Monday 26 October 2015

অসমীয়া জাতীয় উৎসৱ বিহুৰ আলমত গঢ়লৈ উঠা ব্যৱসায়-বাণিজ্যৰ এক পৰ্যালোচনা

সাম্প্ৰতিক কালত মানুহ ইমানেই বস্তুবাদী হৈ পৰিছে যে জীৱনটো ভোগ-বিলাসত পাৰ কৰি দিবৰ বাবে সদায়ে ধন, টকা-পইচাৰ সন্ধানত থাকে৷ মানুহৰ এনে সন্ধানী দৃষ্টিয়ে ধৰ্ম, লা-সংস্কৃতি একোকেই বাদ দিয়া নাই৷ বাদ পৰা নাই আমাৰ জাতীয় উৎসৱ বিহু৷ ৰঙালী, কঙালী আৰু ভোগালী এই আটাই কেইটা বিহুক কেন্দ্ৰ কৰি ব্যৱসায়-বাণিজ্য চলিব ধৰিছে৷ এনে ধৰণৰ ব্যৱসায়-বাণিজ্যৰ যোগেদি এচাম লোকে দুবেলা-দুমুঠি খাবৰ বাবে দুপইচা অৰ্জন কৰিছে আৰু অন্য এচাম সুযোগ সন্ধানী লোকে অন্যায় ভাৱে অধিক মুনাফা লুটিছে৷

বস্ত্ৰ  ব্যৱসায়

বহাগ বিহু বা ৰঙালী বিহুৰ বতৰত বসন্তৰ আগমন ঘটাৰ লগে লগে গছ-বিৰিখত কুঁহি পাত ওলায় আৰু বনৰীয়া ফুল ফুলি চৌদিশ জকমকাই তুলে৷ প্ৰকৃতিৰ এনে বিনন্দিয়া ৰূপত মুগ্ধ হৈ বিহু বলিয়া অসমীয়া ৰাইজ আনন্দত মতলীয়া হৈ প্ৰকৃতিৰ লগত খাপ খুৱাই নিজেও নতুন সাজ-পোছাক পিন্ধি বিহু উৎযাপনত ব্যস্ত হৈ পৰে৷ ৰাইজৰ এনে সময়ৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ উঠি পৰি লাগি যায় ব্যৱসায়ী মহল৷ বস্ত্ৰ ব্যৱসায়ীসকলৰ বাবে অধিক মুনাফা লুটাৰ সোণালী সুযোগ আহি পৰে৷ এনে ব্যৱসায়ৰ লগত জড়িত অনা-অসমীয়া ব্যৱসায়ীসকলে নানা কৌশল প্ৰয়োগ কৰি বিহু বলিয়া ৰাইজক চলনা কৰি ধন ঘটে৷ অসমৰ গামোচা, মেখেলা-চাদৰ, চেলেং-চাদৰ, মুগাৰ ৰিহা-মেখেলা, পাটৰ মেখেলা-চাদৰ আদি সকলোবোৰ কাপোৰ-কানিৰ অনুকৰণত বৰ্হি ৰাজ্যৰ কলঘৰত প্ৰস্তুত বস্ত্ৰ আনি অসমৰ বজাৰত মেলি দি স্থলুৱা শিপিনী তথা উদ্যোগীৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছে৷ অন্যহাতে খাতি খোৱা অসমীয়াক চৰা দামত নকল বস্ত্ৰ বিক্ৰী কৰি বৰ্হি ৰাজ্যৰ বণিকসকলে তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাই যাব ধৰিছে৷

নানা ধৰণৰ অলংকাৰ আৰু গহনা-পাতিৰ ব্যৱসায়

বিহুৰ দিন কেইটাত নতুন সাজ-পোছাকৰ লগতে জীয়াৰী-বোৱাৰীসকলে নানা ধৰণৰ অলংকাৰ আৰু গহনাপাতি পৰিধান কৰি নিজকে সজাই তুলিব খোজে৷ বিহু নাচিবলৈ বিহুৱতীক লাগে গাম খাৰু, গলপতা ইত্যাদি৷৷ আ-অলংকাৰৰ স’তে জড়িত ব্যৱসায়ীসকলে প্ৰকৃত ধাতুৰ ওপৰিও নকল ধাতুৰ অলংকাৰেৰে বজাৰ ভৰাই তুলে৷ ধনৱানসকলে আচল সোণ-ৰুপেৰে তৈয়াৰী আ-অলংকাৰ কিনি পৰিধান কৰে৷ সোণৰ অলংকাৰ কিনিব নোৱাৰা সকলে নকল সোণেৰে তৈয়াৰী গহনাপাতিকে পৰিধান কৰি বিহু উৎযাপন কৰে৷ বিহুৰ বতৰত জাগি উঠা অলংকাৰপাতিৰ প্ৰতি দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ীসকলে চৰা দামত সামগ্ৰীসমূহ বিক্ৰী কৰি অধিক লাভবান হয়৷

বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ ব্যৱসায়

বিহুৰ কেইদিন গৃহস্থই নানা ধৰণৰ খাদ্য সম্ভাৰ সংগ্ৰহ কৰি অপ্যায়নৰ বাবে সাজু হৈ আলহী-অতিথিলৈ অপেক্ষা কৰি ৰয়৷ বিশেষকৈ বিহু বুলিলেই নানা বিধ পিঠা-পনা আৰু জলপান যিকোনো উপায়েৰে হ’লেও গৃহস্থই যোগাৰ কৰি ৰাখিবই ৰাখিব৷ ইয়াৰ বাবে অতি আৱশ্যকীয় বস্তুটো হ’ল গাখীৰ৷ গৰু গাখীৰেই হওক বা ম’হৰ গাখীৰ, এৱাঁই হওক বা দৈ, যেয়ে যি ভাল পায় সংগ্ৰহ কৰে৷ হাতত ধন লৈ বজাৰলৈ গ’লেই হ’ল, বজাৰত আজিকালি সকলো পায়৷ পিছে, দৈ টেকেলি কিনোতে সাৱধান নহ’লে ঘৰত আনি দেখিব যে দৈ টেকেলিত গাখীৰতকৈ পানীৰ পৰিমাণ বেছি৷ তাৰোপৰি ভেজাল গাখীৰৰ সমস্যা আছেই৷

বিহু ওচৰ চাপি অহাৰ লগে লগে বজাৰত তামোল-পানৰ বেপাৰীৰ উথপ-থপ লাগে৷ সাধাৰণতে যিমান তামোল-পান বজাৰত বিক্ৰী হয় তাৰ বহুগুণে বেছি বিক্ৰী হয় বিহুৰ বতৰত৷ কাৰণ, গুৱা-পান নহ’লে যে অসমীয়া ৰাইজৰ গৃহস্থী ধৰ্ম পালন নহয়৷ ঠিক একে দৰে মাঘ বিহু বা ভোগালী বিহুত আলু এক অপৰিহাৰ্য খাদ্য৷ আলু নাখালে বোলে পৰজনমত গাহৰি হৈ জনম লভে৷ সেয়েহে বিবিধ আলুৰে বজাৰ ওপচি পৰে৷

বহাগ বিহুৰ উৰুকাৰ দিনা এশ এবিধ বন-শাকৰ আঞ্জা খালে বেমাৰ আজাৰৰ পৰা হেনো ৰক্ষা পাব পাৰি৷ আজি কালি বজাৰত সেই এশ এবিধ বন-শাকো পোৱা যায়৷ আপুনি বজাৰলৈ জোলোঙাখন লৈ গৈ ধন দি আনিবহে লাগে৷ পিছে হিচাপ কৰি চাব দেই, এশ এবিধ নাথাকিবও পাৰে৷ আমৰলি টোপ খায় যদি সেয়াও এতিয়া বিহুৰ বতৰত বজাৰতে পাব, আপুনি মিছাতে আমৰলিৰ কামোৰ খোৱাৰো দৰকাৰ নাই৷

মদৰ ব্যৱসায়ীসকলে বিহুৰ দিন কেইটাত অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ সুবিধা পায়৷ আজিকালি আমাৰ অসমৰ প্ৰায় সকলো জাতি-জনজাতিৰ লোকেই মদ্য পান কৰাত অভ্যস্ত হৈ পৰিছে বুলি ক’লেও ভুল কৰা নহ’ব৷ যিহেতু আমাৰ চৰকাৰে পানীয়কণ সহজতে উপলব্ধ হোৱাকৈ বিলাতী সুৰাৰ দোকানবোৰ পাতিবলৈ অনুমতি পত্ৰ দিয়া হেতু যেনিয়ে চাই তেনিয়ে সেইবোৰ দোকানেৰে ভৰি পৰিছে৷ মুঠতে, বিহুৰ দিন কেইটাত উপভোক্তাসকলে যি বিধৰ মদ্য পান কৰিব খোজে তাকে অতি সহজে পাব পৰাকৈ এখন বজাৰ গঢ় লৈ উঠে৷ দেখা গৈছে যে সহজ লভ্য বিলাতী সুৰাৰ ব্যৱসায় সম্পৰসাৰণত উঠি অহা যুৱক-যুৱতীৰ এটা চামে বিশেষভাৱে অৰিহণা যোগাইছে৷

মাছ-মাংস আৰু কণী বেপাৰীয়ে বৰ্ধিত চাহিদাৰ সুযোগ লৈ অতিৰিক্ত দৰত মাছ-মাংস আৰু কণী বিক্ৰী কৰি অধিক লাভৱান হয়৷ বিহুৰ বতৰত মানুহে মাছে-মঙহেৰে এসাজ ভালদৰে খাই তৃপ্তি লাভ কৰিব খোজে৷ অন্যহাতে পৰাম্পৰাগত ভাৱে চলি অহা কণী যুঁজ আছেই৷ সেইয়ে এনে ব্যৱসায়ৰ লগত জড়িতসকলে বজাৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মাছ-মাস আৰু কণীৰে বজাৰ উপচায় দিয়ে আৰু তেওঁলোকৰ বিক্ৰীও ভাল হয়৷

বিহু উৎযাপনৰ বাবে আৱশ্যক হোৱা নানা বিধ দ্ৰব্যৰ ব্যৱসায়

গৰু বিহুৰ দিনা গৰু নোৱাবলৈ লাগে মাহ-হালধি ইত্যাদি৷ গৰু-গা ধুৱাওঁতে চাট মাৰিবলৈ লাগে লাও, বেঙেনা, ঠেকেৰা, কেৰেলা, হালধি ইত্যাদি৷ জাক দিবলৈ লাগে দীঘলতি, মাখিয়তী আৰু ভাং গছৰ সৰু পুলি৷ সেইবোৰ বস্তুৰো এখন বজাৰ গঢ় লৈ উঠিছে৷ কিছু দিনৰ পৰা দেখা গৈছে যে আমাৰ নগৰত বসবাস কৰা অসমীয়াসকলে হেৰাই যাবলৈ ধৰা বিহুৰ কৌটিকলীয়া পৰম্পৰাসমূহ ঘুৰাই আনিবলৈ চেষ্টা কৰিছে৷ এই কাম কৰিবলৈ যাওঁতে ধনৰ বিনিময়ত পৰম্পৰাৰ স’তে জড়িত সামগ্ৰীবোৰ লাভৰ প্ৰচেষ্টাৰ পৰিণাম স্বৰূপেই তেনে সামগ্ৰী বোৰে আহি নগৰৰ বজাৰ দখল কৰিছে আৰু ই এক ভাল ব্যৱসায়ত পৰিণত হৈছে৷ আনহে নালাগে কাতি বিহুৰ দিনা ৰোপণ কৰা তুলসী পুলিটোৱেও নগৰৰ বজাৰত স্থান পাইছে৷ আজিকালি নগৰ-চহৰ সকলোতে মাঘ বিহুৰ মেজি আৰু ভেলাঘৰ সজা হয় আৰু তাৰ বাবে প্ৰয়োজন হোৱা কাঠ-বাঁহ, খৰিৰ এক লাভজনক ব্যৱসায় গঢ় লৈ উঠিছে৷ আনহে নালাগে নাচনীৰ খোপাৰ কপৌ ফুলেও বজাৰত স্থান পাইছে৷

বিহু-গীত আৰু বিহু-নৃত্য প্ৰশিক্ষণৰ ব্যৱসায়

আজিকালি মঞ্চত বিহু-গীত আৰু বিহু-নৃত্যৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ হ’লে প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব৷ মঞ্চ বিহু প্ৰতিযোগিতাসমূহ ইমাণেই উন্নত হ’ব ধৰিছে যে বিহু গীত, বিহু-নৃত্যৰ পাৰদৰ্শিতা থাকিলেও প্ৰতিযোগীয়ে বিহু সম্বন্ধীয় জ্ঞান আহৰণ কৰি নল’লে বিজয়ীৰ সন্মান লাভ কৰিব নোৱাৰে৷ বিহু প্ৰতিযোগিতাৰ বাবে আগ বঢ়োৱা আকৰ্ষণীয় পুৰষ্কাৰ লাভৰ আশাত প্ৰতিযোগীৰ সংখ্যা দিনকদিকনে বৃদ্ধি পাব ধৰিছে৷ সেয়ে প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্যাও বাঢ়ি গৈছে আৰু ইয়াৰ যোগদি প্ৰশিক্ষকসকলৰ বাবে ই এক ব্যৱসায়ত পৰিগণিত হৈছে৷

বিহু-মঞ্চত গীত পৰিবেশণ কৰাৰ বাবে মঞ্চ-শিল্পীৰ ব্যৱসায়

স্থানীয়ভাৱে আয়োজন কৰা বিহু-মঞ্চসমূহত গীত পৰিবেশনৰ বাবে শিল্পীৰ সৈতে ধনৰ বিনিময়ত চুক্তি কৰা হয়৷ এনেদৰে ধনৰ বিনিময়ত বিহু পৰিবেশন কৰিবলৈ পাই এচাম শিল্পী উৎসাহিত হৈ পৰিছে আৰু এনে শিল্পীসকলে বিহুক এক উদ্যোগ হিচাপে গণ্য কৰি ধন বিনিয়োগ কৰিছে৷ অৰ্থাৎ শিল্পীয়ে লাখ টকা খৰচ কৰি বাদ্য যন্ত্ৰ ক্ৰয় কৰিছে আৰু নিজৰ ব্ৰেণ্ড গঠন কৰিছে৷ এইদৰে শিল্পীৰ সহযোগীসকলৰো উপাৰ্জনৰ পথ মুকলি হৈছে৷

ঢোল-তাল, পেঁপা,গগণা আদি বাদ্য যন্ত্ৰৰ ব্যৱহায়

বিহুৰ ভালেমান দিনৰ আগৰে পৰাই ঢোল-তাল আদি নিৰ্মাণ কৰা লোকসকলে বজাৰৰ সম্ভাৱ্য চাহিদালৈ লক্ষ্য ৰাখি বাদ্য যন্ত্ৰবোৰ নিৰ্মাণৰ কামত লাগি যায়৷ অসমত আজিকালি কেৱল ঢোল-তালেই নহয়, পেঁপা, গগনা আৰু টকা আদি সকলোবোৰ বাদ্য যন্ত্ৰ বজাৰত উপলব্ধ হৈছে৷ ইয়াৰ উপৰিও বিহু মঞ্চৰ শিল্পীসকলে নিজৰ বেণ্ডৰ বাবে প্ৰয়োজনীয় ড্ৰাম চেট, গীতাৰ, তবলা আৰু হাৰমনিয়াম আদি আধুনিক বাদ্য যন্ত্ৰসমূহ ক্ৰয় কৰি এনে ব্যৱসায়ৰ লগত জড়িতসকলৰ ব্যৱসায় সম্প্ৰসাৰণত উৎসাহ যোগায়৷

বিহু উৎযাপনৰ নামত চান্দা সংগ্ৰহৰ ব্যৱসায়

সমাজৰ এচামলোকে বিহু-মেলা, বিহু-সন্মিলন পতাৰ নামত চান্দা সংগ্ৰহত নামি পৰে৷ এনে অভিযানত নামি পৰি এচামে নিজৰ পকেট গৰম কৰা বুলি বহু দিনৰ পৰাই কথাটোৰ চৰ্চা হৈ আহিছে ; কিন্তু এনে গৰ্হিত কাৰ্যত বাধা দিয়াটো সম্ভৱ হোৱা নাই৷ বৰঞ্চ চান্দা সংগ্ৰহ কৰা কামটো এক লাভজনক ব্যৱসায় হৈ পৰিছে৷ আনকি ৰাজনৈতিক দলবোৰেও দলীয় স্বাৰ্থ ৰক্ষাৰ বাবে চান্দা আগ বঢ়াই সংগ্ৰহকাৰী সকলক অধিক উৎসাহিত কৰি গৈছে৷

বিজ্ঞাপনৰ ব্যৱসায়

শিল্পীসকলে নিজকে পণ্যলৈ পৰিণত কৰি বিহু-সন্মিলন, বিহু-মেলাৰ আয়োজকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে বাতৰি কাকতত বিজ্ঞাপন দিয়ে, বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ, ফেষ্টুন, ফ্লেক্স আৰু প’ষ্টাৰ আদি চকুত লগাকৈ আঁৰি দিয়ে৷ অন্য হাতে বিহু মেলাৰ আয়োজকসকলেও মেলালৈ ৰাইজক আমন্ত্ৰণ জনাই ফ্লেক্স, প’ষ্টাৰ আৰু বেনাৰ আদি লগায়৷ এনেবোৰ প্ৰচাৰ ধৰ্মী কামৰ যোগেদি এচাম লোক লাভবান হয়৷ দেখা গৈছে যে আজিকালি বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীবোৰেও বিহুক আলম কৰি বিজ্ঞাপন দিয়া কাম আৰম্ভ কৰি দিছে৷  

বিহু-সন্মিলন, বিহু-মেলা আয়োজনৰ ঠিকা লোৱা ব্যৱসায়

বিহু-সন্মিলন, বিহু-মেলা আদিৰ আয়োজক সকলে বিহু-মঞ্চ নিৰ্মাণকে ধৰি প্ৰয়োজনীয় সকলো যা-যোগাৰৰ কাম ঠিকাদাৰক দিবলৈ ধৰাত ঠিকা ব্যৱসায়ত নিয়োজিত লোকসকল লাভৱান হ’ব ধৰিছে৷ বিহুতলিত ৰভাঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰালৈকে সকলো কামৰ দায়িত্ব ঠিকাদাৰক দি আয়োজক সকলে নিশ্চিন্ত মনেৰে সফলতাৰে বিহুমেলা পতাত ব্যস্ত হৈ পৰে৷

দালালৰ ব্যৱসায়

মঞ্চলৈ বিহুৰ আগমন ঘটাৰ লগে লগে বিহু এক উদ্যোগলৈ ৰূপান্তৰিত হ’ব ধৰিলে৷ এনে পৰিস্থিতিত সুযোগ সন্ধানী মধ্যভোগী দালালে ধন ঘটাৰ পথ উলিয়াই ল’লে৷ তেওঁলোকে মঞ্চত বিহু পৰিবেশন কৰা শিল্পী আৰু আয়োজকৰ মধ্যস্থতাকাৰীৰ ভূমিকা লৈ কমিশ্যন লোৱা আৰম্ভ কৰি দিলে৷কেৱল ইয়াতেই তেওঁলোকৰ কাম-কাজ সীমাবদ্ধ নাথাকিল৷ বিহু-প্ৰতিযোগিতাৰ পুৰষ্কাৰ প্ৰদানৰ ক্ষেত্ৰতো দালালৰ প্ৰবেশ ঘটিল৷ এনেবোৰ কামক নিজৰ ব্যৱসায় হিচাপে লৈ এচাম লোকে ধন ঘটিবলৈ আৰম্ভ কৰাৰ লগে লগে অসমীয়াৰ বাপতিসাহন বিহুৰ মৰ্যদা হানি হ’ব ধৰিছে৷

সামৰণি

সময়ৰ গতিত নানা পৰিবেশ পৰিস্থিতিৰ মাজেদি আগুৱাই যাওঁতে কলা-সংস্কৃতিয়ে নানা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ কেতিয়াবা স্বকীয় ৰূপো হেৰুৱাব লগা হয়৷ আমাৰ বিহুৰ স্বকীয়তা হেৰাই যোৱা নাই যদিও ইয়াৰ ওপৰত আধুনিকতাৰ প্ৰভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ তথাপিও আজিৰ পৰা কেইটামান বছৰৰ পূৰ্বৰে পৰা দেখা গৈছে যে বিহুক পৰম্পৰাগত ৰূপত জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজে প্ৰচেষ্টা চলাইছে৷ নিশ্চয়কৈ ই এক প্ৰসংশনীয় পদক্ষেপ৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment