Wednesday 7 September 2016

টি ভি চেনেলৰ নাটকত উপলুঙাৰ যোগেদি হাস্যৰস সৃষ্টিৰ প্ৰৱণতা

সত্তৰ দশকত আমি যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিলো তেতিয়া একাঙ্ক নাট চাই বৰ আমোদ পাইছিলো ৷ সেই সময়ত একাঙ্ক নাটসমূহৰ যোগেদি দৰ্শকক হহুঁৱাবলৈ নাটকত কলা, বোবা, কণা ইত্যাদি শাৰীৰিক ভাৱে বিশষ ধৰণে সক্ষম লোকৰ  চৰিত্ৰ সন্নিবিষ্ট কৰা হৈছিল৷ এচাম দৰ্শকক তেনে নাটকে হাঁহিৰ খোৰাক যোগালেও অন্য এচাম সচেতন দৰ্শকে এনে কামৰ বিৰোধিতা কৰিলে৷ লাহে লাহে অসমত শাৰীৰিকভাৱে বিশেষ ধৰণে সক্ষম লোকসকলক নাটকৰ চৰিত্ৰ কৰি লৈ দৰ্শকক হাস্য ৰসৰ যোগান ধৰা কাম বন্ধ হৈ পৰিছিল;কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে অসমৰ দুই এটা টি ভি চেনেলে শাৰীৰিকভাৱে বিশেষ ধৰণে সক্ষম লোকসকলক উপলুঙা কৰি নাটকৰ চৰিত্ৰত তেনে লোকৰ চালচলন প্ৰদৰ্শন কৰি দৰ্শকক হহুঁৱাবলৈ চেষ্টা কৰিছে৷ কেৱল এয়াই নহয়, এক বিশেষ ধৰ্মাৱলম্বী লোকৰ  ধৰ্মীয় অনুভূতিত আঘাত হানি তেওঁলোকৰ ধৰ্মগ্ৰন্থৰ আধাৰত “ভায়ামামাৰ ৰামায়ণ”নামেৰে নাট প্ৰদৰ্শন কৰিছে৷ নাটকৰ যোগেদি দৰ্শকক হাস্য ৰস দিবলৈ অন্য কথা নাই জানো? ৰাইজে বা কি কয় ?

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মদ নিষিদ্ধ কৰাত গুৰুত্ব দিয়া উচিত

ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন পবিত্ৰ আৰু শান্তিপূৰ্ণ দেশ হিচাপে থিয় দি থাকিবলৈ হ’লে এই দেশত মদ নিষিদ্ধ কৰিব লাগিব৷ ১৯২০ চন আৰু ১৯৩০ চনৰ মাজৰ পৰা স্বাধীনতা লাভৰ পিচৰ প্ৰায় দুটা দশকলৈকে ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে মদ নিষিদ্ধ কৰি ৰখা হৈছিল৷ মহাত্মা গান্ধীৰ শিক্ষাই ভাৰতবৰ্ষৰ জনতাক মদ বৰ্জনৰ বাবে প্ৰতিবাদ চলাই যাবলৈ অনুপ্ৰাণিত কৰিছিল৷  সেই প্ৰতিবাদৰ ফলস্বৰূপে বৰ্তমানৰ অসমৰ বৃহৎ অঞ্চল, মধ্যপ্ৰদেশ, উড়িশা, তামিল নাড়ু, মহাৰাষ্ট্ৰ , গুজৰাট, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালাই ১৯৩৭ চন মানৰ পৰাই মদৰ ওপৰত  প্ৰতিবন্ধকতা লগাই দিয়ে৷ ১৯৫৪ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰায় চাৰি ভাগৰ এক অংশ অঞ্চল মদ নিষিদ্ধকৰণ কাৰ্যসূচীৰ অধীনলৈ আহিল আৰু কেন্দ্ৰীয় চৰকাৰে ১৯৫৮ চনৰ এপ্ৰিল মাহৰ  ভিতৰত   সমগ্ৰ দেশ ব্যাপি মদ নিষিদ্ধকৰণৰ  লক্ষ্য বান্ধি লৈছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ ১৯৬৭ চনত মিজোৰাম আৰু গুজৰাটক বাদ দি বাকী সকলো ৰাজ্যই আইনখন বাতিল কৰে৷ একে ধৰণে , হাৰিয়ানা আৰু মিজোৰামেও পিচলৈ আইনখন বাতিল কৰে৷  
                            
