Thursday 28 December 2017

অসমক এখন শান্তিপূৰ্ণ ৰাজ্যলৈ উন্নীত কৰা উচিত

(এটি চমু প্ৰবন্ধ)  
যিবোৰ দেশত কোনো ধৰণৰ হাই-কাজিয়া বা মাৰপিট নহয়, যি ঠাইৰ জনগণে কোনো ধৰণৰ উপদ্ৰবৰ সন্মুখীন হ’ব লগা নহয় বিশ্বৰ তেনেবোৰ দেশকে সুৰক্ষিত দেশ বুলি কোৱা হয়৷ তেনে দেশৰ লোকসকলে শান্তিৰে বসবাস কৰে আৰু বিদেশী পৰ্যটকসকলেও তেনে দেশত নিৰাপদে ভ্ৰমণ কৰে৷ এনে শান্তিপূৰ্ণ দেশৰ শীৰ্ষ স্থানত ২০০৮ চনৰ পৰা একেৰাহে আছে আইচলেণ্ড৷ এই দেশৰ পিছত আছে ডেনমাৰ্ক, পৰ্টুগাল আদি দেশ৷ অন্যহাতে ভৌগলিক অঞ্চল হিচাপে ইউৰোপ বিশ্বৰ ভিতৰতে সকলোতকৈ শান্তিপূৰ্ণ মহাদেশ৷ 
ইয়াৰ  বিপৰীতে বিশ্বত এনে কিছুমান দেশ আছে য’ত হাই-কাজিয়া, সন্ত্ৰাসবাদ, অপহৰণ, কটা-মৰা আদিৰ ভয় ইমানেই বেছি যে তাৰ পুলিচ আৰু সুৰক্ষা এজেন্সী সমূহেও সেইবোৰক বাধা দিয়াত সফল হ’ব নোৱাৰে৷ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি কোৱা হয় যে তেনে দেশলৈ যোৱা  আৰু তাত থকা মানেই মৃত্যুক  আঁকোৱালি  লোৱা৷     

অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠানৰ(Institute for Economics and peace) গোলকীয় শান্তি সূচকৰ প্ৰতিবেদন( Global Peace Index(GPI) report) অনুযায়ী আগৰ বছৰৰ তুলনাত ২০১৭ চনত বিশ্ব কিছু কম অশান্তিপূৰ্ণ হৈছে৷ এই ধৰণৰ পাৰিসাংখ্যিক প্ৰতিবেদন দিয়া এই একমাত্ৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ একাদশ সংস্কৰণত ১৬৩ খন স্বাধীন দেশ কিমান শান্তিপূৰ্ণ বা কিমান বিপজ্জনক তাৰ সম্ভাৱ্য স্থান নিৰূপন কৰিছে৷ ১৬৩ খন দেশে বিশ্বৰ জনসংখ্যাৰ ৯৯.৭% লোকক সাঙুৰি লৈছে আৰু ২৩ টা সূচক প্ৰয়োগ কৰি নিৰূপন কৰা হৈছে৷ সমাজত নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ পৰিসৰ,ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় সংঘাতৰ মাত্ৰা আৰু সামৰিকীকৰণৰ মাত্ৰা-এই তিনিটা বহল অৱধাৰণা প্ৰয়োগৰ ওপৰত সূচকটোৱে গোলকীয় শান্তিৰ পৰিমাপ কৰে৷
