Saturday 31 August 2013

বানে গৰকা ঠাই

(গল্প)

বুটিকোৰ তিনিআলিত মিনিবাছখন ৰৈ গ’ল৷ যাত্ৰীসকল নামিব ধৰিলে৷ ময়ো এয়াৰবেগটৌ কান্ধত ওলমাই নামি দিলো৷

বাছখনত পোন্ধৰজনমানহে যাত্ৰী ধেমাজিৰ পৰা আহিছিল৷ এজন যাত্ৰীক মাছখোৱালৈ যোৱা পথটো দেখুৱাই দিবলৈ অনুৰোধ কৰিলোঁ৷


“মাছখোৱালৈ যায় নেকি ?” তেওঁ ক’লে, “দুটা ঘাট পাৰ হ’ব লাগিব৷ বাটত আৰু দুই এটা ছিগা আছে৷ তাত বাহঁৰ দলং আছে৷ গাড়ী-ঘোঁৰা একো নাই খোজেৰে যাব লাগিব৷ সৌযে চুৰিয়া পিন্ধা মানুহজন গৈ আছে , দেখিছে নহয়, তেওঁ মাছখোৱা অঞ্চলৰে মানুহ৷ তেওঁৰ লগতে যাওক৷”

মই চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লো৷ কিছুদূৰ গৈয়ে এটা ঘাট পালো৷ ঘাটত কেইবাখনো টুলুঙা নাও৷ মই মোৰ হ’ব লগা সহযাত্ৰীজন উঠি থকা নাওখনতে উঠি ল’লো৷ নাৱৰীয়াই নাও এৰিব খুজিলে৷ পাৰৰ মাটিত  নাওখনৰ তলিখন লাগি আছিল৷

“আপোনালোক নামি দিয়ক”, নাৰৰীয়াই ক’লে, “ ‘গিয়েৰ’ লাগি আছে৷ নাওখন ‘নিউট্ৰেল’ কৰিব লাগে, নহ’লে নাও নচলিব৷”

নাৱৰীয়াৰ ৰসিকতাপূৰ্ণ নিৰ্দ্দেশত আমি পাৰলৈ নামি দিয়াত নাৱৰীয়াই ঠেলা-হেচা কৰি নাওখন পাৰত লাগি ধৰাৰ পৰা মুক্ত কৰিলে৷ আমাক সিপাৰত উঠাই নাৱৰীয়াই আমাৰ পৰা ঘাটভাৰা ল’লে৷ সেইটো যে বুটিকোৰ ঘাট সেই কথা নাৱৰীয়াৰ পৰাই জানিব পাৰিলো৷ নাৱৰীয়াৰ স’তে কথা দুষাৰমান পাতোঁতেই চুৰিয়া পিন্ধা লোকজন দ্ৰুত পদক্ষেপেৰে বহুদূৰ আগ বাঢ়িল৷ ময়ো এক প্ৰকাৰ দৌৰি যোৱাৰ দৰে তেওঁৰ পিছে পিছে গৈ থাকিলো৷ অন্যথায় মই যে নিৰুপায়৷ কাৰণ, জীৱনত প্ৰথম বাৰৰ বাবে মই ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰত ভৰি দিছো৷

দুই কিলোমিটাৰমান বাট খোজ কঢ়াৰ পিছত পুণৰ এটা ঘাট পালোঁ৷ সেইটো কঢ়া নৈৰ ঘাট৷ সেইটো ঘাটো ভাৰা দি পাৰ হ’লোঁ৷ তাৰ পিছত কিছু দূৰ গৈ এখন বাঁহৰ দলং পাৰ হৈ সিটো পাৰত ৰৈ থকা লোককেইজনক ভাৰা দিব লগা হোৱাত মই আচৰিত নহ’লোঁ৷ কাৰণ, সোনাৰীঘাটৰ পৰা আহি থাকোঁতে  ৰাষ্ট্ৰীয় ঘাই পথৰ যিবোৰ অংশত বানপানীয়ে দলং  নাইবা পথ নষ্ট কৰিছে সেইবোৰ অংশত ব্যক্তিগতভাৱে যাত্ৰীৰ সুবিধাৰ্থে বাঁহৰ দলং  বা সাঁকো আদি তৈয়াৰ কৰি দি ভাৰা লোৱা কাৰ্য্য মই প্ৰত্যক্ষ কৰি আহিছোঁ৷ গতিকে এই গড়কাপ্তানী পথত তেওঁলোকৰ আকাঙ্খিত ভাৰা আদায় দি মই খৰখেদাকৈ মোৰ আগে আগে যোৱা চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লোঁ৷ পাঁচ-ছয় কিলোমিটাৰ বাট পদব্ৰজে গমন কৰি মাছখোৱা চাৰিআলি পালোঁ৷ তেতিয়া সন্ধ্যা লাগি পাৰ হৈছিল৷ মই চুৰিয়া পিন্ধা মানুহজনক অনুসৰণ কৰিবলৈ এৰি এজন মানুহক লগ ধৰি টিয়কীয়া গাঁৱলৈ কেনি যাব লাগে সুধিলো৷

“আপুনি সেই  তেওঁৰ লগতেই যাওক,” মানুহজনে চাৰিআলিৰ পৰা দক্ষিণ দিশলৈ যোৱা ৰাস্তাটোলৈ আঙুলিয়াই দি ক’লে, “তেওঁ টিয়কীয়া গাঁৱৰ কাষৰ গাঁওখনৰ মানুহ৷”

মানুহজনে নিৰ্দ্দেশ কৰা ফালে চাই দেখোঁ, যিজনৰ পিছে পিছে আহি মাছখোৱা পালোঁহি ,সেইজনেই সেইপথে গৈ আছে৷ মনটো বিৰক্তিভাৱেৰে ভৰি পৰিল--- নিবোকা –চামোনটোৰ পিছে পিছে পুনৰবাৰ দৌৰিবলৈ পোৱাত৷ উপায়ান্তৰ হৈ পুনৰ ধুতি পিন্ধা মানুহটোৰ পিছ ল’লোঁ৷

মাছখোৱাৰ পৰা দুই কিলোমিটাৰমান বাট গৈয়ে আকৌ এটা ভাৰা লোৱা ব্যক্তিগত খণ্ডৰ ঘাট পালোঁগৈ৷ এইটো হেনো বৰপাক ছিগা৷ ঘাট পাৰ হৈ মানুহটোৰ পিছে পিছে গৈ ৰোহা তিনিআলি পালোঁ৷ হঠাৎ মানুহটোৱে গড়কাপ্তানী পথ এৰি এটা উপ-পথেৰে গতি কৰিলে৷ ময়ো মানুহটোক অনুসৰণ কৰি সেইফালে গৈ থাকিলোঁ৷ কিছুদূৰ গৈ এটা ছিগা পাওঁতে মানুহটোৱে তাৰ চুৰিয়াখন দুহাতেৰে কোঁচাই ওপৰলৈ তুলি পানীত নামি গৈ থাকিল৷ সি পানী যিমানে গম্ভীৰ পাই গ’ল চুৰিয়াখনো সিমানে ওপৰলৈ হাতেৰে দাঙি গৈ থাকি সিটো পাৰে বাম পাওঁতে ক্ৰমান্বয়ে পুণৰ চুৰিয়াখন তললৈ নমাই পাৰত ভৰি দিলে৷ পানীয়ে তাৰ চুৰিয়াখন স্পৰ্শকে কৰিব নোৱাৰিলে৷ মোৰ ? মই জোটাযোৰ খুলিবলৈও সময় নাপালোঁ৷ নাপালোঁ লংপেন্টটো কোঁচাই ল’বলৈও সময়৷ ককালৰলৈকে তিতিবুৰি পাৰ পাই খৰখোজেৰে মানুহটোৰ পিছ ল’লো৷ কিছু দূৰ গৈ আকৌ এটা তিনিআলি পোৱাত মই বিপাঙত পৰিলোঁ৷ ভাৱিলোঁ, এইবাৰ মানুহটোৰ পিছে পিছে গ’লে মই চাগৈ তাৰ গাঁওখনহে পামগৈ৷ গতিকে নিবোকাই মাত দিয়ক বা নিদিয়ক টিয়কীয়া গাঁৱৰ ৰাস্তা কোনটো তাকেই সুধিলোঁ৷

“সেইটো ৰাস্তাৰে যাওক,” উত্তৰমুখী ৰাস্তাটো দেখুৱাই মানুহটোৱে ক’লে, “সৌখনেই টিয়কীয়া গাঁও৷”

মোক আচৰিত কৰি মানুহটোৱে মাতষাৰ দিয়াত  মই কিছু সাহস পাই দেউকণ ভাগৱতীৰ ঘৰ কিমান দূৰত আছে সুধিলোঁ৷ এইবাৰ মই যেন কোদো বাহতে জুই দিলোঁ৷ কথাষাৰ সুধিবলৈহে পালো,মানুহটোৱে উগ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু উষ্মাৰে ক’লে, “দেউকণ ভাগৱতীৰ কথা কৈছে ? তাৰ নাম নল’ব মোৰ আগত৷ সেইটো কুকুৰেই তামোল চুৰি কেচ দি মোক জেল খুৱালে৷ আজি  জেলৰ পৰা আহিছোঁ৷ চাই ল’ম মই তাকো-------------------৷”মোৰ প্ৰশ্নৰ উত্তৰ নাপালৌঁ৷ গুজৰি-গুমৰি মানুহটো আঁতৰি গ’ল৷

মই টিয়কীয়া গাঁৱলৈ যোৱা পথেৰে কিছুদূৰ গৈ এজন বাটৰুৱাক লগ পাই দেউকণ ভাগৱতীৰ ঘৰ কোনটো সুধিলোঁ৷

“দেউকণ ভাগৱতীৰ ঘৰলৈ যায় নেকি আপুনিো ?” তেওঁ ক’লে,“আমাৰ এইখন বৰ দিঘলীয়া গাঁও৷ প্ৰায় এমাইলমান বাট গৈ আপুনি এজোপা বৰশিমলু পাব,তাৰ পিছত আপুনি যোৱা বাটে ঘূৰি আহিব৷ আহোঁতে সোঁহাতে পাঁচঘৰ মানুহ পাৰ কৰিয়ে দেউকণ ভাগৱতীৰ ঘৰ পাব৷”

মানুৰজনক বিদায় দি মই তেওঁৰ বৰ্ণনা অনুসৰি বৰশিমলু জোপাকে লক্ষ্য হিচাপে লৈ আগ বাঢ়িলোঁ৷ বাটত যেন আৰু নদ-নদী, জান-জুৰি পাৰ হ’ব লগা নহয় তাৰ বাবে মনে মনে ভগৱানক প্ৰাৰ্থনা জনালোঁ৷ খোজ কাঢ়ি কাঢ়ি মোৰ ভৰি দুখন ফুলি যোৱা যেন অনুভৱ হৈছে৷ ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ গাইনৈ, জীয়াঢল,মৰিঢল আদি নদ-নদী আৰু অন্যান্য জান-জুৰি,ছিগা আদি কিমান যে পাৰ হ’লোঁ তাৰ হিচাপ নাই৷ বিগত বছৰবোৰত হোৱা বানপানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্তানী  পথত এই নদ-নদীবোৰৰ দলংবোৰ ভাঙি-চিঙি থান-বান  হোৱাত সেইবোৰত ব্যক্তিগতভাৱে  বাঁহৰ দলং, সাঁকো আদি সাজি দিছে নতুবা ঘাটৈয়ে ভাৰা লৈ  টুলুঙা নাৱেৰে যাত্ৰীসকলক পাৰ কৰিছে৷

অ’ত ত’ত দিওঁতে দুশ টকাৰো অধিক গ’লেই ইতিমধ্যে৷ বাটটোৰ ঠায়ে ঠায়ে গাড়ী-মটৰ নচলাত সোণাৰীঘাটৰ পৰা ধেমাজি নগৰ পোৱালৈকে কিমান দূৰ যে খোজ কাঢ়িব লগা হ’ল ! মুঠতে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ দূৰ্গতি দেখিলে দেশত এখন চৰকাৰ আছে যেন অনুমান নহয়৷

কথাবোৰ ভাৱি ভাৱি আহি মানুহজনে বৰ্ণনা কৰা বৰশিমলুজোপাৰ ওচৰ পালোঁ৷ তাৰ পিছত ওভতি খোজ ল’লোঁ৷ অৱশেষত দেউকণ দাইটিহঁতৰ ঘৰ বিচাৰি উলিয়ালোঁ৷
 
তেতিয়া ৰাতি আঠ বাজি গেছিল৷ দেউকণদাইটিহঁতৰ ঘৰত মোক দেখা পাই আটায়ে আচৰিত হৈছিল৷ মোৰ ভিজা কাপোৰ দেখি ছিগাটোতে তিতিলে বুলি জানিলে তেওঁলোকে৷ কাপোৰ-কানি সলাই হাত-মুখ ধুই ল’লো৷ মই বৰঘৰৰ মজিয়াত থকা পালেংখনতে ঢলি পৰিলোঁ আৰু খা-খবৰৰ বিনিময় কৰিলোঁ৷ একাষে মজিয়াত বহি মামনীহঁতে পচলা কুটি আছে৷ মই বিছনাৰ পৰাই মাত লগালোঁ, “তঁহতে বৰ এদম পচলা কুটি লৈছ, আজি কিবা ভোজ-ভাতৰ আয়োজন কৰিছ নেকি?”

“নহয় অ’, জাকৰুৱা মানুহ যে, অলপ সৰহকৈয়ে লাগে৷” খুৰীদেৱে ক’লে৷

মই মামনীক ক’লো,”মোৰ বেগত কি আছে চাচোন৷ ধেমাজিত সস্তাত পাই মাছ এটাও কিনিছিলোঁ৷ ইমানপৰে সেইটো গেলিলেই চাগৈ৷ ঘৰৰ পৰা মায়ে জহা চাউল অলপো দি পঠাইছে চাগৈ৷ বেগটো গধূৰ গধূৰ পাই আহিছিলোঁ৷”

মামনীয়ে বেগটো খুলি বস্তুবোৰ উলিয়াই ক’লে,” মা, বাপুকণদাদাই ইমানদ’ম চাউল ভাৰ বৈ খোজ কাঢ়িছে, মজা পাইছে আজি—টিয়কৰ পৰা  এইখিনি পোৱালৈকে৷ মাছটো গেলা নাই অ’ বাপুকণদাদা৷”

কথা প্ৰসঙ্গত মোৰ সহযাত্ৰী সেই চুৰিয়া পিন্ধা মানুহজনৰ কথা কোৱাত দেউকণ দাইটিয়ে ক’লে,“বাপুকণ,অভাৱত পৰি মানুহৰ স্বভাৱ নষ্ট হয় বুলি যে কয় সেয়াই হৈছে৷ আমাৰ ইয়াত মানুহৰ স্বভাৱ গুচিল একেবাৰে৷ তই আচলটোৰ লগতে আহিছিলি৷ সেইটো কঠালগুৰিৰ গভাইট চোৰ৷ মোৰ বাৰীখনৰ তামোলকেইজোপা যেন তাৰ বাবেহে আছে৷ কেৱল সেই ৰতন চোৰেই নহয় , ইয়াত চোৰৰ সংখ্যা নিতৌ বৃদ্ধি পাব  ধৰিছে৷ গোহালীৰ গৰুকেইটাও ওৰে নিশা পহৰা দি থাকিব লগীয়া হৈছে৷ উপায় নাইঅ’ বাপুকন, ৰতন চোৰ জেলৰ পৰা আহিলে যেতিয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিব৷”

ভাত-পানী খাই দদাইৰ ল’ৰা ধনৰ সৈতে বেণুকাইটিহঁতৰ ঘৰলৈ ওলালোঁ৷ বাটত কেইজনমান মানুহে কাজিয়া কৰি আছিল৷ আমি সেইবোৰ আওকাণ কৰি বেণুকাইটিহঁতৰ  ঘৰ অভিমুখে গৈ থাকিলোঁ৷ কাজিয়াখন লগাৰ কাৰণ কি তাকে ধনে কৈ গৈ থাকিল৷

কেইবাবছৰ ধৰি বানপানীয়ে খেতি-বাতি নষ্ট কৰাত গাঁওবাসীসকল খাদ্য সংকটত পৰিছে৷ এদিন গাঁৱলৈ ৰাজহ বিভাগৰ কৰ্ম্মচাৰী আহি জনালে যে ভূমিহীন কৃষকসকলক চৰকাৰে আৰ্থিক সাহাৰ্য্য দিব৷ চৰকাৰী কৰ্ম্মচাৰীয়ে চাৰিশ পাঁচশ টকা যাৰ যাৰ  পৰা পালে তেওঁলোকৰ নাম ভূমিহীন কৃষকৰ তালিকাভুক্ত কৰি নিলে৷ আজি সেই চৰকাৰী সাহাৰ্য্যৰ ধনৰ চেক চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত বিতৰণ কৰিছিল৷ দুহেজাৰকৈ টকাৰ চেক দিছিল৷ চেক ল’বৰ বেলিকা আকৌ ধন বিচৰাত বগেনে টকা দিবলৈ মান্তি নহৈ চক্ৰ বিষয়াক  কথাটো জনাই দিলে৷ চক্ৰ বিষয়াই চেক বিতৰণত জড়িত কৰ্ম্মচাৰীজনক ধমকি লগালে৷ কৰ্ম্মচাৰীজনো পৰি মৰা বিধৰ নহয়৷ তেওঁ বগেনক ক’লে যে সি টকা পাবৰ যোগ্য নহয়৷ কাৰণ, সি বিবাহিত লোক নহয় আৰু তাৰ পৃথক ঘৰ-গৃহস্থি নাই, ককায়েকৰ পৰিয়ালৰ সৈতে সি থাকে৷ পুলিচক গটাই দিয়াৰ ভাবুকি দি কৰ্ম্মচাৰীজনে বগেনৰ চেকখন নিদি তাক আঁতৰি যাবলৈ ক’লে৷ বগেনে যে বিয়া কৰোৱা নাই সেই কথা গাঁৱৰে লক্ষীৰামেই কৰ্ম্মচাৰীজনক জনোৱা বুলি বগেনে তাক মাৰপিট কৰিলে৷ সেইয়াই কাজিয়ৰ সূত্ৰপাতৰ কাৰণ৷
কথাবোৰ শুনি শুনি গৈ বেণুকাইটিহঁতৰ ঘৰ পালোঁগৈ৷

কথা-বতৰাৰ মাজতে বেণুকাইটিয়ে কৈছিল,“বাপুকণ, আমি টিয়কৰ পৰা উঠি অহা কিমানবছৰ হ’ল হিচাপেই পাহৰিলোঁ৷ কিমানযে ভোগালী ঠাই আছিল এইখন৷ সেইবোৰ দিনত নাহি প্ৰথমবাৰৰ বাবে তই ইয়ালৈ আহি কেনে অৱস্থাত যে আমাক দেখা পালিহি ! এই কেইবছৰ বান পানীয়ে কেৱল আমাৰ এই অঞ্চলটোৰ মানুহকেই নহয় সমগ্ৰ জিলাখনৰ কৃষক-বনুৱাক সৰ্ব্বহাৰা কৰিলে৷ মানুহবোৰ জীয়াই আছে কথমপি৷ এপাচি পচলা কুটি বাচি লৈ তাত আধা কিলো চাউল মিহলাই সিদ্ধ কৰি দহ-বাৰজনীয়া পৰিয়াল একোটাই খাব লগা হৈছে৷”

বেণুকাইটিৰ কথা শুনি মোৰ দুচকুৰ পৰা দুধাৰী লোতক অজানিতে বৈ আহিল৷ মই বুজিলোঁ—মামনীহঁতে তেন্তে পচলাদম ৰাতিৰ সাজ ভাতৰ সলনি খাবলৈকে কুটি লৈছিল৷ মই টিয়কৰ  পৰা চাউলকেইটা ননাহ’লে ময়ো নিশ্চয় সিদ্ধ চাউল মিহলি পচলা খাই শুই থাকিব লগা হ’লহেঁতেন৷ আকৌ ভাৱিলোঁ মই—এয়া বাৰু ডাঙৰ কথা নহয় , পিছে দুসাজমান মই অনা চাউলৰ ভাত খোৱাৰ পিছত মোৰ লগত থকা টকাৰে আৰু কিছুদিনৰ বাবে খুৰাহঁতৰ পৰিয়ালটোৰ   বাবে চাউল-পাত কিনি দিম ,খাব৷ তাৰ  পিছত ? আৰু, আৰু গাঁওখনৰ, অঞ্চলটোৰ বাকীবোৰ মানুহে কি এইদৰে পচলা খাইয়ে কটাব ? এইবোৰ ক’ৰ ঠাই ? কি ঠাই ?? কেনে ঠাই ???  উত্তৰ হ’ব মাথো কি ‘বানে গৰকা ঠাই’ ???? কথাবোৰ যেন সমগ্ৰ জগতখন ৰজনজনাই যোৱাকৈ চিঞৰি চিঞৰি কৈ দিম এনে লাগিল৷

=====================



Tuesday 6 August 2013

বিভ্ৰম

সিদিনা ৰাতিও আনদিনাৰ দৰে অনিলহঁতৰ ঘৰত ভাত-সাজ খাই নানা কথাৰ মহলা মাৰি ঘৰলৈ ওভতিছোঁ৷ তেতিয়া নিশা প্ৰায় এঘাৰটামান বাজিছিল৷ লুংলুঙীয়া বাটটোৰ বাদে যেন পৃথিবীৰ আন সকলোৱেই টোপনীত লালকাল দিলে৷ চৌদিশে নিজম-নিতাল৷

মই নিসংগতাৰ অনুভুতি পাহৰি পথাৰৰ মাজৰ ৰাস্তাটোৰে আগুৱাই গৈ আছোঁ---অনিলে এই ৰাস্তাটোতে দেখা ভূতৰ ৰহস্যময় মায়াজালৰ কথাকে ভাৱি ভাৱি৷






আজি অনিলে যিটো ভূতৰ কাহিনী ক’লে সেইটো জানো সঁচা ? সি হেনো এদিন দুভাগ নিশা এই ৰাস্তাটোৰে অকলশৰে চাইকেলেৰে আহি আছিল৷ হঠাৎ গোটেই ৰাস্তাটো গছ-গছনিৰে ভৰি পৰি বাট-পথ নিঃচিহ্ন হৈ গ’ল৷ অন্ধকাৰ ৰাতি হাবিৰ মাজেদি আগুৱাই যোৱাত যেনে ধৰণৰ অসুবিধা হয় ঠিক অনিলৰো তেনে গতিয়েই হ’ল৷ সি সাহসী ল’ৰা৷ চিন্তা কৰি চালে- ৰাস্তাৰ মাজলৈনো ক’ৰ পৰা গছ-গছনি আহিব ? সেয়ে সি মৰসাহ কৰি চাইকেলৰ পেডেল ঘূৰাই হাবিৰ মাজেৰে অগুৱাই গ’ল৷ পিছে গছ-গছনিবোৰ চাইকেলত নালাগিল৷ সেইবোৰ মাথো চকুৰ সমুখত দেখি গৈ থাকিল৷ এইদৰে গৈ যেতিয়া কাঠৰ দলংখন পালেগৈ তেতিয়া চাউৎকৈ যোৱা যেন কিবা এক অনুভুতি সি উপলব্ধি কৰিলে৷ লগে লগে গছ-গছনিবোৰ ৰাস্তাৰ পৰা অন্তৰ্ধান হ’ল৷ তেতিয়া অনিলৰ গাটো জিকাৰ খাই গ’ল আৰু গাৰ নোমবোৰ ডাল ডাল হৈ পৰিল৷ তাৰ পিছত পোহৰ পোহৰ যেন লাগিল আৰু ৰাস্তাটোৰ বাকীছোৱা স্বাভাৱিক হৈ পৰিল৷ সি পিছলৈ ঘূৰি চাই দেখে  ৰাস্তাটোত সি দেখি অহা হাবিখন নাই৷

অনিলে কোৱা ভৌতিক কাহিনীটোৰ কথাকে ভাৱি ভাৱি আহি কেতিয়ানো ঘৰৰ ওচৰ পালোহি গমকে নাপালো৷ নিচেই ক্ষীণ পোহৰৰ দুবেটেৰীয়া টৰ্চটোৱে ৰাস্তাৰ সমুখভাগ দেখুৱাই নি আছে৷ এনেতে আমাৰ পদূলিৰ জেউৰাৰ কাষত নাৰ্জি ফুলজোপাৰ আঁৰ লৈ জুপুকা মাৰি বহি থকাৰ পৰা উঠি ভূত পোৱালী কেইটামান যেন দৌৰি গৈ অন্ধকাৰত মিলি গ’ল—এনে দেখা পালোঁ৷ পিছ মুহূৰ্ত্ততে এজনী ভূতুনীয়ে তাইৰ হাত দুখন দাঙি নেলু চেপিবলৈ অহা ভঙ্গিমাত মোৰ ফালে চোঁচা লৈ অহা যেন দেখা পালোঁ৷ লগে লগে মোৰ গাটো শিঁয়ৰি উঠিল৷ মই দুঃস্বপ্ন বিভোল লোকৰ দৰে অস্ফুত শব্দেৰে “ আঁ আঁ—“ কৰি আত্ম ৰক্ষাৰ চেষ্টা কৰি হাতৰ ‘এভাৰেডি’ টৰ্চটো ভূতুনিজনীৰ মূৰলৈ বুলি লক্ষ্য কৰি মাৰি দিলোঁ৷ তাই তৎক্ষনাতে দুহাতেৰে মোৰ হাতত থাপ মাৰি ধৰি  নিজৰ মূৰটো ফটাৰ পৰা ৰক্ষা কৰিলে৷

চেপা চেপা কন্ঠেৰে তাই ক’লে, “ নেমাৰিব৷ নে  --মা---৷” মই ৰৈ গ’লো আৰু তাইক প্ৰশ্ন কৰিলো, “ তই কোন ?” তাই ক্ষীণ স্বৰত উত্তৰ দিলে, “ মই ভানু শইকীয়াৰ ঘৈণীয়েক৷ কিয়, ককাইদেৱে মোক চিনিব পৰা নাই নেকি ?"

স্বপ্নলোকৰ পৰা ঘুৰি আহি টোপনিৰ পৰা উঠাই দিয়াজনক কোৱাৰ দৰে মই ক’লো, “ অঁ পাইছো চিনি৷ তই এই ৰাতিখন ইয়াত কি কৰিছ ? আজি তোৰ মাথাটো গুড়ি হ’লহেতেন৷ মই তোক ভূতুনী বুলি ভাৱিছিলোঁ৷”

“ নক’ব আৰু ককাইদেউ, বাপেকটোৱে মদ খাই আহি ল’ৰা-ছোৱালী কেইটা মাৰি পেলাব ধৰিছিল৷ কথমপি সিঁহতৰ প্ৰাণ ৰক্ষা কৰি দৌৰি আহি ইয়াতে লুকাই ৰাখিছিলো৷ সিঁহতকেইটাই আপোনাকে দেউতাক বুলি ভাৱি ভয় খাই কেনিবা দৌৰি পলাল৷ এইবোৰ বৰ লাজৰ কথা ককাইদেউ৷ আপুনি কাকো নক’ব৷”

ইতিমধ্যে কোনোবা ফালৰ পৰা আহি ল’ৰা-ছোৱালী কেইটা মাকৰ কাষত থিয় দিলেহি৷

মই পুনৰ তাইক খঙেৰে সুধিলো, “তইনো মোৰ নেলু চেপিবলৈ খেদি আহিছিলি কিয় ?”

তাই ক’লে, “ আপুনি আমাক চোৰ বুলি ভাৱি চিঞৰ-বাখৰ লগাব বুলিহে  মনে মনে থাকিবলৈ ইংগিত দি আপোনাক কথাটো ক’বলৈ ওচৰ চাপি আহিছিলোঁ৷ আপুনি ভুল বুজিলে আক’৷”

“ভানুৱে কিহৰ খঙতনো ৰাতিখন ল’ৰা-ছোৱালী কেইটাক শাস্তি দিছে ?”

মোৰ প্ৰশ্নৰ উত্তৰত তাই বৰ দুখেৰে ক’লে, “ মানুহটোৱে চাকৰিটোৰ বাবে টকা পাঁচ লাখ ঘোঁচ দিও চাকৰি নাপালে৷ এতিয়া লৈকে খুজি খুজিও টকাখিনি ঘূৰাই পোৱা নাই৷ এইবোৰ বেজাৰতে মদ খাবলৈ ধৰিলে৷ খুৱাব-পিন্ধাব নোৱাৰি ইহঁত কেইটাক মাৰি পেলাব ধৰে৷ মানুহটো পগলাৰ দৰে হ’ল ককাইদেউ৷” কথাখিনি কৈ তাই হুকহুকাই কান্দি দিলে৷

“ এই ৰাতিখন ইয়াত কন্দা –কটা কৰি লাভ নাই৷ ব’ল ব’ল তঁহতক ঘৰত থৈ আহোঁ৷”

সিহঁতক ঘৰত থৈ আহিলো আৰু ময়ো ঘৰলৈ আহি বিছনাত পৰিলোঁ৷ ভাৱিলোঁ---আমাৰ সমাজত বহুতো ভানু আছে আৰু সিঁহতৰ পৰা ধন লোৱা বহুতো মুখা পিন্ধা ভব্য-গব্য লোক আছে৷ এইবোৰৰ প্ৰতিবাদ কৰি সমাজখন নিকা কৰিবলৈ ৰাইজ বাৰু কেতিয়াবা মাৰ বান্ধি ৰাজপথলৈ ওলাই আহিবনে ? নে ময়ে ফিৰিঙটি হৈ পৰোঁ ?? ভাৱি ভাৱি পাৰ নাপাওঁচোন৷

চাকৰিৰ বাবে পাঁচ লাখ টকা কোনোবা দৈত্য-দানবক দি সিঁহতক বৰভোজ খুৱাই নিজে লঘোনত থাকি পগলা হোৱা নিবনুৱা স্নাতক ভানু শইকীয়া নামৰ যুৱকজনৰ ঘৈণীয়েকক ঘটনাক্ৰমে যে ভূতুনী বুলি টৰ্চ লাইটেৰে কোব মাৰিছিলো সেই কথা কিন্তু লাজতে আজি পৰ্য্যন্ত অনিলকো কোৱা নাই৷

০০০০০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০

বিঃদ্ৰঃ গল্পটো অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "তৃষ্ণাতুৰ"ত ইতিমধ্যে প্ৰকাশ পাইছে৷












Thursday 1 August 2013

ঘটক স্কুটাৰ ‘বিজয় চুপাৰ’ -

এসময়ত ‘বিজয় চুপাৰ’ নামৰ স্কুটাৰখনৰ চাহিদা বজাৰত বৃদ্ধি পাইছিল৷ ৰাস্তাত বহুতো বিজয় চুপাৰ দৌৰি ফুৰা দেখা গৈছিল৷ সেই সময়ৰে কথা৷ সত্যেন্দ্ৰ সিং কলেজীয়া ছাত্ৰ৷ দেউতাক ৰেল’ৱে ইঞ্জিনিয়াৰ৷ অজস্ৰ ধন৷ সত্যেন্দ্ৰ সিঙে একেখন কলেজৰে ছাত্ৰী পদুমী গোহাঁইৰ মন ভুলাবলৈ চেষ্টা চলালে৷ অসমীয়া ভাষা ক’ব আৰু লিখিব নজনা বাবে সি বহু ধৰণে চেষ্টা চলাইও বিফল মনোৰথ হ’ল৷ অৱশেষত সি দেউতাকক অনবৰতে কুতুৰী থকাত এখন নতুন ‘বিজয় চুপাৰ’ স্কুটাৰ কিনি দিলে—কলেজলৈ অহা যোৱা কৰিবলৈ৷ মোচত পাক দি সি পদুমীহঁতৰ ঘৰৰ আগেদি, গাৰ নিচেই কাষেদি কেইদিনমান ঘূৰিবলৈহে পালে,কিছুদিনৰ পিছত শিৰত সেন্দুৰ লৈ পদুমীক সত্যেন্দ্ৰৰ বিজয় চুপাৰৰ পিছৰ চিটত বহি ফুৰা দেখা গ’ল৷ প্ৰেম যেন হাবিত ফুলা ফুলহে—যেতিয়াই মন যায় তেতিয়াই চিঙি ল’ব পাৰি; কিন্তু বিজয় চুপাৰৰ জহতহে৷

পিছে মন্দিৰত গোপনে বিয়া পতা বাবে খঙত দেউতাকে সত্যেন্দ্ৰ সিঙক ঘৰৰ পৰা বাহিৰ কৰি দিলে৷ উপায়বিহীন হৈ সত্যেন্দ্ৰই বিজয় চুপাৰখন বিক্ৰী কৰি দিলে৷ যি ধন পালে তাৰে ভাৰাঘৰত থাকি ঠিকা-ঠুকুলি কৰি চলিব ধৰিলে৷ কলেজীয়া জীৱন ত্যাগ কৰি বৈবাহিক জীৱন অতিবাহিত কৰিব ধৰিলে৷

ধনীৰাম হাজৰিকা গাঁৱৰ ল’ৰা৷ নগৰৰ ৰেল’ৱে কাৰাখানাৰ শ্ৰমিক৷ কাৰাখানাত কাম কৰি থাকোঁতে বাওঁহাতৰ আঙুলি দুটা কেনেবাকৈ কটা গ’ল৷ সেয়ে ৰেল’ৱে কৰ্ত্তৃপক্ষই ক্ষতিপূৰণ স্বৰূপে কেইহেজাৰমান টকা ধনীৰামক দিলে৷ লগে লগে সি সত্যেন্দ্ৰ সিঙৰ বিজয় চুপাৰখন কিনিলৈ গাঁৱলীয়া আলি- পদূলিৰে পাক দি দি দৌৰাব ধৰিলে৷ বিয়াৰ বয়স ভাটি দিব ধৰা ধনীৰামৰ কপাল ফুলিল৷ তাৰ বিজয় চুপাৰৰ পিছৰ আসন দখল কৰিবলৈ নৰেন কলিতাৰ ভনীয়েক চম্পা কলিতা যুগ যুগ ধৰি যেন অপেক্ষা কৰি আছিল৷ সেয়ে সিহঁতৰ বিয়াখন হঠাৎ হৈ গ’ল৷

বিয়াৰ কিছুদিনৰ পিছতে সাংসাৰিক জীৱন চলাই যোৱাৰ কঠিনতা দূৰ কৰিবলৈকে ধনীৰামে বিজয় চুপাৰখন শিক্ষক অমল শইকীয়াক বিক্ৰী কৰিবলৈ বাধ্য হ’ল৷

অমল শইকীয়াই ভাৰাঘৰত থাকি শিক্ষকতাৰ চাকৰি কৰে৷ তেওঁ অকলশৰীয়া৷ বিয়াৰ বাবে কন্যাৰ সন্ধান কৰি ভাগৰি পৰা বৰলা৷ আগৰ দিনত এনে অকলশৰীয়া বৰলাই দুৱাৰত ডাং লগাই ঘৰৰ ৰা ওলাই যায় বাবে ডাংবৰলা কয় আৰু আজি কালি দুৱাৰত তলা লগাই বাবে তলাবৰলা ক’ব লাগিব৷ পাতি চাইকেলখন লৈ ছোৱালী চাবলৈ গৈ সংযোগ স্থাপনত বিফল হোৱাটো অমল শইকীয়াই বাৰুকৈয়ে উপলব্ধি কৰিছে৷ অলপতে অমল শইকীয়াই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলা কান্ত বৰুৱাৰ জীয়েক অপৰূপাক বিয়াৰ প্ৰস্তাব দি বিফল মনোৰথ হৈছে৷ সেয়ে অমল শইকীয়াই তিনিমাহৰ দৰ্মহা একেলগে পাই ধনীৰামৰ বিজয় চুপাৰখন কিনি পেলালে৷ কেইদিনমান বিজয় চুপাৰে অমল শইকীয়াক দৌৰাই দি তেওঁৰো কাম ফেৰা সমাধা কৰি দিলে৷ অপৰূপাই অমল শইকীয়াৰ স’তে বিয়াত বহিবলৈ সন্মতি প্ৰদান কৰিলে৷ অমল শইকীয়াই ভাৱিলে, ‘ সঁচাই ছোৱালীবোৰৰ মনবোৰ অতি বিচিত্ৰ৷ সিহঁতে পিন্ধা শাৰীখনত যিমান পাক দিয়া থাকে মনোজগতখনতো সিমান পাক থাকে৷’ যিকি নহওক , অৱসৰ প্ৰাপ্ত  শিক্ষক কমলা কান্ত বৰুৱাই জীয়েক অপৰূপাক অমল শইকীয়াক গতাই নিজকে ধন্য মানিলে৷ তেতিয়াৰ পৰাই বিজয় চুপাৰখনৰ পিছৰ আসনত দীপ-লিপ ন-কন্যা অপৰূপাক উঠাই লৈ ফুৰা অমল শইকীয়াক নগৰে –চহৰে প্ৰায়ে দেখা গ’ল৷

বিজয় চুপাৰৰ চলন্তি ক্ৰমাৎ হ্ৰাস পাব ধৰিলে৷ অমল শইকীয়াই ৰাজদূত মটৰ চাইকেল কিনিব হেনো৷ সেয়ে বিজয় চুপাৰখন বেচিবলৈ গ্ৰাহক বিচাৰিব ধৰিলে৷ স্থানীয় হোমিওপেথিক ডাক্তৰ অনন্ত ৰাভাই সুলভ মূল্যতে বিজয় চুপাৰখন পাই কিনি পেলালে৷

অনন্ত ৰাভাই বিজয় চুপাৰখন পাই চাইকেলখন চলাবলৈয়ে এৰিলে৷ এমাইল মান দূৰণিৰ ৰোগী চাবলৈ গ’লেও বিজয় চুপাৰখন লৈহে যায়৷ তেওঁ এতিয়া দূৰণিৰ ৰোগীৰ চিকিৎসাও কৰিবলৈ সুবিধা হ’ল৷ এখন ঠাইলৈ অৱশ্যে বিজয় চুপাৰে সঘনাই দৌৰিব ধৰিলে৷ লাহে লাহে চাৰিটা ল’ৰা- ছোৱালীৰে সৈতে ঘৈণীয়েকজনীৰ খবৰ ল’বলৈও অনন্ত ৰাভাৰ সময় নোহোৱা হ’ল৷ অনন্ত ৰাভাক চেঙেলীয়া ডেকা অৱস্থাতেই মাক- দেউতাকে বিয়া পাতি দিছিল৷ সি ডেকা হৈ থাকিল ; কিন্তু ঘৈণীয়েকজনীক দেখিলে আনে অনন্তৰ মাক বুলিহে ক’ব৷ সেয়ে এইবাৰ বিজয় চুপাৰে অনন্ত ৰাভাৰ  ডেকা তেজত পিৰপিৰনি তুলি দিলে৷ মাণিকাচুক গাঁৱৰ সুন্দৰী যুৱতী ৰঞ্জনাই অনন্ত ৰাভা বিবাহিত নে অবিবাহিত সেই কথা সুধিবলৈকে সময় নেপালে৷ এদিন তাই অনন্ত ৰাভাৰ বিজয় চুপাৰৰ পিছৰ আসনত বহি ল’লে ---শিৰত সেন্দুৰলৈ৷

অনন্ত ৰাভাই ৰঞ্জনাৰ স’তে তাৰ চেম্বাৰতে থাকিবলৈ ল’লে৷ ঘৰলৈ যাব পৰাটো অসম্ভৱ৷ ল’ৰা –ছোৱালী আৰু ঘৈণীয়েক খঙত জ্বলি পকি আছে৷ পিছে তেওঁ দুখন ঘৰ চলাব লগা হোৱাত বিজয় চুপাৰ দৌৰাবলৈ ক্ৰমাৎ অসমৰ্থ হৈ পৰিল৷ মৰম নেপাই বিজয় চুপাৰেও ঠেহ-পেচ জুৰিব ধৰিলে৷ বিজয় চুপাৰে অনন্ত ৰাভাক বেয়া পাই গেৰেজৰ পোৱালী কেইটাৰ লগতেই ধেমালী-ধুমুলা কৰি দিন কটাব ধৰিলে৷ বিজয় চুপাৰ খনৰ ওপৰত অনন্ত ৰাভাই খং দেখুৱাব ধৰিলে৷ বিজয় চুপাৰখনো জান এলাপেচা ? খঙতে বিজয় চুপাৰেও অগুণকাৰীটোৰ লগত নাথাকোঁ বুলি গেৰেজৰ পৰাই নোলোৱা হ’ল৷ অনন্ত ৰাভাই নগদ টকা পালে হেনো কম দামতে গেৰেজৰ পৰাই বাহিৰে বাহিৰে বিজয় চুপাৰখন বিক্ৰী কৰি দিব৷  গেৰেজৰ ল’ৰাকেইটাক কথাটো কৈ থৈছে৷

আন কোনোবাই সেই বিজয় চুপাৰখনত অন্য এগৰাকী ন-কন্যা পিছৰ আসনত বহাই ফুৰাবলৈ পালেনে নাই সেই কথা জানিবলৈ হ’লে চাৰিআলিৰ ‘ পদ্ম মটৰ চাইকেল মেৰামতি কেন্দ্ৰ ’ত খবৰ কৰিলেই হ’ল৷

#####################