Saturday 28 November 2015

ককাৰ জুহালখনি

( এটি কবিতা)

শুন হেৰৌ পো-নাতি,
লাগে মোক চাহৰ বাতি৷

পাত আকৌ জুহালখন
নাভাঙিবি মোৰ মন৷

চহকীৰ বৰ ভেম এতিয়াই এৰি দে
খৰি খেৰ গোটাই মোক জুইকুৰা ধৰি দে৷

হয় যদি লেতেৰা তহঁতৰ পকীঘৰ
জুহাল পাতিবলৈ আছে নহয় গোদামঘৰ৷

গাটো গৰম নহ’লে এনেহেন জাৰত
নোৱাৰো থাকিব মই তহঁতৰ ঘৰত৷

আছে মোৰ জী-নাতি
সদায়ে থাকে মোক মাতি৷

গাঁৱত সিহঁতৰ ঘৰ
থাকি পাওঁ আৰাম বৰ৷

জাৰৰ দিনত জুহালত সাধু কথা কওঁ
তাৰে মাজে মাজে চাহৰ জুতি লওঁ৷

মইনাহঁতে সাধু শুনি টোপনি যায়
আমিও শুই থাকো ভাত মুঠি খাই৷

পুৰণি কথা মোৰ মনত পৰে
পুৱাতে আইয়ে জুইকুৰা ধৰে৷

ঘৰৰ আটাইবোৰে বেৰা মাৰি ধৰোঁ
জুই ফুৱাবলৈ পীৰাবোৰ পাৰোঁ৷

জুইকুৰাৰ ওপৰত কেটলিটো থাকে
পানী উতলিলে আইয়ে চাহপানী বাকে৷

গুৰকণৰ লগত চাহ খাই ভাল লাগে৷
তেহে যেন মানুহবোৰ টোপনিৰ পৰা জাগে৷

তেহেলৈ আইয়ে গাখীৰ খীৰাই আনে
জনপান দিবি আই, কওঁ কাণে কাণে৷

আইয়ে বোলে ৰচোন গাখীৰকণ পগাই লওঁ
সৰখিনি ঘিঁউ বনাবলৈ মলাত কাঢ়ি থওঁ৷

গাখীৰ নমাই আইয়ে চৰুটো পাতে
চেৱা-দিয়া বৰাজলপান বনাই দিয়ে তাতে৷

হাতে হাতে লৈ আমি বাটি দিওঁ পাতি
জলপানৰ লগত দিয়ে গাখীৰ খাতি৷

জুহালত আলু পুৰি খাই ভাল লাগে
যদিওবা দুই এটাহে পৰে ভাগে ভাগে৷

নৈ বিল পুখুৰীত বৰশী বালো
জুহালত মাছ পুৰি কিমান যে খালো৷

জুহালতে পুৰিছিলো হাঁহ পাৰৰ ঠেং
ভাগ বটাই খাওঁতে লাগে বৰ জেং৷

ফেঁহু চুঙা , চুঙা চাউল জুইত পুৰি লৈ
হেঁপাহত ৰৈ থাকোঁ জুতি ল’বলৈ৷

পেহীয়ে পোৰা আলুত পকা আঙঠা দি লয়
মিঠা তেল ঢালি দি তাতে ঢাকন মাৰি থয়৷


এইদৰে তেল মাৰি আলু পিটিকা খাই
আলহী ঘৰৰ পৰা নেযায় হে নেযায়৷

জুহালতে দিহা দিয়ে কোনে কি কৰিব
সৰু বৰ ভাগে ভাগে দায়িত্ব পৰিব৷

জুহালৰ খৰি-কাঠ বিচাৰি গৈ
কাঠনিত সোমাইছিলো দা-কুঠাৰ লৈ৷

বেত কাঁইটৰ পৰা বাচিবলৈ
কাঠৰ ফানটি পিন্ধি লৈ৷

কিমান যে আনিলো খৰি
ভাৰ কৰি কৰি৷

গধূলি  গৰু বান্ধি হাত ভৰি ধুই
পিৰালিতে টেঁটু ফালোঁ  ধৰিলিনে জুই?

জাৰ কালি আলহীয়ে জুই ফুৱাই ভাল পায়
ইঘৰ সিঘৰৰ কথা এফালৰ পৰা গাই যায়৷

জুইতে ফটফটাই বুঢ়ী আইয়ে সৰিয়হ ফুটাই
ঘৰৰ কেঁচুৱাৰ মুখ লগা ভঙায়৷

জুহালতে আইতাই খুন্দনাটি লৈ
তামোল খুন্দি থাকে সাধু কথা কৈ৷

পকা অঙঠাৰ মাজত বিন্ধনা থয়
টটকৈ ৰঙা হ’লে উলিয়াই লয়৷

বিন্ধা কৰি বনায় উঘা-চেৰেকী
এতিয়া চোন তাৰ নাইয়ে চানেকি৷

জ্বলি থকা খৰিৰে আমাৰ বৰপিতাই
বৰ আৰামত চুৰটটৌ জ্বলায়৷

কেঁচা খৰিৰ ধোঁৱাই যেতিয়া চকু পোৰে
লাগনি খৰিলৈ মনত পৰে৷

আমাক পাঁচি বাইটিয়ে লাগনি খৰি অনাই
জুহালতে চিৰা-মুড়ি পিঠা-পনা বনায়৷

খেদিলেও দূৰ হৈ নেযায় মেকুৰী
চাপি আহে জুইকুৰাৰ উম বিচাৰি৷

জুইকুৰা নুমালে এঙাৰকণ পাওঁ
দাঁত কেইটা মাজি মাজি মুখ ধুব যাওঁ৷

জুহালৰ ফুটছাই পেলনি নেযায়
বাচন ধুবলৈ তাতকৈ একো নাই৷

জম্মু কাশ্মীৰত বুকুতে লৈ ফুৰে জুইকুৰা
নাম দি লৈছে তাৰ কাংৰা৷

পানী লগা জ্বৰ  হ’লে
ভাল হয় সেক দিলে৷

জুইৰ গুণ বখানি কৰিব নোৱাৰো শেষ
সাৱধান ন’হলেহে পুৰি যায় কেশ৷

এতিয়া তহঁতৰ জুহালেই নাই
কিনো হ’ব লাভ এইবোৰ গাই?

ভাত খাৱ গেচত ৰান্ধি
বেমাৰবোৰ থৈছ পেটত বান্ধি৷

জুইকুৰা ধৰিব নোৱাৰ তই
জী নাতিৰ ঘৰলৈয়ে যাওঁগৈ মই৷


হেৰৌ নাতি
টেকেলী কাটি৷


০০০০০০০০০০)(০০০০০০০

সংশ্লিষ্ট বিষয়-ববীয়াৰ ভুলৰ বাবে কিয় নিমাষিত গ্ৰাহকে জৰিমনা ভৰিব লাগে ?

ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত মোৰ এক তিক্ত অভিজ্ঞতা হ’ল৷ এনে অভিজ্ঞতা যে কেৱল মোৰেই হৈছে এনে নহয়, বহুজন গ্ৰাহকৰে এনে তিক্ত অভিজ্ঞতা হোৱা বুলি আমাক জনাইছে৷ সেয়ে ৰাইজক কথা খিনি মুকলিকৈ জনাওঁ বুলি ভাৱিলো৷

মই ২৮/৭/১৯৯৮ তাৰিখে ভাৰতীয় জীৱন বীমা নিগমৰ এটা শাখাত ২৫,০০০/=টকাৰ এখন জীৱন বীমা পলিচী খুলিছিলো৷ পলিচীখনত মোৰ জন্মৰ তাৰিখ ০১/৩/১৯৫৪ লিখা আছে আৰু সেইমতে পলিচীখনৰ মাহেকীয়া কিস্তি ৯২/=টকা ধাৰ্য কৰা বুলি লিখি দিছে৷ তাত ম্যাদ পূৰ্ণ হোৱা তাৰিখ ২৮/৭/২০২৮ লিখি জ্যেষ্ঠ শাখা পৰিচালকে মোক প্ৰদান কৰা দিন ধৰি মই প্ৰতিমাহে ৯২/=টকাকৈ মোৰ মাহেকীয়া দৰ্মহাৰ পৰা কটাই প্ৰিমিয়াম দি আহিছিলো ; কিন্তু মোৰ চাকৰিৰ অৱসৰৰ পিছত যেতিয়া নিজে প্ৰিমিয়াম জমা দিবলৈ যাওঁ তেতিয়া মোক জনোৱা হয় যে মোৰ কেইবাটাও প্ৰিমিয়াম দিয়া হোৱা নাই, সেই থাকি যোৱা প্ৰিমিয়াম সুতসহ জমা দিব লাগে৷ মই শাখা পৰিচালকক সুধাত তেওঁ বিনম্ৰভাৱে নিজৰ দোষ স্বীকাৰ কৰি ক’লে যে অফিচৰ কামবোৰ কমপিউটাৰ যোগে কৰিবলৈ যাওঁতে কিবা খেলিমেলি হ’ল আৰু সেয়ে বহুতো গ্ৰাহকে ধন ভৰিব লগা হ’ল৷ তেওঁৰ কথাতে পতিয়ন গৈ ময়ো আন গ্ৰাহকসকলৰ দৰে ধন ভৰি দিলো৷ তাৰ পিছত মাহে মাহে প্ৰিমিয়াম দি থাকি অৱশেষত যেতিয়া পলিচীখনৰ প্ৰিমিয়াম বছেৰকীয়া কৰিবলৈ গ’লো, তেতিয়া হিচাপ নিকাচ কৰি কোৱা হ’ল যে বয়স ভুলকৈ হিচাপ কৰা বাবে মোৰ পৰা ৯৪/=টকা প্ৰিমিয়ামৰ ঠাইত ৯২/=টকাকৈ লোৱা হৈছিল৷ এতেকে প্ৰতিমাহে ২/=টকাকৈ অতীতৰ সমগ্ৰ কালছোৱাৰ বাবে অতিৰিক্ত ৪০৮/=টকা আৰু তাৰ সুত ৩৯/=টকা  অৰ্ধাৎ সৰ্বমুঠ ৪৪৭/=টকা মই ওপৰঞ্চি জমা দিব লাগে৷

এতিয়া মোৰ প্ৰশ্ন হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়াৰ ভুলৰ বাবে এজন গ্ৰাহকে কিয় ধন/সুত ভৰিব লাগে ? এয়া এক অন্যায় অথবা শোষণ কৰা হোৱা নাই জানো? সহ্য কৰি গৈ থকাটো উচিতনে?
*****************


Friday 27 November 2015

বনগীত এফাঁকি গাওঁ

(এটি গীত)

বনঘীত এফাঁকি গাওঁ
মোৰ লাহৰী অ’
সুৰটি বিচাৰি পথাৰে পথাৰে
ধাননীৰ আলিৰে
মই যে আগুৱাই যাওঁ
মোৰ লাহৰী অ’
মই যে আগুৱাই যাওঁ৷

দূৰণীৰ পথাৰত তোমাকে দেখা পাওঁ
বনগীতৰ সুৰটি বুকুতে বান্ধি লৈ
আছা তুমি ধানে দাই
মোৰ সপোনৰ পৰিটি হৈ

বন গীত এফাঁকি……….
মই যে আগুৱাই যাওঁ৷

বনগীতৰ সুৰ লহে পহে কৰি
উঠা নমা কৰে
মোৰে মন বিৰিনা
ফাগুণৰ বতাহত
হালিজালি নাচিব ধৰে৷
বন গীত এফাঁকি…..
মই যে আগুৱাই যাওঁ৷

দিবানে তোমাৰ সুৰ
মোৰ উকা গীতত
কাষ চাপি যাওঁ মই
মায়া ভৰা সেই সুৰত
থাকিবানে মোৰে কাষৰত৷

বন গীত এফাঁকি….
মই যে আগুৱাই যাওঁ৷
-----০--------

Monday 23 November 2015

পৃষ্ঠভংগ

(এটি কবিতা)

‘এতিয়া মানুহে মানুহক দংশন কৰিব’
 বুলি কৈ নাগৰাজে সাপবোৰ বান্ধি থ’লে,
 মানুহতকৈ এতিয়া বেছি ৰং সলাব নোৱাৰোঁ
 বুলি চুইচাইদ নোট লিখি  
 কোকলোঙাই আত্মহত্যা কৰিলে,
 শগুণবোৰ ক’ৰবালৈ গুচি গ’ল  
 যিহেতু সিহঁতেও বুজি পালে
 ‘মানুহেও আমাতকৈ বেছিকৈ
 বলপূৰ্বক কাঢ়ি আজুৰি খাব পাৰিব’,
 এইটো দেখি কুকুৰো মুৰ্চ্ছা গ’ল  
 যে ‘আমাতকৈ মানুহে    
 বেছিহে পদলেহন কৰিব পাৰে৷’

০০০০০০০০০)(০০০০০০০০


 বি;দ্ৰ; দ্মূল হিন্দী কবি অশোক প্ৰিয়দৰ্শী                                    

Saturday 21 November 2015

হাঁহি

(এটি বিহু সুৰীয়া গীত)

হাঁহিবানে ঐ হাঁহিবানে ঐ, নাচনী
হাঁহি হাঁহি নাচিবানে ঐ.......৷

নৈৰে পাৰতে বৰ গছৰ তলতে
চেনাই মোৰ ঐ বিহুৰ তলিতে
ঢোলে দগৰিলে পেঁপাটি বাজিলে
ফুলাম বিৰিষতে কুলিয়ে বিনালে
দেহা মন জুৰুৱা পচোৱা বলিছে
উলাহতে দেওদি কঁহুৱা হালিছে৷

হাঁহিবানে ঐ হাঁহিবানে ঐ, নাচনী
হাঁহি হাঁহি নাচিবানে ঐ………৷

আজি বিহু বুলি মৰম আকলুৱা
চকুলৈ নোচোৱা কিয় এনেকুৱা
কিয় মন নোবুজা মোৰ
বিহুগীতৰ হেৰাই যায় সুৰ
অবুজন ভাষাবোৰ বুজিব নোৱাৰো
অ মোৰ আলাসৰ লাৰু৷

হাঁহিবানে ঐ হাঁহিবানে ঐ, নাচনী
হাঁহি হাঁহি নাচিবানে ঐ……….৷

তোমাৰ  হাঁহিতে  বহাগৰ  কপৌ  ফুল
দেখি  মন  উগুল  থুগুল
কল্পনা  কৰিছো  মনতে  ভাৱিছো
হিয়াৰ  একোণতে  জুকিয়াই  ৰাখিছো
 মোৰে  নাচনীতোমাৰে  ছবিটি
অতি  হেপাহেৰে  বুকুতে  সাৱতি৷

হাঁহিবানে ঐ হাঁহিবানে ঐ,নাচনী
হাঁহি হাঁহি নাচিবানে ঐ………৷

০০০০০০০০০)(০০০০০০০

Saturday 14 November 2015

বাঁক

পাহাৰীয়া নৈখনৰ যিমানে ওপৰলৈ গৈ আছো সিমানে বেছিকৈ মাছ পাবলৈ ধৰাত আমি মাজ নিশা যে হ’ল গমেই নাপালো ৷ পটে নৈত মাজে মাজে কোনো কোনো দিনত বহুত মাছ ভৈয়ামৰ পৰা পাহাৰৰ ফালে গতি কৰে ৷ কেৱল পটে নৈতে নহয় , জোনাই মহকুমাৰ প্ৰত্যেকখন নৈতে  এই দৰে মাছ ওলায় ৷ মাছ ওলোৱা বুলি খবৰ পালেই নৈত মাছ ধৰা মানুহবোৰ উবুৰি খাই পৰেগৈ ৷ পিছে আজি পটে নৈত মাছ উজুৱা কথা কীৰ্ত্তিকান্ত আৰু মোৰ বাহিৰে আন কোনেও গম নাপায় ; কাৰণ , গধূলি আমি মাছলৈ অহাৰ পিছৰ পৰাহে মাছবোৰ উজাবলৈ আৰম্ভ কৰিছে ৷

মোৰ হাতত টৰ্চলাইট আৰু কীৰ্ত্তিকান্তৰ  হাতত মাছ কটা দাখন আৰু ককালত বান্ধি লোৱা খালৈটো ৷ মই  পাহাৰীয়া নৈখনৰ  তলি জিলিকি থকা ফটফটীয়া পানীলৈ টৰ্চৰ পোহৰ পেলাই দিওঁ আৰু সি পৈনত মাছুৱৈৰ পাৰ্গতালি প্ৰদৰ্শন কৰি দাৰে ঘপিয়াই মাছবোৰ কাটি কাটি খালৈত ভৰাই গৈ থাকে৷ এইদৰে আমি নৈয়েদি বহুদূৰ আগুৱাই গ’লো ৷

 “বৰাচাৰ , মই খাওঁ দেই , বেয়া নাপাব ৷ বৰ ভোক লাগিছে ৷” কীৰ্ত্তিকান্তই কথাষাৰ কৈয়ে
খালৈৰ পৰা আধা কটা ধুনীয়া মাছ এটা উলিয়াই কেঁচাই কেঁচাই খাবলৈ ধৰিলে ৷ হতবাক হৈ তাৰমুখলৈ
চাই উচপ খাই গ’লো ৷ তাৰ মুখৰ অবয়বটো যেন সলনি হৈ গৈছে –এনে লাগিল৷

 কি? তেনেহলে এইটো কীৰ্ত্তিকান্ত নহয়নেকি ? কথাটো মই ভাৱি চালো ৷ অ’ সেই কাৰণে আজি তাৰ কথাবোৰ কিবা ধৰণৰ হৈছে৷ এনেয়ে কাহানিও সি নোকোৱা কথা কিছুমান আজি কৈছিল ৷ মই কিবা তাবিজ-চাবিজ পিন্ধি আহিছো নেকি বুলি সুধিছিল আৰু মই তন্ত্ৰ-মন্ত্ৰ কিবা  জানোনে নাজানো তাকো সুধিছিল ৷ কথাটো ভাৱি শেষ হ’বলৈয়ে নাপালে সি নৈৰ পাৰৰ পৰা ডাঙৰ কেঁকোৰা এটা ধৰি আনি কামোৰ মাৰিলে ৷ লগে লগে তাৰ পেটত থকা কণ কণ পোৱালিবোৰ ওলাই কীৰ্ত্তিকান্তৰ গালে – মুখে  যেনি তেনি বগাই যাব ধৰিলে ৷  তাৰমুখৰ কোণেদি বৈ যোৱা তেজৰ সুঁতিটোৱে তাক অধিক বিভৎস ৰূপ দিছিল ৷

এইটো জোনাকী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান  শিক্ষক কীৰ্ত্তিকান্ত বৰুৱা হ’বই নোৱাৰে ৷ এইবাৰ মই দৃঢ় হ’লো আৰু তাক তাতে এৰি টোঁৱাই-ভিৰাই ঘৰৰ ফালে দৌৰিব ধৰিলো ৷ ঘৰ গৈ পোৱাত  গৃহিনীয়ে মোৰ পুতৌ লগা অৱস্থা দূৰ কৰিবলৈ জুইত সৰিয়হ ফুটাব ধৰিলে ৷ গাৰ পৰা কেইবা দিনলৈ জ্বৰ এৰা নিদিয়াত অফিচলৈকে যাব নোৱাৰিলো ৷

 মোৰ বাৰু যি ঘটিবলৈ আছিল ঘটিল ; কিন্তু কীৰ্ত্তিকান্তৰ খবৰটো শুনিহে দুখ লাগিল ৷ তাক মই মাছ
মাৰিবলৈ লগ নধৰা হ’লে চাগৈ তাৰ এনেদৰে অকাল মৃত্যু নঘটিল হেতেন ৷

-------------------------সমাপ্ত-------------------------

Wednesday 11 November 2015

কৃষকৰ আত্মহত্যা সন্দৰ্ভত কিছু চিন্তা

কৃষকৰ আত্মহত্যা সন্দৰ্ভত দেশৰ সংবাদ মাধ্যমসমূহত অলপতে প্ৰকাশ পোৱা শিহৰণকাৰী বাতৰিটো হৈছে-- চলিত বাৰিষাত বৰষুণৰ মাত্ৰা ৫০শতাংশৰো কম হোৱাত খেতি কৰিব নোৱাৰি মহাৰাষ্ট্ৰৰ কৃষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে আৰু এনে সংকটৰ বাবে বিশেষকৈ মাৰাঠৱাড়া অঞ্চলৰ বহুকেইজন কৃষকে আত্মহত্যাৰ পথ বাছি লৈছে৷ চলিত বৰ্ষৰ আঠ মাহত চৰকাৰী তথ্যমতে ভয়ানক ছবি প্ৰকট হৈছে৷ যোৱা ২০১৪ চনৰ ডিচেম্বৰ মাহৰলৈকে এইটো অঞ্চলত মাহে ৪৭ জন কৃষকে আত্মহত্যা কৰিছিল; কিন্তু চলিত বৰ্ষৰ অৰ্থাৎ ২০১৫ চনৰ আঠটা মাহত এইটো অঞ্চলত আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ চৰকাৰী পৰিসংখ্যামতে, মাৰাঠৱাড়াৰ আঠখন জিলাত যোৱা আঠটা মাহত মাহে ৬৯ জন কৃষকে আত্মহত্যাৰ পথ বাছি লৈছে৷
  
কিছু দিনৰ পূৰ্বেও উত্তৰ ভাৰতত আবতৰীয়া বৰষুণে হেজাৰ হেজাৰ বিঘা শস্য চপোৱাৰ আগতেই নষ্ট কৰা বাবে অতি কমেও ৩০ জন খেতিয়কে আত্মহত্যা কৰা বুলি কোৱা হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞানীসকলৰ মতে, এটা শতিকাৰ ভিতৰত যোৱা মাৰ্চ মাহটোৱেই আছিল সৰ্বাধিক সেমেকা মাৰ্চ৷ মূল্য নিৰ্ধাৰণে ইংগিত দিছে যে দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানৰ দৰে ৰাজ্যত হেজাৰ হেজাৰ হেক্টৰ শস্য নষ্ট হয়৷ কৃষকে হতাশাগ্ৰস্ত হৈ কয়, ‘আমাৰ অৱস্থা বেয়াৰ ফালে ঢাল খাই গৈ আছে, কিন্তু আমি একো কৰিব নোৱাৰোঁ, আমাক ৰক্ষা কৰিবলৈ কোনো নাই, চৰকাৰৰ ওপৰতো আমাৰ ভৰশা নাই৷ আমি নিজে যি কৰিব পাৰোঁ তাৰ জড়িয়তেই তিষ্ঠি থাকিব লাগিব৷’

হতাশাত খেতিয়কে আত্মহত্যা কৰাটো ভাৰতত নতুন কথা নহয়৷ ধাৰাবাহিকভাৱে চৰকাৰসমূহে এইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম চলাই আহিছে৷ প্ৰায়ে অভিযোগ কৰা হয়, খৰাং অৱস্থা আৰু ধুমুহাৰ বাবে ঋণ বেয়া হোৱাৰ লগতেই সকলো মৃত্যুৰ যোগসূত্ৰ আছে৷  ইয়াতে মন কৰিব লগীয়া কথাটো হ’ল যে, ভাৰতৰ লাখ লাখ কৃষকে বিগত ৰাষ্ট্ৰীয় নিৰ্বাচনত নৰেন্দ্ৰ মোডী চৰকাৰলৈ সমৰ্থন আগ বঢ়াইছিল আৰু তাৰ ফলস্বৰূপে কৃষকসকলে খৰতকীয়া আৰু কাৰ্যকৰি ব্যৱস্থাৰ আশা কৰিছিল৷

 বেয়া বতৰৰ ফলত খেতি নষ্ট হোৱা হেতু বলে নোৱাৰা পৰিমাণৰ ধাৰ লগাৰ পাছত মহাৰাষ্ট্ৰৰ বহুতো খেতিয়কে আত্মহত্যা কৰে৷ খেয়ালী শিলাবৃষ্টিয়ে শস্য নষ্ট কৰাৰ পাছত পশ্চিম মহাৰাষ্ট্ৰত বিয়পি পৰা আত্মঘাতীৰ বৰ্ণনা সমাজ কৰ্মী আৰু ৰাজনৈতিক ব্যক্তিসকলে দিছে৷

কিছুদিনৰ পূৰ্বে ঘটি যোৱা  গজেন্দ্ৰ সিঙৰ আত্মহত্যাৰ গোচৰটোত দিল্লী পুলিচে তেওঁলোকৰ এজাহাৰত খেতিয়কজনক ৰক্ষাৰ প্ৰচেষ্টাত বাধা প্ৰদান কৰা বুলি আম আদমী পাৰ্টি আৰু তেওঁলোকৰ নেতাসকলক দোষাৰোপ কৰিছে৷ এজাহাৰখনত কোৱা হৈছে যে আম আদমী পাৰ্টিৰ কৰ্মী আৰু নেতাসকলে জৰুৰী কালিন যান-বাহন আৰু অগ্নি নিৰ্বাপক গাড়ীৰ বাবে অনুমতি প্ৰদান কৰিবলৈ পুলিচে কৰা অনুৰোধত কাণ নিদিলে৷  তাৰোপৰি, ভূমি অধ্যাদেশৰ বিৰূদ্ধে আম আদমী পাৰ্টিৰ প্ৰতিবাদৰ সময়ত ইয়াৰ কোনো নেতাই তেওঁক বাধা দিবলৈ চেষ্টা কৰা নাছিল বুলি আবতৰীয়া বৰষুণে শস্য নষ্ট কৰা বাবে আত্মঘাতী কৰা কৃষক গজেন্দ্ৰ সিঙৰ  পৰিয়ালৰ লোকসকলে আম আদমী পাৰ্টিক দোষাৰোপ কৰিছে৷

আম আদমী পাৰ্টিয়ে গজেন্দ্ৰ সিঙৰ পৰিয়ালক দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়াৰ উপৰিও তেওঁৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো সহায় কৰাৰ আশ্বাস দিছে আৰু এইদৰেই পৰিত্ৰানৰ পথ বিচাৰিছে৷

