Wednesday 28 June 2017

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ মাননীয় শিক্ষা গুৰুসকলক আন্তৰিক ধন্যবাদ জনাও


ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়সমূহক ধ্বংস হ’বলৈ এৰি দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ জয়যাত্ৰাৰ পাতনি মেলিব দিছে৷ বিশেষকৈ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ  বিদ্যালয়সমূহক ব্যৱসায়িক দিশত অধিক সুযোগ দিয়াৰ বাবে ৰাজ্যখনৰ চৰকাৰে কিছুমান কূট-কৌশল ৰচনা কৰা দেখা গৈছে৷ চৰকাৰে নিজৰ অধীনত থকা বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিজে নিম্ন পৰ্যায়লৈ যাবলৈ দি অৱশেষত মন্তব্য ৰাখিছে যে অসমীয়া মাধ্যমত পঢ়া শিক্ষাৰ্থীৰ শিক্ষকতা কৰাৰো হেনো যোগ্যতা নাই৷ চৰকাৰৰ এনে মনোভাৱে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ সন্তানৰ শিক্ষাৰ পথ ৰুদ্ধ কৰিব৷


এই ক্ষেত্ৰত আমাৰ ক’ব লগা এয়ে যে আমি নিজে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, ঢকুৱাখনা  হাইস্কুল, ধেমাজি মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয় আৰু পিছত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছো৷ মাধ্যম অসমীয়া হোৱা বাবে কোনো অসুবিধা পোৱা নাছিলো৷ বেংকৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছোঁ৷ অন্যহাতে আমাৰ দুই জ্যেষ্ঠ কণ্যাই জোনাই মহকূমাৰ তেলেম প্ৰাথমিক বিদ্যালয়ত অসমীয়া মাধ্যমত শিক্ষাৰ পাতনি মেলে৷ পিছত তেওঁলোকে ক্ৰমে ঢকুৱাখনা বালিকা মজলীয়া বিদ্যালয়, উত্তৰ লখিমপুৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত শিক্ষা লাভ কৰে৷ ডাঙৰ গৰাকীয়ে হাইদৰাবাদ বিশ্ব বিদ্যালয়ৰ পৰা এম বিএ কৰি বেংকৰ চাকৰিত যোগদান কৰে আৰু তেওঁ বৰ্তমান বেংকৰ মেনেজাৰ৷ পিছৰ গৰাকীয়ে দেৰাডুনৰ  ৱাইল্ড লাইফ ইন্ষ্টিটিউট অব ইণ্ডিয়াৰ পৰা স্নাতোকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত গ্ৰেট ব্ৰিটেইনৰ ইউনিভাৰচিটি অব শ্বেফিল্ডত বিশ্ববিদ্যালয়ৰ ১০০% জলপানি পাই গৱেষণা কৰি আছে৷ অসমীয়া মাধ্যমত পঢ়া বাবে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷ কেৱল এয়াই নহয় অন্য দুগৰাকী কণ্যাইও বিদ্যালয়ত অসমীয়া মাধ্যমতেই শিক্ষা লাভ কৰিছিল৷ এই দুগৰকীৰ জ্যেষ্ঠ গৰাকীয়ে দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত স্নাতোকোত্তৰ শিক্ষা লাভ কৰিছে৷ পিছৰ গৰাকীয়ে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীৰ পৰীক্ষা দি দেৰাডুন স্থিত ৱাইল্ড লাইফ ইন্ষ্টিটিউট অব  ইণ্ডিয়াৰ নাম ভৰ্তি পৰীক্ষাত  উত্তীৰ্ণ  হৈ তাতে নাম ভৰ্তি কৰিছে৷  এওঁলোকেও অসমীয়া মাধ্যমত পঢ়া বাবে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷ বৰঞ্চ তেওঁলোকক উপযুক্ত শিক্ষা দি উচ্চ শিক্ষা লাভৰ সুযোগ দিয়া বাবে অসমীয়া মাধ্যমৰ শিক্ষা গুৰুসকলৰ প্ৰতি তেওঁলোক চিৰ কৃতজ্ঞ৷ এই সুযোগতে আমিও শিক্ষা গুৰুসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