Tuesday 2 April 2013

পাত্ৰীৰ সন্ধানত

(চুটি গল্প)
কামাখ্যাৰ মাকজনী বুঢ়ী হ’ল ৷ একমাত্ৰ পুত্ৰৰ বিয়াখন কাৰ লগত কেনেকৈ হয় নেদেখাকৈ মৰিব লগা হয় বুলি বৰ ভয় ৷ মই সিহঁতৰ ঘৰলৈ গলেই কয়, “ অ’ মহেন্দ্ৰ , আমাৰ বোপাইৰ বিয়াখনৰ কথা কিবা চিন্তা কৰিছনে তহঁতে ? এইবেলি বহাগতে বিয়াখন পাতিব পৰাকে ছোৱালী এজনী চাচোন ৷ একেবাৰে ধুনীয়া নহ’লেও গাৰ বৰণ বগা হ’ব লাগিব আৰু আমাৰ সৈতে একে জাতৰ ছোৱালীহে লাগিব ৷”

এদিন কামাখ্যাই নিজেই খবৰটো দি ক’লে, “ছোৱালী এজনীৰ খবৰ এটা পাইছো ৷ ওলাবিচোন ঢলপুৰলৈ, চাই আহিমগৈ ৷”

ঢলপুৰ পায়ে মধ্যস্থতাকাৰী অৰ্থাৎ গজেন দাসৰ ঘৰ পালোগৈ ৷ গজেনদাৰ ঘৰ কন্যাগৰাকীৰ

ঘৰৰ পৰা এক কিলোমিটাৰ মান দূৰৰ এখন গাৱঁত ৷ তাতে আমি জিৰণি ল’লো ৷ গধূলিৰ লগে লগে আমি কন্যা দৰ্শনৰ যাত্ৰা আৰম্ভ কৰিলো ৷ আমাক তেওঁলোকৰ ঘৰত ৰাতিৰ ভাত-সাজৰ বাবে নিমন্ত্ৰণ জনাইছে ৷

ঢলপুৰৰ এখন বিদ্যালয়ৰ শিক্ষক দেবেন বৰাৰ ঘৰ পালোগৈ ৷ তেওঁৰ দুগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ ৷ ডাঙৰ গৰাকী কন্যাকে চাবলৈ আমি গৈছো ৷

আমি তেওঁলোকৰ ঘৰৰ ড্ৰয়িং ৰুমত বহিলো ৷ দেবেন বৰা চাৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল ৷ আমি থিয় হৈ নমস্কাৰ জনালো ৷

তেখেতে আসন গ্ৰহণ কৰি আমাৰ পৰিচয় ল’লে ৷ তাৰ পিছতে তেখেতৰ বক্তব্য আৰম্ভ কৰি দিলে ৷ বিৰতি -বিহীন বক্তৃতা ৷ নিজৰ ঘৰখনৰ কথা, নিজৰ গাওঁখনৰ কথা ,নিজৰ স্কুল খনৰ কথা আৰু নিজৰ অতীত জীৱনৰ গৌৰৱময় দিনবোৰৰ কথা ৷ এইবোৰৰ মাজতে এপাকত কন্যা গৰাকী আহি চাহ দি গ’ল ৷ দেউতাকে নিয়ম মাফিক চিনাকি কৰি দিলে ৷ কন্যা পুনৰ ভিতৰলৈ গুছি গ’ল ৷ ৰাতি এগাৰটামান বাজোতে দেবেন বৰা চাৰে শিকি থকা গায়ন-বায়ন সম্পৰ্কীয় বক্তৃতা আৰম্ভ কৰিলে ৷ তেখেতে নিৰৱ শ্ৰুতা পাই ভালেই পালে ৷ তেখেতে গাই গ’ল---

“ তাঁও খি তি খিতি তাওঁ
খিতি খিতি তাওঁ-------
---------------------৷”

