Saturday 4 February 2017

এটি বনগীত


                                                                                                
তাই ৰঙা চোলাটো পিন্ধিছে
দেখি ভাল লাগিছে
যেন এজোপা শিমলু
জকমকাই ফুলিছে
দেখি সমনীয়াই 
জুমাজুমি কৰিছে
তাইয়ো যে ৰচকি
মিচিক মাচাক হাঁহিছে৷

তাইক মৰম দিলে
বাসন্তী জনীয়ে
ৰঙেৰে ভৰালে
মনৰে সঁফুৰা
হিয়াৰ কোণে কোণে
ফুলে কৃষ্ণচূড়া৷

তাই ৰঙা চোলাটো পিন্ধিছে
……………………………৷

বনৰ পখীবোৰে
সুৱদি সুৰীয়া
গীতবোৰ জুৰিলে
বিৰিখৰ ডালতে
দূৰণি বটীয়া
জনালে কথাবোৰ
মনৰ সাঁচতীয়া৷

তাই ৰঙা চোলাটো পিন্ধিছে
……………………….  ৷

দেখি  নীল গগণ
তাইৰ মন উচাটন
জাক জাক বগলী
শুকুলা ডাৱৰ হেন
কহুঁৱা ফুল যেন
দূৰ দিগন্তলৈ মন৷

তাই ৰঙা চোলাটো পিন্ধিছে
………………………..  ৷


০০০০০০০০০০০)(০০০০০০০০০