প্ৰকৃততে ক’বলৈ গ’লে, এখন চৰকাৰৰ বাবে মদৰ ওপৰত নিষিদ্ধকৰণ লগাই দিয়া বুলি ঘোষণা কৰা  সিদ্ধান্তটো ভাৰতবৰ্ষত তেনেই সহজ কথা নহয়৷  প্ৰাথমিক কাৰণটো হ’ল মদৰ যোগেদি লাভ কৰা ৰাজহক উলাই কৰাটো সহজ কথা নহয় ৷ ইয়াৰ দ্বাৰাই চৰকাৰৰ পুঁজি বৃদ্ধি হয় আৰু সেই সহজলভ্য ৰাজহৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা হব  - দীৰ্ঘম্যাদী পৰিণামত ৰাজ্যৰ, সমাজৰ কেনে ধৰণৰ ক্ষয়-ক্ষতি হ’ব পাৰে তাক সুস্থভাৱে বিবেচনা কৰা নাযায়৷ গতিকে , ভাৰতবৰ্ষৰ মদ নিষিদ্ধকৰণৰ অভিজ্ঞতাক বিচিত্ৰ অভিজ্ঞতা বুলিব পাৰি৷

গুজৰাট, নগালেণ্ড আৰু মণিপুৰৰ কিছু অংশত তথা কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষ্যাদ্বীপত বৰ্তমান মদ নিষিদ্ধকৰণ আইন বলবত আছে৷ কেৰালাইও ২০১৪ চনৰ পৰা পৰ্যায়ক্ৰমে মদ নিষিদ্ধকৰণ আইন প্ৰয়োগ কৰিছে৷ বিহাৰে ২০১৬ চনৰ ১ লা এপ্ৰিলৰ পৰা মদ বিক্ৰী নিষিদ্ধ কৰিছে৷  ভাৰতবৰ্ষৰ আন প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে মদ বিক্ৰীৰ অনুজ্ঞা দিছে৷  কিন্তু প্ৰকৃততে নিষিদ্ধকৰণ কামত আহিছেনে ? এইটো গোপন হৈ থকা নাই যে নিষিদ্ধকৰণ চলাই নিয়া ৰাজ্যসমূহে মদ বিক্ৰী আৰু মদ্যপান সম্পূৰ্ণ ভাৱে নিয়ন্ত্ৰণ কৰাত বিফল হৈছে৷ ১৯৮৯ চনৰ পৰাই নগালেণ্ড মদ্য ৰহিত ৰাজ্য হৈ আছে ; কিন্তু এই ৰাজ্য অসমৰ সীমাত অৱস্থিত হোৱা বাবে অসমৰ পৰা অহৰহ নগালেণ্ডলৈ মদৰ যোগান ধৰি থকা হয়৷  গুজৰাটৰ মদ্যপায়ীসকলৰ পিয়াহ গুচাবলৈ মুম্বাই, আবুৰোড আৰু ডমন এণ্ড ডিউৰ পৰা মদৰ যোগান ধৰা হয়৷  অন্যহাতে, বিহাৰৰ মদ্যপায়ীসকল ঝাৰখণ্ড, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ মদৰ দোকানলৈ মদ্যপান কৰিবলৈ যায়৷ সেয়েহে কোৱা হয় যে মদ নিষিদ্ধকৰণ ৰাজনৈতিক চতুৰালি  বা চমকৰ বাদে আন একো নহয়৷

 যদিহে ভাৰত চৰকাৰে মদ নিষিদ্ধকৰণ আইন সমগ্ৰ দেশতে বলবত হোৱাকৈ প্ৰয়োগ কৰা বাবে পদক্ষেপ লয় তেনেহলে মদ নিষিদ্ধকৰণৰ প্ৰচেষ্টা সফল হ’ব৷  ৰাজ্য চৰকাৰসমূহক মদ তৈয়াৰী, বিক্ৰী আৰু উপভোগ নিষিদ্ধ কৰিবৰ বাবে আইন সংশোধন কৰিবলৈ পতিয়ন নিয়াব লাগে৷ এইটো পৰিষ্কাৰ ভাৱে জনাই দিব লাগে যে ‘ মদ বিক্ৰীৰ বাবদ ৰাজহ হিচাপে যি পোৱা যায় সেয়া  চৰকাৰে গুৰুতৰ সামাজিক ব্যাধি(মদ্য পানৰ ফলত হোৱা) নিৰ্মূল কৰিবলৈ কৰা ব্যয়ৰ সামান্য এটা অংশহে মাত্ৰ৷’(ধীৰেন্দ্ৰ নাথ বেজবৰুৱা)

