Thursday 7 December 2017

শ্ৰীভ্ৰষ্ট জীৱনৰ বিয়লি বেলাৰ ছবি

(এটি গল্প)                                                                                     
ঘৰৰ ওচৰ পাওঁতে ধনেশ্বৰে খোজ কেইটা অতি সাৱধানে পেলালে; কিন্তু সমুখত সি যিটোহে বস্তু দেখা পালে! প্ৰেতাত্মাৰ কথা মনলৈ আহোঁতেই যেন সমুখতে আবিৰ্ভাৱ হ’ল৷ ভয়ত তাৰ জীও উৰা মাৰো যেন হ’ল৷ সি যিমানে যত্ন কৰিলে সিমানে তাৰ ভৰি দুখন থৰক বৰক কৰিব ধৰিলে৷ কাৰণ, ঘৰৰ বাৰাণ্ডাত সেয়া সাক্ষাৎ কালি গোসাঁনী থিয় দি আছে৷ তাৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে মাজে সময়ে এই ৰূপ ধাৰণ কৰি তাক পুহ মাহতে টি ভি চেনেলৰ দৰে ৰঙালী বিহু দেখুৱাই দিয়ে৷ আজি বা কি বিহু দেখুৱায়? ভয়ত তাৰ অৱস্থা পানীত ভিজা মেকুৰী যেন হ’ল৷ সি বাৰাণ্ডাৰ গ্ৰীলখন খুলি সৰু ল’ৰা এটাৰ দৰে চুচুক চামাক কৰি লাহেকৈ সোমাই গ’ল৷

“ৰ’ ঘৰত নোসোমাবি৷ তই মদ খাই আহিছ৷ খোজেই কাঢ়িব পৰা নাই৷ ওলা ওলা, বাহিৰ হ৷ মদ খাইছ৷ বেমাৰী, পাবি নহয় আজি মজাটো৷” এইদৰে কৈ ধনেশ্বৰৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে প্ৰেক্ষাগৃহৰ পৰা  প্ৰৱেশপত্ৰবিহীন দৰ্শকক প্ৰৱেশদ্বাৰত থকা ৰক্ষকে বাহিৰ কৰি দিয়াৰ দৰে তাক গঁতা এটা মাৰি বাহিৰ কৰি দি বাৰাণ্ডাৰ গ্ৰীলৰ দুৱাৰত তলা লগাই দিলে৷

ধনেশ্বৰৰ বাবে এয়া কোনো নতুন ঘটনা নহয়৷ বিয়াৰ পিছৰে পৰা দণ্ডেশ্বৰীয়ে তাক এইদৰেই জ্বলা কলা দেখুৱাই আহিছে৷ দণ্ডেশ্বৰীৰ অত্যাচাৰৰ মাত্ৰাটো তাৰ বাঢ়ি গৈ থকা বয়সটোৰ লগত খাপ খোৱা নাই৷ এটা অনুপাত ৰক্ষা কৰি অন্ততঃ কিছু হ্ৰাস পাব লাগিছিল৷ তেনে নোহোৱাত ধনেশ্বৰৰ বৃদ্ধ দেহাটোৱে দণ্ডেশ্বৰীয়ে বিহা দণ্ডৰ ভাৰখন বহন কৰিব নোৱাৰা হৈছে৷ সেয়েহে সি বৰ বিপাঙত পৰিছে৷ কথাবোৰ ধনেশ্বৰে ভৱাৰ দৰে কোনো দিন হৈ নুঠে৷ সি ভাৱিছিল যে চাকৰিৰ পৰা অৱসৰ পালে সি ঘৈনীয়েক দণ্ডেশ্বৰীক সন্তুষ্ট কৰিবলৈকে দিনে ৰাতিয়ে ব্যস্ত থাকিব৷ কিন্তু কথা বিপৰীতহে হ’ল৷ দণ্ডেশ্বৰীৰ অত্যাচাৰ কমক চাৰি কেইবা গুণো বাঢ়িলহে৷ তাই ধনেশ্বৰক চকুপাৰি দেখিব নোৱাৰা হ’ল৷ অৱশ্যে এনে হোৱাৰ অন্য এটা কাৰণ নতুনকৈ আহি যোগ হ’লহি৷ সেইটো হ’ল ধনেশ্বৰৰ ককাই ভাইৰ লগত আৰম্ভ হোৱা মাটি ভেঁটিৰ কাজিয়াত সি পৰাজিত হোৱা৷

সৰু নগৰখনৰ মাজ মজিয়াত ধনেশ্বৰে এবিঘা পৈতৃক ভূমি ভোগ দখল কৰি আছিল৷ নিজৰ ঘৰৰ কাষত কেইটামান ভাৰাঘৰ সাজি দি বৰ সম্ভ্ৰমেৰে মালিকনী বাইদেউ হৈ দণ্ডেশ্বৰীয়ে এখন সৰু ৰাজ্যৰ শাসন ভাৰ চলোৱাৰ দৰে চলাই মহাৰাণী হৈ পৰিছিল; কিন্তু এতিয়া সেই ভূমি নটাকৈ ভাগত ভাগ হৈ তাৰ মাথো এটা ভাগহে ধনেশ্বৰৰ ভাগত পৰিছে৷ এনে কথাত বাৰু দণ্ডেশ্বৰীৰ খং নুঠিব কিয়? খং উঠিবলৈ ইয়াতকৈ কি বেলেগ ডাঙৰ কথাৰ প্ৰয়োজন ? আৰু, ধনেশ্বৰৰ ওপৰত খং নুঠি কাৰ ওপৰত উঠিব ? বুৰ্বকটো ক’ৰবাৰ! বাপেকটো জীয়াই থাকোঁতেই সি মাটিখিনি নিজৰ নামত লিখাই ল’ব নোৱাৰিলে৷ এনে জধা মূৰ্খ এই পৃথিবীত বেলেগ এটা নাই আৰু৷ কি যে দুৰ্ভাগ্যৰ ফলত এনে মূৰ্খটোৰ লগত বিয়া হ’ল তাইৰ!  কথাবোৰ ভাৱি ভাৱি দিনে ৰাতিয়ে দণ্ডেশ্বৰীৰ মূৰটো অধিক সময় ব্যৱহাৰ কৰা ম’বাইল হেণ্ডচেটটোৰ দৰে গৰম হৈ থাকে৷ তাৰ মাজতে যেতিয়া তাইক ভালৰি লগাবলৈ ধনেশ্বৰে মৰমেৰে, আথে বেথে কিবা কথাৰ পাতনি মেলি তাইৰ কাষ চাপে তেতিয়া দণ্ডেশ্বৰীৰ খঙে মূৰৰ চুলিৰ আগ পায়৷ সেই ক্ষণত দণ্ডেশ্বৰীৰ ৰূপ দেখি ধনেশ্বৰে কি, স্বয়ং যম মহাৰাজেও তাইক সাতোবাৰ চালাম ঠুকি দৌৰি পলাব৷ এতিয়া দণ্ডেশ্বৰীয়ে ধনেশ্বৰক যদিও সি মদ খাই অহাৰ অজুহাতত ঘৰৰ বাহিৰ কৰি দিছে, প্ৰকৃততে যে ভিতৰি ভিতৰি মাটি বাৰীৰ কথাবোৰতহে তাইৰ খং উঠি আছে সেইটো কথা জানে বাবে ধনেশ্বৰে চুপচাপ তাইৰ কাষৰ পৰা আঁতৰি আহিছে৷ পিছে  ঠৰঙা লগা জাৰত এই ৰাতিখন সি যাব ক’লৈ? নিৰুপায় হৈ ধনেশ্বৰে সিহঁতৰ ভাৰাঘৰ কেইটাৰ ফালে এখোজ দুখোজকৈ আগুৱাই গ’ল৷ ওচৰতে থকা ভাৰাঘৰটোৰ ল’ৰাহাল ঘৰলৈ গ’ল৷ দুৱাৰত তলাটো ওলমি আছে৷ ঘৰটোৰ সৰু অন্ধকাৰাচ্ছন্ন বাৰাণ্ডাখনতে এখন বেতৰ চকী দেখা পাই ধনেশ্বৰে গৈ তাতে বহি ল’লে৷ তাৰ মনলৈ পৃষ্ঠা খেলিমেলি হোৱা কিতাপ পঢ়াৰ দৰে বেবেৰিবাং কথাবোৰ আহি থাকিব ধৰিলে৷