চিৰিয়া একেধাৰে দ্বিতীয়টো বছৰৰ বাবে আটাইতকৈ বিপজ্জনক দেশৰ ভিতৰত স্থান পালে আৰু ইয়াৰ ২০১৩ চনৰ গৃহ যুদ্ধৰ পিচৰে পৰা বিশ্বৰ পাঁচখন অতি বিপজ্জনক দেশৰ তালিকাত ধাৰাবাহিক ভাৱে চিৰিয়াই স্থান পাই আহিছে৷ বহুতে চিৰিয়াক এক জীৱন্ত যুদ্ধক্ষেত্ৰ আখ্যা দিয়ে৷ চিৰিয়াৰ পিচতে স্থান পাইছে আফগানিস্তান, ইৰাক, দক্ষিণ ছুদান, য়েমেন, চুমালিয়া, লিবিয়া, কেন্দ্ৰীয় আফ্ৰিকা গণতন্ত্ৰ, য়ুক্ৰেন,  পাকিস্তান,ভাৰত, ৰাছিয়া, মেক্সিকো,চীন আদি দেশ মহাদেশে৷
উল্লেখযোগ্য যে ভাৰতে শান্তি শৃঙ্খলাৰ ক্ষেত্ৰত সামন্য উন্নতি ঘটাই বিগত বছৰৰ ২৩নং স্থানৰ বিপৰীতে এই তালিকাৰ ২৭তম স্থান দখল কৰিছে৷ এই তালিকাত নাম থকাৰ কাৰণ হৈছে, ভাৰতৰ কেইখনমান ৰাজ্যত উচ্চ হাৰত জুলুম সংঘটিত হয়৷ ইয়াৰে কেইখনমান ৰাজ্য ইমানেই বিপজ্জনক যে স্থানীয় পুলিচেও ভয় ভীত হৈ থাকে৷ অপৰাধৰ মাত্ৰা অতি বেছি আৰু নিশাৰ ভাগত বাহিৰলৈ ওলোৱাটো বিপজ্জনক কথা হৈছে৷ জাতীয় অপৰাধ নথিভুক্তকৰণ কাৰ্যালয়(National Crime Record Bureau)ৰ প্ৰতিবেদন অনুযায়ী কিছুমান ৰাজ্যত দিন দুপৰতে মানুহ বাহিৰ ওলাবলৈ ভয় কৰে৷ ভাৰতবৰ্ষ মহিলাৰ বাবে নিৰাপদ নহয়৷ মহিলাৰ ধৰ্ষণৰ গোচৰৰ অনুপাত অতি বেছি৷
এতিয়া আমি আহোঁ নিজৰ ৰাজ্য অসমৰ সমস্যাৰ কথালৈ৷ ভাৰতবৰ্ষৰ বিপজ্জনক ৰাজ্যবোৰৰ তালিকাত অসমৰ স্থান তৃতীয়৷ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে ক্ৰমে কেৰালা আৰু মধ্য প্ৰদেশে৷ অসমত পুলিচে গ্ৰহণ কৰা অপৰাধৰ হাৰ প্ৰতি ১০০০০০ জনত ৩২১.৮ আৰু অসমতে সৰ্বাধিক যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত হয়৷ ইয়াৰ প্ৰতি ১০০০০ গৰাকীৰে ২১ গৰাকী ধৰ্ষণৰ বলি হয়৷ মহিলাৰ সম্ভ্ৰমক অপমান কৰাটো সাধাৰণ কথা হৈ পৰিছে৷ হত্যা, শিশুক যৌন নিৰ্যাতন, ধৰ্ষণ, ধৰ্ষণৰ প্ৰচেষ্টা আৰু ডকাইটি আদি ইমানেই বাঢ়ি গৈছে যে ৰাতি মানুহে চলা ফুৰা কৰাটো বিপজ্জনক হৈ পৰিল৷ আনহে নেলাগে উত্তৰ লখিমপুৰৰ দৰে ক্ষুদ্ৰ নগৰতো থানা, আৰক্ষী চকীৰ সমুখতে দিন দুপৰতে দুৰ্বিত্তই পথচাৰীৰ ধন লুট কৰিব ধৰিছে, মহিলাৰ ধনৰ বেগ লৈ তৎক্ষণাতে উধাও হৈছে৷ আৰক্ষীয়ে নিজকে অসহায় বুলি কৈ দায় সৰা মন্তব্য ৰাখি দুৰ্বৃত্তক প্ৰশয় দিছে৷