অসমক অৰ্থনৈতিক ভাৱে , নৈতিক ভাৱে আগুৱাই নিবলৈ আৰু অসমৰ নৱ প্ৰজন্মক নৰকত পৰাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে অসমত মদ নিষিদ্ধ কৰাটো অসমৰ নতুন চৰকাৰখনৰ  এক গুৰুত্বপূৰ্ণ কৰ্তব্য৷ কামটো কিন্তু সহজ নহয়৷ ১৯৯২ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী, হিতেশ্বৰ শইকীয়াই ৰাজ্যখনত মদৰ দোকান চলাবলৈ আত্মসমৰ্পণকাৰী  উগ্ৰপন্থীসকলক  অনুজ্ঞা পত্ৰ দিয়া আৰম্ভ কৰিলে৷  অনুজ্ঞা পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটো চলি থাকিল আৰু প্ৰতিখন চৰকাৰে  নিজৰ দলৰ কৰ্মী, বন্ধু-বান্ধব আৰু আপোনজনক কম দিনৰ ভিতৰতে চহকী হ’বলৈ সহায় কৰাৰ উদ্দেশ্যে তাকেই কৰি গ’ল  আৰু এতিয়া ৰাজ্যখনৰ সকলো ঠাইতে মদৰ দোকান দেখিবলৈ পোৱা যায়৷  ইয়াৰ পৰিণাম স্বৰূপে ৰাজ্যখনৰ আইন-শৃঙ্খলা পৰিস্থিতিৰ নিতৌ  অৱনতি ঘটিব ধৰিছে৷  সেইবোৰৰ ব্যাখ্যা নিষ্প্ৰয়োজন৷ কাৰণ, বাতৰি কাকত আৰু দূৰদৰ্শন কেন্দ্ৰসমূহে পুৱাতেই ৰাইজক তেনেবোৰ খবৰ জনাই দি দিনটোৰ বাবে উদ্বিগ্ন কৰি ৰাখে৷ বৰ্তমান  ৰাজ্যখনৰ ধনী-মানী আৰু ৰাজনৈতিক ভাৱে ক্ষমতাশীল এচাম লোকে মদৰ ব্যৱসায়টো চলাই আছে৷ এই সকলৰ প্ৰতিপত্তিৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব প্ৰতিপন্ন হ’বনে ? সমাজৰ এচাম লোকে ধৰ্ম , পৰম্পৰা আৰু সামজিক ৰীতি-নীতিৰ দোহাই দি মদ নিষিদ্ধকৰণৰ বিষয়টো অপ্ৰাসংগিক কৰি তুলিবলৈ চেষ্টা চলাব : কিন্তু থলুৱা সাঁজপানী, আপং, ছাইমদ আদিক নিষিদ্ধকৰণৰ পৰা ৰেহাই দি আইন প্ৰস্তুত কৰিব পৰা নাযাবনে ?  বিহাৰৰ মদ্যপায়ী সকলক লালুপ্ৰসাদ যাদবে মদৰ পৰিপূৰক হিচাপে তাড়ি ( Tadi) পান কৰিবলৈ দিয়া পৰামৰ্শৰ দৰে অসমৰ মদ্যপায়ীসকলক সাঁজপানী, আপং আদি থলুৱা পানীয় ব্যৱহাৰ কৰি থলুৱা লোকৰ জীৱিকাৰ পথ সুগম কৰিবলৈ অনুৰোধ কৰিব নোৱাৰিনে ? এনে ধৰণৰ ঘৰুৱা মদক বেদেশী মদ বা ভাৰতত প্ৰস্তুত কৰা বিদেশী মদৰ(IMFL) দোকানৰ মালিক পক্ষৰ স্বাৰ্থতে অবৈধ ঘোষণা কৰি দ্ৰৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি অনিচ্ছাসত্বেও  পৰিয়ালটো চলাই নিবলৈ ঘৰুৱা মদ বিক্ৰী কৰা জনজাতীয় পুৰুষ মহিলাসকলক হাৰা-শাস্তি কৰি অহা হৈছে আৰু সুবিধাবাদী আবকাৰী বিষয়া আৰু পুলিচে তেওঁলোকৰ পৰা  নিয়মিত ভাৱে ধন আদায় কৰি গৈছে৷ আমাৰ অসমতে কেৱল এনে হোৱা নাই, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো একেই সমস্যাই দেখা দিছে৷ 

হোমেন বৰগোহাঞিদেৱৰ দৰে বিশিষ্ট লেখকসকলে বহুদিনৰ আগৰে পৰা অসম চৰকাৰক মদ নিষিদ্ধ কৰিবলৈ আহ্বান জনাই আহিছে; কিন্তু চৰকাৰে এই কথাত গুৰুত্ব দিয়া নাই৷


ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ-ব্যামৰ ওপৰত গুৰুত্ব দিছে ; কিন্তু দেশত মদ নিষিদ্ধকৰণত কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰে ঠিকেই কৈছে, “দেশব্যাপি মদ নিষিদ্ধকৰণ অবিহনে যোগ অপ্ৰাসংগিক৷”
00000000000000000000000000000)(
বিঃদ্ৰঃ  প্ৰৱন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক কাকত "অসমবাণী" ৰ ১৬/৯/২০১৬ তাৰিখৰ সংখ্যাত কিছু সম্পাদিত ৰূপত  প্ৰকাশ পাইছে৷

নগৰৰ পদযাত্ৰীৰ বিলৈ

দেখা যায় যে অসমৰ প্ৰায়বোৰ  নগৰতে পদপথৰ সু-ব্যৱস্থা কৰা হোৱা নাই৷ বহুতো ঠাইত পদপথত   দোকান–বজাৰ গঢ়ি উঠিছে আৰু পদপথচাৰীয়ে বিপৰ্যয়ক শিৰ পাতি লৈ যাতায়ত অব্যাহত ৰাখিব লগা হৈছে৷ বাৰিষা বতৰত বৰষুণৰ দিনত পদযাত্ৰীসকলৰ  অৱস্থা অতিকৈ শোচনীয়  হৈ পৰে৷ নগৰৰ মধ্যস্থলৰ পৰা উপকন্ঠ অঞ্চললৈ পদব্ৰজে গমন কৰোঁতে যেতিয়া পদপথবিহীন ৰাস্তা পায়গৈ তেতিয়া  দ্ৰতবেগী গাড়ী অথবা ডেকাহঁতে চলোৱা তীব্ৰবেগী বাইকৰ খুন্দাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৈ পথচাৰী পথৰ কাষত সততে জমা হোৱা পঙ্কিল জলৰাশিত প্ৰৱেশ কৰে৷ পৰিধান কৰি অহা  বস্ত্ৰ লেতৰা হোৱা কথা পাহৰি  গাড়ী- মটৰ চাইকেলৰ খুন্দাৰ পৰা যে ৰক্ষা পৰিল  তাকে লৈ অদৃষ্টজনক ধন্যবাদ দিয়ে৷ সন্ধ্যা পৰত বা নিশা যেতিয়া বৰষুণ দি থাকে তেতিয়া যাত্ৰীয়ে দুৰ্ঘটনাৰ সন্মুখীন হোৱাও দেখা যায়৷ উত্তৰ লখিমপুৰত থকাৰ দৰেই অসমৰ বহুতো নগৰত এনে কিছুমান ঠাই আছে যে য’ত নেকি পদপথ নাইতু নায়েই, আনকি ৰাস্তাৰ  কাষত শাৰী শাৰীকৈ গাড়ী, বাইক, স্কুটাৰ আদি ৰখাই থৈ  সেইফালেদি মানুহ এটা পাৰ হৈ যাব নোৱাৰা কৰি থয়৷ এনে পৰিস্থিতিত  পৰিলে কেনে লাগে সেয়া ভুক্তভোগী জনেহে অনুভৱ কৰিব পাৰিব৷ বাতানুকূল গাড়ীত অহা-যোৱা কৰাসকলে এনেবোৰ কথা মন নকৰে ৷ সংশ্লিষ্ট কৰ্তৃপক্ষই যাতে এইবোৰ কথাৰ প্ৰতি মনোযোগ দি পদপথৰ সু-ব্যৱস্থা  কৰে তাৰ বাবে ভুক্তভোগীসকল একত্ৰিত হৈ প্ৰতিবাদ জনোৱা উচিত৷
০০০০০০০০০০-০০০০০০০০
বিঃদ্ৰঃ লেখাটো চিঠি আকাৰে অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী "প্ৰান্তিক" ৰ ১-১৫ চেপ্তেম্বৰ তাৰিখ সংখ্যাত প্ৰকাশ পাইছে৷

Importance of Prohibition of Alcohol in Every State and Union Territory of India

To exist India as a sacred and peaceful country in the world , alcohol should be prohibited in India. Between the 1920 and 1930s to almost two decades after independence alcohol was banned in major part of India. The teachings of Mahatma Gandhi inspired people of India to fare the anti alcohol protest. As a result of these protests large portions of present day Assam, Madhya Pradesh, Odessa, Tamil Nadu, Maharashtra , Gujarat, Andhra Pradesh, Karnataka and Kerala had implemented prohibition since about 1937. By 1954, almost one-fourth of India was under prohibition and central government had targeted nationwide prohibition by April 1958. But unfortunately, in 1967 all but two of them Mizoram and Gujarat repealed the law. In this way, Haryana and Mizoram have previously enforced but later repealed prohibition.
Really speaking, it’s never an easy decision for a state government to declare a ban on alcohol in India. That’s primarily because liquor revenues are not easy to ignore and have consistently formed the bulwark of government funds. The long term evil consequences are not seen by the government. So, Indian’s experience with prohibition is called variegated.
Alcohol prohibition in India is in force in the states of Gujarat, Nagaland and parts of Manipur , as well as in the Union Territory of Lakshadweep. Kerala has been implementing prohibition in a phased manner since 2014. Bihar banned alcohol sale on 1 April 2016. All other Indian states and union territories permit the sale of alcohol. But does prohibition really work ? It is no secret that states with prohibition have failed to fully control the sale or consumption of alcohol. Nagaland has been a dry state since 1989; but it borders Assam, which helps keeping an uninterrupted flow of alcohol into the state. In Gujarat alcohol is supplied from Mumbai , Abu Road and Daman and Diu to quench the thirst of Guajarati’s flock. On the other hand, in Bihar people go to wine shops of Jharkhand, West Bengal and Uttar Pradesh to drink. So it is called that ban on alcohol is nothing but a political gimmick.
Prohibition of alcohol will be successful if the Government of India take necessary steps to ban alcohol all over the nation. The state governments should be convinced to amend the law to enforce ban on liquor sale, manufacture and consumption. It should be clearly stated that ‘what it is gaining as revenue from the sale of alcohol is a fraction of what the state would have to spend on curing a major social malaise.’( D.N. Bezboruah)
In Assam, prohibition of alcohol is an important duty of the new government to develop Assam economically, morally and to save the new generation from falling into the hell. But the task is not so easy. In the year 1992, then Chief Minister of Assam Hiteswar Saikia has started to issue licenses to surrendered extremists for running liquor shops in the state. The process has been going on and every government do the same to help their party workers, friends and relatives to become rich within a short period and now wine shops are found everywhere in the state. As a result of this law and order situation of the state is very bad. There is no need to describe the situation here, because News papers and T V channels of the state inform everything  in the morning and conscious people of  the state remain worried for  whole the  day. 

The business of wine shop is now with rich and politically powerful persons. Is it possible on the part of the government of Assam to go against  their interest? A section of people of the society will try to make the prohibition of alcohol irrelevant in the state reminding religious tradition of drinking alcohol in the state . But  traditional  liquor can be exempted  from prohibition. Alcohol addicted persons of Bihar are advised by Lalu Prasad Jadav to drink ‘Tadi’ in lieu of  wine or foreign liquor. In this way locally made Vodka may be the substitute of foreign liquor in Assam. It will help the rural poor to earn money to run the family, not to become rich. Only to protect the interest of the owners of wine shops ban is imposed on sale of  locally made Vodka. Poor tribal men and women are punished and opportunist excise officers and police men regularly taking bribe from them.  It happens not only in Assam, neighboring states like Arunachal Pradesh are also suffering from same problems.
Prominent writers of Assam, like Homen Borgohain , have been suggesting the government of Assam to ban alcohol in Assam since long ago. But their utterances go in vain.
The Prime Minister of India, Narendra Modi gives importance to Yoga; but he is not taking any steps to ban alcohol in the country. The Chief Minister of Bihar , Nitish Kumar rightly says, “ Yoga is irrelevant without countrywide liquor ban.”

00000000000000000000000000000)(0000000000000000000000

কণমইনাই দেখা আৰু শুনা ভূত-প্ৰেতৰ কাহিনী

কণমইনা সিহঁতৰ ঘৰখনৰ প্ৰতিজন সদস্যৰে  অতি আদৰৰ আৰু  মৰমৰ৷ ঠিক একেদৰেই জীৱ-জন্তু, চৰাই-চিৰিকতিবোৰ আকৌ কণমইনাৰ বাবে অতি আদৰৰ আৰু মৰমৰ৷ সি কোনো জীৱ-জন্তু বা চৰাই-চিৰিকতিৰ কষ্ট হোৱাটো সহ্য কৰিব নোৱাৰে৷ যেতিয়াই যেনেকৈ পাৰে সিহঁতৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াবলৈ সাজো হৈ থাকে৷ তাৰ এনে প্ৰয়াসৰ ফলশ্ৰুতি হিচাপে ইমান কম বয়সতেই বৰ্তমান কেইবাটাও স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনৰ সি সদস্য হৈ পৰিছে৷

পৃথিবীৰ সভ্য মানৱৰ অসভ্য আচৰণৰ ফলত জীৱ জগতৰ অনেক প্ৰাণীয়ে  এই পৃথিবীৰ পৰা  চিৰ দিনৰ বাবে বিদায় লোৱা  বুলি জনা হোৱাৰে পৰা কণমইনাৰ মনটো বেজাৰত ভাৰাক্ৰান্ত হৈ আছে৷ আনহে নেলাগে এদিন কথা প্ৰসংগত ‘বিচৰণ স্থলিৰ অভাৱত পৰি হেনো এই পৃথিবীৰ পৰা ভূত-প্ৰেতবোৰো নোহোৱা হৈ গ’ল’ বুলি দেউতাকে হাঁহি হাঁহি কওঁতেও কথাষাৰ কণমইনাৰ সঁচা যেন লাগি গ’ল৷ দুৰ্ভগীয়া ভূত-প্ৰেতবোৰৰ কথা ভাৱি তাৰ বেজাৰ লাগি গ’ল৷ সি ভাৱিলে , এতিয়া যদি সিহঁত ক’ৰবাত আছে  আৰু কেনেবাকৈ দেখা দিয়ে তেন্তে সি সিঁহতৰ সৈতে বন্ধুত্ব গঢ়ি তুলি সিহঁতৰ থকা মেলাৰ ব্যৱস্থা কৰি দিব, সিহঁতলৈ ভয় নকৰে; দেউতাকে বজাৰৰ পৰা আনি দিয়া শহা দুটাক যেনেকৈ মৰমেৰে গঁৰালত ৰাখিছে ঠিক তেনেকৈ মৰমেৰে সিহঁতকো বান্ধি ৰাখিব৷

এদিন দুপৰ নিশা কণমইনা হঠাৎ টোপনিৰ পৰা  সাৰ পাই ল৷ সাৰ পায়ে সিহঁতৰ চোতালত কুকুৰৰ ভুঁক ভুঁকনি শুনি সি সচকিত হৈ পৰিল৷  চোতালৰ এমূৰে থকা শহা দুটাৰ গঁৰালৰ কাষতেই যে কুকুৰ কেইটাই ভুঁকি আছে সেই কথাত সি নিশ্চিত ল৷ শহা হালৰ কিবা বিপদ ঘটাব নেকি ? কথাটো সি ভাৱি চাই ঘড়ীটোলৈ চালে চাৰি বাজি পাৰ ল৷ ৰাতি পুৱালেই বুলিব পাৰি৷ তাৰ মনলৈ সাহস আহিল৷ হাতত এডাল লাঠি লৈ দুৱাৰ খুলি সি চোতালত প্ৰৱেশ কৰাৰ লগে লগেই কুকুৰ কেইটা পলাই পতং দিলে৷ সি শহা গঁৰালৰ কাষ চাপি ল৷  সকলো ঠিকেই আছে৷  শহা দুটাক সি দিয়া নাম ‘ৰিকি’ আৰু ‘টিকি’ বুলি মাত দিয়াৰ লগে লগে  তাক দেখা পাই সিহঁত হাল যেন আনন্দত মতলীয়া হৈ পৰিছে এনে ভাৱ দেখুৱাই গঁৰালৰ ভিতৰতে নাচি বাগি থাকিল৷

কণমইনাই শহা কেইটা চাই থাকোঁতেই  ৰাস্তাৰ ইটোপাৰে কুকুৰবোৰে ৰাউচি জোৰা শুনিলে৷  সি সেইফালে চকু দিওঁতেই যিটোহে বস্তু দেখা পালে ! ভয় নকৰো বুলি ক’লে কি হ’ব ? তেনে এটা বস্তু দেখিলে সাহসৰ স্থান সন্ত্ৰাসে দখল কৰিব৷ কণমইনাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ’ল৷ তথাপি সি ভয়ে ভয়ে হ’লেও আকৌ এবাৰ বস্তুটোৰ ফালে চালে৷ মূৰত জপৰা চুলি, গাটো শকত, তেনেই চুটি-চাপৰ আৰু সেই প্ৰাণীটোৱে হাতেৰে খোজ কাঢ়িছেনে ভৰিয়ে খোজ কাঢ়িছে তাকেইচোন ধৰিব নোৱাৰি৷ আৰু—আৰু তাৰ সেই পকা আঙঠাৰ দৰে জলি থকা চকু দুটা যে---! কণমইনাই যেতিয়া নিশ্চিত হ’ল যে ই ভূতৰ বাদে আন একোৱেই নহয় , তেতিয়া মাকক জগাই দি ভূতটো দেখুওৱাৰ কথা চিন্তা কৰিলে৷ অন্যথাই পুৱাই পুৱাই ভূতৰ কাহিনী কৈ সি লাজতহে পৰিব৷  নিজে নেদেখিলে  আজিৰ দিনত কোনে ভূত বিশ্বাস কৰিব বাৰু?

ক’তজনৰ মুখত ক’ত যে ভূত-প্ৰেতৰ কাহিনী সি শুনি আহিছে তাৰ লেখ জোখ নাই৷ এবাৰ ভৰ বাৰিষা কণমইনাহঁতৰ গাঁৱৰ কেইটামান তাৰ কাণসমনীয়া ল’ৰাই  হেনো  টুলুঙা নাও বাই সাপেখাটি বিলৰ কাষত  টুকুৰা চৰাইৰ কণী বিচাৰি ফুৰিছিল ৷ দূৰণিত পানীৰ মাজত  হেলেচ গছ এজোপাৰ তলত থকা গছৰ মূঢ়াত বহি কিচকিচকৈ ক’লা ভূত এটাই সিহঁতক উদ্দেশ্যি “ ঔ--- ” বুলি যেতিয়া ৰিঙিয়াই দিলে তেতিয়া আটাই কেইটাই সমানে নাও বাই পলায়ন কৰিছিল ৷ এলেহুৱা বুলি খ্যাতি লাভ কৰা তাৰ বন্ধু ফুলকণেও  বোলে প্ৰাণপণে নাও বাইছিল সেইদিনা৷

 পোতা পুখুৰীত বৰশী বাই থাকোতে দেখা দিয়া বাকৰ কথাও সি শুনিছে৷  হাত ভৰি দীঘল দীঘল কিচকিচকৈ ক’লা বাকবোৰে মাছ খোৱাৰ ধাণ্ডাতে থাকে হেনো৷ নগৰত থকা মোমায়েকৰ ঘৰলৈ যাওঁতে তাতে  ‘বাকৰ পুতেক’ নামৰ চিনেমাখন চাই বাকৰ বংশধৰ নগাঁৱত এতিয়াও মানুহৰ ৰূপত  থকাৰ কথা  সি জানিছে৷ সি গাঁৱৰ বয়োজ্যেষ্ঠ জনৰ মুখে শুনা মতে, বহুবছৰৰ আগতে এখন গাঁৱৰ দুজন ভাই-ককায়েকে নাও লৈ জাল বাই মাছ ধৰিবলৈ পোতা পুখুৰীলৈ গৈছিল৷  জাল বাই থকা ককায়েকে গ’মেই নাপালে যে পোতাপুখুৰীৰ বাকে হাতত গুৰি বঠা লৈ নাও বাই থকা ভায়েকটোক খাই নিজে ভায়েকৰ ৰূপ ধাৰণ কৰি মাছ খাই খাই নাও  বাই আছে৷ ককায়েক বেণুধৰে  কিমাননো মাছ পাইছে তাকে চাওঁতেহে দেখে যে নাওৰ তলিতচোন মাছেই নাই৷ বেণুধৰৰ মনত সন্দেহ ঘনীভূত হ’ল৷ এবাৰ চপক চপকৈ কোনোবাই কিবা খোৱা যেন শব্দ শুনি সি আঁৰ চকুৰে ভায়েকৰ ফালে চাই দেখে যে সিয়েই মাছবোৰ খাই আছে৷ ৰহস্যটো বুজিবলৈ তাৰ দেৰি নালাগিল৷ ভায়েক কণটিলৌক খাই বাকটোৱে কণটিলৌৰ ৰূপ ধাৰণ  কৰি থকা বুলি নিশ্চিত হোৱাৰ লগে লগে সি খেৱালি জালখন তাৰ গালৈ মাৰি পঠালে৷ লগে লগে বপুৰা বাক কণটিলৌ হৈয়ে জালত বন্দী হৈ ৰ’ল আৰু অলপো পলম নকৰি বেণুধৰে বাকটোৰ সৰ্ব শক্তিৰ উৎস স্বৰূপ মোনাখন কাঢ়ি ল’লে৷ জালেৰে মেৰিয়াই বাকটোক ঘৰলৈ লৈ গ’ল৷ তাৰ মোনাখন সৰিয়হৰ ডুলিত থকা সৰিয়হৰ মাজত সোমোৱাই থ’লে৷ তেতিয়াৰে পৰা বাকটো কণটিলৌ হৈয়ে সিহঁতৰ ঘৰত থাকি গ’ল৷ বেণুধৰে মাকক কথাটো জানিবলৈ নিদিলে- বেজাৰ পাব বুলি; কিন্তু এই কথা দহাই দহাই মাকক ক’লে যে সৰিয়হৰ ডুলিত থকা মোনাটো কাহানিও যেন কণটিলৌক দিয়া নহয়৷ বহুবছৰ এইদৰেই পাৰ হ’ল আৰু কণটিলৌক বিয়া বাৰু  পাতি দিয়াৰ পিছত সি ল’ৰা –ছোৱালীৰ বাপেকো হ’ল৷ পিছে বাকে বাকৰ স্বভাৱ এৰে কেনেকৈ ? সৰিয়হলৈ ভয় কৰিহে মোনাখন লৈ পলাব পৰা নাই৷ এদিন ঘৰত বাকীবোৰ মানুহ নথকা অৱস্থাত  মাকক অকলে পাই সি না না কথাকৈ ভুলাই পেলালে ৷ মাকেও আগ পাছ নুগুণি কণটিলৌৰ কথামতেই  মোনাখন সৰিয়হৰ ডুলিৰ পৰা উলিয়াই জাৰি জোকাৰি বজাৰলৈ নিবৰ বাবে কণটিলৌৰ হাতত দি দিলে৷ মোনাখন হাতত লোৱাৰ লগে লগে কণটিলৌ ৰূপী বাক অন্তৰ্ধান হৈ পৰিল৷ তাৰ পিছত চিৰদিনৰ বাবে কণটিলৌ এই পৃথিবীৰ পৰা হেৰাই গ’ল৷  মাকৰ মুখে মোনাখন কণটিলৌক দিয়া বুলি শুনি বেণুধৰে মাকক সকলো কথা ভাঙি পাতি ক’লে আৰু মাকে পুত্ৰ শোকত বিহ্বল হৈ কান্দোনত ধৰিত্ৰী কঁপালে৷ বাকৰ দৰে দীঘল দীঘল হাত ভৰিৰ সৈতে কণটিলৌৰ ল’ৰা –ছোৱালীহঁতেও পিতৃহাৰা হৈ মাকৰ সমানে সমানে কান্দিব ধৰিলে৷ এইবোৰ কাহিনীচোন কণমইনাৰ   মিছা যেনেই নালাগে৷

 এবাৰ যে সিহঁতৰ গাৱঁত কেইবাজনীও মহিলাৰ গাত আই লম্ভি যিহে লীলা দেখুৱাইছিল! পিছে এজন গুণী জ্ঞানী সমাজ সেৱক আহি গাঁৱৰ ৰাইজক বুজালে যে সেইটো এটা বেমাৰহে৷ নাম বোলে ‘মাচ হিষ্টিৰিয়ে’( Mass Hysteria)অৰ্থাৎ তিৰোতাসকলৰ সমূহীয়া ভাৱে হোৱা মুৰ্চ্ছা ৰোগ৷ এগৰাকীক দেখি বেমাৰটো আন গৰাকীৰ হয়৷ তেওঁলোকে নিজকে দেৱী বুলি ভাৱি লয় হেনো৷ তেতিয়াহে কণমইনাহঁতৰ দৰে কণ কণ বোৰৰ ভয় ভাগিছিল৷

 আজিকালি কণমইনাহঁতক বিদ্যালয়ৰ শিক্ষকসকলেও কয় যে ভূত-প্ৰেত বিশ্বাস কৰা দিন গ’ল, বিজ্ঞানৰ যুগত নিজে ভূত নহ’লে কোনেও ভূত বিশ্বাস নকৰে৷ অশিক্ষিত লোক এচামেহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভূত-প্ৰেত, ডাইনী –পিশাচ আদি কাল্পনিক  ভাৱে জীয়াই ৰাখিছে৷ পিছে আজি পুৱতি নিশাতে বিজ্ঞানৰ যুগটোক ভেঙুচালি কৰি এই ভূতটো কেনেকৈ ক’ৰ পৰা ওলাল ? সি ভাৱিলে৷

কণমইনাই  আৰু অধিক পলম নকৰি মাকৰ বিছনাৰ কাষ পালেগৈ৷ ঘৰৰ আনবোৰ মানুহে যাতে হৈচৈ লগাই দি ভূতটোক পলাই যাবলৈ বাধ্য নকৰে তাৰ বাবেই সি মাকক লাহেকৈ টোপনিৰ পৰা  জগাই  ভূত ওলোৱা কথাটো অতি নিম্ন স্বৰত কৈ দেখুৱাবৰ বাবে বাহিৰলৈ লৈ আহিল৷ মাকৰ সাহস দেখি কণমইনাই আচৰিত হ’ল৷ মাকেচোন অলপো ভয় ভীত নহৈ ভূতটোৰ কাষলৈ আগুৱাই গৈছে! সিও মাকৰ সাহসতে পিছে পিছে গৈ থাকিল৷

“বৰ আইটি তোৰ কি হৈছে ?” কণমইনাক আচৰিত কৰি মাকে  ভূতক মাত লাগালে৷

“ পেহী মই পেচাব কৰিবলৈ বাহিৰলৈ আহিছিলো, পিছে বাট ভুল কৰি ৰাস্তা পালোহি নেকি ?”

ইতিমধ্যে মহেন্দ্ৰৰ বায়েক বৰআইটিৰ হাতত থকা চাকি দুটাৰ এটা নুমাই গৈছিল৷ বেচেৰা কণমইনাই পকা অঙঠাৰ দৰে জিলিকি থকা ভূতৰ চকু দুটাৰ ৰহস্য বুজিব পাৰি নিজে নিজে লাজ পাইছিল৷

সি নহয়, তাৰ মাকেই বৰআইটিক সুধিছিল দুটাকৈ জ্বলন্ত চাকি হাতত লৈ অহাৰ কাৰণ৷ তাই কৈছিল যে তাই ৰাতি চকুৰে ভালদৰে নেদেখে যেতিয়া এটা চাকি লৈ আহিলে সেইটো নুমাই গ’লে বিপদত পৰিব , গতিকে আনটো চাকি জ্বলি থাকি যাতে তাইক ৰক্ষা কৰে তাৰ বাবেই দুটা চাকি লৈ আহিছে৷

“ ব’ল, তোক ঘৰত থৈ আহোঁ,” বৰআইটিক উদ্দেশ্যি  কণমইনাৰ মাকে ক’লে, “ইমান হাওলি গৈছ যে তোৰ ককালৰ বিষটো ভাল হোৱাই নাই নেকি?”

“ কি ক’ম পেহী , বেজটোৱে মিছা কথা কৈ টকা সোপা লৈ পলাল; সি জাৰি দিয়া তেলে কোনো কাম নিদিলে৷ বিষ বেছিহে হ’ল৷”

কথাষাৰ শুনি কণমইনাৰ কণমানি মনটোৱে অন্ধবিশ্বাসৰ কবলত পৰি লটি- ঘটি হোৱা সমাজখনৰ কথা ভাৱি হাহাকাৰ কৰি উঠিল৷ সি চিন্তা কৰি চালে, সাপেখাটি বিলত তাৰ লগৰীয়াহঁতে দেখাটোও চাগৈ ভূত নাছিল, অন্য কিবাহে আছিল৷ মনত সাহস গোটাই  সিহঁত ওচৰ চাপি যোৱা হ’লেই সত্য উদ্ঘাটন হ’লহেতেন৷

বৰআইটিক তাইৰ ঘৰত থৈ ঘূৰি আহোঁতে কণমইনাৰ মাকৰ ওচৰতেই লাজ লাগি গ’ল৷ জীৱনত  এদিনো স্কুললৈ নোযোৱা নিৰক্ষৰ মাকজনীৰ ওচৰত তাৰ নিজকে তেনেই নিঃকিন যেন লাগিল৷ অন্তৰৰ পৰাই সি মাকক নতশিৰে প্ৰণাম জনালে৷

০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০