++++++++++++

গৈ থৈ অৱশেষত ধনেশ্বৰৰ জীৱনটোতকৈ দণ্ডেশ্বৰীৰ বাবে মাটি বাৰীৰ মূল্যহে অধিক হৈ দেখা দিব লাগেনে বাৰু ? এৰা, তাই চাগৈ ভাৱিছে বুঢ়া এদিন মৰিবই, মাটিবাৰী চিৰ কাল থাকি যাব৷ উত্তৰ পুৰুষে জনমে জনমে ভোগ দখল কৰিব৷ আচলতে ধনেশ্বৰে সপোনতো ভৱা নাছিল যে ভায়েক পৱিত্ৰই সিহঁতৰ মাটি বাৰীৰ ক্ষেত্ৰত এনে এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি কৰিব৷ তাক পহু খেদা দি পঠিওৱাৰ পিছত যে এদিন সি এই মাটিৰ ভাগ বিচাৰিবলৈ সাহস কৰিব এই কথা কোনেনো বাৰু ভাৱিব পাৰে? ক’ৰ পৰা যে গৈ কথাবোৰ কি হ’লগৈ৷ ধনেশ্বৰে ভাৱি ভাৱি উৱাদিহ নোপোৱা হয়৷

ধনেশ্বৰহঁতৰ ককাই ভাই তিনিটা৷ সি ডাঙৰ৷ মাজুটোৰ নাম পৱিত্ৰ আৰু সৰুটোৰ নাম ঠগেশ্বৰ৷ সিহঁত ছজনী বাই ভনীৰ মাজত ডাঙৰ দীঘল হৈছে৷ দেউতাক নদীৰামে ডেকা বয়সতে লুইতৰ পাৰৰ চাপৰি গাঁৱৰ পৰা আহি সৰু চহৰখনৰ তিনিআলি এটাৰ চুকত অকণমান পৰিত্যক্ত চৰকাৰী ভূমি দখল কৰি তাতে সৰু দোকান এখন দি কোনোমতে চলি আছিল৷ পিছলৈ আৰ্থিক অৱস্থা ভাললৈ অহাত গাঁৱৰে পদ্মেশ্বৰ বৰুৱাৰ জীয়েক দেবেশ্বৰীক  তেওঁলৈ বেয়া দিয়ে৷ পদ্মেশ্বৰে জীয়েকক কিছু কৃষি ভূমিৰ ভাগ দিয়াত তাতে খেতি কৰিবলৈ লৈ নদীৰাম দোকানী গাঁওখনৰ এজন খেতিয়কো হৈ পৰিল৷ খেতি বাতি মাজে সময়ে বান পানীয়ে নষ্ট কৰে যদিও দোকানখন ভালদৰে চলি থকা বাবে নদীৰামৰ আৰ্থিক অৱস্থা সিমান বেয়ালৈ যোৱা নাছিল৷ গাঁওখনৰ আন দহঘৰ মানুহতকৈ তেওঁলোকৰ ঘৰখন ভালদৰেই চলি গৈছিল৷ দোকানত গুড়, চুন, মিঠাতেল আৰু বিস্কুট আদি বিক্ৰী কৰাৰ পিচত ৰৈ যোৱা খালী টিনবোৰ কাটি মেলি নদীৰামে ঘৰৰ বাৰাণ্ডাখন খেৰৰ পৰিবৰ্তে টিনৰ কৰি ল’লে৷ এটি দুটিকৈ এদিন নদীৰাম নটি সন্তানৰ বাপেক হ’ল৷ ল’ৰা ছোৱালীবোৰ ডাঙৰ হৈ অহাত নদীৰামৰ খৰচৰ মাত্ৰা বহুগুণ বাঢ়িল৷ ছোৱালী বোৰৰ পঢ়া শুনাৰ প্ৰতি ধাউতি নথকা বাবে সিহঁতৰ পঢ়া শুনাৰ বাবে খৰচ নহ’ল; ডাঙৰ দুজনী প্ৰেমৰ পৰিণতিত পলাই যোৱাত বিয়াৰ বাবে ধন খৰচ কৰিব লগা নহ’ল৷  কিন্তু ডাঙৰ ল’ৰা ধনেশ্বৰে পঢ়াৰ নামত যিদৰে খৰচ কৰিব ধৰিলে তাকে দেখি নদীৰাম জ্বলি পকি উঠিল৷ ক্ৰমান্বয়ে বেয়া দিশলৈ ধাৱমান হোৱা ডাঙৰ ল’ৰা ধনেশ্বৰৰ স্বভাৱ চৰিত্ৰই নদীৰাম দোকানীক বাৰুকৈয়ে চিন্তাত পেলালে৷  ধনেশ্বৰে তাতকৈ সৰু ল’ৰা ছোৱালী কেইটাক সমান্য কথাতে চৰটো, গোৰটো মাৰিয়ে থাকে৷ সি কণ কণ ল’ৰা ছোৱালী কেইটাক মূৰৰ পিছফালে যিটোহে থাপৰ মাৰে, সেই দৃশ্য দেখা মানুহো উচপ খাই উঠে৷ এদিনতো ভায়েক পৱিত্ৰ চটফটাই পৰিয়ে গৈছিল৷ তাৰ এনে কাণ্ডই পৱিত্ৰহঁতৰ বাল্য কালৰ আনন্দত যতি পেলাইছিল৷ তথাপিও ডাঙৰ হ’লত পৱিত্ৰই মানুহক কয় যে ককায়েকে থাপৰ মৰা দেখি মানুহে যেতিয়া কয় ‘পৱিত্ৰৰ মাথাটো ধনেশ্বৰৰ থাপৰ খাই খাই গ’ল আৰু দেই, সি আৰু ক’ত পঢ়াশুনা কৰিব পাৰিব ?’, তেতিয়া সি স্কুলত শিক্ষকে পঢ়োৱা কথাবোৰ মনত আছে নে নাই নিজে পৰীক্ষা কৰি চায়৷ এইদৰে নিজকে পৰীক্ষা কৰোঁতে কৰোঁতে তাৰ মনত ৰখা শক্তি বাঢ়ি যাব ধৰিলে৷ সি পৰীক্ষাত ভাল নম্বৰ পাই প্ৰথম স্থান দখল কৰিলে৷ পঢ়াৰ ক্ষেত্ৰত পৱিত্ৰ আৰু ৰ’ব লগা নহ’ল৷

পঢ়া-শুনাত অত্যন্ত বেয়া হ’লেও তাৰ মোমায়েক সি পঢ়া হাইস্কুলখনৰ শিক্ষক হোৱাৰ সুবাদতে ধনেশ্বৰ দশম শ্ৰেণী পালেগৈ৷ মেট্ৰিক পৰীক্ষা দিবলৈ ধনেশ্বৰ সাজু হ’ল৷ পিছে পঢ়ি শুনি সাজু হোৱা নাই সি৷ সাজু হৈছে নকল লিখি আৰু কেনেকৈ কাৰ সৈতে যোগা যোগ কৰি ধন জমা দিলে পৰীক্ষাৰ আগতেই প্ৰশ্ন কাকত পাব পাৰি সেইবোৰ ঠিক কৰি৷ গতিকে তাক লাগে বহুখিনি টকা, যিখিনি দিবলৈ অসমৰ্থ হৈ দেউতাকে চিন্তাত মূৰে কপালে হাত দি জুহালৰ কাষত জুপুকা মাৰি বহি পৰিছে৷ ইফালে আকৌ টকা যোগাৰ কৰি নিদিয়া বাবে ঘৈনীয়েক দেবেশ্বৰীয়ে অনবৰতে খেচখেচাই আছে৷ সি বিচৰা মতে নদীৰামে টকা দিব পাৰিব ; কিন্তু সিমান টকা দিয়াৰ পিছত তেওঁৰ দোকানখনৰ অৱস্থা তেনেই লাওলোৱা হ’ব৷ টকাৰ অভাৱত দোকানলৈ মাল আনিব নোৱাৰা হ’ব৷ ঘৰৰ ওচৰত পৰীক্ষা কেন্দ্ৰ নাই বাবে পৰীক্ষা দিবগৈ লাগিব শিৱসাগৰ টাউনৰ পৰীক্ষা কেন্দ্ৰত৷ থাকিবগৈ লাগিব ভাৰাঘৰ লৈ৷ তেতিয়াও লাগিব বহুত টকা৷ টকাৰ কথা ভাৱি নদীৰামৰ মূৰটো গৰম হৈ উঠে৷ খঙতে ধনেশ্বৰৰ স্বভাৱ চৰিত্ৰৰ কথা ঘৈনীয়েকক কৈ ক্ষোভ উজাৰে৷ পুতেকৰ বদনামবোৰ শুনি দেবেশ্বৰীৰ খং উঠে৷ পুতেক ধনেশ্বৰৰ ওপৰত নহয়, খং উঠে গিৰিয়েক নদীৰামৰ ওপৰতহে৷ ধনেশ্বৰৰ চৰিত্ৰ ইমান বেয়া হ’ব নোৱাৰে৷ মানুহে কোৱা কথা তাই বিশ্বাস নকৰে৷ মানুহে সিহঁতৰ ঘৰখনৰ প্ৰতি হিংসাতে কয় আৰু গিৰীয়েক নদীৰামে সেইবোৰ কথাকে মানি লৈ মিছাতে দিনে ৰাতিয়ে বলকি থাকে৷ মানুহে কয়, ধনেশ্বৰে জুৱা খেলে, মদ খায়, ভাং খায়৷ কোনোবা অজাতিৰ ছোৱালী এজনীক ভাল পায় আৰু সেইজনীৰ লগত ধন খৰচ কৰে৷ কথাবোৰ নদীৰামে মানি লয়; কিন্তু দেবেশ্বৰীয়ে নেমানে৷ তাইৰ মতে, এইবোৰ সব গোকাট মিচা কথা৷ তাৰ পঢ়া-শুনাৰ প্ৰতি যে ধাউতি নাই সেই কথা মাক দেবেশ্বৰীয়ে মানি লয়৷ ধনেশ্বৰৰ সেইটো স্বভাৱেই ৷ সৰুৰে পৰা পঢ়া-শুনাত ৰাপ নাই তাৰ৷ নদীত  মাছ মৰা, হাবিত ছিটিকা পাতি চৰাই ধৰা আৰু সমনীয়াৰ লগত মাৰ্বল গুটি খেলা আদি কামবোৰহে কৰি ধনেশ্বৰে ভাল পায়৷ মাকে তাক ধপাত মলি খোৱা দেখিছে আৰু ধপাত কিনিবলৈ টকা নাথাকিলে বেচেৰাই ঘৰৰ সৰিয়হৰ ডুলিৰ পৰা সৰিয়হ এটোপোলা চুৰ কৰি নি দোকানত বিক্ৰী কৰে৷ এই কথা সঁচা৷ সেই বুলি বাপেকটো হৈ তাক চোৰ, নিধক আদি কথা কৈ গালি দিব লাগেনে? বেয়া ল’ৰা হ’লে জানো যুৱ সমাজে তাক গাঁৱৰ লাইব্ৰেৰীটোৰ আজি অত’বছৰে চেক্ৰেটেৰী হৈ থাকিবলৈ দিব ? বাপেকটোৰ এই কথাতো ল’ৰাটোৰ ওপৰত হিংসা ভাৱ আছে৷ লাইব্ৰেৰীৰ কামত লাগি থকা বাবে খেতি পথাৰত কাম কৰিবলৈ ধনেশ্বৰে সময়ে নাপায়৷ তাকে লৈ বাপেক নদীৰামে ঘৰখনত হুলস্থূল লগাই দিয়ে৷

প্ৰথমৰ তিনিবাৰ মান নদীৰামে মাকৰ খেচখেচনি সহিব নোৱাৰি ধনেশ্বৰক শিৱসাগৰত মেট্ৰিক পৰিক্ষা দিবলৈ টকা দিলে৷ টকা জমা দি ধনেশ্বৰে মেট্ৰিক পৰীক্ষাৰ ইংৰাজী, অংক আদি দুই এখন প্ৰশ্ন কাকত আগতীয়াকৈ পাই পৰীক্ষা দি সেই কাকতত নব্বৈ শতাংশলৈকে নম্বৰ লাভ কৰে; কিন্তু বাকীবোৰ কাকতত এককৰ ঘৰত নম্বৰ পোৱা বাবে পৰীক্ষাত উতীৰ্ণ হ’ব নোৱাৰে৷ সেই অৱস্থা হোৱাৰ কাৰণ অনেক আছে৷ তাৰ লগৰীয়াবোৰে পৰীক্ষা দিবলৈ শিৱসাগৰলৈ গৈ চিনেমা চোৱাত লাগি যায় আৰু ধনেশ্বৰনো লগত নাযাবনে? সিহঁতে হেনো একেখন চিনেমাকে বিশ বাৰতকৈ অধিক চাইছে৷ কাৰণ, চিনেমাখনৰ নায়িকা গৰাকীয়ে গাৰ বস্ত্ৰবোৰ এখন এখনকৈ খুলি পেলাই যাওঁতে হঠাৎ সমুখৰ ৰেল আলিয়েদি ৰেল গাড়ী এখন পাৰ হৈ যায়৷ কেতিয়াবা ৰেলগাড়ীখনৰ পলম হয়েই বা, সেইটো আশাত বন্দীহৈ বেচেৰাহঁতে বাৰম্বাৰ চিনেমাখন চায়৷

প্ৰতিবাৰেই মেট্ৰিক পৰীক্ষাৰ আবেদন পত্ৰ পূৰাবৰ সময়ত নদীৰামৰ ঘৰত এখন ডাঙৰ কাজিয়াৰ সূত্ৰপাত হয় আৰু পৰাজিত নায়কৰ দৰে প্ৰতিবাৰেই শেষ পৰ্যায়ত নদীৰামে ধনেশ্বৰক টকা দিবলৈ বাধ্য হয়৷ এইদৰে ছবাৰ পৰীক্ষা দি ধনেশ্বৰে মেট্ৰিক পাছ কৰিব নোৱাৰিলে৷ কিন্তু পিচৰ বাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত ধনেশ্বৰৰ দিন ভাললৈ আহিল৷ ঘৰৰ ওচৰতে এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ পালে৷ সেইবাৰো তাক প্ৰ-পত্ৰ পূৰণৰ সময়তে দেউতাকে টকা দিবলৈ অমান্তি হোৱাত এক কাজিয়াৰ সূত্ৰপাত হ’ল৷ পিছে এইবাৰ মাজো ভায়েক পৱিত্ৰই মধ্যস্থতা কৰি দেউতাকক টকা দিবলৈ সন্মত কৰালে৷ যথোপযুক্ত নকল পাতি সাজু কৰি লৈ ধনেশ্বৰে এইবাৰ ঘৰৰ ওচৰৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ বহিল৷ মাজু ভায়েক পৱিত্ৰ আৰু তাৰ বন্ধুবৰ্গ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত সাজু হৈ থাকিল৷  ধনেশ্বৰ পেচাব কৰিবলৈ অহা চলেৰে বাহিৰলৈ আহোঁতে পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ লিখা কাগজ টুকুৰা তাৰ ফালে দলিয়াই দিয়া হয়, সি বুটলি লৈ যায়৷  তাৰ পিছত পৰীক্ষাৰ উত্তৰ বহীত চাই চাই লিখে৷ প্ৰতিটো বিষয়ৰ পৰীক্ষাতে এনে উপায় অৱলম্বন কৰা হ’ল৷ অৱশেষত এইদৰেই ধনেশ্বৰে মেট্ৰিক পাছ কৰিলে৷ তাৰ পিছত কলেজত পঢ়াৰ নামত দেউতাক নদীৰামক ভেঙুচালি কৰি কিছু টকাৰ শৰাধ কৰিলে৷ কোনো পিছে কোনো এটা পৰীক্ষাতে উতীৰ্ণ হ’ব নোৱাৰিলে৷

ইতিমধ্যে ডাঙৰ ভায়েক পৱিত্ৰই দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰিলে৷ সি অসম ৰাষ্ট্ৰ ভাষা প্ৰচাৰ সমিটিৰ অধীনত প্ৰবীণ পৰীক্ষাও পাছ কৰিলে৷ সি কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে; কিন্তু দেউতাকে তাক পঢ়াৰ খৰচ দিবলৈ অসমৰ্থ হ’ল৷ অন্যহাতে সহায়ৰ হাত উজান দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মোমায়েকহঁতেও মূৰ পোলোকা মাৰিলে৷ সেয়ে পৱিত্ৰই চাকৰিলৈ মন মেলি সোণকালেই মঞ্জুৰি লাভ কৰিব বুলি আশা ৰাখি মজলীয়া বিদ্যালয় এখনত অবৈতনিক ভাৱে হিন্দী শিক্ষকৰ পদত যোগদান কৰিলে৷ বিজ্ঞান বিভাগ এৰি সি অন্য এখন কলেজত কলা শাখাত নাম ভৰ্তি কৰি মাজে মাজে কলেজলৈও গৈ থাকিল৷ পৱিত্ৰই স্নাতক মহলাত পঢ়ি থাকোঁতেই তাৰ চাকৰিটো নিয়মীয়া হ’ল৷ দোকান দেউলীয়া হোৱাৰ পিচত সাপ্তাহিক বজাৰত বেপাৰ কৰা দেউতাকে কিছু সকাহ পালে৷ মানুহৰ দিন ভাললৈ আহিলে ভাল খবৰে বেৰি ধৰেহি৷ স্থানীয় হিন্দী বিদ্যালয়খনতো পৱিত্ৰই সহকাৰী শিক্ষকৰ চাকৰি পালে৷ সেইখন সান্ধ্য বিদ্যালয় হোৱাত পৱিত্ৰৰ সুবিধাই হ’ল৷ তাত চাকৰি পোৱাৰ লগে লগে স্থানীয় অনাঅসমীয়া ব্যৱসায়ীসকলৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰি দি অসমীয়া শিকোৱাৰ ভাৰো সিয়ে ল’বলৈ পালে৷ অন্যহাতে ধনেশ্বৰ আৰু তাৰ দুজনমান লগৰীয়াই পৱিত্ৰৰ হিন্দী স্কুলখনতে নাম লগাই লৈ হিন্দী পঢ়া আৰম্ভ কৰি দিলে৷ সিহঁত অতি ধূৰ্ত৷ কিছুমান পৰীক্ষাত অহা প্ৰশ্নৰ টোকা পৱিত্ৰৰ পৰা সংগ্ৰহ কৰি ল’লে৷  সেইবোৰকে সমল স্বৰূপে গোপনে পৰীক্ষা কেন্দ্ৰলৈ লগত লুকুৱাই নি পৰীক্ষাত বহি এদিন বিশাৰদ পৰীক্ষা পাছ কৰি সিহঁত হিন্দী শিক্ষক পদৰ যোগ্য প্ৰাৰ্থী হৈ পৰিল৷

ইফালে পৱিত্ৰই এইদৰে কিছু ধন উপাৰ্জন কৰাত তাৰ দেউতাকে তাৰ টকাৰে তাতকৈ ওপৰৰ বায়েকজনীক যেনে তেনে বিয়া পাতি দিলে৷ সুবিধা বুজি ককায়েক ধনেশ্বৰেও পৱিত্ৰৰ টকাৰে ডিলাইট টেইলৰ্চত দুযোৰমান কাপোৰ চিলাই ল’লে৷ দেউতাক নদীৰামৰ এটা সমস্যা দূৰ হ’ল৷ অৱশ্যে কিছুদিনৰ পিছত এক নতুন সমস্যাৰ সন্মুখীন হ’ল নদীৰাম দোকানী৷ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উতীৰ্ণ হৈ পুতেক পৱিত্ৰ এম এ পঢ়িবলৈ ওলাল৷ ইতিমধ্যে সি শিক্ষকৰ চাকৰি ইস্তফা দিলেই৷

ভায়েক বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ পিচত ধনেশ্বৰে দেউতাকক সহায়ৰ হাত আগ বঢ়োৱাৰ পৰিবৰ্তে নানা কথাত দেউতাকৰ সৈতে কাজিয়াহে আৰম্ভ কৰিলে৷ লাগ বুলিলেই তাক দেউতাকে টকা দিবই লাগিব ৷ অন্যথাই ঘৰত পয়মালৰ সূচনা কৰে৷ ঘৰৰ ধান, মাহ, সৰিয়হ আদি চুৰ কৰি নি দোকানত বিক্ৰী কৰে৷ বহুবছৰ ধৰি ঘৰৰ বাকচত সাঁচি থোৱা ৰূপৰ মুদ্ৰাবোৰ ধনেশ্বৰে কোনেও গম নোপোৱাকৈ নি বেচি দিয়ে৷ তাক দিয়া কোনো বুজনিয়েই কামত নিদিয়ে৷ তাৰ কথা হ’ল -তাক জন্ম দিছে যেতিয়া বাপেকে সি বিচৰা মতে টকা দিবই লাগিব৷ ইয়াৰ অন্যথা হ’লেই ৰাস্তাৰ কাষৰ ঘৰখন বাটৰুৱাই শুনি ঘূৰি ঘূৰি চাই যোৱাকৈ সি  তালফাল লগাই দিয়ে৷ ঘৰৰ মানুহখিনিয়ে মানুহৰ আগত লজ্জাবোধ কৰে আৰু ধনেশ্বৰৰ প্ৰতি অনুকুলে যোৱাকৈয়ে সমস্যাটোৰ এক আশু সমাধান বিচাৰি উলিয়ায়৷ ধনেশ্বৰৰ হাতলৈ যি টকা আহে তাৰে কিছু সি বেংকত খুলি লোৱা পাছ বহীত জমা ৰাখে৷ মাজে সময়ে পাছবুকখন কাৰোবাক কাৰোবাক দেখুৱাই ভায়েক পৱিত্ৰলৈ টকা পঠাম বুলি কয়; কিন্তু কোনো দিনে সেই কাম নকৰিলে৷

সময়ত পৱিত্ৰই এম এ পৰীক্ষা দি ঘৰ পালেহি৷ ঘৰৰ পৰিৱেশ বেয়া৷ দেউতাক তেনেই অসহায় হৈ পৰিছে৷ ধনেশ্বৰে তাৰ নিষ্ঠুৰতা প্ৰদৰ্শন কৰি ঘৰৰ কুটা এগছো কাম নকৰাকৈ লাইবব্ৰেৰীত দিনবোৰ পাৰ কৰি দিছে৷ পিছে পঢ়ি নহয়, তাৰ দৰে অসৎ ল’ৰাকেইটামানৰ সৈতে তাত জুৱা খেলিহে৷ সৰু ভায়েক তেনেই সৰু৷ প্ৰাথমিক স্কুললৈ গৈছেহে সি৷ গৰু গাই ৰখিবৰ বয়স তাৰ হোৱা নাই৷ গৰু পালটো ৰখিবলৈও ঘৰত মানুহ নাই৷ দেউতাকে বজাৰত বহি বেপাৰখন চলাবনে, গৰুকে চৰাবনে বেলেগ কাম কৰিব? দেউতাক নিৰুপায় হৈ পৰা দেখি পৱিত্ৰই সহ পালোৱাৰ লগত চাপৰিত গৰু চৰাবলৈ যায়৷ সহ গৰু পালোৱা সৰু ল’ৰাটোৱে পৱিত্ৰক কয়, “ককাইদেউ, আপুনি স্কুলৰ শিক্ষকৰ চাকৰিটোনো বাৰু কিয় এৰি দিলে? এতিয়া মিছাতে গৰু ৰখি মৰিছে৷” তেতিয়াই পৱিত্ৰই যি চাকৰিয়ে নহওক সি এটা বিচাৰি ল’ম বুলি মনস্থ কৰি বাতৰি কাকতবোৰত নিয়োগ বাৰ্তা চোৱা আৰম্ভ কৰি দিলে৷ ডিব্ৰুগড়ৰৰ এখন হাইস্কুলত ইংৰাজী বিষয়ৰ শিক্ষকৰ নিযুক্তি লাভ কৰি পৱিত্ৰই ঘৰ এৰি গুচি গ’ল আৰু প্ৰতি মাহে পোৱা দৰ্মহাৰ টকাৰ পৰা কিছু টকা নিয়মীয়া ভাৱে দেউতাকলৈ মণিঅৰ্ডাৰ কৰি পঠাই থাকিল৷

নদীৰামৰ সৰুটো পুতেক ঠগেশ্বৰে মেট্ৰিক পাছ কৰিয়েই দুই ককায়েকতকৈ আগত বিয়া পাতি বেহা বেপাৰত লাগি গ’ল৷ ঠেক-ঠুক ঘৰৰ ভেঁটিটোতে ধান খুন্দা কল এটা বহাই লৈ বাপেক নদীৰামৰ কাণ ঘোলা কৰি ধন উপাৰ্জনত লগাত ঘৰখনত অনবৰতে পিতা পুত্ৰৰ মাজত কাজিয়া চলিব ধৰিলে৷ ঠগেশ্বৰে ইতিমধ্যে গেলা মালৰ দোকান এখন আৰম্ভ কৰি দিয়াত দেউতাকে তাক সেইবোৰ উঠাই বেলেগ ঠাইত কৰিবলৈ ক’লে; কিন্তু ঠগেশ্বৰে কথা নুশুনিলে৷ দেউতাকৰ লগত কাজিয়া কৰি কৰি সেই ঠাইতে সি তাৰ ব্যৱসায় চলাই থাকিল৷

+++++++++++++

হাইস্কুলখনত কেইবছৰমান কাম কৰাৰ পিছত এটা বেংকত চাকৰি পাই পৱিত্ৰই বিয়া বাৰু পাতিলে৷ তেতিয়ালৈকে ধনেশ্বৰৰ চাকৰি নোহোৱা বাবে বিয়া বাৰু পতা নাই; ঘৰলৈ গ’লে যিটো দেউতাকে ধনেশ্বৰৰ উদ্ভণ্ডালিৰ কথা শুনাই পৱিত্ৰৰ কাণ ঘোলা কৰে আৰু তাক ত্যজ্য পুত্ৰ কৰিম বুলি চিঞৰ বাখৰ লগায়, সেইটো দেউতাকেই ধনেশ্বৰৰ বিয়া পাতি দিয়াৰ কথা কৈ কৈ অতিস্থ কৰি দিয়ে৷ চাকৰি বাকৰি নোহোৱা মানুহটোৱে বিয়াৰ পিছত কি কৰি চলিব? পৱিত্ৰই ক’লে, “প্ৰথমে তাৰ চাকৰি হৈ লওক৷ তাৰ পিছত বিয়া৷” হিন্দী শিক্ষকৰ চাকৰিৰ কথা গম লওঁতে পৱিত্ৰই জানিব পাৰিলে যে গুৱাহাটীত হিন্দী শিক্ষকৰ চাকৰিৰ যি সাক্ষাৎকাৰ হৈ গ’ল তালৈ হেনো ককায়েক ধনেশ্বৰ নগ’লেই৷ ছেঃ কি কৰা যায় এতিয়া? ভাৱি গুণি পাৰ নাপাই পৱিত্ৰ গুৱাহাটী পালেগৈ ৷ বিভাগীয় বিষয়াজন তাৰ আপোন মানুহ হোৱা বাবে সি তেওঁক বুজাব পাৰিলে যে বানপানী অধ্যুষিত অঞ্চল হোৱা বাবে সিহঁতৰ ঠাইখনৰ বহুতো প্ৰাৰ্থীয়ে হৈ যোৱা সাক্ষাৎকাৰত উপস্থিত থাকিব নোৱাৰিলে৷ গতিকে তেওঁলোকক যেন আকৌ এবাৰ সুবিধা দিয়া হয়৷ সেইমতেই পুনৰ সাক্ষাৎকাৰ অনুস্থিত হ’ল; কিন্তু প্ৰাৰ্থী কেৱল এজনেই৷ ধনেশ্বৰ৷ কাৰণ, বাকীসকলে আগৰ বাৰেই সাক্ষাৎকাৰ দিলে৷ এইদৰেই অৱশেষত ধনেশ্বৰ এখন এম ই স্কুলৰ হিন্দী মাষ্টৰ হ’ল৷ তাৰ পিছত দণ্ডেশ্বৰীক বিয়া কৰাই সংসাৰী হ’ল৷ ঘৰ সোমাইয়ে দণ্ডেশ্বৰীয়ে শাহু, ভাই বোৱাৰী আৰু ননদ দুজনীৰ সৈতে যুঁজ আৰম্ভ কৰি দিলে৷ ঘৰ গুচি বাঁহতল হ’ল বুলি কৈ কৈ নদীৰাম দোকানীয়ে হামৰাও কাঢ়িব ধৰিলে৷ কথাবোৰ সমূলি খাপ নোখোৱা হ’ল৷  দণ্ডেশ্বৰীয়ে ধনেশ্বৰৰ ডেকা কালৰ প্ৰেম-প্ৰণয়ৰ কথা কিছুমান গাঁৱৰ কথাচহকী বোৱাৰীহঁতৰ মুখে শুনিবলৈ পাই তাক সন্দেহ কৰিবলৈ ধৰিলে৷ অৱশেষত ধনেশ্বৰে ঘৈনীয়েকক চাকৰি কৰা ঠাইলৈ লগত লৈ যাবলৈ বাধ্য গ’ল৷

+++++++++++++

ঘৰখনত এক সুস্থ বাতাৱৰণৰ অভাৱ হ’ল৷ মাজু পুতেক সপৰিয়ালে ঘৰলৈ আহিলে ঘৰত এটা নিশা কটাবলৈও টান পোৱা হ’ল৷ মুঠৰ ওপৰত এখন বিশৃঙ্খল ঘৰ আৰু তাত যেতিয়া কিবা খৰচৰ কথা আহি পৰে তেতিয়া সকলো অকলে বহন কৰিব লগা হয় মাজু পুত্ৰ পৱিত্ৰই৷ সিহঁতৰ ওখ খেৰীঘৰটোৰ মূধচ আৰু চাল বৰদৈচিলাই প্ৰতি বছৰে উৰুৱাই নিয়ে আৰু ঘৰৰ ভিতৰত পানী পৰি থাকিলেও সেয়া মেৰামতি কৰোঁতা পৱিত্ৰৰ বাহিৰে কোনো নাই৷ সেয়েহে পৱিত্ৰই টিনপাত লগোৱাৰ কথা চিন্তা কৰি ঘৰত কথাটো আলোচনা কৰিলে৷ তিনিও ককাই ভায়ে মিলি খৰচ কৰি ঘৰটোত টিনপাত লগাব৷ পিছে সময়ত দুই  ককাই ভাইয়ে গা এৰা দিয়াত পৱিত্ৰই  নিজৰ দুজনী ছোৱালীৰ নামত জমা ৰখা ৰেকাৰিং একাইন্ট ভাঙি অকলেই খৰচ কৰি ঘৰত টিনপাত লগালে৷ ইতিমধ্যে পৱিত্ৰই বেংকত চাকৰি পোৱাত স্কুলৰ চাকৰি এৰি বেংকৰ চাকৰিত যোগদান কৰিলে৷ ছোৱালী কেইজনী লগত লৈ অসমৰ বিভিন্ন স্থানত চাকৰি কৰা সিমান সহজ কথা নহ’ব বুলি ভাৱি পৱিত্ৰই তাৰ পত্নী আৰু সন্তানকেইটি ঘৰতে থৈ যোৱাৰ পৰিকল্পনা কৰিলে৷

ঘাইঘৰৰ ভেঁটিটোত ভায়েক ঠগেশ্বৰে দোকান দিয়াৰে পৰা ঘৰৰ মানুহখিনি তাত থকাটো অসুবিধাজনক হৈ পৰিল৷ সেয়ে পৱিত্ৰই সিহঁতৰ ঘৰখন বহল আহল শালিতলিৰ মাটি এডৰাত সাজিবৰ বাবে দেউতাকৰ লগত আলোচনা কৰি প্ৰয়োজনীয় কাঠ-কুঠ সংগ্ৰহ কৰিলে৷ এই কামত দেউতাকে অলপমান আগ বঢ়াৰ লগে লগে পৱিত্ৰৰ ভায়েক ঠগেশ্বৰ গুজৰি গুমৰি উঠিল৷ ‘মই ঘৰ সাজিবলৈ মাটি বিচাৰিলে নিদিয় কিন্তু মাজুটোক হ’লে দিয়৷’ এই বুলি কৈ ঠগেশ্বৰে হুলস্থূল লগোৱাত দেউতাকে ঘৰ সজা কাম সিমানতে এৰিলে৷ পৱিত্ৰই মনত বেজাৰ পাই চাকৰি কৰি থকা পাহাৰীয়া ঠাইখনতে মাটি এবিঘা কিনি পৰিয়ালটো তালৈকে লৈ গ’ল৷ তাতে এটা সৰু ঘৰ সাজি ল’লে৷ ছমাহলৈ পৱিত্ৰই ঘৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি ৰাখিলে৷

নদীৰাম দোকানীৰ অৱস্থা আকৌ বেয়ালৈ আহিল৷ চলাই থকা বেপাৰখন পুঁজিৰ অভাৱত বন্ধ হ’ল৷ সেয়ে ঘৰৰ তেল নিমখৰ খৰচো উলিওৱাৰ ৰাস্তা নোহোৱা হ’ল৷ গেলামালৰ দোকানত ধাৰ লগাই যেনে তেনে ঘৰখন চলাই গ’ল; কিন্তু ধাৰ মাৰে কোনে? পুৰণি হৈ পৰা ধাৰ খুজি দোকানীয়ে জুলুম দিব ধৰিলে৷ ধাৰ পৰিশোধৰ দিন নিৰ্দ্দিষ্ট ভাৱে ধাৰ্য কৰি দিলে৷ বৰ আৰু সৰু পুত্ৰই নদীৰাম দোকানীৰ সমস্যাবোৰৰ কথা উপলুঙা কৰি উৰুৱাই দিয়ে৷ সেয়ে সিহঁতক কৈ লাভ নাই বুলি জানি তেওঁ মাজু পুত্ৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷

ছমাহৰ মূৰত মাজুপুতেকৰ ঘৰলৈ গৈ নদীৰামে ঘৰখনৰ বিপৰ্যয়ৰ কাহিনী ক’লে৷ ডাঙৰ আৰু সৰু পুত্ৰই সৃষ্টি কৰা অশান্তিবোৰ ব্যাখ্যা কৰিলে৷ দোকানত লগোৱা ধাৰৰ হিচাপ দাখিল কৰিলে৷ পৱিত্ৰই সেই অনুযায়ী টকা দিলে৷ তাৰ পিচত প্ৰতিমাহে নিয়মীয়াকৈ দৰ্মহা পোৱা দিনত মাজু পুতেকৰ ঘৰলৈ গৈ টকা আনি ঘৰখন চলাই গ’ল৷ ইতিমধ্যে সৰু পুতেক ঠগেশ্বৰে ঘৰত নানা অশান্তিৰ সৃষ্টি কৰিলে আৰু দেউতাকক বাধ্য কৰি পথাৰৰ বহল আহল ভূমিত, য’ত মাজু পুতেক পৱিত্ৰই ঘৰ সাজি মাক দেউতাক আৰু অবিবাহিত ভনীয়েক দুজনীৰে সৈতে থাকিব খুজিছিল, তাতেই ৰাস্তাৰ দাঁতিত নিজৰ ঘৰ নিৰ্মাণ কৰি তালৈ নিজৰ পৰিয়াল লৈ মূল ঘৰৰ পৰা পৃথক হৈ আঁতৰি গ’ল৷ কিন্তু পুৰণি ভেঁটিত থকা দোকানখন তাতেই চলাই থাকিল৷ সৰুটোৱে নতুন ভেঁটিত নিজৰ ঘৰ বনাই লোৱা দেখি ডাঙৰ পুতেক ধনেশ্বৰেও ঘৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি দেউতাকৰ ওচৰত ঘৰৰ ভেঁটিৰ দাবী  তুলিলে৷ উপায়ন্তৰ হৈ দেউতাক নদীৰাম গৈ মাজু পুত্ৰ পৱিত্ৰৰ ওচৰ পালেগৈ আৰু বিষয়টো আলোচনা কৰিলে৷ পৱিত্ৰই হাই কাজিয়া নকৰি ককায়েকক ঘৰ বনাবলৈ মাটি দিবলৈ দেউতাকক ক’লে৷ দেউতাক ঘৰলৈ আহি একলগে থকা তিনিবিঘা মাটিৰ দুবিঘা তিনিজন পুতেকৰ মাজত সমানে ভগাই দি নিজৰ বাবে এবিঘা বাৰীমাটি ৰাখিলে৷ দেউতাকৰ ভাগত পৰা মাটিডৰা বাম আৰু বাৰী মাটি আছিল বাবে তাতে মাজু পুতেক পৱিত্ৰই দেউতাকে ভাৰা খাব পৰাকৈ এটা ভাৰাঘৰ সাজি দিলে৷ সৰুটোৱে ঘৰ সজা মাটিৰ কাষতে মাজুটোৰ ভাগটো ৰাখি দেউতাকৰ ভাগটোৰ কাষতে ডাঙৰটোক মাটিৰ ভাগ দিলে৷ মাটিৰ ভাগ পাই ধনেশ্বৰে ঘৰ বনোৱাৰ পৰিকল্পনা কৰিলে৷  ধনৰ নাটনিৰ জোৰা মাৰিবৰ বাবে পাঁচ হেজাৰ টকা ভায়েক পৱিত্ৰৰ পৰা আনিলেগৈ৷ সৰু আৰু ডাঙৰ দুই পুত্ৰ এইদৰেই বেলেগ হৈ গ’ল৷

বৃদ্ধ পিতৃয়ে খেতি পথাৰৰ কামৰ পৰা অব্যাহতি লাভ কৰাৰ মানসেৰে মাজু পুত্ৰ পৱিত্ৰই সি থকা পাহাৰীয়া ঠাইখনৰ পৰা ল’ৰা এটা হালুৱা স্বৰূপে ঘৰলৈ পঠালে আৰু তাৰ মাহেকীয়া বেতন সি ল’ৰাটোৰ মাক দেউতাকক দি থাকিল৷ পিছে হালুৱা ল’ৰা নকুলক সৰু আৰু ডাঙৰ দুই পুত্ৰইও নিজৰ নিজৰ কামত খটুৱাবলৈ ধৰাত ল’ৰাটো কাম কৰি কৰি ভাগৰি পৰে৷ সেই লৈ দুই পুত্ৰক তেনে নকৰিবলৈ কোৱাত দুই পুত্ৰই বৃদ্ধ দেউতাক নদীৰামকহে অভব্য আচৰণেৰে প্ৰত্যুত্তৰ দিয়ে৷ এইবোৰ কথা লৈ ঘৰখনত এক অশান্তিৰ সৃষ্টি হয়৷ ঘৰত থকা দুই ভগ্নীয়ে ককায়েক দুটাই দেউতাকক কৰা অপমান সহ্য কৰিব নোৱাৰি প্ৰতিবাদ কৰিলে৷ লগে লগে  ঘৰখনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সূচনা হ’ল৷ ধনেশ্বৰৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে  চামুণ্ডাৰ ৰূপ ধৰি হাতত কপিদাখন লৈ দুই ননদক কাটিবলৈ খেদি আহিল৷ সিহঁত দুজনীয়ে পলাই কোনোমতে প্ৰাণ ৰক্ষা কৰে৷

প্ৰলয়ঙ্কৰী বানে খেতি বাতি নষ্ট কৰাত ঘৰখন চলাত অসুবিধা হ’ব ধৰিলে৷ নদীৰাম দোকানীয়ে মূৰে কপালে হাত দি চিন্তা কৰি থাকি দিক বিদিক নোপোৱা হ’ল৷ অৱশেষত মাজু পুতেক পৱিত্ৰৰ পৰিয়ালটো নিজৰ লগলৈ অনাৰ চেষ্টা চলালে৷ পৱিত্ৰক দিয়া ঘৰৰ ভেঁটিটোত ঘৰ সাজিবলৈ ক’লে৷ দুনাওঁ দুভৰি হোৱা যেন লাগি পৱিত্ৰইও দেউতাকৰ কথাত সন্মত হ’ল৷ পৱিত্ৰই তাৰ বেংকৰ পৰা গৃহ ঋণ লৈ ঘৰ সজাৰ কথা চিন্তা কৰি তাক দিয়া ঘৰৰ ভেঁটিৰ মাটিডোখৰ বন্ধক দিবৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নথি পত্ৰ পৰীক্ষা কৰি দেখে সেই ভূমি ইতিমধ্যে বন্ধক দি সৰু ভায়েক ঠগেশ্বৰে তাৰ দোকানৰ বাবে ঋণ লৈ থৈছে৷ সেই কাম কৰাৰ সময়ত দেউতাকে মানা কৰিছিল; কিন্তু ঠগেশ্বৰে হাই-কাজিয়াৰ পাতনি মেলি হাত দাঙি খেদি অহাত নিৰুপায় হৈ দেউতাকে পুতেকক সোণকালে ঋণ পৰিশোধ কৰিবলৈ সতৰ্ক কৰি দি অফিচত ঋণ সম্পৰ্কীয় কাগজ-পত্ৰত স্বাক্ষৰ প্ৰদান কৰিলে৷ পিছে বহুবছৰ অতিক্ৰম কৰিলে, ঠগেশ্বৰে ঋণ পৰিশোধ নকৰিলে৷ কথাটো দেউতাকে এতিয়াহে গম পালে৷ দেউতাকে ঠগেশ্বৰক ঋণ পৰিশোধ কৰিবলৈ সকিয়নি দিলে৷ ঠগেশ্বৰে ওভতগোৰে নাচিব ধৰিলে৷ পৰিস্থিতি জটিল হোৱাৰ উপক্ৰম ঘটা দেখি মাকে পৱিত্ৰক ক’লে, “বলিন (পৱিত্ৰৰ ঘৰত মতা নাম), তই আমাৰ ভাটি পথাৰৰ মাটি ডোখৰতে চোন ঘৰ সাজিব পাৰ৷ সেই মাটিডৰাৰ মূৰেদিয়েই পানীযোগান আচঁনিৰ নলাটো গৈছে৷ তাৰ কাষতে আলফাই গুলীয়াই মৰা ছেত্ৰী ড্ৰাইভাৰৰ ঘৈনীয়েকে ঘৰ সাজি বহিলেই৷” মাকৰ কথা মতে পৱিত্ৰই গৈ ভাটি পথাৰ পালেগৈ৷ মাটি ডোখৰ দ আৰু তেনেই ঠেক৷ তাক ভাগত দিয়া ডোখৰৰ দৰে বহল আহল নহয়৷ ঘৰ নিৰ্মাণৰ বাবে সুবিধাজনক নহয়৷ কথাটো মাক দেউতাকক ক’লে৷ দেউতাকে তেওঁলোকক চোৱা-চিতা কৰি থকা বাবে  সেই ডোখৰ মাটি দানসূত্ৰে পৱিত্ৰৰ নামত লিখি দিম বুলি ক’লে আৰু সেই মাটি বন্ধক ৰাখি তাৰ ভাগত পৰা বহল আহল মাটিডোখৰত ঘৰ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিলে৷ দেউতাকৰ কথামতেই পৱিত্ৰ আগ বাঢ়ি গ’ল৷ পৱিত্ৰই দুই ককাই ভাইক কথাটো খোলাখুলিকৈ জনালে৷ সিহঁত দুয়োটা মান্তি হ’ল৷

বেংকৰ কৰ্তৃপক্ষই পৱিত্ৰক দিয়া ঋণৰ ধন চাৰিটা কিস্তিত ভাগ কৰি প্ৰথম কিস্তি তাক দিলে আৰু তাক বন্ধক দিয়া মাটি ডোখৰতে ঘৰ নিৰ্মাণ কৰিবলৈ বাধ্য কৰি প্ৰতি বাৰে পৰিদৰ্শন কৰি কৰি চাৰি কিস্তিত ধন দি শেষ কৰিলে৷ এইদৰেই ভাটি পথাৰত ঠেক মাটিতে পৱিত্ৰৰ এটি সৰু আধৰুৱা ঘৰ নিৰ্মাণ হ’ল, য’ত মাক দেউতাক আৰু বাই ভনী দুজনীক লৈ পৱিত্ৰৰ পৰিয়ালটো থকাৰ পৰিৱেশো গঢ়ি উঠা নাই আৰু মাক দেউতাক আৰু দুই ভগ্নী তালৈ যোৱাৰ বাবে প্ৰস্তুতো নহয়৷ অন্যহাতে দুই ভাতৃৰ মাজৰ তাৰ ভাগত পৰা মাটিত ঘৰ সাজিবলৈও পৱিত্ৰৰ হাতত নাই যথোপযুক্ত ধন৷ দেউতাকে সেই নতুন ঘৰটো আধাৰুৱা ভাগতে স্কুলীয়া ল’ৰাক ভাৰা দিয়াৰ কথা ক’লে-যাতে ঘৰখন চলাৰ খৰচ এটা মাহে মাহে পাই থাকে৷ পৱিত্ৰই দেখিলে এনে কৰিলে সিহঁত চিৰদিনৰ বাবে ঘাইঘৰখনতে থাকিব লাগিব-য’ত নাই পকী পাইখানা তথা গা-ধোৱা ঘৰ৷ অৱশেষত পৱিত্ৰই ঘাইঘৰত তাৰ পৰিয়ালৰ বাবে এটা কোঠা নিৰ্মাণ কৰিলে আৰু গোবৰৰ ভেৰত বহু টকা ব্যয় কৰি এটা পকী পাইখানা তথা গা-ধোৱা ঘৰ সাজিলে৷ এই সকলোবোৰ ঠিক ঠাক কৰি পৱিত্ৰই তাৰ পৰিয়ালটো মাক দেউতাকহঁতৰ লগত এৰি নিজৰ চাকৰিৰ ঠাইত অকলৈ থাকিব ধৰিলে৷ পৱিত্ৰই নিৰ্মাণ কাৰ্য চলাই যোৱা দেখি ককাই ভাই, ওচৰ চুবুধৰীয়া, মিতিৰ কুটুম সকলোৰে হিংসা ভাৱ জন্মিল আৰু লাহে লাহে তাৰ বৰ্হি প্ৰকাশ ঘটাব ধৰিলে৷ তেওঁলোকে ক’ব ধৰিলে যে পৱিত্ৰই তাৰ বাবে ঘৰহে সাজিব জানে; কিন্তু বয়স ভাটি দিব খোজা ভনীয়েক দুজনীক বিয়া নিদিয়ে৷ কথাবোৰ শুনি পৱিত্ৰই দৰা নিজে চাপি অহালৈ আশা নকৰি দুই ভনীয়েকৰ বাবে দৰাৰ সন্ধানত ঘূৰিব ধৰিলে৷ য’তেই বিবাহ উপযুক্ত ল’ৰাৰ সন্ধান পালে ত’লৈকে যাব ধৰিলে৷ তাৰ ভাই ককাই হালৰ কিন্তু এইবোৰ খবৰ নাই৷ এতিয়া সিহঁতক লাগে ঘাইঘৰটোৰ একোটো নিজা ববীয়া অংশ৷ দেউতাকে চিধা কথা কৈ দিলে যে তেওঁলোক জীয়াই থকা লৈকে ঘৰটোৰ ভাগ নহয়৷  এইবাৰ দেউতাকক উভটি ধৰিলে মাজু পুতেৰক কিয় ভাটি পথাৰৰ মাটিখিনি দান দিলি বুলি কৈ৷ দেউতাকে উত্তৰ দিলে যে পৱিত্ৰই ঘৰখন অতীজৰে পৰা খৰচ দি চলাই আহিছে আৰু ভনীয়েক দুজনীক বিয়া দিব লৈছে, সেয়ে মোৰ মাটি মোৰ ইচ্ছা অনুযায়ী দান দিলো আৰু তাত কাৰো কোনো আপত্তি নাখাটে৷ এনে কথাত সৰু পুত্ৰ ঠগিৰাম গৰজি উঠিল আৰু ক’লে, “চাই ল’ম সি কেনেকৈ বিয়া দিয়ে৷” কথামতেই কাম, পৱিত্ৰই গৈ বন্দবস্ত কৰা ভনীয়েক দুজনীৰ সম্ভাব্য দৰাৰ ঘৰলৈ ঠগেশ্বৰ গৈ কৈ আহিল, “আমাৰ ঘৰত মাটি বাৰীৰ কেজেং আছে, সেয়ে আপোনালোকে আমাৰ ঘৰৰ ছোৱালী বিয়া কৰাব নোৱাৰিব৷” এনে কথা ক’লে আজিৰ দিনত কোন দৰাই ছোৱালী বিয়া কৰাব? পাতিব খোজা বিয়া ভাগি গ’ল৷ তাৰ মাজতো এজনী ভনীয়েকৰ বিয়াখন হৈ গ’ল যেনেতেনে৷ পৰিৱেশ পৰিস্থিতি ইমানেই বেয়ালৈ গ’ল যে পৱিত্ৰৰ পৰিয়ালটো ঘাইঘৰত থাকিলে তাৰ সন্তানকেইটাৰ পঢ়াশুনা ধ্বংস হোৱাৰ সম্ভাৱনাই দেখা দিলে৷ সি নিজৰ পৰিয়ালটো লৈ ভাটি পথাৰত সাজি উলিওৱা আধৰুৱা ঘৰটোলৈকে গুচি আহিল৷ মাক দেউতাকে প্ৰথম অৱস্থাত কথাবোৰ বুজি নাপাই মনত বেজাৰ পাইছিল যদিও পিচলৈ সকলো ঠিক হৈ গ’ল আৰু পৱিত্ৰই আগৰ দৰেই ঘৰখন চোৱা চিতা কৰি গ’ল৷

কিছুদিনৰ পিছত পৱিত্ৰক দূৰণিৰ ঠাইলৈ চাকৰিৰ বদলিকৰণ কৰিলে৷ উপায়ন্তৰ হৈ পৱিত্ৰই সেই ঘৰটো ভাৰালৈ দি তাৰ পৰিয়ালটো নিজৰ লগতে লৈ যাবলৈ বাধ্য হ’ল৷ ঘাইঘৰখনত থাকিলগৈ মাক দেউতাক আৰু সৰুজনী ভনীয়েক৷ তাই এম্বডেৰী আৰু চিলাইৰ দোকান এখন খুলিম বুলি কোৱাত দেউতাকে নিজৰ ভাগত পৰা মাটি বিঘা বিক্ৰী কৰি দি সেই টকা তাইক দিলে৷ তাই দোকান আৰম্ভ কৰি ভালদৰে চলাই গ’ল৷ কিছু দিনৰ পিছত ঘৰখনৰ খেলিমেলিবোৰ মনৰ মাজত লৈয়ে দেউতাকৰ মৃত্যু হ’ল৷ মাক আৰু সৰু জীয়েক তাতেই থাকিল৷ এবছৰৰ পিচতে সৰু জীয়েকক অকলে এৰি থৈ মাকৰো মৃত্যু হ’ল৷ তাই ঘাইঘৰৰ মাজু ককায়েক পৱিত্ৰৰ অংশটো ভাৰা দি তাতে অকলশৰীয়াকৈ থাকিল৷ ককায়েক পৱিত্ৰই তাইৰ অনিশ্চিত ভৱিষ্যতটো কিছু নিৰাপদ কৰাৰ উদ্দেশ্যে ঘাইঘৰৰ ভেটিটোত তাইৰ নামত এটা অংশ দিলে৷ তাতে তাই সুন্দৰকৈ এটা পকীঘৰ সাজিলে৷ পিছে সেই মাটি ম্যাদী নহয় বাবে কিছু অনিশ্চয়তা ৰৈ যোৱাত পৱিত্ৰৰ ভাগত পৰা দুই ভাতৃৰ মাজৰ মাটিৰো এটা অংশ দিব খুজি পিতৃৰ নামত থকা সেই মাটিৰ নামজাৰী আবেদন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিলে৷ অকলশৰীয়া ছোৱালীজনীৰ নিজা ঘৰ এটা থকাৰ উপৰিও এডোখৰ মাটিও ভাগত পাব বুলি জানি তাইৰ বাবে দৰা এজন ওলাল৷ বিয়া হৈ গ’ল৷

দুবিঘা মাটি দুই ভাতৃয়ে অত’দিনে নিজৰ বুলি দখল কৰি আছিল৷ এতিয়া তাৰ ভাগ দিব লাগিব পৱিত্ৰকো৷ এই কথা কেনেকৈ হ’ব ? সিতো ভাটি পথাৰত এবিঘা মাটি পাইছেই৷ কোনো দিনে মিলা প্ৰীতিৰ ভাৱ নথকা দুই অহি-নকুল ভাতৃ সিহঁতৰ বৃ্হত্তৰ স্বাৰ্থৰ খাতিৰে মিলি, কাৰোবাৰ বুদ্ধি মতে আপত্তি জনাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন আবেদন দিলে৷ আবেদনত ছজনী বাই-ভনীৰ নাম উল্লেখ কৰি জনালে, সিহঁত সকলোৱে জানে যে পৱিত্ৰক দেউতাকে তাৰ ভাগত এবিঘা মাটি জীৱিত কালতে দি গৈছে, গতিকে দেউতাকৰ নামত থকা এই মাটিৰ ভাগ সি পাব নোৱাৰে৷ পিছে কিবাটো কৰোঁতে কিবাটোহে হ’ল৷  বাই-ভনী ছজনীৰ নাম আবেদনত দেখা পাই বিষয়া জনে ক’লে যে মাটখিনি তিনিজন ককাই-ভাই আৰু ছজনী বাই-ভনীৰ মাজত ভাগ হ’ব৷ মুঠ ভাগ হ’ব নটা৷  যিহেতু ১৯৫৬ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ ২০০৫ চনত কৰা সংশোধনী অনুযায়ী বিবাহিত বা অবিবাহিত কন্যা সন্তানেও পৈতৃক সম্পত্তিৰ অংশ  বিচাৰিলে লাভ কৰিব৷

এসময়ত সেই মাটিডোখৰত হাল বাই খেতি কৰিব খোজা পৱিত্ৰক দুই ভাতৃয়ে খেদি পঠাইছিল; তাৰ পিছতো পৱিত্ৰই সিহঁত দুটাক ঘৰৰ মাটিবোৰ আকৌ সমানে ভাগ কৰোঁ বুলি কৈ আলোচনা কৰিবৰ বাবে ৰাতিৰ সাঁজ একেলগে ঘাইঘৰত খাবলৈ মাতিছিল৷ সিহঁত নগ’ল৷ ভাৱিলে ভাটি পথাৰৰ ঠেক মাটি ডোখৰ লৈ কি লাভ হ’ব? সেয়াতু সেয়াই, ইফালে আকৌ সৰু ভায়েক ঠগেশ্বৰে পৱিত্ৰক নজনোৱাকৈ সি টিনপাত লগোৱা ঘাইঘৰটো ভাঙি তাত পকীঘৰ নিৰ্মাণ কৰিলে৷ সেই কথাত পৱিত্ৰই অন্তৰত বৰ বেজাৰ পালে আৰু দেউতাকৰ নামত থকা মাটিৰ নিজৰ ভাগটো নেৰাৰ সিদ্ধান্ত ল’লে৷ সেয়ে গৈ থৈ এতিয়া উত্তৰাধিকাৰ আইন অনুযায়ী ধনেশ্বৰহঁতে দখল কৰি থকা মাটিখিনি আজি নভাগত ভাগ হ’ল৷ এই কথা ধনেশ্বৰে নিজেই সহ্য কৰিব পৰা নাই৷, ঘৈনীয়েক দণ্ডেশ্বৰীয়ে বাৰু কেনেকৈ সহ্য কৰিব? কথাটো দকৈ ভাৱি চাবলৈ বুলি মূৰটো হেলনীয়া কৰি দিওঁতে ধনেশ্বৰ বহি থকা পুৰণি বেতৰ চকীখন মেৰমেৰাই উঠি ভাগি পৰিল৷ তাৰ মূৰটো গৈ ভলুকা-বাঁহৰ শকত খুটাটোত খুন্দা দিলেগৈ৷ মূৰত প্ৰচণ্ড আঘাত পাই ধনেশ্বৰে কেঁকনি-গেঁথনি কৰিলে৷

“অঐ কোন, কোন তই ? কোন হাৰামী সেইটো ? মানুহ নথকা ঘৰটোত কি কৰিছ?” ভাৰাঘৰৰ ফালে হোৱা সেই শব্দ শুনি মদৰ ৰাগীত মাতাল হৈ থৰক বৰক খোজেৰে সমুখৰ বাটেদি থেং পাক দি অহা আগন্তুকে অশ্লীল মাত মাতি ভাওনাত ভীমে দুঃশাসনক প্ৰত্যাহ্বান জনোৱাৰ দৰে গোঁজৰণি মাৰি ক’লে, “কুকুৰ পৱিত্ৰ চুতীয়া নেকি তই? আমাক মাৰিবলৈ আহি জোপ লৈ আছ ? আহ তোক চাই লওঁ৷ চেলেঞ্জ কৰিছোঁ তোক৷ আমাৰ মাটি কাঢ়ি লৈছ, আজি চাই ল’ম তোক৷”

কথাখিনি কৈ আগন্তুক মদাহীটোৱে এডোখৰ গোটা বাঁহ ৰাস্তাত পাই বুটলি হাতত তুলি ল’লে৷ তাৰ পিছত ভাৰা ঘৰটোৰ ফালে চোঁচা লৈ খেদি যোৱাদি গৈ হামখুৰি খাই পৰি থকা মানুহটোৰ গাত ভালদৰে কেইকোবমান মাৰি দিলে৷

“মৰিলো ঔ, মৰিলো ঔ, বাপুটি, তই মোক কিয় মাৰিছ ? ওহ, হাড় ভাঙি দিলি ৷” কোব খাই ধনেশ্বৰে চিঞৰি উঠিল৷
তেতিয়াহে বাপুটিয়ে গ’ম পালে সেয়া আন কোনো নহয়, তাৰ দেউতাক ধনেশ্বৰহে৷

সেই সময়ত সি দেউতাকক তুলি ধৰি উঠাব পৰা অৱস্থাত নাছিল৷

ভাৰাঘৰৰ ফালে চিঞৰ বাখৰ শুনি ঘৰৰ ভিতৰৰ পৰা দণ্ডেশ্বৰী দৌৰ মাৰি ওলাই আহিল৷ আহি দেখে, পুতেক বাপুটিয়ে মদৰ নিচাত ঢলং পলং কৰি বেতৰ ভগা চকীখনত ভৰি দুটা ওপৰ ফালে থৈ মূৰটো তললৈ কৰি পৰি থকা দেউতাকক উঠাবলৈ যত্ন কৰি নিজে বাগৰি পৰিছে৷ ততালিকে পৰিস্থিতি সম্ভালি লৈ, দণ্ডেশ্বৰীয়ে নিজৰ কপালকে দোষী কৰি খঙতে আবোল তাবোল বলকি বলকি যেনেতেনে দুই মদাহীক উঠাই টানি আঁজুৰি নি ঘৰৰ ভিতৰ পোৱালেগৈ৷

++++++সমাপ্ত++++++

No comments:

Post a Comment