মহিলা কেইগৰাকীৰ দেখা দেখিয়ে নাই ৷ ৰান্ধনী ঘৰত ব্যস্ত বুলি আমি জানিছিলো ৷ পিছে চাৰে খোল-তালৰ চেওবোৰ গাই থাকোতে এপাকত বাইদেউ আহি এক প্ৰকাৰ ধমকিৰ সুৰতেই ক’লে, “ এহ আপুনি যে কি মানুহ , এতিয়া সেইবোৰ বলকি থাকিব নালাগে আচল কথালৈ আহক ৷”

“ এৰা , আচল কথালৈকে আহো ৷” তেখেতে কামাখ্যাক উদ্দেশ্য কৰি কথাৰ পাতনি  মেলি ক’লে ,” ওঁ , কোৱাচোন কি চাকৰি কৰা , ক’ত থাকা ? “

কামাখ্যাই চাকৰিৰ বাবে লোৱা সাক্ষ্যাৎকাৰত প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰে সজাই পৰাই সুন্দৰকৈ উত্তৰবোৰ দিলে ৷

“ অ’ তুমি নেশ্যনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেশ্যনত ইনভেষ্টিগেটৰৰ চাকৰি কৰা ৷ গুৱাহাটিত থকা তোমালোকৰ অফিচটো দেখিছো ৷ ঘৰটো বৰ জৰাজীৰ্ণ যেন লাগেহে ৷ হেৰি নহয় , তোমাক বিভাগীয় গাড়ী-চাড়ী দিছে নে নাই ? “

“ নাই , আমাক গাড়ী নিদিয়ে ৷” কামাখ্যাই সঁচা কথাটোকে ক’লে ৷

“ পিছে তোমাৰ বাহিৰা টকা –পইচা আছেনে নাই ? “

চাৰে আচম্বিতে সুধি পেলোৱা প্ৰশ্নটো শুনি কেৱল কামাখ্যাই নহ’য়, আমিও থৎ-মৎ খাই গ’লো ৷

“ নাই , আমাৰ বাহিৰা টকা পইচা নাই ৷ “ কামাখ্যাই উত্তৰ দিলে ৷

মই মনতে ভাৱিলো-কামাখ্যাৰ উত্তৰটো ভুল হৈছে ৷ কাৰণ , ঘোচখোৰ লোকৰ বাবে যিকোনো ধৰণৰ চাকৰিতেই বাহিৰা টকা থাকে ৷ ৰজাই শাস্তি বিহা ঘোচখোৰ মন্ত্ৰীয়ে দেখোন শাস্তি স্বৰূপে সাগৰৰ

ঢৌ গণনা কৰিব লগা হওঁতেও তেওঁ ঢৌ গণনা কৰিছেনে নাই তাকে চাবলৈ নিয়োগ কৰা প্ৰহৰীয়ে টোপনিয়াই থকা কথা ৰজাক জনাই দিব বুলি ভয় খুৱাই ভেটি খাইছিল ৷ গতিকে তাৰ উত্তৰটো হ’ব লাগিছিল—“ চাকৰিটোত বাহিৰা টকাৰ সন্ধান কৰা নাই, যিহেতু সততাই তেনে কৰাত বাধা দিয়ে ৷”

“ মই মানে বাহিৰা টকা –পইচা আছেনে নাই এই কাৰণেই সুধিলো, যিহেতু বাহিৰা টকা-পইচা নথকা চাকৰি কৰিলে জীৱনত বহুত পস্তাব লগীয়া হয় ৷ ” দেবেন চাৰৰ কথা আৰম্ভ হ’লত মোৰ ভাৱনাৰ যতি পৰিল ৷ চাৰে কৈ গ’ল , “বুজিছা, মই পুলিচ –ইন্সপেক্টৰৰ চাকৰি পাইছিলো ;আমাৰ এওঁ জইন কৰিব নিদিলে ৷ এতিয়া শিক্ষকৰ চাকৰিৰ দৰ্মহাৰে অভাৱ পূৰণ নহ’লেও মোক দোষাৰোপ কৰিব নোৱাৰে ৷ এওঁ এই ক্ষেত্ৰত ইমানেই পস্তাইছে যে নিজৰ জীয়েকক জানি বুজি বাহিৰা টকা নোহোৱা চাকৰিয়াললৈ বিয়া নিদিয়ে ৷ অ’ আৰু এটা কথা , মোৰ ছোৱালী গুৱাহাটিৰ সন্দিকৈ কন্যা মহাবিদ্যালয়ত পঢ়ে ৷ এটা এনে পৰিবেশত তাই আছে যে মানুহক নমস্কাৰ দিব নাজানে , হেণ্ডচেকহে দিয়ে ৷ গতিকে তাই গাৱঁৰ ল’ৰাৰ সৈতে বিয়া হৈ জীৱনটো ধ্বংস কৰিব নোৱাৰে ৷”

“ আহা , ভাত খোৱাহি ৷” বাইদেৱে মাত দিলে ৷

কিনো ভাত খাবা আৰু ৷ মই কামাখ্যাৰ মুখলৈ চালো ৷ দেখিলো- তাৰ মুখখন পোৰা বেঙেনা ক’লা পৰাদি পৰিছে ৷ বেয়াই লাগিল বেচেৰাটোলৈ ৷ তাৰ মাকলৈকে মোৰ খং উঠিল –নিজৰ জাতৰ ছোৱালীহে লাগে ! আন মানুহে নিজতকৈ উচ্চ জাতৰ, উচ্চ বৰ্ণৰ ছোৱালী বিচাৰে , আমাৰ এই বুঢ়ীয়ে আকৌ তলখাপতে থাকিব বিচাৰে ৷
ভাত –পানী খাই আমি ঠুট-মুখ চেলেকি গজেনদাৰ লগত তেওঁলোকৰ ঘৰ পালোহি ৷ কাৰো মুখত মাত-বোল নাই ৷ ৰাতি এটা বজাত শুবলৈ লওঁতে গজেনদাই সান্ত্বনা দিয়াৰ সুৰত ক’লে ,”বাদ দে কামাখ্যা, তই চিন্তা কৰিব নালাগে ,আমাৰ পৰিয়ালতে তাইতকৈ কম বয়সীয়া ছোৱালী আছে ৷ খুজিলে মিনতিকো তোলৈ বিয়া দিব ৷”

মিনতিৰ কথা কওঁতে মোৰ গজেনদাহঁতৰ ঘৰতে লগ পোৱা ছোৱালীজনীৰ বৃহৎ অৱয়বটোৰ কথা মনত পৰি গ’ল ৷ টুনটুনকৈয়ো শকত-আৱত ৷ কম বয়সীয়া অৱশ্যে হ’য় সেই বুলি কামাখ্যাৰ লগত নিমিলা ছোৱালী এজনী জেদত লাগিতো বিয়া পাতিব নোৱাৰি –নিজৰ জাতৰে হলেনো কি হ’ল ৷

কামাখ্যাক মই কানে কানে মিনতিৰ বিষয়ত হাঁ-না একো নক’বলৈ ক’লো আৰু তাক এটা বৰ ডাঙৰ কথা ক’লো যাৰ বাবে তাৰ অশান্ত মনটো শান্ত হ’বলৈ বেছি পৰ নালাগিল ৷
মই ক’লো , “ দেবেন চাৰৰ জীয়েকজনীক তই ভালদৰে মন কৰিছিলিনে কামাখ্যা ?”

“কি কি কথা ? “ সি উৎসুকতাৰে প্ৰশ্ন কৰিলে ৷

“ মানে তাইৰ এখন কাণৰ লটিটো আনখন কাণতকৈ দীঘল ৷ এনে ছোৱালী------------------------------------৷”

-----------সমাপ্ত-------------


(গল্পটোৰ কাহিনীভাগ আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক ৷ কাৰোবাৰ জীৱনৰ স’তে মিলি গ’লে , তাৰ বাবে লেখকক ক্ষমা কৰি দিয়ে যেন৷)

No comments:

Post a Comment