Sunday 17 September 2017

আতংকৰ সন্ধানত

( আতংকৰ চতুৰ্থ খণ্ড)                                                                             যুগল চন্দ্ৰ বৰা
বিনীতাৰ গাৰ কাষেদিয়েই বগা ৰঙৰ মাৰুতি ভান এখন পাৰ হৈ গ’ল৷ অলপ আগলৈ গৈয়ে গাড়ীখনৰ গতি স্তিমিত হৈ পৰিল৷ বিনীতাই লক্ষ্য কৰিলে – গাড়ীখনৰ নম্বৰ প্লেটখন নাই৷ গাড়ীখন ৰাস্তাৰ মাজত পথালিকৈ ৰখাই দিলে৷ তেতিয়াই তাইৰ ষষ্ঠ ইন্দ্ৰীয়ই সম্ভাৱ্য বিপদৰ আগ জাননি দিলে৷ বিনীতাই নিজকে  মানসিক ভাৱে প্ৰস্তুত কৰি এবাৰ এৰি অহা পথৰ কেঁকুৰিটোৰ ফালে ঘূৰি চালে৷ তাইৰ পিছে পিছে অহা নৱনীতা তেতিয়াও কেঁকুৰিটো পাৰ হোৱা নাই৷ ইতিমধ্যে গাড়ীখনৰ পৰা ক’লা বৰণৰ মাক্স পৰিহিত ডেকা ল’ৰা এটা নামি আহিল৷ তা্ৰ চকু দুটাহে মাথো ট টকৈ  জিলিকি আছে৷ সি তাইক আগ ভেঁটি ধৰিলে৷

“ ঐ ছোৱালী, ক’ত যাৱ? ৰ’৷ তোক মই চিনি পাইছোঁ৷ তয়েই মন্ত্ৰী ছাৰৰ ঘৰৰ পৰা পলাই অহা অনামিকা হয়৷ ক’ত হাৰিবি ? ব’ল গাড়ীত উঠ৷”

চতুৰালি কৰি কিছু সময় পাৰ কৰি দিয়াৰ মানসেৰে বিনীতাই মুখাধাৰীৰ সৈতে দুই এষাৰ কথা পতা আৰম্ভ কৰি দিলে৷

“হয়, হয় দাদা , মই অনামিকা৷ পিছে আপুনি মোক কেনেকৈ চিনি পালে ?”

“ ঐ ছোৱালী , তই মোক চিনি নাপালি ? মই ভাগ্যধৰ ফুকন ছাৰৰ মানুহ৷ ছাৰক তইয়ে ফঁচালি  আৰু  এতিয়া তইয়ে বচাব লাগিব৷ ছাৰক বেছি দিন জেইলত ৰাখিব নোৱাৰি৷”

“ক’লা কাপোৰৰ মুখাখন খুলি পেলাওক না দাদা ৷ মোৰ বৰ ভয় লাগে৷ মুখাখন খুলি দিলেহে মই আপোনাক চিনি পাম৷  আ..আৰু আপুনি এইবোৰ কি কথা কৈ আছে মই একো বুজি পোৱা নাই ৷ মই ছাৰক কেনেকৈ ফঁচালোনো দাদা ?”

“ঐ ছোৱালী, নজনা ভাও ধৰি বেছি কথা কৈ নাথাকিবি৷ ব’ল ব’ল গাড়ীলৈ ব’ল৷”

কথা খিনি কৈ সি তাইৰ কাষ চাপি আহিল৷ বিনীতাই তাৰ ফালে পিঠি দি ঘূৰি দিলে৷ মুখাধাৰীয়ে তাইক গবা মাৰি ধৰি গাড়ীখনৰ ফালি লৈ যাবলৈ উদ্যৎ হ’ল৷ বিনীতাই এই ক্ষণলৈকেহে যেন অপেক্ষা কৰি আছিল৷ সোতকান কাৰাতেৰ উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত বিনীতাই কৌশল প্ৰয়োগ কৰি তাক লক (Lock) কৰি বগৰাই পেলালে৷

“উঠ, উঠ সোণকালে, মোৰ হাতত সময় বৰ কম৷  দ্বিতীয়খন ‘ লোকেল কুংফু’ চালি নে নাই ?” বিনীতাই ক’লে৷

“ বেছি বেছি নেদেখাবি বে’ ছোৱালী৷”

পৰাৰ পৰা কেঁকো-গেঁথোকৈ উঠি কথাষাৰ কৈ সি তাইলৈ চোঁচালৈ খেদি আহিল৷ বিনীতাই তাৰ ৰূপ দেখি  ভয় খোৱাৰ দৰে কৰি ৰাস্তাৰ কাষত থকা গছ এজোপাৰ কাষলৈ দৌৰি গৈ ৰৈ দিলে৷

“এই , এই ছোৱালী ক’ত পলাই হাৰিবি তই?”

সি খেদি গৈ তাইলৈ লক্ষ্য কৰি এটা প্ৰচণ্ড গোৰ মাৰিলে৷ তৎক্ষণাত তাই স্থান পৰিবৰ্তন কৰি দিয়াত তাৰ গোৰটো গৈ গছ জোপাৰ গুৰিত পৰিল৷ সি যথেষ্ট দুখ পালে৷ মুখেৰে ‘আঃ’ শব্দ  কৰি আকৌ সি তাইক খেদি আহিল৷

“পিছে দাদা , নম্বৰ প্লেটবিহীন গাড়ীখন মন্ত্ৰী ছাৰৰ নহয় যে, কাৰ গাড়ীনো আনিলি সেইখন ?” তাৰ মনটো ভুলাই দিয়াৰ উদ্দেশ্যে বিনীতাই তাক এনেয়ে কথাষাৰ ক’লে, যাতে সি পুনৰবাৰ গছৰ গুৰিতে গোৰটো মাৰি পায়৷

একেটা ভুলকে কেইবাবাৰো কৰি সি যথেষ্ট আঘাত প্ৰাপ্ত হ’ল৷ বিনীতাই ৰৈ নাথাকি কেইটামান কিক মাৰি তাক ধৰাশায়ী কৰি পেলালে৷

তাৰ অৱস্থা দেখি মাৰুতি ভানখনত বহি থকা অন্য দুটা মুখাধাৰীয়ে গাড়ীৰ পৰা নামি বিনীতাক লক্ষ্য কৰি খেদি আহিল৷ ইতিমধ্যে নৱনীতা আহি সেই স্থানত উপস্থিত হোৱাত দুয়োজনী মিলি মুখাধাৰী দুটাক কাৰাতেৰ নানা কিটিপ কায়দা প্ৰয়োগ কৰি আঘাত কৰি যাব ধৰিলে৷ এজন দুজনকৈ ইতিমধ্যে সেই স্থানত বহুতো মানুহ গোট খাই দৰ্শকৰ ভূমিকা পালন কৰিলেহি৷ ইফালে , এজন এজনকৈ আহি আহি ‘আতংক’ৰ পোন্ধৰজন কাৰ্যবাহী সদস্য তাত গোট খাই দৰ্শকৰ শাৰীত থিয় দি থাকি খেলখন উপভোগ কৰিলে৷

ঘটনাৰ স্থান হ’ল বাক্সা জিলাৰ বৰমাৰ কদমতলা গাঁও৷ দুজনী ছোৱালীয়ে তিনিটা মুখাধাৰী ল’ৰাক মাৰধৰ কৰি থকা বুলি খবৰটো বন জুইৰ দৰে ঠাইখনত বিয়পি পৰিল৷ কেৱল কদমতলা গাঁৱৰে মানুহ নহয় , ওচৰৰ ক্ষেত্ৰপাৰা, কুমাৰপাৰা আদি গাঁৱৰ মানুহো আহি তাত জুম বান্ধিলে৷ গাঁৱৰ মানুহবোৰে বিনীতা আৰু নৱনীতাক ভালদৰেই চিনি পায়৷ সকলোৱে হাত চাপৰি দি সিহঁত দুজনীক উৎসাহিত কৰিলে আৰু মুখাধাৰী কেইটাক নানা ধৰণে ইতিকিং কৰি ধিক্কাৰ দিলে৷

আচলতে ‘আতংক’ৰ এই সোতৰজনীয়া গোটটোৰ সদস্যসকল কাৰাতেৰ উচ্চ প্ৰশিক্ষন প্ৰাপ্ত আৰু তেওঁলোকে এই অঞ্চলটোৰ লোকসকলক, বিশেষকৈ যুৱক-যুৱতীসকলক কাৰাতেৰ প্ৰশিক্ষণ দি আছে৷ অঞ্চলটোৰ বৰমা, বৰশিমলাগুৰি, কদমতলা, ক্ষেত্ৰপাৰা , কুমাৰপাৰা, গড়মাৰা, ভোগপুৰ  আদি গাঁৱৰ সৰহ সংখ্যক লোক  আতংকৰ সদস্য হৈছে আৰু সদস্যভুক্ত বহুতো যুৱক-যুৱতীক ইতিমধ্যে কাৰাতেকে ধৰি প্ৰয়োজনীয় বহুতো প্ৰশিক্ষণ দিয়া হৈছে৷ বিশেষকৈ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত আতংকৰ প্ৰতিজন সদস্যই ভালদৰেই প্ৰশিক্ষিত৷  গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যেই তেওঁলোকে ক’ৰবালৈ গ’লে জুম বান্ধি নগৈ এজন এজনকৈ যায়৷ আজিও ‘ৰক্ষা’ গোটৰ সদস্যসকলে  কেইবাখনো গাঁৱৰ যুৱক-যুৱতীক কাৰাতেৰ প্ৰশিক্ষণ দি এজন এজন হৈ ঘূৰি আহিছিল৷

আটাইকেইটা মুখাধাৰী ধৰাশায়ী হৈ পৰাৰ পিছত আতংকৰ এই  ‘ৰক্ষা’ নামৰ সোতৰজনীয়া গোটৰ মুৰব্বী বকুল স্বৰ্গীয়াৰীয়ে আতংকৰ সভাপতি গৰাকীলৈ ফোন কৰি সকলো জনাই দিহা পৰামৰ্শ ল’লে৷

ৰাইজৰ সহযোগত মুখাধাৰী কেইটাৰ মুখা খুলি দিয়া হ’ল৷ সিহঁতক দেখা পাই গাঁৱৰ লোকসকল আচৰিত হ’ল৷ সিহঁতৰ এটা ক্ষেত্ৰপাৰা গাঁৱৰ শিক্ষক চন্দ্ৰ নাৰ্জাৰীৰ  পুত্ৰ ৰবীন নাৰ্জাৰী৷ ৰবীনে গুৱাহাটীত ভাল চাকৰি কৰে বুলিহে গাঁৱৰ মানুহে জানিছিল৷ আন এটা কুমাৰপাৰা গাঁৱৰ  দেবেন বৰ্মন৷ দেবেনেও গুৱাহাটীত চাকৰি কৰা বুলিয়েই ৰাইজে জানে৷ তৃতীয়টোক দেখি সকলো আচৰিত হ’ল৷ সি শাসনাধিস্থ ৰাজনৈতিক দলটোৰ স্থানীয় নেতা এজনৰ পুত্ৰ৷

মাৰুতি ভানখনতে উঠাই সিহঁতক বৰমা থানালৈ লৈ যোৱা হ’ল৷ মহিলাৰ ওপৰত নিৰ্যাতন আৰু অপহৰণৰ প্ৰচেষ্টা আদি কেইবাটাও ধাৰাত সিহঁত কেইটাৰ ওপৰত গোচৰ ৰজু কৰা হ’ল , যাতে সিহঁতে সহজে জেইলৰ পৰা ওলাব নোৱাৰে৷

************************************************

আজি কালি অসমত ‘আতংক’ নামৰ সংগঠনটোৰ নাম নজনা মানুহ নাই বুলিয়েই ক’ব লাগিব৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন গাঁও আৰু নগৰ চহৰতেই আতংকৰ সদস্য আছে৷ আতংকৰ সদস্য হ’বলৈ পায় মানুহবোৰে গৌৰৱ বোধ কৰিছে৷ এই সংগঠনটোৰ সদস্যসকলে জানে যে তেওঁলোকৰ সংগঠনটো কোনো উগ্ৰবাদী সংগঠন নহয় আৰু তেওঁলোকে আইন বিৰূদ্ধ কামো নকৰে৷ তথাপিও তেওঁলোকে আত্ম গোপন কৰি থাকে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে গোপনীয়তা ৰক্ষা কৰি চলিলেহে তেওঁলোকে নিজৰ কামত সফল হ’ব পাৰিব৷ আতংক নামৰ সংগঠনটোৱে কোনো শান্তিপ্ৰিয় লোকৰে শান্তি ভংগ কৰা নাই৷ দেশৰ মংগলকামী এক সংগঠন হিচাপে কাম কৰি যাওঁতে তেওঁলোক সময়ে সময়ে দুৰ্নীতিপৰায়ণ আৰু অসৎ লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে৷ আতংকৰ সদস্য সকলে সাধাৰণ জনতাৰ বেশত থাকিয়েই অনেক দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীক ইতিমধ্যে চৰকাৰৰ দুৰ্নীতি নিবাৰক বিভাগৰ যোগেদি হাতে লোতৰে ধৰাই জেইললৈ পঠিওৱাৰ ব্যৱস্থা কৰাইছে ৷

সংগঠনটোৰ লোকসকলে কোনো ধৰণৰ বে-আইনী কাম বা সন্ত্ৰাসবাদী কামত জড়িত নহ’লেও চৰকাৰৰ গৃহ  বিভাগ আৰু  গুপ্তচৰ বিভাগ ‘আতংক’ নামৰ সংগঠনটোক লৈ উদ্বিগ্ন হৈ পৰিছে৷ আতংকৰ বিষয়ববীয়া সকলক চিনাক্ত কৰি তাৰ তালিকা পঠাবৰ বাবে ৰাজ্যৰ গৃহ বিভাগে আৰক্ষী অধীক্ষকসকললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে৷ নিৰ্দেশটো থানাবোৰে পোৱাৰ লগে লগে আতংকৰ সভাপতি আৰু সম্পাদকৰ সন্ধানত পুলিচৰলোক আৰু গুপ্তচৰ পিয়াপি দি ফুৰিব ধৰিলে৷ পিছে কোনবোৰ কাম কৰা মানুহক তেওঁলোকে আতংকৰ সদস্য বুলি ধৰিব? পুলিচৰ লোকে কৰা কামবোৰেই চোন আতংক নামৰ সংগঠনটোৱে কৰা বুলি দাবী কৰে৷ পুলিচেতো কোনো বেয়া কাম কৰা নাই৷  ভাল কামহে কৰিছে ; আইন বিৰোধী কাম কৰা দুৰ্নীতিগ্ৰস্ত লোকক ধৰা পেলাই জেইললৈ পঠাইছে৷ অৱশ্যে সেই কামত ৰাইজে সহায় কৰিছে , সেইটো সত্য৷ ৰাইজেওতো বেয়া কাম কৰা নাই৷ ৰাইজখনকতো আতংক বুলিব নোৱাৰি৷ তেনেহলে ‘আতংক’ ক’ত? আতংকৰ সদস্য বুলি সন্দেহ কৰি দুই এজনক থানালৈ মাতি নি দুই এটা প্ৰশ্ন কৰে আৰু উত্তৰত সন্দেহজনক একো কথা নাপায় এৰি দিবলৈ বাধ্য হয়৷


গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমানৰ ঘৰৰ ডাইনিং টেবুলৰ সুকুমল চকীত বহি চাহ-মিঠাই খাই ধুনু আৰু জোনাকে হাঁহি ধেমালি কৰি কথা পাতি আছে৷ তেওঁলোক তিনিও কলেজত একেলগে পঢ়া৷ বন্ধুত্বৰ এনাজৰিডাল এতিয়াও একেদৰই আছে৷ বৰঞ্চ কিছুমান কাৰণত তেওঁলোকৰ মাজত মৰম স্নেহ আগতকৈ বাঢ়ি যাবহে ধৰিছে৷ তেওঁলোকৰ মাক দেউতাক আৰু পৰিয়ালৰ লোকসকলক দুৰ্বিত্তহঁতে হত্যা কৰি ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ পিছত যেতিয়া দুয়োজন বেংগালুৰৰ পৰা ঘূৰি আহি অসমত অ’ত এদিন ত’ত এদিন থাকি দিন পাৰ কৰিছিল তেতিয়া দুই বন্ধুক কেইবা দিনৰ বাবে দিলৱাৰে তেওঁৰ ঘৰতে ৰাখিছিল৷ কোনো কাম বন নোহোৱাকৈ ঘূৰি ফুৰাতকৈ অপৰাধী ধৰা পেলোৱাৰ ক্ষেত্ৰত তেওঁকে কিছু সহায় কৰি দিবলৈ ধুনু আৰু জোনাকক দিলৱাৰে অনুৰোধ কৰিছিল৷ ইয়াৰে পৰিণতি স্বৰূপে ধুনু আৰু জোনাকে প্ৰাইভেট ডিটেক্টিভৰ পাঠ্যক্ৰম লৈছিল আৰু দুয়ো একোজন উচ্চ পৰ্যায়ৰ  প্ৰযুক্তি জ্ঞান সম্পন্ন গুপ্তচৰ বুলি নিজকে পৰিচয় দিবলৈ সমৰ্থ হ’ল৷ প্ৰাইভেট ডিটেক্টিভ হিচাপে নাম যশ চোদিশে প্ৰচাৰ হ’বলৈ ধৰাত তেওঁলোকৰ আয়ো বৃদ্ধি পালে৷  সেয়া যি কি নহওক এই পৰিচয়টোৰ আঁৰ লৈ তেওঁলোকে গঢ়ি তোলা ‘আতংক’ নামৰ সংগঠনটো গোপনে চলাই যোৱাৰো সুবিধা পালে৷ অন্যহাতে, দিলৱাৰ ৰহমানে  যিকোনো ধৰণৰ  জটিল মোকৰ্দমা ধুনু আৰু জোনাকৰ সহায়ত হেলাৰঙে সমাধা কৰিব পাৰি চাকৰি জীৱনত যথেষ্ট খ্যাতি আৰু সন্মান লাভ কৰিছে৷ তেওঁ ‘আতংক’ৰ  তিলমানো উমঘামেই পোৱা নাছিল৷

“আতংক”, মিঠাই এটা খাই চাহৰ পিয়লাত মুখ দি শব্দটো হঠাৎ উচ্চাৰণ কৰি দিলৱাৰ ৰহমানে ধুনু আৰু জোনাক  দুয়োটালৈ চাই কৈ গ’ল৷

“আতংক নামৰ সংগঠনটোৰ নাম শুনিছনে তহঁত দুটাই?”

“শুনিছো, শুনিছো ৷ ‘আতংক’ এটা সমাজ হিতৈষী অৰাজনৈতিক সংগঠন বুলি শুনিছো৷ ৰাইজে সংগঠনটো বৰ ভাল পাইছে৷ হেনো৷” ধুনুৱে ক’লে৷

“পিছে তই ‘আতংকৰ’ নাম কিয় বা ল’লি ?” জোনাকে প্ৰশ্ন কৰিলে৷

“ আতংকৰ লিডাৰ কেইটাৰ পৰিচয় মোক লাগে ৷” দিলৱাৰে উত্তৰ দিলে৷

“সিহঁতে কিবা জগৰ লগালে নকি?” ধুনুৱে সুধিলে৷

“হওঁতে কিবা  জগৰ লগাইছে বুলি ক’ব নোৱাৰোঁ৷”

“তেন্তে সিহঁতক বিচাৰি সময় খৰচ কৰাৰ কি প্ৰয়োজন ?” জোনাকে প্ৰশ্ন কৰিলে৷

“চৰকাৰৰ গৃহ বিভাগে জৰুৰী বাৰ্তাযোগে সিহঁতৰ নাম ঠিকনা বিচাৰি পঠাইছে ; পুলিচে বিচাৰিবলৈ একো উৱাদিহ পোৱা নাই৷ সেয়েহে মই তহঁত দুটাৰ সহায় বিচাৰিছোঁ৷”

“সহায় বিচাৰিছ যেতিয়া এই ক্ষেত্ৰত তোক নিশ্চয় সহায় কৰিম দিলৱাৰ৷ তই চৰকাৰক কোনো সহায় কৰিব নোৱাৰিবি ৷” ধুনুৱে কথাখিনি কৈ দিলৱাৰৰ চকুলৈ তীক্ষ্ন নজৰ দি চালে৷

“কাৰণ ?” দিলৱাৰে প্ৰশ্ন কৰিলে৷

“কাৰণ, চৰকাৰে নিৰীহ জনাতাক হাৰাশাস্তি কৰা উগ্ৰপন্থীহঁতক ৰক্ষনাবেশন দি ৰাখে আৰু সিহঁতৰ গোচৰবোৰৰ উচিত তদন্ত নকৰি সমাজৰ মংগল সাধনত ব্ৰতী আতংকৰ দৰে সংগঠনৰ পিছত লাগি সময় খৰচ কৰিছে৷” ধুনুৱে ক’লে৷

“ধুনু , তই যিদৰে কথা কৈছ তাৰ পৰাই অনুমান কৰিব পাৰি যে তহঁতে আতংকৰ বিষয়ে ভালদৰেই জান৷ নহয় জানো?”

“নিশ্চয় জানো আমি”, এইবাৰ জোনাকে ক’লে, “আতংকৰ বিষয়ে আমি তাৰ জন্ম লগ্নৰ পৰাই জানো৷”

এই উত্তৰ শুনাৰ পিছত দিলৱাৰৰ মনত পুলিচী সন্দেহবোৰে থোপা বান্ধিলেহি৷ তাৰ সন্দিহান চকুহাল বিস্ফাৰিত কৰি প্ৰশ্ন কৰিলে,“আতংক সংগঠনটোৰ জন্মদাতা তহঁতেই নেকি আক’ ?”

“তই ঠিকেই অনুমান কৰিছ৷ দুৰ্নীতি পৰায়ণ লোকৰ বাবে আতংক স্বৰূপ ‘আতংক’ নামৰ সংগঠনটোৰ জন্ম দি আমিয়েই দেশ মাতৃৰ সেৱা আগ বঢ়ায় আছোঁ৷” ধুনুৱে উত্তৰ দিলে৷

“কিন্তু মই জানিব পাৰিছো যে ‘আতংক’ লাহে লাহে এক সন্ত্ৰাসবাদী সংগঠন হোৱাৰ দিশত গতি কৰিছে৷” দিলৱাৰে ধুনুহঁতৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য ৰাখি ক’লে৷

“এনে ভ্ৰান্ত ধাৰণাৰ কাৰণ ?” ধুনুৱে সুধিলে৷

“শুনিছো ‘আতংকৰ’ সদস্যসকলক মাৰ্শাল আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷”

“তইও তেনেহলে ‘আতংক’ৰ বিষয়ে কিছু খবৰ ৰাখিছ,” জোনাকে ক’লে, “কথাটো সত্য , দিলৱাৰ, সদস্য সকলক আত্ম ৰক্ষাৰ বাবে,স্বাস্থ্য ৰক্ষাৰ বেবে আৰু খেল হিচাপে মাৰ্শাল আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷ অন্য উদ্দেশ্য নাই৷”

“ এই ক্ষেত্ৰত তোৰ কিবা আপত্তি আছে নেকি দিলৱাৰ ?”জোনাকে প্ৰশ্ন কৰিলে৷

“নাই নাই মোৰ কি আপত্তি থাকিব পাৰে জোনাক? মই তহঁতক ভালদৰে জানো ৷ তহঁতে কাহানিও বেয়া কাম কৰিব নোৱাৰ৷ এই মাত্ৰ যে মোক অকপতে কথাখিনি ক’লি সেয়াও এক ভাল কাম কৰিলি৷ কাৰণ , তহঁতৰ ‘আতংক’ই বাকীবোৰ পুলিচক আতংকিত কৰাৰ দৰে মোকো আতংকিত কৰি ৰাখিছিল  জাননে৷”

“তইতো এজন সৎ পুলিচ বিষয়া৷ তই আতংকিত হ’ব লগীয়া কোনো কথা নাই৷” ধুনুৱে ক’লে৷

“আতংকই কাক কেনে দৰে আতংকিত কৰে সেই বিষয়ে যে কোনো ধাৰণাই মোৰ নাছিল৷” দিলৱাৰে কথাষাৰ কৈ হাঃ হাঃ কৈ হাঁহি পৰিৱেশটো কিছু লঘু কৰি তুলিলে; ধুনু আৰু জোনাকেও হাঁহিত ভাগ ল’লে৷

সেইদিনা ধুনু আৰু জোনাকে ‘আতংক’ নামৰ সিহঁতৰ সংগঠটোৰ বিষয়ে দিলৱাৰক সকলো কথা খুলি ক’লে৷ দিলৱাৰে ভালদৰেই বুজি পালে যে পুলিচ বিভাগটোৰ বন্ধু হিচাপেহে প্ৰকৃততে ‘আতংক’ নামৰ সংগঠনটোৱে কাম কৰি গৈছে ৷ আৰু এটা কথা দিলৱাৰে বুজি পালে যে আতংক সংগঠন আৰু ৰাইজৰ মাজত পাৰ্থক্যই নাই বুলিব পাৰি৷ গতিকে পুলিচ বিভাগটো বিভ্ৰান্ত হৈ  পৰিছে৷

“তোৰ কিবা আৰু মন্তব্য আছে ?” ধুনুৱে দিলৱাৰক প্ৰশ্ন কৰিলে৷

“তহঁত দুটা মোৰ আগৰ পৰাই বন্ধু আৰু আজিৰ পৰা তহঁতৰ ‘আতংক’ৰ লগত মই নতুনকৈ বন্ধু হ’লো৷ মোৰ এয়াই মন্তব্য৷”


**************************)(**************************
(অসমৰ জনপ্ৰিয় আলোচনী "ৰহস্য"ৰ চেপ্তেম্বৰ, ২০১৭ সংখ্যাত প্ৰকাশিত)