অসমত বিৰাজ কৰা এনে এক পৰিৱেশ নিয়ন্ত্ৰণ কৰি এক শান্তিপূৰ্ণ বাতাৱৰণৰ সৃষ্টি নকৰালৈকে অসমৰ সৰ্বাংগীণ উন্নতি সাধন সুদূৰ পৰাহত৷ এই কথা সকলোৱে জানে৷ জানি বুজিও ৰাজ্যখনৰ চৰকাৰে আন্তৰিকতাৰে সমস্যাসমূহ সমাধান নকৰি দীৰ্ঘদিন সমস্যাবোৰ জীয়াই থাকিবলৈ দি ৰাজ্যৰ জনসাধাৰণক বিপজ্জনক পৰিস্থিতিলৈ ঠেলি দিছে৷ অন্যহাতে এনে অশান্তিপূৰ্ণ ৰাজ্যত যিবোৰ কামত সফলকাম নহয় তেনে কামত বা আঁচনিত অযথা ধন ব্যয় কৰিছে৷  এই কথা সকলোৱে জানে যে অসমখন অশান্ত হৈ পৰাৰ কাৰণ হ’ল সমাধান নকৰাকৈ থকা অসমৰ কিছুমান মৌলিক সমস্যা৷ উদাহৰণ স্বৰূপে নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, বিদেশী অনুপ্ৰবেশৰ সমস্যা,  খাদ্য সমস্যা আদি সমস্যাবোৰ দেশ স্বাধীন হোৱাৰ পিচত সাতোটা দশকতো কোনো এখন চৰকাৰেই আন্তৰিকতাৰে সমাধানৰ চেষ্টা নকৰাৰ ফলত ৰাজ্যখনত বিচ্ছিন্নতাবাদীয়ে মূৰ দাঙি উঠি হাতত অস্ত্ৰ তুলি লৈ  উগ্ৰ পন্থী সমস্যা বুলি নতুন এক সমস্যাৰ সৃষ্টি কৰে৷ এইবোৰ সমস্যাৰ আশু সমাধান বিচাৰি জনসাধাৰণে আন্দোলনৰ পথ লোৱাত চৰকাৰে তাকো এক সমস্যা গণ্য কৰি মূল সমস্যা সমাধান নকৰি কঠোৰ হাতেৰে আন্দোলন, প্ৰতিবাদ আদি চৰকাৰ বিৰোধী কাৰ্যকলাপ দমন কৰিছে৷ এইবোৰ নিজৰ দলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সমস্যা বুলি গণ্য কৰি তাৰ সমাধানতহে মনোনিবেশ কৰিছে৷ ৰাজ্যখনৰ জনসাধাৰণৰ তুমুল প্ৰতিবাদ সত্বেও বৃহৎ নদী বান্ধ নিৰ্মাণ, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, বৃহত্তৰ নাগালিমৰ প্ৰস্তাৱত অসমবাসীৰ অজ্ঞাতত এক পক্ষীয় পদক্ষেপ গ্ৰহণ আদি কাৰ্যৰ দ্বাৰাই চৰকাৰে অসমৰ জনসাধাৰণক নতুন নতুন সমস্যাৰ গভীৰ সমুদ্ৰত ডুবাই দিছে৷ তাৰোপৰি বিয়াগোম ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত সংঘটিত বৃহৎ বৃহৎ দুৰ্নীতি, নিযুক্তিৰ কেলেঙ্কাৰী আদি কেলেঙ্কাৰীবোৰ ৰাজ্যখনৰ বাবে অন্য এক সমস্যা হৈ পৰা দেখা গৈছে৷ গতিকে দেখা গৈছে যে চৰকাৰে ভাল হ’ব বুলি বিমুদ্ৰাকৰণ, জি .এচ. টি. প্ৰয়োগ, আধাৰ কাৰ্ড, এন. আৰ. চি. আদি যি কামেই নকৰক লাগে পূৰ্বৰে পৰা বাহাল থকা সমস্যাৰাজিৰ পৰশ লাগি সকলো যেন একো একোটা সমস্যা হৈ পৰিছে এনে লগা হৈছে৷ অনবৰতে কিবা এটা নহয় এটা কাৰণত দাবী তুলি অসমত আন্দোলন, প্ৰতিবাদ, বন্ধ,পথ অৱৰোধ হৈ থকাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা প্ৰায়ে ব্যাহত হয়৷ ছয় জনগোষ্ঠিক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে তাক ৰক্ষা নকৰা বাবে যি আন্দোলন হৈছে সেয়াও অযথা আইন শৃঙ্খলা পৰিস্থিতিৰ অৱনতি ঘটাৰ কাৰণ হৈ পৰিছে৷