 দৰিদ্ৰতা ভাৰতত নতুন কথা নহয়, নহয় নতুন কথা ঋণগ্ৰস্ততাও৷ কৃষকসকলে কেতিয়াও ধনী হ’বলৈ নাজানিছিল৷ কিয় তেওঁলোকে আত্মঘাতী হয়?  উদাহৰণ স্বৰূপে, যেতিয়া বিশেষ কিবা এটা গুৰুত্বপূৰ্ণ ঘটনা  ঘটে কেৱল তেতিয়াই মানুহে নিজকে শেষ কৰি দিয়ে৷ ধৰা হওক এজন ধনী মানুহে হঠাতে তেওঁৰ সকলো সম্পদ হেৰুৱাই পেলালে বা এজন সাধু ব্যক্তিয়ে হঠাতে নিজকে অলংঘনীয় ধাৰত ডুব যোৱা বুলি আৱিষ্কাৰ কৰে তেতিয়া নিজকে শেষ কৰি দিয়ে৷

এই কৃষকসকল ইতিপূৰ্বেই অতি দুখীয়া৷ গতিকে তাতকৈ অলপ বেছি দুখীয়া হোৱাটোৱে বিশেষ প্ৰভাব নেপেলায়৷  অনবৰতে কথাবোৰৰ উন্নয়ন ঘটোৱাৰ আশা, কথাবোৰ পাছত সুন্দৰ হোৱাৰ আশা, ইয়াৰ যোগেদি যুঁজিব পৰাৰ আশা, এনেবোৰৰ আশাহীনতাৰ বিষয়তেই প্ৰকৃততে ঘটে এক আত্মঘাতী ঘটনা৷  কোনো কোনোৱে ক’ব খোজে যে কৃষকসকলৰ এটা আশা আছিল৷ হয়তু তেওঁলোকে আশা কৰিছিল যে ভাৰত স্বাধীন হ’লে নীতি সমূহ তেওঁলোকৰ সেৱাৰ অৰ্থে, তেওঁলোকৰ উপকাৰত অহাকৈ প্ৰস্তুত কৰা হ’ব আৰু তেওঁলোক পুনৰ ভাল অৱস্থালৈ আহিব৷ আশা কৰিছিল তেওঁলোকৰ সন্তানে শিক্ষা লাভ কৰিব আৰু ঋণগ্ৰস্ততাৰ পৰা হাত সাৰিব৷ হয়তু আশা কৰিছিল বৰষুণ পৰিব আৰু তেওঁলোকৰ দিন ভাললৈ আহিব৷

স্বাধীনতাৰ পিছত যদিওবা, চৰকাৰখন ‘আমাৰ’, তেতিয়াও কৃষকসকলে আচৰিত হ’ব লগা হ’ল, কিয় চৰকাৰখনে তেওঁলোকক সহায় নকৰে? চৰকাৰে খবৰ নাৰাখে  তেওঁলোকে কেনে সমস্যাৰ সন্মুখীন হৈছে৷ ভাৰতবৰ্ষৰ গ্ৰাম্যজীৱনৰ দৰিদ্ৰতাৰ সঁচা ছবি দাঙি ধৰোঁতা সাংবাদিক তথা প্ৰখ্যাত ফটোজাৰ্নেলিষ্ট পালাগুম্মি চৈনাথে যথোপযুক্ত পৰিসৰত কৃষকৰ আত্মহত্যাৰ বিতং বতৰা সাঙুৰিলৈ তাৰ ব্যাখ্যা ডাঙি ধৰিছে৷  তেওঁৰ বৰ্ণনাৰ পৰা আমি কিছু কথা উল্লেখ কৰিব পাৰোঁ৷

ক)কৃষকৰ আত্মহত্যাবোৰ অপ্ৰয়োজনীয় আৰু অধিক ক্ষেত্ৰতে, মানুহৰ দ্বাৰা সৃষ্ট নীতিৰ পৰিণতি, প্ৰাকৃতিক দুৰ্যোগ নহয়৷  চৰকাৰৰ হস্তক্ষেপ বা তাৰ অভাবে কৃষকসকলক তেওঁলোকৰ জীৱন লোৱাত যিমান হেচা দিছে খৰাঙে বা বানপানীয়ে সিমান কৰা নাই৷

খ)পি. চৈনাথৰ মতে, আমাৰ নীতিগত সিদ্ধান্তবোৰ পূৰ্ণমাত্ৰাই অসমতা সৃষ্টিৰ দিশে পৰিচালিত আৰু আমাৰ কৃষকসকলক মৃত্যু-গহ্বৰলৈ ঠেলি দিছে৷ উদাহৰণ স্বৰূপেঃ-

১)যদিহে এজন লোকে ভাৰতত এখন গাড়ীৰ বাবে চেষ্টা কৰে আৰু পায়, আনকি ধৰা হওক এখন অতিকৈ ব্যয়বহুল গাড়ী, তেনে এখন গাড়ী কিনিবলৈ ভাৰতীয় ষ্টেট বেংকৰ দৰে এটা ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা মানুহজনে ৭% সুতত ঋণ পাব৷ যেতিয়া  ব্যৱসায়ীসকলে একেলগে ১৫০ খন মাৰ্চিদিচ বেন্জ কিনে তেতিয়া ভাৰতীয় ষ্টেট বেংকৰ দৰে বেংকে ৭% সুতত ঋণ দিয়ে আৰু তেওঁলোকৰ সৰহ সংখ্যকে কেতিয়াও ঋণ পৰিশোধ নকৰে আৰু অকামিলা সম্পদৰ বিপৰীতে চৰকাৰে তেনে ঋণ হিচাপৰ পৰা বাদ দিয়ে৷

 যদি এজন খেতিয়কে সেই একেটা বেংকৰ পৰা ঋণ যোগে এখন টেক্টৰ ক্ৰয় কৰিব বিচাৰে, সুতৰ হাৰ প্ৰায় দুগুণ ধাৰ্য কৰিব৷ ৪ লাখ টকাৰ ঋণৰ বাবে সুতৰ হাৰ ১২.৫%, ৫ লাখ টকাৰ ঋণৰ বাবে হ’ব ১৩.২৫% আৰু ৬লাখ টকাৰ বাবে হ’ব ১৪% ৷

২) তাতকৈ বেয়াটো হ’ল বেংকে কৰা আচৰণ৷ তেওঁলোকৰ বহুতে পঞ্চায়তে হস্তক্ষেপ নকৰালৈকে কৃষকসকলক ঋণ দিব নোখোজে৷ কেতিয়াবা, গাঁও পঞ্চায়তৰ মূৰব্বীজনে(গাঁওবুঢ়া) বেংকৰ সৈতে লগ লাগি  ঋণ পাবৰ বাবে মানুহে ঘোচ দিব লগাটো নিশ্চিত কৰে, কেতিয়াবা বেংকৰ বিষয়াইও  নিজা ববীয়াকৈ ঘোচ বিচাৰে৷  যিহেতু বেছি ভাগ গাঁৱলীয়া অঞ্চলত মাথো এটা বেংক থাকে, এক কম নিৰখৰ সুতত বহু ক্ষেত্ৰত ঘোচ নিদিয়াকৈ ঋণ পাবলৈ মস্কিল হয়৷ 
 
 তাৰোপৰি, কৃষি ঋণৰ কাৰণে ৰাজহুৱা খণ্ডৰ বেংকবোৰে আৰোপ কৰা চৰ্তবোৰৰ বাবে এবাৰ পূৰ্বৰ ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষকে ঋণ পাব নোৱাৰে৷  গতিকে চৰকাৰে কৃষকসকলৰ বাবে নগদ ৰেহাইৰ ধাৰণা সহকাৰে আগুৱাই আহিল৷  যেতিয়া এই ব্যৱস্থাটো আহি পৰিল, তেতিয়া ৰেহাই পাব লগীয়া কৃষকো বঞ্চিত হ’ল এই অজুহাতত যে তেওঁলোকে বেছি মাটিত খেতি কৰে, ক্ষুদ্ৰ পৰিসৰৰ ভূমিত খেতি কৰা কৃষকৰ কথা চিম্তা কৰিহে ৰেহাইৰ ব্যৱস্থা কৰা হৈছে৷

কেগৰ(CAG) এক সমীক্ষাত পোৱা যায় যে, যি কেতিয়াও প্ৰথম স্থানতে পাবৰ যোগ্য নহয় তেনে লোকলৈও আনকি টকা যোৱা দেখা যায়৷ এই সকলোবোৰতে নিশ্চয়কৈ বেংক বিষয়াৰ ষড়যন্ত্ৰ জড়িত হৈ আছে৷ এইটোও দেখা যায় যে বহুতো যথাযোগ্য হিতাধিকাৰীয়েও আঁচনিৰ উপকাৰ নাপায়৷

৩)আমাৰ খেতিয়ক সকলে বেংকৰ পৰা ঋণ নাপালে তেওঁলোক কাৰ ওচৰলৈ যাব? ধন ধাৰে দিওঁতাসকল সাধাৰণতে সৰহবোৰ গাঁৱৰ ডাঙৰ ভূ-পতি৷ ধাৰ্য কৰা সুতৰ হাৰ বছৰটোৰ কাৰণে ৪০-৫০শতাংশৰ অধিক হয় আৰু কেৱল দয়াবান ক্ষেত্ৰতহে ৩০% হ’ব পাৰে৷ আমাৰ খেতিয়কসকলে পানীৰ বাবে বেছিকৈ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে, বৰষুণৰ নমূনাৰ যিকোনো ধৰণৰ পৰিবৰ্তনত শস্যৰ কথা আহি পৰে, আৰু বহু ক্ষেত্ৰত পানী অধিক হোৱা বাবে বা পানী কম হোৱা বাবে খেতি নষ্ট হয়৷  আৰু যেতিয়া খেতিয়কজনে ঋণ পৰিশোধ  কৰিব নোৱাৰে, তেওঁক গাঁওখনে অপদস্ত কৰে৷

 আন এটা অতি লাজৰ কথা হ’ল যে যদি কোনোৱে কলাধনৰ বিতৰ্কৰ অনুসৰণ কৰে, তেওঁ জানিব যে প্ৰতিজন বিত্ত মন্ত্ৰীয়ে, বিশেষকৈ কংগ্ৰেছৰ, যেতিয়া সংসদত বা আন ঠাইত যাৰ কলাধন আছে তেওঁলোকৰ নাম ক’বলৈ কোৱা হয়(বৰ্তমান ৰাইজে জাৰ্মানী আৰু চুইচ বেংকৰ পৰা তালিকা লাভ কৰিছে), তেওঁলোকে সদায়ে কয় যে তেওঁলোকে নামবোৰ ৰাজহুৱা কৰিব নোৱাৰে, যিহেতু ই বেংকৰ আইন আৰু গোপনীয়তা ভংঙ্গ কৰিব৷  কিন্তু গাঁওবোৰলৈ গ’লে দেখা যায় যে, যদি এজন কৃষকে ঋণ লৈ পৰিশোধ কৰিবলৈ সমৰ্থ নহয়, তেন্তে বেংকে কৃষকজনৰ ঘৰৰ দুৱাৰত আৰু পঞ্চায়ত অফিচত এই কথা লিখা নটিচ আঁৰি দিয়ে৷ এই কামে  নিজৰ পৰিয়ালটোকে দীৰ্ঘ দিন ধৰি চলাই নিবলৈ অপাৰগ কৃষকজনক অপদস্ত কৰে৷ দেখা যায় যে বেচেৰা খেতিয়কজনৰ বেংকৰ অপ্ৰকাশ্যতাৰ বাবে গোপনীয়তা ৰক্ষাৰ অধিকাৰ নাই৷

মুঠতে, কোন ডাঙৰ দুষ্কৃতিকাৰীঃ বেচেৰা কৃষকজনে ঋণ পৰিশোধ কৰিব পৰা নাই, আৰু তেওঁ দেউলিয়া, আৰু এজনে কৰ ফাঁকি দিয়ে আৰু বিদেশত নিৰাপদে ধন জমা থয়?

৪)বহুতো লোকে অভিযোগ কৰে যে কৃষকৰ পৰা শস্য সংগ্ৰহ কৰিবৰ বাবে যি নিম্নতম সমৰ্থিত মূল্য(Minimum Support Price বা MSP)ধাৰ্য কৰা হয় সেইটো অতি উচ্চ৷ তেওঁলোকে সম্ভৱতঃ নাজানে যে  বহু সময়ত কৃষকসকলৰ পৰা ভাৰতীয় খাদ্য নিগমে(Food Corporation of India)শস্য সংগ্ৰহ নকৰে, সহজভাৱে এই অজুহাততে যে শস্য জমা ৰাখিবলৈ খাদ্য নিগমৰ ঠাইৰ অভাৱ আৰু যিহেতু ৰাজ্য চৰকাৰবোৰে ভাৰতীয় খাদ্য নিগমৰ গোদামৰ পৰা শস্যৰ অংশ নলয়৷ কেন্দ্ৰীয় চৰকাৰে এই দৰিদ্ৰলোকসকলৰ পুষ্টি সাধনৰ সমস্যা দূৰ কৰিবলৈ তেওঁলোকক ৰাজসাহাৰ্যৰ হাৰত খাদ্য যোগান নধৰে৷

গতিকে ভাৰতীয় খাদ্য নিগমক খেতিয়কসকলে তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ ঘোচ দিব লগা হয়৷ প্ৰতি কুইন্টলত ১০০০/=টকাৰ সমৰ্থিত মূল্যৰ বাবে তেওঁলোকে কোনোসময়ত ১০০-২০০ টকা পৰ্যন্ত বিষয়াসকলক ঘোচ দিব লগা হয়৷ আৰু কিছু ক্ষেত্ৰত খেতিৰ খৰচ প্ৰতি কুইন্টলত ৮০০-৯০০ টকালৈ বৃদ্ধি পোৱা বাবে কৃষকৰ মৰ-সাহ ক্ষতিলৈ পৰিণত হয়৷ হাৰিয়ানা আৰু পঞ্জাবত বেছি নহলেও উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ বা অন্য ঠাইবোৰত এনে হৈয়ে থাকে৷

৫)গোলকীকৰণ আৰু চৰম ব্যক্তিগতকৰণৰ ফলত এক ডাঙৰ সমস্যা হৈছে, ঋণ লাভৰ অসুবিধা, উচ্চ হাৰৰ সুত, মহাৰাষ্ট্ৰৰ কুহিয়াৰ খেতিৰ ওপৰত পৰাৰ দৰে পানীৰ ভীষণ হেঁচাই নগদ শস্য (cash crop)ৰ খেতি কৰাত তীব্ৰতা বঢ়াই তুলিছে৷ অন্যহাতে, দুখীয়া লোকসকলক খাবলৈ দিয়া চাউলৰ পৰা মদ তৈয়াৰ কৰাৰ দৰে অনিৰ্ভৰযোগ্য নীতি-সিদ্ধান্ত আৰু সেই মদ মহাৰাষ্ট্ৰৰ বজাৰত এৰি দিয়া, এই সকলোবোৰ সিদ্ধান্তই কৃষকসকলক ভাৱিবলৈ বাধ্য কৰিছে যে চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ যোৱা নাই৷ আৰু  প্ৰতিকূল বতৰৰ সৈতে অনবৰতে যুঁজ-বাগৰ কৰি কৰি কৃষকসকল আশাহীন হৈ পৰিল৷

গতিকে, সম্ভৱতঃ এই সকলোবোৰ বিবেচনা কৰি তেওঁলোকে চিন্তা কৰিছে, ‘ঠিকেই, আমি ঋণ পৰিশোধ কৰিব নোৱাৰোঁ, আমাক ইতিপূৰ্বেই টকা ধাৰ দিওঁতাসকলে আৰু বেংকবোৰে অপদস্ত কৰিছে, আৰু চৰকাৰে একো কৰিবলৈ আগ বঢ়া নাই৷ অতি বেয়া অৱস্থাত যদিওবা চৰকাৰী পক্ষৰ কোনোবাজনে আমাৰ খবৰ ৰাখে, আনসকলে একো ঘটা নাই বুলি নিশ্চিত হৈ বহি থাকে৷ সম্ভৱতঃ চৰকাৰেও আনকি কৃষকসকলক বুজি নাপায়৷ আৰু বাঢ়ি গৈ থকা কৃষি ব্যয় আৰু কমি গৈ থকা লাভ আৰু বাঢ়ি যোৱা ধাৰ, নিজক কেনেকৈ ৰক্ষা কৰিব পাৰিব তাৰ জ্ঞান নোহোৱাকৈ, আত্মহননে তেওঁলোকৰ পৰিয়ালক কিছু নগদ ধন দিব যিয়ে পৰিয়ালৰ ধাৰ কমাব পাৰিব, এনে ধাৰণা লগ লগাই, কৃষকসকলে সম্ভৱতঃ তেওঁলোকৰ জীৱন ত্যাগ কৰে৷

 বৈশিষ্ট্যপূৰ্ণ ঘটনাবোৰঃ

১) খাদ্য শস্যৰ খেতি কৰাটো অবিশ্বাস্যভাৱে কঠিন হৈছে- অতি কম বৰষুণ বা অধিক বৰষুণ, পোক-পৰুৱা, শস্যৰ বেমাৰ, পানীৰ পাম্প চলাবলৈ বিদ্যুতৰ অভাৱ ইত্যাদি অলেখ বিলাই-বিপত্তি আছে৷ শাৰীৰিক কামবোৰ অতি কষ্টকৰ৷ প্ৰকৃততে এমুঠি অন্নৰ বাবে বহুখিনি প্ৰচেষ্টাৰ প্ৰয়োজন৷

২) বজাৰখন একেবাৰে ভৱিষ্যত বাণী কৰিব নোৱাৰা বিধৰ৷ সাধাৰণতে এজনৰ শস্য ভাল হ’লে আনসকলৰো শস্য ভাল হয়, গতিকে মূল্য কমি যায়৷ সকলোৰে শস্য বেয়া হ’লে শস্যৰ দাম বাঢ়ে৷ গতিকে সাধাৰণতে এজন কৃষকে খেতিৰ যোগেদি বেছি ধন উপাৰ্জন কৰিব নোৱাৰে৷ সৰহভাগ শস্যৰ বাবে সমৰ্থিত মূল্য নাই, বিশেষকৈ ক্ষুদ্ৰ কৃষকৰ বাবে৷

৩)পৰিয়ালৰ সদস্যৰ বেমাৰ, বিয়া-বাৰু আদিৰ বাবে জীৱনত সদায়ে নভবা–নিচিন্তা খৰচ হয়৷ গতিকে কৃষকসকলে এইবোৰ খৰছৰ বাবে বা শস্যৰ বীজ, সাৰ ইত্যাদিৰ বাবে প্ৰায়ে এটা ঋণ লয়৷  এই ঋণবোৰৰ বহুখিনি ঠগ বা প্ৰবঞ্চকৰ পৰা বা কিছু ক্ষেত্ৰত ঠগ-প্ৰবঞ্চকৰ দৰে কাম কৰা বেংকৰ শাখাৰ পৰা লোৱা হয়৷

) যেতিয়া তেওঁলোকৰ ঘৰত খাদ্য নাথাকে, খাদ্য কিনিবলৈ এটাও টকা নাথাকে, পৰিয়ালবৰ্গ আৰু কণ কণ সন্তানহঁত লঘোনে থাকে, আৰু খৰাং অৱস্থাই তেওঁলোকৰ শস্য নষ্ট কৰে, আৰু টকা ধাৰ দিওঁতাবোৰে তথা বেংকে দুৱাৰত টুকুৰিয়াই থাকে, তেনে অৱস্থাত কৃষকসকল প্ৰায়ে নি:শেষ হৈ যায়৷
যেতিয়া এনে অৱস্থা বহু বছৰ ধৰি চলি থাকে তেতিয়া কিছু কীটনাশক দ্ৰব্য পান কৰি মৰি যোৱাটো কম কষ্টকৰ হৈ পৰে৷ উল্লেখযোগ্য যে আমাৰ অসমত হৈ যোৱা বিধ্বংসী বান-পানীত সৰ্বহাৰা হৈ এজন কৃষকে আত্মহত্যা কৰা ঘটনাক লৈ সৰ্বস্তৰৰ লোকৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷ গতিকে দেশৰ চৰকাৰ আৰু ৰাজনৈতিক দলসমূহে কৃষকৰ আত্মহত্যাৰ ঘটনাক লৈ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে বোকা ছটিওৱা ৰাজনীতি নকৰি  অনতিপলমে কৃষকসকলৰ অৱস্থাৰ উন্নয়ন সাধনত ব্ৰতী হোৱা উচিত৷
০০০০০০০০০)(০০০০০০০০০০
বিঃদ্ৰঃপ্ৰবন্ধটো কিছু সম্পাদিত ৰূপত অসম বাণী কাকত 12 মে, 2017 সংখ্যাত প্ৰকাশ পাইছে৷

কৃষক সংঘ আৰু কৃষি উন্নয়নত ইয়াৰ ভূমিকা

আমাৰ দেশৰ ৫৮.৪% তকৈ অধিক লোকক কৃষি খণ্ডই প্ৰাথমিক ভাৱে জীৱিকা নিৰ্বাহৰ উপায় দিছে আৰু মুঠ ঘৰুৱা উৎপাদনৰ ২৩% কৃষি ক্ষেত্ৰৰ পৰাই আহে৷ বিগত ৫০ বছৰে ২% তকৈ কম গড় উন্নয়নৰ বিপৰীতে কৃষি ক্ষেত্ৰত  ৪% উন্নয়ন হোৱা বুলি দশম পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় কৃষি নীতিৰ তথ্যই সদৰী কৰিছে৷ কৃষি ক্ষেত্ৰত ৪% উন্নয়ন বাহাল ৰখাৰ বাবে উৎপাদন বৃদ্ধি কৰা আৰু দক্ষতা বঢ়াই ব্যয় সংকোচন কৰা প্ৰয়োজন৷ কৃষি খণ্ডত প্ৰযুক্তি প্ৰয়োগৰ দ্বাৰা আধুনিকীকৰণ কৰিলেহে এয়া সম্ভৱ হ’ব৷ প্ৰযুক্তিৰ হস্তান্তৰকৰণৰ কাৰণে ব্যক্তিগত আৰু ৰাজহুৱা উভয় খণ্ডতে উপাদানসমূহৰ ব্যৱহাৰ দক্ষতা বঢ়াব লাগিব৷ লগতে কৃষি বিনিয়োগ বঢ়াই তুলি আৰু সামথ্যবান তথা অনুকূল অৰ্থনৈতিক পৰিবেশ সৃষ্টি কৰি এলানি পদক্ষেপ লোৱা অতি জৰুৰী হৈ পৰে৷ কৃষি খণ্ডলৈ এতিয়া আহি পৰা আৱশ্যকতাবোৰ হ’ল স্থানীয় বিশেষ ধৰণৰ দক্ষতা আৰু জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত প্ৰযুক্তি, কৃষিজাত উৎপাদনৰ ওপৰত উচ্চ খাপৰ মূল্য সংযোজন গঢ়ি তোলা, ৰাজহুৰা অনুষ্ঠানসমূহ, প্ৰযুক্তি ব্যৱহাৰকাৰীসকল আৰু নিগম খণ্ডৰ মাজত নতুন অংশীদাৰীত্ব গঢ় দিয়া, বিত্তীয় বহন ক্ষমতাৰ অনুভূতি লাভ কৰিবলৈ আৰু আন্তৰ্জাতিক বজাৰত প্ৰতিযোগিতাত নামিবলৈ বাৰ্তা প্ৰযুক্তি অধিক কাৰ্যকৰিভাৱে আঁকোৱালি লোৱা৷

কৃষকৰ খেতি-পথাৰলৈ শেষতীয়া কৃষি প্ৰযুক্তি প্ৰেৰণ, বেংকৰ সৈতে কৃষকসকলৰ সু-সম্পৰ্ক স্থাপনত সহায় কৰা, খেতি চপোৱাৰ পাছৰ পৰ্যায়ত শেহতীয়া প্ৰযুক্তি অৱলম্বন, মূল্য সংযোজন আদি তথা দ্ৰব্য যোগানৰ কাৰণে আৰু তেওঁলোকৰ উৎদপান বাছনি কৰিবলৈ সমূহীয়া দৰ দামৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে ১৯৮২ চনত আৰম্ভ কৰা কৃষক সংঘ আঁচনিখন এক যথাযোগ্য আৰু অতি মনোমত প্ৰচেষ্টা৷

 ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰৰ বাবে ১৯৮২ চনৰ ৫ নবেম্বৰত ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংক উৎসৰ্গা কৰোতে ঋণৰ যোগেদি উন্নয়নৰ পাঁচটা নীতিৰ(Principles) প্ৰচাৰ(propagate) চলাবলৈ “বিকাশ ভলণ্টিয়াৰ বাহিনী”(ViKAS Volunteer Vahini চমুকৈ VVV)আঁচনিৰ প্ৰবৰ্তন কৰে৷ ২০০৫ চনত বিকাশ ভলণ্টিয়াৰ বাহিনীক সংশোধন কৰি “কৃষক সংঘ আঁচনি”(Farmer’s Club Programme চমুকৈ FCP)নামেৰে নামাকৰণ কৰা হয়৷ কৃষক সংঘ হৈছে তৃনমূল পৰ্যায়ৰ অনানুষ্ঠানিক(Infomal)গাঁথনি(Forum)৷ এই সংঘসমূহ, বেংক আৰু কৃষকসকলৰ পৰস্পৰৰ উপকাৰৰ বাবে ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকৰ পৃষ্ঠপোষকতাত বেংকসমূহৰ গ্ৰাম্য শাখা, বেচৰকাৰী অনুষ্ঠান আৰু কৃষি বিকাশ কেন্দ্ৰবোৰৰ দ্বাৰা গঠন কৰা হয়৷

কৃষক সংঘৰ উদ্দেশ্য

ঋণ, প্ৰযুক্তিৰ হস্তান্তৰ, সজাগতা আৰু সক্ষমতা আহৰণৰ যোগেদি গ্ৰাম্যাঞ্চলৰ উন্নতি সাধন কৰাটোৱেই হ’ল কৃষক সংঘ আঁচনিৰ উদ্দেশ্য৷ যথোপযুক্ত প্ৰযুক্তি, ভাল কৃষি পদ্ধতি, ঋণৰ সদ্ব্যৱহাৰ আৰু বজাৰৰ দক্ষতা অৱলম্বনৰ যোগেদি উৎপাদন আৰু উৎপাদন ক্ষমতা বৃদ্ধি কৰি কৃষকসকলৰ আয় বৃদ্ধি কৰাটোৱেই  আঁচনিখনৰ গুৰুত্ব৷

কৃষক সংঘৰ অগ্ৰগতি

২০১৩-১৪ চনৰ বছৰটোত ১৬২৭৯টা নতুন কৃষক সংঘক মঞ্জুৰী প্ৰদান কৰা হয়৷ ইয়াকে লৈ সমগ্ৰ দেশতে প্ৰতিটো সংঘতে ১৫ ৰ পৰা ২০ জনকৈ সদস্য হিচাপে সৰ্বমুঠ ১ লাখ ৪৩ হেজাৰ কৃষক সংঘ গঠিত হয়৷ কৃষকসকলক ঋণ, সম্প্ৰসাৰণ সেৱা, প্ৰযুক্তি আৰু বজাৰৰ সুবিধা উপলব্ধ কৰাৰ বাদেও কিছুমান কৃষক সংঘই আত্ম সহায় উন্নয়ন অনুষ্ঠান আৰু ব্যৱসায় সুচল কৰোতা/ব্যৱসায় সংযোগী স্বৰূপে কাম কৰি আছে৷ আঞ্চলিক ভিত্তিত কৃষক সংঘবোৰক বিভাজন কৰিলে দেখা যায় যে কেন্দ্ৰীয় অঞ্চলৰ অংশ গ্ৰহণ সৰ্বাধিক(২৮ শতাংশ),তাৰ পাছত পূৰ্বাঞ্চল(২৩শতাংশ), দক্ষিণ অঞ্চল(২১শতাংশ), পশ্চিম অঞ্চল(১৪শতাংশ)আৰু উত্তৰাঞ্চল(১১শতাংশ), যেতিয়া নেকি সংঘ গঠনৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল(৩শতাংশ) সৰ্ব শেষত থাকে৷ ২০১৪-১৫ চনৰ বছৰটোৰ বাবে অৱলম্বন কৰা উপায়ত আঁচনিৰ কেন্দ্ৰীভূতকৰণ কৃষকসকলৰ সক্ষমতা গঢ়ি তোলা আৰু প্ৰশিক্ষণ দিয়া আৰু কৃতকাৰ্য হোৱা কৃষক সংঘক, কৃষক উৎপানকাৰী সংগঠনলৈ উন্নিত কৰা৷ ২০১৪-১৫ চনৰ বছৰটোত ৩০/৯/২০১৪ তাৰিখৰ লৈকে ৰাষ্ষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে ৫.০৪ কোটি টকাৰ বিত্তীয় পোষকতা আগ বঢ়ায়৷

কৃষক সংঘৰ কামবোৰ হ’লঃ

*ইয়াৰ সদস্যসকলৰ বাবে ঋণৰ ধাৰাটো নিশ্চিত কৰিবলৈ বেংকৰ সৈতে যোগাযোগ ৰক্ষা কৰা তথা বেংক আৰু ঋণীৰ মজত সু-সম্পৰ্ক গঢ়ি তোলা,

*প্ৰতি মাহতে অতি কমেও এখন সভা অনুস্থিত কৰা আৰু প্ৰয়োজন সাপেক্ষে প্ৰতি মাহে ২-৩ খন সভাও হ’ব পাৰে৷ সভাত উপস্থিত থাকিবলৈ সদস্য নোহোৱা সকলকো আমন্ত্ৰিত কৰা,

*কৃষি আৰু কৃষি সম্বন্ধীয় বিভিন্ন কাম কাজৰ ক্ষেত্ৰত বিষয় বস্তুৰ বিশেষজ্ঞ আৰু কৃষি বিশ্ব বিদ্যালয়ৰ কৰ্মচাৰীৰ সৈতে, কাৰিকৰি জ্ঞানৰ সম্প্ৰসাৰণৰ কাৰণে উন্নয়ন বিভাগ আৰু অন্য সেই সম্বন্ধীয় এজেঞ্চিৰ সৈতে আলোচনা কৰা৷ আনকি সদস্য নহ’লেও গাঁওখনৰ/ ওচৰ-চুবুৰীয়া গাঁৱৰ অভিজ্ঞ কৃষকক অতিথি বক্তা হিচাপে আমন্ত্ৰিত কৰা,

 *সদস্যৰ হৈ পাইকাৰীভাৱে দ্ৰব্য ক্ৰয় কৰিবলৈ দ্ৰব্য যোগানকাৰী নিগমৰ সৈতে সম্পৰ্ক ৰখা,

*সদস্যসকলৰ উপকাৰৰ বাবে মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, কৃষি পামৰ উৎপাদিত দ্ৰব্যৰ যৌথ বজাৰ আদিৰ দৰে যুটিয়া কাম-কাজবোৰ সুচল/ সংগঠিত কৰা,

*জনগোষ্ঠীয় কাম-কাজবোৰ, শিক্ষা, স্বাস্থ্য, পৰিবেশ আৰু প্ৰাকৃতিক সম্পদ নিয়ন্ত্ৰণৰ দৰে আৰ্থ সামাজিক কৰ্মসূচী হাতত লোৱা,

*গ্ৰাম্য উৎপাদন আৰু উৎপাদিত দ্ৰব্যৰ বজাৰ৷


কৃষক সংঘৰ পাঁচটা তত্ত্ব ( The five principles) হ’লঃ

১)বিজ্ঞান আৰু প্ৰযুক্তিৰ আটাইতকৈ বেছি খাপ খোৱা পদ্ধতিৰে সৈতে নিশ্চিত ভাৱে ঋণ ব্যৱহাৰ কৰিব লাগিব৷

২)ঋণৰ চৰ্ত আৰু অৱস্থাসমূহক পূৰ্ণমাত্ৰাই সন্মান জনাব লাগিব৷

৩)যাতে উৎপাদন আৰু উৎপাদনশীলতা বাঢ়ে তাৰ বাবে সক্ষমতা সহকাৰে কাম সমাধা কৰিব লাগিব৷

৪)ঋণৰ দ্বাৰই সৃষ্ট অতিৰিক্ত আয়ৰ এটা অংশ সঞ্চয় কৰিবই লাগিব৷

 ৫)যাতে ঋণ পুনৰ চক্ৰাবৰ্ত আবৰ্তন ঘটি থাকে তাৰ বাবে ঋণৰ কিস্তি নিশ্চিতভাৱে, সময়মতে আৰু নিয়মীয়াকৈ পৰিশোধ কৰিব লাগিব৷

 যিবোৰ ক্ষেত্ৰত কৃষক সংঘ গঠনে বেংক-ঋণীৰ সু-সম্পৰ্ক স্থাপন কৰিছে সেইবোৰ হ’লঃ

*সঞ্চয় সংগ্ৰহ৷

*ঋণৰ প্ৰবাহ বৃদ্ধি কৰা আৰু বিচিত্ৰ ধৰণে ঋণ প্ৰদান৷

*নতুন ব্যৱসায়ৰ পথ উলিওৱা৷

*ঋণৰ ধন আদায় বৃদ্ধি কৰা আৰু অকামিলা সম্পদ হ্ৰাসকৰণ৷

*বেংক/ বিত্তীয় প্ৰতিষ্ঠানৰ লেন-দেন ব্যয় হ্ৰাসকৰণ৷

*গাঁৱৰ আৰ্থসামাজিক উন্নয়ন সাধন৷

 *বেংক আৰু ঋণী উভয়ৰ বাবে এক জয়জয়-ময়ময় অৱস্থা৷

কৃষক সংঘৰ সামাজিক কাম কাজ

 এইবোৰ উপকাৰৰ বাদেও, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, পশু স্বাস্থ্য যত্ন শিবিৰ, জন-প্ৰতিশেধক টীকা প্ৰদান শিবিৰ, ৰাস্তা, প্ৰতিৰোধী বান্ধ, বনানীকৰণ আদিৰ দৰে জনগোষ্ঠীয় কামৰ দৰে কিছুমান সামাজিক কল্যাণমূলক ব্যৱস্থাত কৃষক সংঘ আহিলা হৈ আহিছে৷ মুকলি বজাৰত উপাদানবোৰ পাইকাৰীভাৱে ক্ৰয় কৰাত দৰদাম কৰাৰ শক্তি বঢ়োৱা আৰু তেওঁলোকৰ উৎপাদনবোৰ মুক্ত বজাৰত বিক্ৰী কৰা৷

কোনে কৃষক সংঘ গঠক কৰিব পাৰে(Who can organise Farmers' Clubs)

বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু সমবায় বেংককে ধৰি গ্ৰাম্যঞ্চলত কৰ্মৰত যিকোনো বেংকে কৃষক সংঘ গঠন কৰিব বা পৃষ্ঠপোষকতা কৰিব পাৰে৷ তেওঁলোকে, যদিহে আৱশ্যক হয়, বে-চৰকাৰী সংগঠন/ কৃষি বিকাশ কেন্দ্ৰ/ কৃষি বিশ্ব বিদ্যালয়ৰ পৰা কৃষক সংঘ গঢ়িবলৈ সেৱা ভাৰাত ল’ব পাৰে৷ সকলোবোৰ সংঘৰে বেংকত চেভিংচ একাউন্ট থকা দৰকাৰ৷

 গঠন প্ৰণালী(Set Up)   আৰু   সদস্যতা

গাঁওসমূহত কৃষক সংঘ এক অনানুষ্ঠানিক ৰাজহুৱা সভা৷ সাধাৰণতে বেংকৰ কাৰ্যকৰি পৰিসীমাৰ ভিতৰত ইয়াক এখন গাঁৱত / কেইখনমান গাঁও লগ লগাই গঠন কৰা হয়৷ যদিওবা কৃষক সংঘৰ অতি কমেও ১০ জন সদস্য থাকিব লাগে, সভ্যৰ উৰ্ধতম সংখ্যা ধৰা-বন্ধা নহয়৷ প্ৰতিটো সংঘতে দুজন বিষয় ববীয়া থাকিব-এজন মুখ্য সমন্বয়ৰক্ষী আৰু আনজন যুটীয়া সমন্বয়ৰক্ষী৷ দুটা বছৰৰ বাবে বিষয় ববীয়া সকলক গণতান্ত্ৰিক পদ্ধতিৰে সদস্য সকলে নিৰ্বাচন কৰে৷ বিষয় ববীয়াসকল কৃষক সংঘৰ কাৰ্যকৰি পৰিসীমাৰ ভিতৰৰ হোৱা উচিত৷ কোনো বে-চৰকাৰী অনুষ্ঠানৰ প্ৰতিনিধি সংঘৰ সদস্য হ’ব  নোৱাৰিব৷ সভা আহ্বান দিয়া, অভিজ্ঞজনৰ সৈতে সভাৰ আয়োজন, হিচাপ- নিকাচ চলাই নিয়া, বেংক, ৰাজ্য চৰকাৰৰ কৃষিৰ লগত যুক্ত বিভাগবোৰৰ লগত যোগাযোগ ৰক্ষা কৰা, বেংকৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি যোৱাই তেওঁলোকৰ প্ৰধান কাম৷

ইচ্ছাকৃত ঋণচুৰি কৰোতাৰ বাদে গাঁৱৰ সকলোৱেই কৃষক সংঘৰ সদস্য হ’ব পাৰে৷ সদস্যৰ বৰঙণি, দ্ৰব্যৰ পাইকাৰী যোগান আৰু কৃষিজাত উৎপাদনৰ সমূহীয়া বজাৰৰ দৰে কিছুমান ব্যৱসায় হাতত লৈ কৃষক সংঘই তেওঁলোকৰ নিজৰ আয়ৰ উৎস বঢ়াবলৈ চেষ্টা কৰিব লাগিব৷

বেংকৰ  শাখাসমূহে কেনেদৰে কৃষক সংঘ গঠন কৰিব

*বেংকৰ শাখাই প্ৰত্যক্ষভাৱে কৃষক সংঘ গঢ় দিব পাৰে বা কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিশ্ব বিদ্যালয়, বে-চৰকাৰী অনুষ্ঠান, নিগম ইত্যাদি নিয়োগ কৰিও কৃষক সংঘ গঢ়িব পাৰে৷

*বেংকৰ শাখাৰ কাৰ্যকৰি ক্ষেত্ৰৰ কৃষক সংঘ চলাই নিবৰ বাবে উপযুক্ত এখন গাঁও/ কেইখনমান গাঁও নিৰ্বাচন কৰিব লাগিব৷

*দলবদ্ধ কামৰ বাবে মনোভাৱ আৰু সামৰ্থ্য থকা ঋণৰ সঠিক ব্যৱহাৰ কৰা অতীতৰ ভাল নজীৰ থকা কেইজনমান ঋণী চিনাক্ত কৰিব লাগিব৷(সদস্য সঠিক নিৰ্বাচনৰ ওপৰতেই সংঘৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে৷)

*সদস্য সকলক এজন মুখ্য সমন্বয়ৰক্ষী আৰু এজন যুটীয়া সমন্বয়ৰক্ষী নিৰ্বাচন কৰিবলৈ উৎসাহিত কৰিব লাগিব৷ ই সমূহীয়া নেত্ৰিত্ব আৰু সংঘটোৰ ধাৰবাহিকতা নিশ্চিত কৰে৷

*কৃষক সংঘ চলাই নিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকৰ সহায়ত তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব৷

*মাহেকীয়া সভা  নিয়মীয়াকৈ পাতিবলৈ সদস্যসকলক উৎসাহিত কৰিব লাগিব, অৰ্থবহ আলোচনা কৰিবলৈ আৰু প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ তেওঁলোকক পথ প্ৰদৰ্শন কৰিব লাগিব৷

*ঋণ আৰু ঋণবিহীন আৱশ্যকতাবোৰ(প্ৰশিক্ষণ, আৰ্থসামাজিক, গ্ৰাম্য আন্তৰ্গাঠঁনি, আদি)চিনাক্ত কৰিবলৈ 
সদস্যসকলক প্ৰভাৱিত কৰিব লাগিব, এক কৰ্মসূচী প্ৰস্তুত কৰি সেইমতে চৰকাৰী বিভাগসমূহ আৰু আন এজেঞ্চীবোৰৰ সহযোগত নিপুণজনৰ ভাষণ, পৰামৰ্শ , প্ৰয়োজন ভিত্তিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগিব৷

*সদস্যভূক্তিৰ পঞ্জীয়ণ বহী, কাৰ্যবিৱৰণী বহী, হিচাপ পঞ্জীয়ণ বহী পৰিচালনা কৰিবলৈ সদস্যসকলক উৎসাহিত কৰা৷

*কৃতকাৰ্যতাৰ মাপ-কাঠি নিৰূপনৰ ব্যৱস্থা আৰু বাৰ্ষিক ভাৱে সংঘসমূহৰ মানদণ্ড পৰীক্ষা কৰিব লাগে৷

*কেৱল ঋণ আৰ ঋণ আদায়ৰ আহিলা হিচাপে ব্যৱহাৰ নকৰি কৃষক সংঘক বেংকক সহায় কৰিবলৈ আত্ম সহায়ক গোট উন্নয়নত , ক্ষুদ্ৰ ঋণ আদিত ব্যৱহাৰ কৰিব লাগে৷

ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকৰ বিত্তীয় পোষকতা

ৰাষ্ত্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে প্ৰতিটো কৃষক সংঘক প্ৰতি বছৰে ১০০০০/=টকাকৈ তিনি বছৰৰ বাবে বিত্তীয় সাহৰ্য প্ৰদান কৰে৷ এই ধন কৃষক সংঘৰ সদস্যসকলে সাংগঠনিক কাম-কাজ, পৰিচালনা ব্যয়, সজাগতা সভাৰ আয়োজন আদিৰ দৰে কামত খৰচ কৰে৷ কৃষকসকলৰ আয় বৃদ্ধিত সহায়ক হোৱা যথোপযুক্ত প্ৰযুক্তি অৱলম্বন আৰু ব্যাপ্তকৰণত সুচল কৰা কাৰণে কৃষক সংঘকে ধৰি যিকোনো অনুষ্ঠানক বিত্তীয় সাহাৰ্য আগ বঢ়াবলৈ ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে “Farmers Technology Transfer Fund (FTTF) নামৰ এক উৎসৰ্গীকৃত পুঁজি গঠন কৰে৷

ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে কৃষক সংঘক  প্ৰথম তিনিটা বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব আৰু তাৰ পিছৰ দুটা বছৰৰ বাবে প্ৰয়োজন হ’লে কৃষক সংঘক পোষকতা কৰা বেংকে পৃষ্ঠপোষকতা কৰিব৷ কৃষক সংঘটোৱে ৩ ৰ পৰা ৫ বছৰৰ ভিতৰত নিজে বৰ্ত্তি থকাৰ ক্ষমতা আহৰণ কৰিব বুলি আশা কৰা হয়৷

সামৰণি

 দেখা গৈছে যে দেশৰ বিভিন্ন ৰাজ্যত কৃষক সংঘসমূহ যিদৰে ঠন ধৰি উঠি কৃষি খণ্ডক বলিষ্ঠ কৰিছে সেইদৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কৃষক সংঘ গঢ় লৈ উঠা নাই৷ এই ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাৱ জগাই তুলিবৰ বাবে পুৰষ্কাৰ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে৷ ২০১১-১২ চনৰ বৰ্ষটোৰ বাবে কৃষি প্ৰযুক্তি হস্তান্তৰত আৰু তেওঁলোকৰ নিজৰ গাওঁবোৰত সকলো দিশতে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত  অনুকৰণীয় ফলাফল প্ৰদৰ্ষনৰ বাবে পাঁচটা কৃষক সংঘক অতি ভাল কাৰ্য সাধকৰ বঁটা প্ৰদান কৰা হৈছে৷ কৃষক সংঘবোৰৰ সু-পৰিচালনাৰ যোগেদি বেংকসমূহে নিজে লাভৱান হোৱাৰ লগতে কৃষক সংঘক প্ৰাসংগিক কৰি তুলি কৃষকসকলৰ উন্নয়ন সাধন কৰি  দেশৰ কৃষি খণ্ডক আগুৱাই নিয়াত মুখ্য ভূমিকা পালন কৰিব পাৰে৷


০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০