Friday 10 April 2015

প্ৰহেলিকা

(ৰহস্য গল্প)
বৈৰাগীমঠ৷  ডিব্ৰুগড় নগৰৰ এই অঞ্চলতেই আছে সেই কালিকা লগা পুখুৰীটো, য’ত অপদেৱতাই ক্ৰুব্ধ দৃষ্টি নিক্ষেপ কৰিলেই সলিল সমাধি ঘটে কোনোবাজনৰ৷ প্ৰতিবছৰে মৃত্যুক আঁকোৱালি লৈছে এজন বা ততোধিকজনে৷ এয়াই যেন স্বাভাৱিক ঘটনা৷

পাঁচবিঘা মাটিৰ আয়তাকাৰ কালিকালগা পুখুৰীটো বিচাৰি উলিওৱাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ বেছি পৰ নালাগিল৷ বৈৰাগীমঠ চাৰিআলি পায়ে ৰেলৱে’ বিভাগৰ শঙ্কৰদেৱ ক’লনিলৈ যোৱা ৰাস্তাৰ বিপৰীত দিশে থকা পথেদি আগুৱাই ষ্টেডিয়ামখনৰ ৱালৰ কাষেৰে আহি দুটামান কেঁকুৰি পাৰ হৈয়ে কালিকা লগা পুখুৰীটো দেখা পালে৷ পুখুৰীটো পোৱাৰ আগে আগে এটা কেঁকুৰিত পথৰ কাষত এজন মানুহে একাষৰীয়াকৈ ৰৈ ম’বাইল ফোনত কাৰোবাৰ স’তে একেবাৰে নিম্নস্বৰত কথা পাতি থকা  ৰতন বৰুৱাই লক্ষ্য কৰিছিল৷ মানুহটোক সন্দেহজনক যেন অনুভৱ হ’ল –ৰতন বৰুৱাৰ৷ পুখুৰীটোৰ পাৰৰ পকী বেৰাৰ কাষে কাষে কেইখোজমান আগুৱাই ৰতন বৰুৱাই তেওঁৰ ম’বাইল ফোনত নম্বৰ ডাইল কৰিলে৷

“ হেল্ল’ বিক্ৰম , তুমি ক’ত আছা ? ”

“ ছাৰ , মই চল্টব্ৰুক একাডেমিৰ ওচৰৰ কেন্টিনখনতে আছোঁ৷”

“ তুমি তাৰ পৰা আহাঁ আৰু কালিকা লগা পুখুৰীটোৰ ফালে আগুৱাই আহি থাকিলে পথৰ দাঁতিত এজন মানুহে ম’বাইলত কথা পাতি থকা দেখিবা৷ তাক অনুসৰণ কৰিবা আৰু পাৰিলে ম’বাইলত পতা তাৰ কথা বাৰ্তা ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিবা৷ ঠিক আছে ? থৈছোঁ৷”

################

সদৰ থানাৰ আৰক্ষী বিষয়াৰ সৈতে ডিটেকটিভ ৰতন বৰুৱাই আলোচনাত ব্যস্ত৷

“বৰুৱা ডাঙৰীয়া, আপুনি কালিকা লগা পুখুৰীটো নিশ্চয় অতি সুক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰিছে৷”

সদৰ থানাৰ আৰক্ষী বিষয়া নিত্যানন্দ কলিতাই ৰতন বৰুৱাক উদ্দেশ্যি ক’লে,” পুখুৰীটোৰ মাটি কালি কিমান হ’ব যেন অনুমান হয় বাৰু ?”

“অতি কমেও পাঁচ বিঘা মাটি হ’ব৷ পুখুৰীটোৰ বিষয়ে অন্য বহু কথাও আমি সংগ্ৰহ কৰিছোঁ৷ কেচটোৰ অনুসন্ধানৰ  ক্ষেত্ৰত সেইবোৰে আমাক নিশ্চয় সহায় কৰিব৷ পিছে কলিতা ডাঙৰীয়া, অৰুণ কোঁৱৰৰ মৃত্যুৰ লগত এই কালিকা লগা পুখুৰীৰ সম্পৰ্ক কেনেদৰে থাকিব পাৰে বুলি আপুনি সন্দেহ কৰিছে?”

“ চাওক বৰুৱা, প্ৰথমে অৰুণ কোঁৱৰৰ পত্নীৰ মৃত্যু হয় সামান্য পানী লগা জ্বৰ হৈ, তাৰ পিচত অৰুণ কোঁৱৰৰ মৃত্যু গুৱাহাটীৰৰ ‘হোটেল চম্পক’ নামৰ অভিজাত হোটেলখনৰ এটা কোঠাত অস্বাভাৱিক ধৰণে হোৱাৰ দৰেই তেওঁৰ বৰ পুত্ৰ নবীন কোঁৱৰৰ মৃত্যু হৈছিল নিজৰ গাড়ীৰ চিটত বহি থকা অৱস্থাতে৷ এওঁলোকৰ পৰিয়ালটোৰ লোকসকলৰ আকস্মিক ধৰণৰ মৃত্যুৰ বাবে পুখুৰীপৰীয়া ৰাইজে কালিকালগা পুখুৰীটোকে জগৰীয়া কৰিব খোজে৷ কাৰণ, কোঁৱৰ পৰিয়ালটোৰ ঘৰ পুখুৰীটোৰ উত্তৰ পশ্চিম কোণত৷ তেওঁলোকৰ ঘৰৰ কাষতে থকা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহঘৰকনো  কিয় তেনে অপায়-অমঙ্গল কালিকালগা পুখুৰীৰ অপদেৱতাই ঘটাব পৰা নাই বুলি ডাঙি ধৰা যুক্তিক পুখুৰীপৰীয়া ৰাইজে খণ্ডন  কৰি কয় যে তেনে ধৰণৰ ডাঙৰ অপায়-অমঙ্গল ঘটাৰ আগে আগে তেওঁলোকে নিজৰ ঘৰৰ চৌহদত এটি মন্দিৰ সজাই পূজা –পাতল আৰম্ভ কৰি দিলে৷ অৰুণ কোৱঁৰৰ মৃত্যুৰ পিচত কেচটোৰ অনুসন্ধানৰ বাবে আমি কোঁৱৰৰ ঘৰলৈ যাওঁতে পুখুৰীপৰীয়া ৰাইজে আমাক কালিকা লগা পুখুৰীটোৰ বিষয়ে আৰু বহুতো মনোগ্ৰাহী কাহিনী কৈছিল৷”

“সেই কাহিনীবোৰে আমাৰো অনুসন্ধানৰ কামত সহায় কৰিব৷ গতিকে কওকচোন কলিতা, কথাবোৰ শুনো৷” ৰতন বৰুৱাই আগ্ৰহ দেখুৱাই কণমানি নাতিয়ে বুঢ়ী-আইৰ সাধু শুনিবলৈ জোপ লৈ খুন্দা তামোলৰ গুড়া মুখত ভৰোৱা আইতাকৰ মুখলৈ চাই ৰোৱাৰ দৰে কলিতালৈ চালে৷

“কালিকা লগা পুখুৰীটোত সলিল সমাধি ঘটা প্ৰত্যকজনেই ভালদৰে সাঁতোৰিব জানিছিল ; কিন্তু পুখুৰীটোৰ এক নৰ্দ্দিষ্ট স্থানত সাঁতোৰিব জানিলেও পানীত ডুব যোৱাৰ পিচত কোনোজনেই পানীৰ তলৰ পৰা ওলাই আহিব নোৱাৰিলে৷”

“ স্থানীয় লোকে কয় যে সেই কালিকা লগা পুখুৰীটোত মাছেৰে পূৰ্ণ হৈ থকাৰ দৰে দেখা যায় যদিও তাত মাছমৰীয়াই মাছ ধৰিব নোৱাৰে৷ আনহে নেলাগে খৰালিও পানী সিঁচি মাছ ধৰিব নোৱাৰে৷ পানী নকমে,একেই থাকে৷

নিশা দহ বজাৰ পিচত পুখুৰীটোৰ আশে-পাশে কোনো মানুহকে দেখা পোৱা নাযায়৷ ৰাতি গভীৰ হোৱাৰ লগে লগে পুখুৰীৰ পাৰত কেইবাটাও ক’লা মেকুৰীৰ চকু  লাইটৰ বাল্বৰ দৰে জ্বলি উঠে আৰু সেইবোৰ ইফালে সিফালে ঘূৰি ফুৰে৷ অন্যহাতে পুখুৰীপৰীয়া এঘৰত ৰকি নামৰ প্ৰকাণ্ড আকৃতিৰ কুকুৰটোৰ গুৰুগম্ভীৰ ভুকভুকনিৰ শব্দ নিশা যিমানে গম্ভীৰ হয় সিমানে বাঢ়ি যাব ধৰে৷ এনে এক জয়াল পৰিবেশৰ বাবে স্থানীয় বাসিন্দাসকলে কোঁৱৰৰ পৰিয়ালটো অপদেৱতাৰ ৰোষত পৰিছে বুলি ধৰি লৈছে৷-----৷” আৰক্ষী বিষয়া কলিতাই কাহিনীটো বৰ্ণনা কৰি যাওঁতে ৰতন বৰুৱাৰ এনে ভাৱ হ’ল যেন কলিতাই কালিকা লগা পুখুৰীটোৰ অপদেৱতাকে ঘাতকৰ ৰূপত প্ৰতিষ্ঠিত কৰি গোচৰটোৰ সামৰণি মাৰিব খুজিছে৷ সেয়েহে ৰতন বৰুৱাই কলিতাক প্ৰশ্ন কৰিলে , “এজন আৰক্ষী বিষয়া হিচাপে আপুনি এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰাজিৰ আঁৰত কোনো স্বাৰ্থ জড়িত মহলৰ হাত থাকিব পাৰে বুলি নাভাৱেনে ?”

“চাওক বৰুৱা, আপুনি জানেই,পুলিচে সকলো বিষয়তে সন্দেহৰ গোন্ধ পায় আৰু তাৰ আলমতে অনুসন্ধানৰ প্ৰক্ৰিয়া আগুৱাই নিয়ে ; কিন্তু এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰাজিৰ  আঁৰত কোনো লোক  জড়িত থকাৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰিহে আমি আপোনাৰ সহায় লৈছোঁ৷ গতিকে আপুনিহে ইয়াৰ অন্তৰালত  কোনো ব্যক্তি জড়িত আছে যদি তাক উলিয়াব লাগিব৷ আমি আপোনাক সকলো দিশতে সহায় কৰি যাম৷”

“ধন্যবাদ কলিতা৷” ৰতন বৰুৱাই ক’লে৷

###############

বিচিত্ৰ নগৰীয়া জীৱন ! ইয়াত দিন ৰাতিৰ নাই ছেদ-ভেদ৷ জীৱনৰ গতিক যথোচিত মাত্ৰা দিবৰ বাবেই যেন এই অহোৰাত্ৰি সংগ্ৰাম মানৱ জাতিৰ৷ জীৱনৰ লক্ষ্য উদ্দেশ্য বিহীন মানসিক বিকাৰগ্ৰস্ত মানুহটোও অকাৰণতে ব্যস্ত হৈ পৰিছে৷ সি পলিথিনৰ মোনাবোৰ বুটলি ফুৰিছে আৰু সেইবোৰ সমগ্ৰ শৰীৰতে বান্ধি লৈছে৷ কিছুদিনৰ পৰা তাক বৈৰাগী মঠৰ ষ্টেডিয়ামৰ পকী বেৰাৰ কাষে কাষে পলিথিন বুটলি ফুৰা দেখা গৈছে৷

দেবানন্দ হাজৰিকাই পথৰ দাঁতিত নিৰ্জন ঠাইডোখৰত ৰৈ আনদিনাৰ দৰেই ম’বাইলত অনুচ্চ স্বৰত কাৰোবাৰ স’তে কিবা জৰুৰী তথা গোপন আলোচনা কৰি আছিল৷ হঠাৎ পগলাটো ক’ৰ পৰা কেতিয়ানো আহি তেওঁৰ কাষ পালেহি  তাকে তৎ ধৰিব নোৱাৰি তেওঁ প্ৰথমে উচপ খাই উঠিল৷ পগলাটোক ভালদৰে নিৰীক্ষণ কৰাৰ পিছত দেবানন্দ হাজৰিকাই পুনৰ ম’বাইলত কথা পাতিব ধৰিলে৷ পগলাটোৱেও ষ্টেডিয়ামৰ ৱালখনত কিবা এটা বিচাৰি চিকোটি-বাকোটি থাকিল৷

“হেল্ল ছাৰ, পাগল এটা ওচৰতে দেখি অলপ ৰৈ দিছিলোঁ৷ ৰ’ব ছাৰ ৰ’ব, ৰাস্তাৰে বেলেগ এজন মানুহ আহিছে৷ অলপ পিছত কথাখিনি জনাম৷”

ৰাস্তাৰে মানুহজন পাৰ হৈ যোৱাৰ পিছত দেবানন্দ হাজৰিকাই পুনৰবাৰ ম’বাইলত সংযোগ স্থাপন কৰি ক’লে,“হেল্ল’ শুনক ছাৰ, পুলিচে সকলোবোৰ ঘটনাকে কালিকা লগা পুখুৰীটোৰ অপদেৱতাৰ ক্ৰুব্ধ দৃষ্টিৰ ফলত ঘটা বুলি পতিয়ন যোৱাকৈ আমাৰ মানুহে সুন্দৰকৈ বৰ্ণনা দিছে৷ এতিয়া অনুৰাগ কোৱঁৰে ঘৰ-মাটি সকলো নিজৰ নামত কৰি ল’ব পাৰিলেই হ’ল৷ ছাৰ, সকলো হৈ যাব৷ নতুন বেংক একাউন্ট নম্বৰটো লিখি লওক৷ ৭২৫৪০১০০০৭৬২৫ ৷ হয়, হয়,ছাৰ৷ হ’ব হ’ব৷ একো চিন্তা নকৰিব৷ থৈছো ছাৰ৷”দেবানন্দ হাজৰিকাই ম’বাইলটো পকেটত  ভৰাই সেই স্থান ত্যাগ কৰিলে৷ ক্ষন্তেকতে পগলাটোও অন্তৰ্ধান হ’ল৷

###################

কালিকা লগা পুখুৰীটোৰ দক্ষিণ পূব দিশৰ পাৰত থকা ভাৰাঘৰত  কেইমাহমানৰ পূৰ্বে এঘৰ নতুন ভাৰাতীয়া সোমাইছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  পৰীক্ষাৰ্থী জীয়েক আৰু মাক৷ দুয়ো প্ৰকৃতিপ্ৰেমী৷ হাতত বাইন’কুলাৰ আৰু শক্তিশালী ডিজিটেল কেমেৰা লৈ পুখুৰীৰৰ চৰাইবোৰ নিৰীক্ষণ কৰে  আৰু ফটো তুলে৷ পুখুৰীপৰীয়া বাদিন্দাসকলৰ নজৰত ততালিকে পৰি গ’ল তেওঁলোক৷ অতি কম দিনৰ ভিতৰতে তেওঁলোকে পুখুৰীপৰীয়সকলৰ  ৰান্ধনী গৃহত প্ৰৱেশৰ অনুমতি পালে আৰু চাহ মেলত ভাগ ল’ব পৰা হ’ল৷

##################

প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ একমাত্ৰ সন্তান প্লাৱিতাই পুৱাই দৈনিক বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাতে শিৰোনামা এটা দেখিয়ে ঘৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি দিলে৷ তাই দেউতাকৰ বিছনাৰ কাষলৈ গৈ শুই থকা দেউতাকৰ পুৱাৰ চিকুন টোপনি ভাঙি দি চিঞৰি চিঞৰি ক’লে,“পাপা, পাপা শুনা, আজিৰ বাতৰি কাকতত তোমাৰ কথা কি লিখিছে,“প্ৰখ্যাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ সফল অভিযান৷ বৈৰাগী মঠৰ হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ত৷----------------------৷”

ৰতন বৰুৱাই বিছনা এৰি মুখ-হাত ধুই চাহৰ পিয়লাত মুখ দিয়ে বাতৰিটো পঢ়িলে৷ দেউতাকৰ অভিযানবোৰৰ শেষ হ’লেই প্লাৱিতাই দেউতাকক নানা প্ৰশ্ন কৰি দোষীক কিদৰে ধৰা পেলালে সেয়া জানিব বিচাৰে৷ ৰতন বৰুৱাইও জীয়েকক নিজৰ অভিযানৰ কাহিনী কৈ ভাল পায়৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ জীয়েকৰ তাগিদাত ৰতন বৰুৱাই অভিযানৰ কাহিনী কৈ গ’ল৷

“ অৰুণ কোৱঁৰৰ দুই পুত্ৰ৷ নবীন আৰু অনুৰাগ৷ নবীন অবিবাহিত৷ অনুৰাগে চিৰিংচাপৰিৰ অৰুনিমাক বিয়া কৰোৱা সাতমাহ মানহে হৈছে৷ ইয়াৰ পূৰ্বে অৰুণ কোৱঁৰৰ ঘৰখন ঠিকেই চলি আছিল৷ এতিয়া আৰম্ভ হ’ল ইটোৰ পিছত বিঘিনি৷ অৰুণ কোৱঁৰৰ পত্নী চণ্ডীকা কোৱঁৰৰ মৃত্যু হ’ল সামান্য পানী লগা জ্বৰ হৈয়ে৷ তাৰ পিছত গুৱাহাটীৰ ‘হোটেল চম্পক’ত অস্বাভাৱিক মৃত্যু ঘটে অৰুণ কোৱঁৰৰ আৰু গাড়ীৰৰ চিটত বহি থকা অৱস্থাত মৃত্যু হয় নবীন কোৱঁৰৰ৷ কোৱঁৰৰ পৰিয়ালটোলৈ ৰঙানদীৰ বান্ধ ভাঙি নামি অহা ধলৰ দৰে বিঘিনিয়ে কিন্তু অনুৰাগ আৰু অৰুনিমাক চুই যোৱা নাই৷”

ৰতন বৰুৱাৰ কথাৰ মাজতে প্লাৱিতাই প্ৰশ্ন কৰিলে, “কিন্তু কিয় চুই যোৱা নাই পাপা ? আৰু কোৱঁৰৰ পৰিয়ালটোৰ ঘৰুৱা কথাবোৰ তোমালোকে কেনেকৈ জানিলা ?”

“ ৰহস্য এনেবোৰ কথাৰ মাজতে লুকাই থাকে মাজনী৷ অনুৰাগ যে অৰুণ কোৱঁৰৰ তুলনীয়া পুত্ৰহে সেই কথা বৈৰাগী মঠৰ কোনেও নাজানিলেও আমাৰ মহিলা সহযোগী বৰ্ণালী দত্তই তেওঁৰ নতুন বান্ধৱী  অৰুনিমাৰ পৰা জানিব পাৰিলে৷  ইয়াৰে পৰাই আমাৰ অভিযান দ্ৰুত গতিত আগ বাঢ়িল৷ বৰ্ণালীয়ে অৰুনিমাৰ পৰা জানিব পাৰিলে যে কালিকা লগা পুখুৰীৰ পাৰৰ এই অভিশপ্ত  ঘৰটোত শোক-বিহ্বল আৰু ভয়াৰ্ত হৈ তেওঁলোক আৰু বেছি দিন থাকিব নোৱাৰে৷ সেয়ে ঘৰটো কোনোবা এজন মন্ত্ৰীক সত্তৰ লাখ টকাত বিক্ৰী  কৰি দি তেওঁলোকে অন্য এখন নগৰত ফ্লেট কিনি তাতে থাকিবগৈ৷

কালিকা লগা পুখুৰীৰৰ দক্ষিণ পূব পাৰত নিজৰ জীয়েকৰ স’তে ভাৰা ঘৰ লৈ থকা প্ৰকৃতি প্ৰেমী বৰ্ণালী দত্তৰ বাইন’কুলাৰ আৰু শক্তিশালী ডিজিটেল কেমেৰাই কোৱঁৰৰ ঘৰৰ বহু ৰহস্যৰ সম্ভেদ দিলে৷ অন্যহাতে গাত পলিথিন বান্ধি ঘূৰি ফুৰা পগলা ৰূপী আমাৰ সহযোগী বিক্ৰমে তেওঁৰ গাত লুকুৱাই ৰখা শক্তিশালী কেমেৰা আৰু টেপৰেকৰ্ডাৰৰ যোগেদি তথ্য যোগান ধৰি আমাৰ অভিযান চলাই যোৱাত যথেষ্ট সহায় কৰিলে৷ বিক্ৰমে মন্ত্ৰী আৰু অনুৰাগৰ মধ্যস্থতাকাৰী ভূমি দালাল দেবানন্দ হাজৰিকাই ফোনত পতা কথাবোৰ অতি সাৱধানতাৰে টেপ কৰিবলৈ সক্ষম হ’ল৷

আমি ভাল দৰেই জানিব পাৰিলো যে ভূমি মাফিয়াৰ চক্ৰটোৱে কালিকা লগা পুখুৰীটোৰ জয়াল পৰিবেশ ৰচনাৰ বাবেই  বহু কেইটা ক’লা মেকুৰী পুঁহিছিল- যিবোৰক ৰাতি দেখা পাই কুকুৰবোৰে ওৰে ৰাতি ভুকি থাকে৷”

“পিছে পাপা, গুৱাহাটীৰ ‘হোটেল চম্পক’ত অস্বাভাৱিক ভাৱে মৃত্যু হোৱা অৰুণ কোৱঁৰৰ ভাৰাতীয়া হত্যাকাৰীক তোমালোকে কেনেকে ধৰা পেলালা ?”

“মাজনী, অতি সহজতে কামটো হৈ গ’ল৷ ‘হোটেল চম্পক’ৰ কোঠা এটা ভাৰাত লৈ  থাকি আমাৰ সহযোগী  ৰঞ্জিতে হোটেলখনৰ মানুহবোৰৰ ওপৰত নজৰ ৰাখি আছিল৷ হোটেল পৰিচৰ্য্যাকাৰী ল’ৰা এজনে চাকৰি এৰি যোৱাৰ লগে লগে আমৰ সহযোগী বাহাদুৰক খবৰ দি সেইটো চাকৰিত ভৰ্তি কৰাই দিয়া হ’ল৷ বাহাদুৰে হোটেলৰ অন্য কেইটা ল’ৰাৰ পৰা সংগ্ৰহ কৰা খবৰ অনুযায়ী জানিব পৰা গ’ল যে হোটেলত থকা অৱস্থাত অৰুণ কোৱঁৰক পৰিচৰ্য্যা কৰা কামত চাকৰি এৰি যোৱা বিনোদ পাণ্ডে নামৰ ল’ৰাটো সঘনে জড়িত আছিল৷ এইবাৰ আমাৰ বাহাদুৰেও চাকৰি এৰিলে৷ বিচাৰি গ’ল অচিনাকি বন্ধু বিনোদ পাণ্ডেক তাৰ নলবাৰীৰ ঘৰলৈ৷ বন্ধুৰ ঘৰত এনিশা কটায়ে বন্ধুৰ সচ্ছল আৰ্থিক অৱস্থাৰ সম্ভেদ পালে৷ পিছে বন্ধুক লগ নাপালে গাঁৱৰ ঘৰত৷ তেওঁ থাকে নলবাৰী নগৰত৷ আছে তাত তেওঁৰ ভাল ব্যৱসায়৷ এতিয়া জানিলানে মাজনী, অৰুণ কোৱঁৰক কোনে কিয় হত্যা কৰিলে ? এতিয়া তুমি নিশ্চয় নবীন কোৱঁৰৰ হত্যাকাৰীক কিদৰে চিনাক্ত কৰা হ’ল সেয়া জানিব বিচাৰিবা৷ নহয় জানো ? বাৰু মাজনী, চমুকৈ কে থওঁ শুনা৷”

“গাড়ীত বহি থাকোঁতে নবীন কোৱঁৰে তেওঁৰ ম’বাইলত  এটা অচিনাকি নম্বৰৰ পৰা অহা ফোন কল পাই ৰিচিভ কৰোঁতেই তেওঁৰ হৃদ-যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায় আৰু মৃত্যু মুখত পৰে৷ এয়া আছিল ফোন কৰা ব্যক্তিজনে প্ৰয়োগ কৰা এক উচ্চ প্ৰযুক্তিৰ কৌশল—যিয়ে নেকি ফোন কল ৰিচিভ কৰোঁতাজনৰ মৃত্যুৰ কাৰণ হ’ব পৰা জোখাৰে শব্দৰ সৃষ্টি কৰে৷”

কথাখিনি কৈ ৰতন বৰুৱাই প্লাৱিতাৰ হাতৰ পৰা তাই আধা পঢ়া কৰা তেওঁৰ অভিযানৰ কাহিনী থকা বাতৰি কাকতখন থাপ মাৰি লৈ ক’লে,”মাজনী, তুমি বাতৰিত বৰ্ণনা কৰা কথাবোৰ নপঢ়াকৈ কোৱাচোন হত্যাকাণ্ডত কোন কেনেকৈ  কিয় জড়িত আছিল ? পিছে, এটা কথা মনত ৰাখিবা যে অপৰধীৰ কৌশলবোৰ যিমানেই নিখুঁট নহওক কিয়, কিবা  নহয় কিবা এক বিজুতিৰ হেতু অনুসন্ধানকাৰীৰ বাবে শুং-সূত্ৰ এৰি যোৱাৰ ফলতেই এদিন অপৰাধী ধৰা পৰে৷

-----------------সমাপ্ত---------------

বিঃ দ্ৰঃ গল্পটি  "ৰহস্য" আলোচনীৰ ৰঙালী বিহু সংখ্যা,২০১৫ ত প্ৰকাশ পাইছে৷