এনে ধৰণৰ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ আন্দোলন আৰু আন্দোলন দমনত যি অপচয় ঘটিছে সেই অপচয় ৰোধ কৰিবলৈ হ’লে চৰকাৰে ইয়াৰ অন্তৰালত থকা মৌলিক সমস্যাৰ শীঘ্ৰে সমাধান কৰা উচিত৷ ৰাজ্যখনৰ উগ্ৰপন্থী সমস্যা সমাধান কৰি আইন শৃঙ্খলা পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰিলেহে বিনিয়োগৰ ক্ষেত্ৰত দেশী বিদেশী বিনিয়োগকাৰী, পৰ্যটনৰ ক্ষেত্ৰত দেশী বিদেশী পৰ্যটনকাৰী অসমৰ প্ৰতি আকৰ্ষিত হ’ব৷ এই কামৰ বাবে বৰ্তমানৰ উন্নত তথ্য প্ৰযুক্তিৰ যুগত, পৃথিবীখন এখন গোলকীয় গাঁও হৈ পৰাৰ সময়ত কোনো মন্ত্ৰী আমোলা গৈ কাকো অসমলৈ আহিবলৈ পতিয়ন নিয়াব নোৱাৰে৷ এই কামৰ বাবে চৰকাৰী ধনৰ অপচয় নকৰি ৰাজ্যখনৰ ভাৱমূৰ্তি উন্নয়ন কৰাতহে গুৰুত্ব আৰোপ কৰা উচিত৷ পৰ্যটনৰ ক্ষেত্ৰত পৰ্যটনকাৰীয়ে ব্ৰেণ্ড এম্বেচেডৰ কোন সেইটো চোৱাৰ পূৰ্বে ইন্টাৰনেটত খুচৰি খুচৰি চাব অসমখন ভ্ৰমণকাৰীৰ বাবে কিমান নিৰাপদ, আন্তঃগাঠনি কেনে(কাজিৰঙা চাবলৈ ভিতৰ ভাগত ৰাস্তা আছেনে নাই, বিদেশীলোক ভ্ৰমণ কৰা গাড়ীলৈ শিল দলিয়াই নেকি আদি) আৰু পূৰ্বে পৰ্যটনকাৰীসকলে নিজৰ অভিজ্ঞতা কেনেদৰে ব্যাখ্যা কৰিছে ইত্যাদি৷৷ চকু কাণ মুদি কোনো বিনিয়োগকাৰী, কোনো পৰ্যটক বৰ্তমান সময়ত চিৰিয়ালৈ কোনোবাই ফুচুলালে বুলিয়েই যাবনে বাৰু? 
এইবোৰ কথা সকলো পক্ষই ভালদৰেই জানে; কাৰণ, বিৰোধী ৰাজনৈতিক দলৰ লোকসকলে বৰ্তমানৰ চৰকাৰখনৰ এনেবোৰ কথাৰ প্ৰতিবাদ কৰি ৰাইজৰ পক্ষত থিয় দিয়ে -যিদৰে বৰ্তমান শাসনত থকা ৰাজনৈতিক দলে বিৰোধীৰ ভুমিকা পালন কৰি থাকোঁতে ৰাইজৰ কাষ চাপিব বিচাৰি এনেবোৰ ৰাজহুৱা মংগলজনক বিষয়ত ৰাইজৰ হৈ মাত মাতিছিল৷ কিন্তু কি এক বিড়ম্বনা যে জানি বুজিও কাৰ্যক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ হাতত নলৈ চৰকাৰে জনসাধাৰণক এখন শান্তিপূৰ্ণ অসমত বাস কৰাৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰি আছে৷
-----++++++সমাপ্ত++++++------
বিঃ দ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী "অসম বাণী" ৰ ২৯ ডিচেম্বৰ ২০১৭ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment