Tuesday 21 March 2017

ইন্টাৰনেটৰ ভৱিষ্যত কি?

ইন্টাৰনেটে  আমাৰ  জীৱন  নিৰ্বাহ , কৰ্ম,  উৎপাদন  আৰু  উপভোগৰ  গতি  সলনি  কৰি  গৈছে৷  মাত্ৰ কেইটামান  দশকৰ  ভিতৰতেই  ইণ্টাৰনেট জগতখনৰ এক উল্লেখযোগ্য পৰিবৰ্তন ঘটিছে৷ গোলকীয় মানৰ  স্বতন্ত্ৰ  নেটৱৰ্কবোৰৰ সানমিহলিৰ পৰাই ইয়াৰ প্ৰসাৰ ঘটিছিল৷ ব্যৱসায়, যোগাযোগ, ৰং ধেমালি আৰু শিক্ষাৰ ভেটি স্বৰূপে সেৱা আগ বঢ়াইছে৷ এজন লোকে বিভিন্ন ধৰণৰ যতন বা আহিলাৰ যোগেদি অজস্ৰ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে৷

ইন্টাৰনেটৰ   দ্বাৰা  পৰিচালিত  এক  প্ৰযুক্তিগত  পৰিবৰ্তন  হ’ল ‘চতুৰ্থ উদ্যোগিক বিপ্লৱ’ ৷ এই বিপ্লৱৰ যুগত  প্ৰৱেশ কৰাৰ লগে লগে  মানৱ জাতি ন ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷  যিহেতু ইন্টাৰনেটৰ দীৰ্ঘ ম্যাদী  বস্বাস্থ্য  আৰু  স্থিৰতা  বৃদ্ধি  কৰা দৰকাৰ৷  গতিকে কাৰিকৰি দিশত প্ৰচণ্ড জোকাৰণি তুলি ধাৱমান হোৱা  এই   পৰিবৰ্তনক  পৰিচালনা   কৰাটো   অত্যন্ত  জৰুৰী  হৈ  পৰিছে৷
তথ্য কিয় ইমান গুৰুত্বপূৰ্ণ ?
ইন্টাৰনেটৰ  হৃদপিণ্ডতেই  বিশাল  পৰিসৰত  তথ্যৰ  অৱস্থান  তথ্যৰ  পৰিসৰ  প্ৰতি বছৰে ৪০% শতাংশ হাৰত  বৃদ্ধি  পাইছে  আৰু  ২০২০  চনৰ  ভিতৰত  ৫০ গুণ  বাঢ়িব৷  বিগত  দুটা  বছৰতেই  বিশ্বত  সকলো  তথ্যৰ  ৯০% সৃষ্টি  কৰা  হৈছে৷  ছিংগাপুৰ স্থিত Aureus Analytics য়ে সমাপন কৰা  বৃদ্ধিৰ  গতিৰ এক  জোখ- মাখত   এই  হিচাপ  ধৰা  পৰিছে৷
বাইল  ফোনৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ লগে লগে ব্যক্তিগত তথ্যৰ পৰিসৰো বাঢ়ি গৈ আছে৷  বিশ্বৰ আধাতকৈ  অধিক (৫১%)   ইন্টাৰনেট ব্যৱহাৰকাৰী   এচিয়া মহাদেশৰ৷  চীনৰ .৩৬ বিলিয়ন জনসংখ্যাৰ . বিলিয়নে  বাইল  ব্যৱহাৰ  কৰে৷  ভাৰতৰ .২৫ বিলিয়ন  জনসংখ্যাৰ  ভিতৰত .৯১ বিলিয়নৰহে  বাইল  ফোন  আছে৷
পিছে   উদ্যোগিক  তথ্যৰ  পৰিমাণ  অতি ব দ্ৰুত গতিত  বৃদ্ধি  পাব ধৰিছে৷  গাড়ীৰ  উপাদান, ঘৰ, ব্যৱহায্য সামগ্ৰী  আৰু উদ্যোগিক  যন্ত্ৰ-পাতি আদিক  সামৰি লৈ  প্ৰায় . বিলিয়ন  ইন্টাৰনেট সংযোগীকৃত যতন থকা  বুলি  হিচাপ  কৰি  উলিওৱা   হৈছে৷   এই  সংখ্যা  ২০২০ চনত  ২৫ বিলিয়ন  বগৈ৷  আমি ইয়াক আঁকোৱালি লৈছোঁ  আৰু   পৰিচালনা, কাৰ্য প্ৰণালী   আৰু  ব্যাখ্যাৰ  সৰ্বোৎকৃষ্ট  পথেদি  আগুৱাই লৈ যোৱাৰ  ফলত  এই  তথ্যৰ  ঢৌৱে  প্ৰত্যাহ্বান  আৰু সুযোগ   আনি  দিছে 
ইন্টাৰনেটে কি প্ৰত্যাহ্বান আৰু সুযোগ আনিব ?
বিশ্ব  অৰ্থনৈতিক  সভাই (The World Economic Forum) ইন্টাৰনেট  সম্পৰ্কীয়  প্ৰত্যাহ্বান  আৰু সুযোগসমূহত সহযোগিতাৰ সম্প্ৰসাৰণ ঘটাবলৈ আৰু বিশ্বাসযোগ্যতা সবল কৰাত  সহায়  কৰিবলৈ ২০১৫ চনত  “ইন্টাৰনেট  উদ্যমৰ  ভৱিষ্যত “[ The Future of the Internet Initiative (FII)] শুভাৰম্ভ কৰে৷  “ইন্টাৰনেট  উদ্যমৰ  ভৱিষ্যত “  য়ে  গোপনীয়তা, চাইবাৰ ক্ৰাইমপ্ৰৱেশাধিকাৰ  আৰু সামাজিক প্ৰত্যাহ্বান  সমূহৰ  ওপৰত  আলোকপাত কৰি  মানৱ জাতিৰ উন্নয়নৰ  মূল  চালিকা  শক্তি , ইয়াৰ গোলকীয়  সমন্বয়, সহযোগিতামূলক  আৰু  বিস্তৃতভাৱে  ব্যাপ্ত ধৰণটোক ৰক্ষণাবেশন  দিয়াকৈ ইন্টাৰনেটৰ  ক্ৰমবিকাশক  পৃষ্ঠপোষকতা  কৰাৰ  লক্ষ্য  বান্ধি  লৈছে৷ সেই দিশসমূহ তলত আলোচনা কৰা হ’ল৷
1)পৰিবৰ্তন( Trasfomation)
ব্যৱসায়ৰ  বাবে  নতুন  বজাৰ  সৃষ্টি  কৰি  ইন্টাৰনেটে  ৰাজহুৱা  আৰু  ব্যক্তিগত  খণ্ডৰ  গঠনত  -ৰূপ  দি  গৈছে৷  কিন্তু  সংগঠনসমূহে  তেওঁলোকৰ  গ্ৰাহকসকলৰ  তথ্যৰ  নিৰাপত্তা  শক্তিশালী  কৰিব  লাগিব৷
ব্যৱসায়  প্ৰতিষ্ঠানবোৰে  তেওঁলোকৰ  গ্ৰাহকসকলক  কি  সুযোগ  দিছে  তাক  প্ৰচাৰ কৰিবলৈ তথ্য ব্যৱহাৰ  কৰোঁতে  দক্ষতা আহৰণৰ যোগেদি  বৰ্তমানৰ  বহুতো  ডিজিটেল  লাভালাভ  আহিছে ডিজিটেল  ৰূপান্তৰকৰণৰ  পৰা  অন্য  সুযোগ   আৰু  প্ৰত্যাহ্বানে  নতুন  আয়ৰ  উৎস  আৰু  প্ৰমূল্য  লাভ  কৰিব  পাৰিছে৷  নগৰ  গাড়ী-ভাড়া  আঁচনিৰ  দৰে  নতুন  প্ৰস্তাৱবোৰে  ক্ৰেতা  আৰু  বিক্ৰেতাক  একে লগে  লৈ  যাবলৈ  নতুন  অংশীদাৰিত্ব, ব্যৱসায়ৰ  নমূনা  আৰু  ভেটি  নিৰ্মাণ  কৰিছে৷
2)প্ৰৱেশাধিকাৰ( Access)
বৰ্তমানো  বহুতো  লোকে  ইন্টাৰনেট  সংযোগ লোৱাৰ পৰিবৰ্তে  সংযোগ  বিহীন  ভাৱেই  আছে৷   সন্মিলিত   ৰাষ্ট্ৰ  সংঘই  তেওঁলোকৰ গোলকীয় লক্ষ্যত সাৰ্বজনীন  ক্ৰয়ক্ষম  ইন্টাৰনেট  প্ৰৱেশাধিকাৰৰ  সংযোজন  ঘটাইছে   দ্ৰৰিদ্ৰতা  হ্ৰাসকৰণ,  উন্নত  স্বাস্থ্য  আৰু   শিক্ষা  তথা  পৰিৱেশৰ  উন্নয়নৰ  বাবে  যুটীয়াভাৱে লক্ষ্য স্থিৰ কৰি লৈছে৷ বিশ্বৰ  অৱহেলিত আৰু সেৱা লাভৰ পৰা বঞ্চিত জাতি সমূহক সংযোজিত কৰি ইন্টাৰনেটে  যাতে  গোলকীয়  উন্নয়নত   সহায়  আগ  বঢ়াব  পাৰে  তাকে  লক্ষ্যসমূহে  চিনাক্ত  কৰিছে৷
3)পৰিচালনা(Governence)
বিপজ্জনক  গতিত  প্ৰযুক্তিয়ে  আত্ম  প্ৰকাশ  কৰাৰ  লগে  লগে  নিয়ন্ত্ৰণকাৰী  গঠনসমূহ  প্ৰায়ে  পিচ পৰি ৰৈ  যায়৷   কাৰিকৰি  বা প্ৰযুক্তিগত  পৰিবৰ্তনৰ  পদক্ষেপত  ইন্টাৰনেটত  সকলো  ধৰণৰ  তথ্যৰ  ব্যৱহাৰ  কৰাৰ নীতি নিয়ম  যুক্তি যুক্ত  আৰু  যথাযথ    লাগিব৷
যিমানে  ইন্টাৰনেট  অধিক  ব্যাপক  হৈ  পৰিছে  সিমানে ৰাষ্ট্ৰীয়  স্বাৰ্থ  আৰু  গোলকীয়  প্ৰয়োগশীলতাৰ মাজত  অস্থিৰতা  বিৰাজ  কৰিছে৷  চৰকাৰ  আৰু  ব্যক্তিসমুহে  তথ্যৰ  নিৰাপত্তা  আৰু  গোপনীয়তাৰ বিষয়ত  আপত্তি  কৰাত  চাইবাৰ  বিশ্বক  নিয়ন্ত্ৰণ  কৰা  নীতি-নিয়মবোৰ  দৈনিক  ভিত্তিত  পৰীক্ষা  নিৰীক্ষা  কৰি  থকা  হৈছে৷  ডিজিটেল  প্ৰযুক্তিয়ে  বন্ধনমুক্ত  কৰা  উদ্ভাৱনীয়  সম্ভাৱনীয়তাইও সামাজিক উপকাৰিতা  আৰু  ব্যয়ৰ  লগতে  ৰীতি  নীতিৰ  বিষয়ত  প্ৰশ্নৰ  উদয়  কৰিছে৷
4)নিৰাপত্তা(Security)
লেন-দেন আৰু বিনিময় সমাধা কৰিবলৈ সংগঠনসমূহ আৰু ব্যক্তিসকলৰ আত্মবিশ্বাস জন্মিবৰ বাবে ইন্টাৰনেট  নিৰাপদ    লাগিব৷  এইটোৱে বুজাইছে যে যিমানে উদ্যোগিক তথ্যৰ পৰিমাণ বাঢ়িব সিমানেই উদ্যোগিক  ইন্টাৰনেটত সংযোগ কৰা যতনবোৰৰ সমন্বয় ৰক্ষাত কেন্দ্ৰীভূত  কৰা ডিজিটেল নিৰাপত্তাৰ  সেৱাসমূহৰ  বেছি  আৱশ্যক  ব৷
চাইবাৰ  ক্ৰাইমৰ  ঘটনাবোৰ  অধিক  বৃদ্ধি  পাইছে৷  ইংলেণ্ডত  ২০১৫ চনৰ  জুন  মাহৰ  লৈকে ১২ টা মাহৰ  ভিতৰত  . মিলিয়ন  কম্পিউটাৰৰ  লগত  জড়িত  অপৰাধমূলক  গোচৰ  লিপিবদ্ধ  হৈছে৷
চাইবাৰ  ক্ৰাইমৰ  ভাবুকি  বৃদ্ধিত  ২০১৫  চনটো  অন্য  গুৰুত্বপূৰ্ণ  খটখটি স্বৰূপে চিহ্নিত হৈছে  দেশখনৰ  উদ্যোগ খণ্ড, চৰকাৰী কাম-কাজ  আৰু  শিক্ষা  প্ৰতিষ্ঠানসমূ্ক  সঘন  লক্ষ্য  হিচাপে  লৈ আমেৰিকা  যুক্তৰাষ্ট্ৰত  অধিক  আক্ৰমণ  চলিল৷
হেকিং   আৰু  চাইবাৰ  চোৰাংচোৱাগিৰি কৰাৰ পিছত  আক্ৰমণৰ  আঁৰত  চাইবাৰ  ক্ৰাইমকে  এক  নম্বৰ উদ্দেশ্য  বুলি  গণ্য  কৰা হয়৷ সেয়ে বৃহৎ আৰু ক্ষুদ্ৰ সংগঠন সমূহেে চাইবাৰ  নিৰাপত্তা কাৰ্যসূচীক অগ্ৰাধিকাৰ  দিবলৈ  বাধ্য  হৈছে৷ 
( ৱৰ্ল্ড ইকনমিক ফৰামৰ ৱেবছাইটৰ সহায়ত)
বিঃদ্ৰঃ প্ৰবন্ধটো  প্ৰান্তিক আলোচনীৰ 16-31মাৰ্চ2017সংখ্যাত প্ৰকাশ পাইছে৷