পাৰ নাপাওঁতেই অৰুন্ধতিয়ে এটা সুহুৰি মাৰি ক’লে , “এইবাৰ চাব , কণাভূতটোৱে ভতকৰ ফালে আহিব ৷’’

সঁচাকৈয়ে ভাস্কৰে সেইফালে চাই থাকোঁতেই কণাভূতৰ আৱিৰ্ভাৱ ঘটিল ৷ তাৰ আকৌ মূৰটো প্ৰকাণ্ড আকৃতিৰ যদিও ভৰি দুটা সৰু সৰু ৷ মূৰটোৰ ভাৰ যেন সি কথমপিহে বহন কৰিছে ৷

“ কণাভূতক দেখিলে নহয় ,এইবাৰ চেংলাকো দেখা পাব চাই থাকক ৷ ’’অৰুন্ধতিয়ে ভাস্কৰক ক’লে ৷ ভাস্কৰে চেংলা নামৰ তৃতীয় ভূতটোক জোপোহাটোৰ পৰা ওলাই অহা দেখা পাই নিজৰ চকুহালকে বিশ্বাস কৰিব নোৱাৰি এবাৰ মোহাৰি ল’লে আৰু পুনৰ চালে ৷ সি দেখিলে –বাওনা এটাৰ দৰে ভূতটো কিচকিচকৈ ক’লা আৰু চুলিবোৰ কেৱলীয়া ভকতৰ দৰে দীঘল ৷ এইবাৰ ভাস্কৰৰ মনত শংকা আৰু ভয় দুয়োটাই স্থান দখল কৰিলে ৷ অকলৈ আহিবলৈ ভয় কৰা ছোৱালীজনীয়ে এইবোৰ কি খেলা দেখুৱাইছে ৷ ভাস্কৰে ভাবিলে , ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য লুকাই আছে ৷

“ হ’ব হ’ব অৰুন্ধতি , এইবোৰ বাদ দিয়া ৷ পলম হৈছে , ব’লা যাওঁ ৷ ’’ভাস্কৰে অৰুন্ধতিক আদেশৰ সুৰত কথাষাৰ ক’লে ৷

“আপুনি বিশ্বাস কৰিলে যেতিয়া হ’ব আৰু ব’লক যাওঁ ৷’’বুলি কৈ অৰুন্ধতিয়ে গড়কাপ্তানি পথৰ পৰা নামি পশ্চিমলৈ যোৱা উপপথেৰে গতি কৰিব ধৰিলে আৰু ভাস্কৰেও তাইক অনুসৰণ কৰি গৈ থাকিল ৷

“ দাদা,’’ অৰুন্ধতিয়ে ক’লে , “এই অঞ্চলত বহুতো ভূতপ্ৰেত আছে ৷ চেনিমাৰি চাপৰিত থকাজনীৰ নাম ফুতুকী ’’৷ তাইৰ জিভাখন বৰ দীঘল ৷ মুখৰ পৰা বাহিৰ ওলাই থাকে ৷ তাই কাকো একো অন্যায় নকৰিলেও কেনেবাকৈ কোনো মানুহে দিনতেই হওক বা ৰাতিতেই হওক তাইক দেখা পালে চেতনা হেৰুৱাই পেলাই আৰু মৃত্যুৰ মুখতো পৰে ৷ চেনিমাৰী চাপৰিৰ পৰা কিছুদূৰ গ’লে “সাপেখাটি ’’ বিলখন পায়,---------৷ ’’

অৰুন্ধতিৰ কথা সম্পূৰ্ণ হবলৈ নিদি ভাস্কৰে ক’লে , “ সেই সাপেখাটি বিলতো চাগৈ ভূত আছে নহয় জানো ? ’’
অৰুন্ধতিয়ে ভাস্কৰৰ কথাষাৰ ইতিকিংসূচক অছিলনে কি তাকো ভাৱি নাচাই কৈ গ’ল, “ওঁ ,তাত বুঢ়ী ভূতুনী থাকে ৷ দুখ বেজাৰৰ ভাৰ ব’ব নোৱাৰি মাজ নিশাৰ পৰা পুৱতি নিশালৈকে তাই ইনাই-বিনাই কান্দে ৷ অৱশ্যে আজি-কালি লগ-সংগ কেইবাটাও পাই কন্দা-কটা এৰিছে ৷”

“লগ-সংগবোৰ বা ক’ত পালে ?” ভাস্কৰে উপলুঙা কৰি প্ৰশ্ন কৰাত তাই ক’লে, “ মহঘূলি চাপৰিত ‘ফাটবিহু’ পাতিবলৈ লোৱাৰে পৰা হুলস্থুলত থাকিব নোৱাৰি তাৰ ভূতবোৰ সাপেখাতি বিল আৰু আমগুৰি ডুবিৰ ফালে গুছি আহিল ৷ সিহঁতক লগ পাই বুঢ়ী ভূতুনীয়ে আনন্দমনেৰে দিন কটাইছে ৷”

“ কোৱাচোন ঢকুৱাখনাত আৰু ক’ত ক’ত ভূত আছে ৷ তোমাৰ পৰা বিতং জানিব পাৰিলে “অসমীয়াত কথা বতৰা”ত প্ৰকাশৰ বাবে ভৌতিক গল্প এটাকে লিখিব পাৰিম কিজানি ৷” ভাস্কৰে মিচিকিয়া হাঁহি মাৰি কোৱা কথাখিনি অৰুন্ধতিয়ে গুৰুত্ব সহকাৰেই ল’লে আৰু ক’লে, “শুনিব খুজিছে যদি নক’ম কিয় ৷ কৈ যাওঁ শুনক তেন্তে ৷ ”

অৰুন্ধতিয়ে ঢকুৱাখনাৰ ভূত-প্ৰেতৰ কাহিনী কৈ যাব ধৰিলে ৷ কোৱাবাৰী দলনীত এজাক ভূত আছে ৷ সিহঁতে দুভাগ নিশা অকলশৰীয়াকৈ যোৱা গাড়ী, বিশেষকৈ ট্ৰাক পালে হিলৈদাৰী গাৱঁৰ পৰা অলপ আগত নিৰ্জন ঠাইত হাত দাঙি ৰখাই আৰু ট্ৰাকৰ পিছফালে উঠি লয় ৷ কোৱাবাৰী দলনিৰ মাজৰ দলংখন পোৱাৰ লগে লগে সিঁহতে ট্ৰাকৰ ওপৰত ধমধমাই শব্দ কৰি ৰখাবলৈ ইংগিত দিয়ে আৰু দ্ৰাইভাৰে গাড়ী ৰখাই দিয়াৰ লগে লগে নামি দিয়ে ৷ কোৱাবাৰী দলনিৰ ভুতে বহুকেইজন মানুহক বোকাত ওভোতাকৈ পুতি মৰা কথা ঢকুৱাখনাবাসীয়ে ভালদৰেই জানে ৷ উত্তৰ লক্ষীমপুৰৰ ফালৰ পৰা ঢকুৱাখনালৈ আহোঁতে চাৰিআলিটো পোৱাৰ অলপ আগত এজোপা প্ৰকাণ্ড শিমলু গছ পায় ৷ তাৰ তলেদিয়েই ভূত অহা –যোৱা কৰা এক অদৃশ্য পথ আছে ৷ সেই পথেদি সিহঁতক অহা –যোৱা কৰাত বাধা দিলেই ভুতৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হয় ৷ হুজ গাঁৱৰ পৰা সেই শিমলুজোপাৰ তলেদি কচুগাওঁ ঘাঁহিগাৱঁলৈকে ভূত অহা-যোৱা কৰা এই পথচোৱা আছে ৷ এই পুৰণি শিমলুজোপাতো এটা ভূত থাকে ৷ তাক সীমা ৰখীয়া ভূত বুলি কয় ৷ সীমা- বিবাদৰ ফলত তাক হত্যা কৰা বাবে সি মাটিৰ সীমা ঠেলা-ঠেলি কৰা লোকক সহ্য কৰিব নোৱাৰে ৷ সেয়ে কোনোবাই কাৰোবাৰ সীমা ঠেলা –ঠেলি কৰিলেই তেনে লোকৰ গাত সি লম্ভে আৰু আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে আৰু তেনেদৰে তেনেলোকৰ অপমৃত্যু ঘটায় ৷ এই ভূতটোৰ বিষয়ে জনা বাবেই ঢকুৱাখনাৰ লোকসকলে সীমা ঠেলা-ঠেলি কাৰবাৰ নকৰে ৷ 

ঘাঁহিগাওঁ পাৰহৈ চাউকীয়া গা্ঁও , দীঘলা গাৱঁলৈ যোৱাৰ পথত নিৰ্জন হাবিখনত এহাল ভূত-ভূতুনীয়ে বাস কৰে ৷ কেতিয়াবা প্ৰকাণ্ড এহাল হাতী হৈ বাট ভেটি ধৰে ৷ ভলুকাগুৰি চাপৰিলৈ যাওঁতে বৰচাপৰিত বাটৰুৱাই গড়কাপ্তানী পথৰ ওপৰত হঠাৎ এখন হাবি পায় আৰু তাৰ মাজেৰে পথ অতিক্ৰম কৰিব লগা হয় ৷ সেই হাবিখন বৰচাপৰিৰ ভূতৰ দ্বাৰাই সৃষ্ট ৷ ক্ষন্তেকীয়া অৰণ্য আৰু অন্ধকাৰময় বাট পাৰ হ’ব পাৰিলে পুনৰ পোহৰ আৰু পথ দেখা যায় ; কিন্তু ভয় কৰিলেই প্ৰাণ-বায়ু উৰি যোৱাৰ সম্ভাৱনা ধাকে ৷ নাৰায়ণপুৰ চাপৰিৰ পৰা কৃষ্ণপুৰ চাপৰিলৈ অহা পথচোৱাত মানুহক সততে উপকাৰ কৰিবলৈ প্ৰস্তুত থকা এটা ভূত আছে ৷ বেয়া ভূতৰ কবলত পৰা বহুলোকক সিয়েই ৰক্ষা কৰি আহিছে ৷

ভাস্কৰে অৰুন্ধতিৰ ভূত-প্ৰেতৰ কাহিনীবোৰ শুনি তাইকো সহজভাৱে ল’ব নোৱাৰা অৱস্থা হ’ল ৷ কিন্তু তাইৰ লগত গৈ থকাৰ বাদে অন্য উপায়ো নাই ৷ অৰুন্ধতিয়ে তিনিশিমলুৰ তলত ভূত দেখুৱাওঁতে ভাস্কৰৰ তৎক্ষণাৎ মাকে দিয়া বাবাৰ লকেটটোৰ কথা মনত পৰাত সি লকেটটো স্পৰ্শ কৰি বাবাক স্মৰণ কৰিলে আৰু “ওঁম শিৱায়ে নমঃ” বুলি মানসিক জপ আৰম্ভ কৰিলে ৷ এইদৰেই সি নিৰ্ভয়ে আহি আছে ৷ এতিয়া তাৰ ভূত-প্ৰেত একোলৈকে ভয় নাই ৷ অৰুন্ধতিৰ আচৰণ - পাতিও সহজভাৱে ল’ব পৰা নাই যদিও তাইৰ লগতে আহি আছে ৷ অকলে আহিবলৈ ভয় কৰি তাৰ লগত অহা অৰুন্ধতিৰ কথাবোৰ শুনি ভাস্কৰৰ এনে লাগিছে যেন তাই ভূত-প্ৰেতৰ মালিকনীজনীহে ৷

ভাস্কৰে অৰুন্ধতিৰ ফালে মাজে মাজে ভালদৰে চাই এটা কথাত আচৰিত হ’ল যে তাই যেন মাটিত ভৰি নেপেলোৱাকৈয়ে খোজ কাঢ়ি গৈ আছে ! হাঁয়, কি আচৰিত !

ভাস্কৰৰ উৎকন্ঠাৰ ওৰ পেলাই এটা সময়ত অৰুন্ধতিয়ে ক’লে ,”দাদা, আমি শিমলুগুৰি চাপৰি পালোহি ৷ সৌ ঔজোপা তলৰ বাটটোৱেদি গ’লেই আমাৰ ঘৰ পাম ৷ ব’লক মোক ঘৰত থৈ আপুনি ৰামপুৰ চাপৰিলৈ যাব ৷''

ঠাইখন একেবাৰে নিৰ্জন ৷ মাজে মাজে অচিন পক্ষীৰ মাত শুনি ভাস্কৰে মনত পেলাবলৈ চেষ্টা কৰে সেইটো কি চৰাইৰ মাত হ’ব পাৰে ৷ নাই , তেনে মাতৰ কোনো চৰাইৰ কথা তাৰ মনত নপৰে ৷ ধপ ধপ ধপ পাখি মৰাৰ শব্দ ৷ তাৰ পিছত “মৰ ঐ মৰ “ নে কি বুলি মাতটো মাতে চৰাইটোৱে ৷

“ আহক দাদা , আমাৰ ঘৰ এইটোৱেই ৷” অৰুন্ধতিয়ে ক’লে ৷

“ কি এইটো তোমালোকৰ ঘৰ ?” ঘৰটো দেখি আচৰিত হৈ ভাস্কৰে প্ৰশ্ন কৰিলে ৷

মানুহ যিমানে দুখীয়া হ’লেও এনে এটা ঘৰত থাকেনে—সি ভাৱিলে ৷ বিশেষকৈ অৰুন্ধতিৰ দৰে পৰিচ্ছন্ন সাজ-পাৰ পৰিহিতা এজনী গাভৰু এনে তেনেই উৱঁলি যোৱা খেৰ-বাঁহৰ ঘৰত থকাটো অতিকৈ অশোভনীয় কথা ৷ ঘৰটো কোনোবা মান্ধাতা যুগতে নিৰ্মিত যেন লাগিল ৷ মেৰামতি নাই ৷ এইটোনো মানুহ থকা ঘৰ হ’ব পাৰেনে ? ওচৰে-পাজৰেও কোনো ঘৰ-গৃহস্থি নাই ৷ পিছতহে ভাস্কৰে মন কৰিলে ঘৰখনত কোনোধৰণৰ পোহৰৰ ব্যৱস্থাও নাই ৷ ইয়াত আৰু কোনোবা মানুহ জানো আছে ৷ সি আজি এটা ডাঙৰ ভুল কৰিলে ৷ নীতি-শাস্ত্ৰৰ বাণী মতে সি কাম নকৰিলে ৷ “ পথৰ নাৰী বিবৰ্জিতা , নখিনাং শৃংগিনাং চ ----” বোলা কথাষাৰ পাহৰি সি এই আপদজনীৰ লগতেই আহি মহা ভুল কৰিলে ৷ কথাবোৰ ভাৱিবলৈ অধিক সময় সি নাপালে , হিম চেঁচা হাত এখনৰ স্পৰ্শ অনুভৱ কৰি সি উচপ খাই উঠিল ৷

“আহক দাদা , ভিতৰলৈ আহক ৷ মোৰ মা ভিতৰতে আছে ৷” অৰুন্ধতিয়ে তাক এক প্ৰকাৰ টানি-আজুৰি ঘৰৰ ভিতৰ পোৱালেগৈ ৷ ভাস্কৰৰ নাকত কিবা ভেকেটাভেকেট পুৰণি কলিয়া গোন্ধ এটা লাগি ৰ’ল ৷

ভাস্কৰে ক’লে,” তোমালোকৰ ঘৰত যে কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাই , তাৰ কাৰণ ?”

তাই উত্তৰ দিলে,” কাৰণ আমাৰ পোহৰত থকা দিন কাহানিবাই উকলিল ৷”

“ তাৰ মানে ?” ভাস্কৰে হতভম্ব হৈ প্ৰশ্ন কৰিলে ৷

“ তাৰ মানে আমাক হত্যা কৰা হ’ল ৷” অৰুন্ধতিয়ে বেজাৰভৰা সুৰত উত্তৰ দিলে ৷

“ তোমালোকক হত্যা কৰা হ’ল ?” ভাস্কৰে কথাষাৰ বিশ্বাস কৰিবলৈ টান পাই প্ৰশ্ন কৰিলে ,”তোমালোকক মানে তোমাক আৰু ------------?”

“-------আৰু মোৰ মাক হত্যা কৰা হ’ল ৷ হত্যা কৰিলে কোনে জানেনে ? আপোনাৰ দৰে এজন ডেকাই ৷ গতিকে আপোনাক আজি আমি হত্যা কৰিম ৷ মা , ওলাই আহ ৷” ভিতৰ কোঠাত থকা মাকক উদ্দেশ্যি অৰুন্ধতিয়ে কোৱা কথাষাৰ শুনি ভাস্কৰে উচপ খাই গ’ল ৷

“ ওহ -- এৰি দে , এৰি দে মোক ৷” সিটো কোঠাৰ পৰা অহা অন্য এক নাৰী কন্ঠৰ ৰুক্ষ আৰ্তনাদ শুনা গ’ল ৷

“ এই আপদটোৱে মোক ধৰি ৰাখিছে অ—ই মাজনী ৷ কিবা এটা কৰহি , তাকে ইয়াৰ ওচৰলৈ আহিবলৈ ক’ ৷ ” সিটো কোঠাৰ পৰা মাকে দয়া নিৰ্দ্দেশ শুনি অৰুন্ধতিয়ে ভাস্কৰক ক’লে, “ আপুনি ভিতৰলৈ যাওক আৰু মোৰ মাক ৰক্ষা কৰক ৷ অন্যথাই আমি আজি আপোনাক সঁচাকৈয়ে হত্যা কৰিম ৷ যাওক সোনকালে, মই কৈছো নহয় যাওক সোনকালে ৷ মাক তাৰ হাতৰ পৰা এৰুৱাই আনক ৷”

এনেতে সিটো কোঠাৰ পৰা এক বলিয্ঠ কন্ঠস্বৰৰ এজন পুৰুষে ভাস্কৰক উদ্দেশ্যি ক’লে , “ তুমি ইহঁতৰ কথাত ভুল নাযাবা ৷ সেইজনীৰ লগত অহাটোৱেই তোমাৰ ভুল হ’ল ৷ পুনৰ ভুল নকৰিবা ৷ তুমি এই কোঠাটোলৈ নাহিবা ৷ এইজনীক মই ধৰি ৰাখিছো ৷ এৰি দিলে তোমাক কেঁচাই কেঁচাই খাই পেলাব ৷ এইজনী ডাকিনী ৷ তুমি ঘৰটোৰ পৰা ওলাই অহা বাটেৰেই দৌৰা , পলম নকৰিবা ৷ সেইজনীয়ে তোমাক একো কৰিব নোৱাৰে ৷ তাইৰ ভৰি এটা ভঙা ৷ তোমাৰ পিছত দৌৰিব নোৱাৰে ৷ তুমি মোৰ কথা শুনা ৷ পলোৱা , পলোৱা ৷ মোক বন্ধু বুলি ধৰি লোৱা , পলোৱা ৷”

ভাস্কৰে ঘৰটোৰ পৰা তৎক্ষণাত ওলাই অহা বাটেৰেই দৌৰিব ধৰিলে ৷ এবাৰ পিছলৈ ঘূৰি চাই দেখিলে—অৰুন্ধতিয়ে লেংকেচিয়াই লেংকেচিয়াই তাৰ পিছে পিছে দৌৰি আহিছিল যদিও এবাৰ মাটিত ঢলি পৰিল ৷ ভাস্কৰে দৌৰি দৌৰি আহি টাউন হাইস্কুলৰ ওচৰৰ পকী ৰাস্তাত উঠোতে কেইজনমান মানুহে লগ পাই “কি হ’ল কি হ’ল “ বুলি মাত দিয়াত সি ৰৈ গ’ল আৰু ফোঁপাই-জোপাই ঘটনাটো ক’লে আৰু নিজৰ পৰিচয় দিলে ৷

তেতিয়া মানুহ কেইজনেও তেওঁলোকৰ পৰিচয় দি ক’লে যে উৰ্মিমালাৰ কথামতেই তেঁওলোকে ভাস্কৰকে বিচাৰি আহিছিল ৷ ম’বাইলত নেটৱৰ্ক নথকা বাবে ভাস্কৰলৈ ফোন লগাব নোৱাৰি তেঁওলোক চিন্তিত হৈ পৰি তেওঁকে বিচাৰি ঘূৰি ফুৰিছিল ৷

উৰ্মিমালাৰ ঘৰলৈ গৈ থাকোঁতে মানুহকেইজনৰ এজনে ভাস্কৰক সুধিলে , “ মাকজনীক তুমি দেখা পালানে ? “

ভাস্কৰে উত্তৰ দিলে, নাই নেদেখিলো , মাকজনী সিটো কোঠাত আছিল আৰু মানুহ এজনে তাইক ধৰি ৰাখিছিল ৷”

“ মানুহ নহয় হে ,” আন এজনে ক’লে, “ তাইক ধৰি ৰখাজনো ভূতেই ; কিন্তু তেওঁ মানুহক সদায় জখিনী জনীৰ পৰা ৰক্ষা কৰি আহিছে ৷ সমস্ত শৰীৰত নোমেৰে আৱৰা সেইজনীক দেখিলেই মানুহৰ চেতনা লোপ পায় ৷ ওহ কি ভয়ানক ! তুমি তাইক দেখা নাপালা ভালেই হ’ল ৷ তোমাক দেউৰাম ভূতে ৰক্ষা কৰিলে বুলিহে ৷ “

তৃতীয়জনে ক’লে ,” সঁচা কথা ক’বলৈ গ’লে দেউৰামক দুয়োজনীয়ে লগ লাগি হত্যা কৰাৰ পিছত সিহঁতে অন্য কাকোৱেই হত্যা কৰিব পৰা নাই ৷ দেউৰামেই সেই দুজনীৰ কবলত পৰা সকলক যিকোনো প্ৰকাৰে ৰক্ষা কৰি আহিছে ৷”

চতুৰ্থজনে মন্তব্য কৰিলে , “ বেচেৰী দুজনীলৈও দুখ লাগে ৷ দেউতাকৰ মৃত্যুৰ অলপ দিনৰ পিছতে দুৰ্বিত্তই এদিন নিশা মাক –জীয়েক দুয়োজনীকে হত্যা কৰি মৃতদেহ দুটা ক’ত যে লুকুৱাই ৰাখিলে আজি পৰ্য্যন্ত নোলাল আৰু ৷ সিহঁতৰ প্ৰেতাত্মাই যিদিনা সিহঁতৰ হত্যাকাৰীক শাস্তি দিব ওলাব সেইদিনা নিশ্চয় দেউৰামেও সেই কামত সিহঁত দুজনীক বাধা নিদিব ৷”

মানুহজনে কথাখিনি শেষ কৰোঁতেই ভাস্কৰহঁত উৰ্মিমালাহঁতৰ ঘৰৰ ওচৰ পালেগৈ ৷ ভাস্কৰে ঠিকেই অনুমান কৰিলে - হাঁহি হাঁহি আগুৱাই অহাজনীয়েই আছিল উৰ্মিমালা ৷


--------------)(---------------

(বিঃদ্ৰঃ গল্পটো অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী 'বিস্ময়'ৰ মে' ২০১৫ সংখ্যাত "সহযাত্ৰী" শিৰোণামেৰে প্ৰকাশ পাইছে৷)

4 comments: