Tuesday 25 September 2018

বনৰীয়া কুকুৰাবোৰ কেতিয়া কেনেকৈ অদৃশ্য হ'ল?

1962 চনত বৰ বানপানীয়ে সমগ্ৰ ঢকুৱাখনা বুৰাই পেলাইছিল৷ বান বিভিষিকাৰ দৃশ্যবোৰ এতিয়াও যেন চকুৰ সমুখত ভাঁহি উঠে৷ তেতিয়া মোৰ বয়স সাত বছৰ হৈ গৈছে৷ বানপানীৰ পিছত চাৰিকড়িয়া নদীৰ দক্ষিণ পাৰৰ শিমলুগুৰি চাপৰিলৈ লগ সমনীয়াা অথবা বয়োজ্যেষ্ঠসকলৰ সৈতে যাওঁতে কাঠনিৰ দাঁতিৰ মুকলি ঠাইত জাকপাতি চৰি থকা বনৰীয়া কুকুৰাবোৰ দেখি আমাৰ নয়ন জুৰাই যায়৷ কুকুৰাৰ মাংস খোৱাতো সামাজিক ভাৱে নিষেধ আছিল কণি খোৱাত বাধা নাই বাবে হাবি বননি তহিলং কৰি কুকুৰাৰ বাহ বিচাৰি কণি সংগ্ৰহ কৰি আনিছিলো৷  ঘৰৰ ৰান্ধনী গৰাকীৰ হাতত সেই কণি তুলি দি নিজে গৌৰৱ অনুভৱ কৰিছিলোঁ৷
কেইটামান বছৰৰ ভিতৰতে আমাৰ গাৱঁৰ দক্ষিণ মূৰত এখন সাপ্তাহিক বজাৰ বহিব ধৰিলে৷ চাৰিআলিটোৰ উপাৰে সিপাৰে দুই এখন দোকান পাতিলে৷ ওচৰ পাজৰৰ ৰাজ্যবোৰৰ পৰা নানা ধৰণৰ মানুহে আমাৰ গাৱঁৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চহৰ খনত অলক্ষ্যিতে প্ৰৱেশ কৰি নিগাজীকৈ থাকিব ধৰিলে৷ ইয়াৰ উপৰিও মাজে সময়ে কিছুমান অঘৰী মানুহ আহি সাপ্তহিক বজাৰৰ জুপুৰি ঘৰত নৈশ যাপন কৰি নানা ধৰণৰ বেহা বেপাৰত লিপ্ত হয়৷ সেই মানুহবোৰে ঘোঁৰাৰ নেজৰ দীঘল নোম কাটি চৰাই ধৰা ফান্দ তৈয়াৰ কৰি সেইবোৰ চাপৰিৰ বনৰীয়া কুকুৰা চৰি ফুৰা ঠাইত পাতি কুকুৰাবোৰ ধৰা দেখি আমি তবধ মানিছিলোঁ৷ বয়োজ্যেষ্ঠসকলৰ মনোভাৱ কি আছিল আমি নাজানো৷ সেই অঘৰীসকলে বনৰীয়া কুকুৰাবোৰ কৌশল প্ৰয়োগ কৰি অনায়াসে ধৰি নিজে ভক্ষণ কৰাৰ উপৰিও বিক্ৰী কৰি যাব ধৰিলে৷

আমি মহাবিদ্যালয়ত পঢ়িবলৈ নগৰলৈ গ'লো৷ দুবছৰমানৰ পিচত ঘৰলৈ গৈ কুকুৰবোৰ চোৱাৰ হেঁপাহত শিমলুগুৰি চাপৰি পালোগৈ ; কিন্তু চকুহাল বিষাই গ'ল আৰু মনটো হতাশ হ'ল-- ক'তো কেনিও এটাও বনৰীয়া কুুুকুৰা নেদেখি৷
------------)(--------

Saturday 15 September 2018

কৌতুক

এটকীয়া বিছনি মৰাৰ কিটিপ
------------------------------------------
এটকা দি বেপাৰীৰ পৰা বিছনি খন কিনিয়ে গ্ৰাহকজনে বিছনিখন মাৰোঁতে নালডাল হাতত থাকিল আৰু বিছনি ক'ৰবাত ওফৰি পৰিলগৈ৷

গ্ৰাহক-- কি বিছনি বিক্ৰী কৰিছেহে এইবোৰ?

বেপাৰী--- আপুনি এই এটকীয়া বিছনিখন মাৰিব জনা নাই মালিক৷ এনেকৈ বিছনিখন ধৰি থাকিব আৰু আপোনাৰ গাটো লৰাই দিব৷ বুজিলে?

কৌতুক

গাওঁখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি ঘৰেঘৰ্ে সোমাই শাক পাচলিকে ধৰি যাৰ ঘৰত যি দেখে তাকে খুজি নিয়া ৰঙিলী বাইক দেখিলে আজিকালি মানুহবোৰ  পলাই কেনিবা লুকায়৷

পদূলিমুখতে নকৈ লগা মিঠা আমজোপা দেখি মানিকক ৰঙিলী বায়ে আম খুজিব বুলি সি অনুমান  কৰিছিলেই৷ ভৱাৰ দৰেই হ'ল৷

ৰঙিলী পেহী-- "হেৰৌ মানিক,  আম জোপা টেঙানে মিঠা?"

মানিক-- "টেঙা আম পেহী৷ মুখতে দিব নোৱাৰি৷"
পেহীয়ে টেঙা বুলি ক'লে নোখুজিব বুলি ভাৱি মানিকে ক'লে৷

ৰঙিলী পেহী---- " অ' হয় নেকি? তেনেহলে বৰ ভাল কথা৷ আমাৰ বোৱাৰীয়ে আক' টেঙা আম বৰ ভাল পায়৷ কেইটামান পাৰি দেচোন মানিক৷ লৈ যাওঁ৷

মানিকৰ মুখৰ মাত সৰিল৷


কৌতুক

বিদ্যালয় এখনৰ শ্ৰেণী কোঠাত অঙ্ক শিক্ষকে এটা জটিল অঙ্ক বুজাই থকাৰ সময়ত শেষৰ বেঞ্চৰ চুকত বহি ধনায়ে নিগনি এটা গাঁতত ওলোৱা সোমোৱা কৰি থকা মনোযোগেৰে চাই আছিল৷

বহুপৰ অঙ্কটো বুজাই শিক্ষকজনে ছাত্ৰসকলক উদ্দেশ্যি ক'লে, " মূৰত কিবা সোমাইছেনে? "

ধনায়ে খপজপকৈ থিয় হৈ ক'লে, " ছাৰ, মূৰটো সোমাইছে;  কিন্তু নেজডাল সোমোৱা নাই৷"

উত্তৰ শুনি সকলো অবাক৷


কৌতুক

ভাৰতীয় খাদ্য নিগমৰ বৃহৎ গোদাম ঘৰটোৰ কাষতে আছে ৰাজহুৱা শ্মশান স্থলীখন৷ সিদিনা আছিল কাল অমাৱস্যা তিথি৷ মাজ নিশা ঘনঘোৰ আন্ধাৰত শ্মশানৰ ভুতবোৰ উলাহত উদ্বাউল হৈ  খাদ্য নিগমৰ গোদাম ঘৰটোৰ কাষৰ মুকলি ঠাইখনত একগোট হৈ নানা কথা পাতি আড্ডা দি আছে৷ সিঁহতে ভুত হোৱাৰ আগতে কি আছিল আৰু কোনে কেতিয়া কেনেকৈ ভুত হ'ল তাকে আলোচনা কৰি আছে৷


এনেতে হাতত লাঠি লৈ সিহঁতৰ ফালে আগুৱাই অহা ভুতটোক ওচৰলৈ মাতি সিহঁতে   প্ৰশ্ন কৰিলে, " কোৱাচোন তুমিনো কেনেকৈ কেতিয়া ভুত হ'লা? "

আগন্তুকে উত্তৰ দিলে, " মই ভুত নহয়, এফ চি আই ৰ নাইট চকিদাৰ হে৷"
-----------—--------++++++-----------
পমৰশ্ন

কৌতুক

যদু-- মোৰ দেউতাই সপ্তাহটোত দুবাৰ দাড়ি খুড়ায়৷
মধু---সেইটোনো কি ডাঙৰ কথা, মোৰ দেউতাই দিনটোত কিমানবাৰ ডাঢ়ি খুড়ায় তাৰ হিচাপ নাই৷

যদু-- মিছা কথা৷ ই অসম্ভৱ৷
মধু-- সঁচা কথা৷ ই সম্ভৱ৷ কাৰণ, মোৰ দেউতা এজন নাপিত৷

কৌতুক

তেজপুৰৰ মানসিক ৰোগ চিকিৎসালয়ত এজন মানসিক ৰোগীয়ে এখন পকী দেৱালত কাণ এখন লগাই কিবা শুনি থকা প্ৰত্যক্ষ কৰি এজন বাটৰুৱা আহি তেওঁৰ ওচৰলৈ আহি দেৱালত কাণ দি থাকিল৷
বহুপৰ মানুহজনে কাণপাতি থাকি বিৰক্ত হৈ বাটৰুৱাজনে ক'লে, " হেৰা, তুমি কি শুনি আছা হে?  মই ইমানপৰে একোৱে নুশুনিলো দেখোন৷

তেতিয়া মানসিক ৰোগীজনে গহীনাই উত্তৰ দিলে, "মই আজি এবছৰেও কাণ পাতি থাকি একো শুনা নাই,  আপুনি আকৌ ক'ৰ পৰা ওলালহি ক্ষন্তেকতে কিবা শুনিবলৈ? "
--------------++++++--------

Friday 14 September 2018

কৌতুক

অঞ্চলটোৰ গভাইত চোৰ কেৰকণে সন্ধ্যা সময়তে যদুৰামৰ ঘৰৰ  বিছনাৰ তলত অৱস্থান কৰি দুপৰ নিশা চুৰি কাৰ্য সমাপনৰ বাবে মহৰ কামোৰ খাই বৰ কষ্টেৰে  অপেক্ষা কৰি ৰ'ল৷

পিচে, ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ পৰীক্ষা থকা বাবে মাজ নিশাৰ পিচতো যদুৰামৰ জীয়েকে পঢ়া টেবুল নেৰা হ'ল৷

কেৰকণৰ ধৈৰ্যৰ বান্ধ চিগিল আৰু তাৰ ছোৱালীজনীৰ ওপৰত খং উঠি গ'ল৷ তৎক্ষণাত সি বিছনাৰ তলৰ পৰা ওলাই ছোৱালীজনীৰ গালত এটা কাণতলীয়া চৰ সোধাই ক'লে, " গোটেই বছৰটো কি কৰ?  পৰীক্ষাৰ আগত যে নকল লিখি মৰ?  "

ছোৱালীজনীয়াে হতভম্ব হৈ পৰি বোবাৰ দৰে বহি থাকিল৷ এই সুযোগতে চোৰ কেৰকশে দুৱাৰ খুলি বাহিৰ ওলাই অন্ধকাৰত মিলি গ'ল৷
----+++--------




কৌতুক

নৱ- বিবাহিত এক দম্পতি হাবিৰ মাজৰ বাটেৰে খোজ কাঢ়ি গৈ আছিল৷ এনেতে গছৰ ডালত বহি থকা বান্দৰবোৰ দেখি পত্নীক  ইতিকিং কৰাৰ ইচ্ছা জাগি উঠিল পতিৰ৷


পতি-- ( বান্দৰবোৰ পত্নীক দেখুৱাই ) সেইসকল তোমাৰ মিতিৰ কুটুম৷


পত্নী--( লগে লগে)  আপোনাৰ ফালৰ মিতিৰ কুটুমসকলক চিনাকি কৰি দিয়া বাবে ধন্যবাদ জনালো৷

কৌতুক

ঘোঁৰাগাড়ী চালক ৰামলালে তাৰ ঘোঁৰাটো বন্ধু কাংকানক চমজাই বিহাৰৰ ঘৰলৈ গ'ল৷ কাংকানে কিছুদিনৰ পিচত ঘোঁৰাটো বিক্ৰী কৰি দিলে৷
কেইমাহমানৰ পিচত ৰামলাল ঘূৰি আহিল৷ তেওঁ ঘোঁৰাটো নিবলৈ কাংকানৰ ঘৰ পালেহি৷ কাংকানে ঘোঁৰাটো মে' মাহতে বেমাৰ হৈ মৰিল বুলি ক'লে৷ তেতিয়া ৰামলালে তাৰ মৰমৰ ঘোঁৰাটোৰ হাড় মূৰবোৰ ক'ত পৰি আছে তাকে চাব খুজিলে৷ নিৰুপায় হৈ  কাংকানে ৰামলালক লৈ হাহি জংগলৰ মাজে মাজে ঘূৰি ফুৰিব ধৰিলে৷ এনেতে সি এঠাইত পৰিত্যক্ত অৱস্থাত থকা জন্তুৰ জঁকা এটা দেখা পাই সেয়াই ঘোঁৰাটোৰ জঁকা বুলি ৰামলালক ক'লে৷
ৰামলালে জঁকাটো লৰাই বগৰাই চাই দেখে যে তাৰ মূৰত দুটা শিং আছে৷ কথাটো কাংকানৰ দৃষ্টিগোচৰ কৰিলে৷

তেতিয়া কাংকানে গহীনাই ক'লে, " বন্ধু,  বেমাৰটো সেইটোৱেই৷ শিং দুটা গজিয়েই ঘোঁৰাটো মৰি থাকিল৷"

কথা  শুনি ৰামলাল অচেতন হৈ মাটিতে ঢলি পৰিল৷
---+++---

কৌতুক

চলন্ত জাহাজৰ ডেকৰ পৰা সাগৰৰ ( গভীৰ পানী)  হঠাৎ এটি শিশু পানীত পৰিল৷ ডেকৰ ৰেলিঙত ধৰি যাত্ৰীসকলে  জোম বান্ধি ঘটনাটো চাই আছে মাথো৷ কোনোলোক উদ্ধাৰৰ বাবে আগবাঢ়ি যোৱা নাই৷

এনেতে দেখা গ'ল এজন সদাশয় ব্যক্তিয়ে পানীত জাপ দি শিশুটিক উদ্ধাৰ কৰে আৰু জীৱন্তে জাহাজত উঠাই দিয়ে৷

সকলোৱে সেই ভদ্ৰ্লোকজনক প্ৰশংসাৰে উপচাই দিয়ে ৷ শিশুটিৰ পিতৃ মাতৃয়ে ভদ্ৰলোকজনক সম্বৰ্ধনা জনাবলৈ জাহাজৰ ডেকতে এক সভাৰ আয়োজন কৰিলে৷ সম্বৰ্ধনাৰ শেষত ভদ্ৰলোকক ভাষণ দিবলৈ ক'লে৷

ভদ্ৰলোকে ক'লে, " মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মোক কোনে ঠেলা মাৰি পানীত পেলাই দিছিল সেইকথা  স্বীকাৰ কৰক৷ এই বোৰ ধেমালি কথা নহয়৷ মই সাঁতুৰিব নজনা হ'লে কি হ'লহেতেন কওকচোন ৰাইজ৷ "   
-------—--------------



Joke for you

3 Died in Accident
------------------------------
Teacher--- Mina, count the numbers from 1 to 10.

Mina-- 1, 2, 4, 5, 6, 7, 8, 9, 10 sir.

Teacher---- Where is 3 Mina?

Mina----  The Tv news declares that 3 die in a road accident of a school bus.

The teacher is voiceless.

Wednesday 12 September 2018

তেৰাৰ হে লীলা, নাহাঁহিব দেই

সময় তেতিয়া শুক্লা চতুৰ্দশীৰ দুপৰ নি‌শা৷ নিৰ্জন লুংলুঙীয়া পথটোৰে হাতত বৰতালযোৰ লৈ বায়ন দাইটি অকলশৰে কলীয়া পিয়নৰ ঘৰৰ নাম প্ৰসংগত ভাগ লৈ সকাম ভগাৰ পিচত ঘৰলৈ ঘূৰিছিল৷

বাটৰ কাষতে থকা ধৰনী বৰুৱাৰ ঘৰৰ  বাৰীৰ চাপৰতে লাগি থকা ভৰোন তামোল থোক চকুত পৰাত হাতলৰ স্বভাৱৰ বায়ন দাইটিয়ে  নিজকে বুজাব নোৱাৰা হৈ বৰতালযোৰ তামোল গছৰ তলতে থৈ গছত লফিয়াই তামোলৰ থোকত হাত দিলেগৈ৷ পকা তামোলবোৰ থলথলকৈ সৰি তলত থকা বৰতালযোৰত পৰি ঠং ঠং শব্দ কৰিব ধৰিলে৷

ক'ত কি ঘটিছে উৱাদিহ বিচাৰি গৃহস্থ দৌৰি ওলাই আহি দেখে -তামোল গছত বায়ন দাইটি৷

আৰু ,আৰু তেওঁলোকে শুনে, " হে প্ৰভু , তোমাৰ কিনো লীলা৷ সৰগলৈ নিওঁ বুলি কৈ মোক তামোল গছতহে তুলিলা৷৷" ---- বুলি বায়ন দাইটিয়ে বিলাপ কৰিছে৷ তেওঁলোকে ভাৱিলে যে ভক্তি ৰসত ডুবি থাকি থাকি বায়ন দাইটিৰ মতিভ্ৰম ঘটিছে ৷ সেয়ে কাবৌ কোকালি কৰি  বায়ন দাইটিক আথে বেথে নমাই আনি যথাৰীতি সেৱা সৎকাৰ কৰিব  ধৰিলে৷





নাহাঁহিব কিন্তু দেই

গাঁৱলীয়া ঘৰখনৰ ন-বোৱাৰীজনীয়ে বজাৰলৈ যায ওলোৱা শহুৰেকক ক'লে," দেউতা, ঘৰত ইলাচী নাই ৷ লৈ আহিব৷"

শহুৰেকে বোৱাৰীয়েকক কাষলৈ মাতি বুজাই ক'লে যে তাইৰ শাহুৱেকৰ নাম ' ইলাচী',  গতিকে সৰুৱে ডাঙৰৰ নাম কঢ়া নিষেধ৷

বোৱাৰীয়েকে তেনে ভুল আগলৈ নকৰাৰ প্ৰতিশ্ৰুতি দিলে৷

কিছু দিনৰ পিচত  শহুৰেক বজাৰলৈ যাবৰ সময়ত বোৱাৰীয়েকে মাত লগালে,  "দেউতা, ঘৰত মা শেষ হ'ল, বজাৰৰ পৰা লৈ আহিব৷"

হাঁহিব নাপায় দেই কিন্তু

বেংকৰ  কেছিয়াৰৰ খিড়িকীৰ সমুখত থিয় দি থকা গ্ৰাহকজনক কেছিয়াৰে ক'লে, " টকা নাই৷"

গ্ৰাহক-- মোদীয়ে নীৰব মোদী আৰু  মালিয়াহঁতক আৰু টকা দিয়ক৷ টকা লৈ বিদেশলৈ পলাওক,  ক'ৰ পৰা বেংকত টকা থাকিব৷

কেছিয়াৰে খিড়িকীৰে হাত বাই গ্ৰাহকজনৰ ডিঙিটো মুচৰি ক'লে," বেংকত টকা আছে, চাল্লা ভিক্ষাৰী, তোৰ একাউন্টতহে  টকা নাই৷"

Tuesday 11 September 2018

হাঁহিব নাপায় দেই

বয় ফ্ৰেণ্ড বিভ্ৰান্তি
---------------------
পতি-- গাভৰু কালত তোমাৰ কিমান বয় ফ্ৰেণ্ড আছিল?
পত্নী --(নিমাত)
পতি--(খঙে মূৰৰ চুলিৰ আগ পালত গৰজি উঠিল) তোমাৰ এই মৌনতাক মই কি বুলি ধৰিম?
পত্নী--হাঁয় ঈশ্বৰ! ৰ'বাচোন ৰ'বা৷ ইমান অধৈৰ্য নহ'বা৷ মই গন্টি কৰিয়ে আছো৷
( পতিদেৱতাৰ হাৰ্ট ফেইল)

কৌতুক

আমাৰ ফেচেকা কাইটিৰ ভোক লগাত ওচৰতে হোটেল এখন দেখি তাত প্ৰৱেশ কৰি আসন গ্ৰহণ কৰিলে৷

"কি খাব? " হোটেলৰ পৰিচৰ্যাৰ দায়িত্বত থকা ল'ৰাজনে সুধেলে৷

"এতিয়া বনাই থকা কি বস্তু আছে? " ফেচেকা কাইটিয়ে সুধিলে৷

" পুৰি ভাজি আছে ৷ দিম নেকি? "

"দিয়া তেনেহলে৷"

পুৰি ভাজি দিলে৷

খাবলৈ আৰম্ভ কৰাৰ পূৰ্বে ফেচেকা কাইটিয়ে এটা কথা ল'ৰাজনক সুধি নিশ্চিত ভাৱে জানি ল'ব বিচাৰিলে৷

" ভাইটি, পুৰিৰ দাম কিমান আৰু ভাজিৰ দাম কিমান?"

ল'ৰাজনে ক'লে, "পুৰিৰ দাম ত্ৰিশ টকা৷ ভাজিখিনি ফ্ৰিকৈ দিয়া হৈছে৷"

ফেচেকা কাইটিয়ে পুৰিখিনি ল'ৰাজনক ঘূৰাই নিবলৈ দিলে আৰু খৰধৰকৈ ভাজিখিনি খাই কোনেও একো ক'বলৈ নৌ পাওঁতেই হোটেলৰ পৰা ওলাই জনসমুদ্ৰত মিলি গ'ল৷

Jokes for you

Mina's hand writing is very good. One day Malati, the illiterate girl of their village,   comes and requests Mina to write a love letter on behalf of her to her boy friend. Mina writes the letter and goes through it and Malati is listening attentively.

"Do you like to add something more? " Mina asks Malati.

Malati says, "yes, please write ' do not laugh at seeing my bad hand writings like the leg of crows.'"

Mina's pen falls down from her hand on the ground listening this.


Joke for You.

Joke of  a  Strong Medicine
-----------------------------------------
A  boy, belonging to a very poor family of a remote village becomes a doctor. He is a brilliant student. So the government arranges scholarship for him to carry on his research works on medicine.

After a few years by dint of his hard works the doctor produces a few tablets which can increase the life time of human being.

The doctor sends three tablets to his parents. He directs his parents to eat one tablet each and remaining tablet to be kept for himself(doctor).

His parents take tablets and regain their youth and feel strong and young.

Father wants to become more strong and bold and so he eats the remaining tablet which is kept for his son. At once he becomes a baby.

Next year the doctor comes home and observes that his mother looks like a girl.

He asks his mother, "Where is he , my papa ? " pointing to the baby with her, he enquires, " Mam , is he my brother? "

The mother weeps and replies,"Oh!  No no my boy, this is your father who takes two tablets. Now arrange for sufficient milk and baby food."

The doctor stares at his mother  with out any voice.

Joke for You.

Tale of the Elephant and the Little Mouse.
---------------------------------------------------------------
The incident occurs on a day of hot summer season of Assam in India. In the national park of the Kaziranga, an elephant has been taking his bath swimming in a pond. At that time a little mouse comes and requests the elephant to stand up. The elephant stands up. He asks, " What is the matter ?"

"No no,  nothing, sir. My under wear is missing. " the mouse replies, "So, I think you  might have— put my under wear. Please,  do not mind.  I enquired. Excuse me."

 Saying so mouse runs away.

The elephant stands in his place just like a monument.

Monday 10 September 2018

Joke for you

Indian big magic
—----+++++---------
A person with the dress of magician gathers many people in an open place of the middle of a big town. He lays a cloth on the ground and requests every one presents there to keep own money upon the cloth which will be vanished by him by dint of his Indian magic power just like politicians.

People keep their money. Then the magician requests all to close their eyes for a moment till his request to open. People obey his instruction. But there is no request to open eyes. At last they are compelled to open the eyes.

They see that their money and the magician both are vanished. Only a paper is there where the magician writes, " Friends, thank you. This is called Indian magic."

JOKE

The tutor of a boy is frightened while he looks that the boy takes the knife out of his pencil box. The teacher immediately runs away from the reading room. The student also follows him and requests the teacher to stop. He says, "Sir , I am taking the knife to cut the pencil to make it sharp only."

Friday 7 September 2018

How Does a Poor Boy Become Bank Manager ?


The family was not a small one, where I have spent my childhood. My mother gave birth of ten children. Seven females and three males.  I am the middle one of three sons of my illiterate  parent. Being a small cultivator and vendor of the village, my father could hardly manage the family. My parent could not feel  what was my  mental  condition  in my childhood , I thought. Because, my elder brother  was  very cruel  and I was ruled by him  in every moment of my childhood like Hitler. He had found out my errors in every movement and punished me physically. After the slaps of my brother’s hard hand on the back of the of my soft head,  I supposed that my brain had damaged and i would not be able to read in school due to lost of memory. So, I tested my memory again and again  at my reading table in the evening. I had gone through a lesion and shutting the book I tried to remember what I had read. This process helped me to increase my capacity of memory , for which I passed the first examination of my life successfully. I took the first position in the class.
                                                                                                                                   To be continued ................

Monday 3 September 2018

এজন ৰহস্যময় প্ৰহৰী

আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰৰ আগৰ কথা৷ চাকৰিসূত্ৰে ধেমাজি জিলাৰ জুনাই মহকূমাৰ তেলামত বসবাস কৰিছিলোঁ৷ প্ৰথম ছমাহমান তাৰে স্থানীয় গুৰুং উপাধিৰ লোক এজনৰ বাসগৃহৰ লগতে সংযুক্ত এটি কোঠাত ভাৰাতীয়া স্বৰূপে কটাইছিলো৷ নানা ধৰণৰ সমস্যাবোৰ দেখি, দুই- তিনি বছৰীয়া দুই কণ্যা সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু পিতৃ মাতৃৰ সেৱা কৰাত সুবিধা হ'ব বুলি ভাৱি নিজা জন্মভূমি ঢকুৱাখনাত পৰিয়ালটো ৰখাৰ সিদ্ধান্ত ল'লো৷ পিছে থাকিব ক'ত? তিনিআলি চুকৰ একঠা মাটিৰ ঘৰখনৰ লগতে সৰু ভাতৃয়ে দোকান খুলি ব্যৱসায় বানিজ্য কৰিবলৈ ধৰাত আমাৰ সদস্য সেই ঘৰখনত থকাৰ পৰিৱেশ নোহোৱা হ'ল৷ গতিকে দেউতাৰ অনুমতি সাপেক্ষে পথাৰত থকা নিজা বহল আহল ভূমিত গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰি সকলো যোগাৰ কৰিব ধৰিলো৷ কিন্তু মানুহে কয় নহয়, বোলে ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ বিধি পথালি দিলে সৰু ভাতৃয়ে৷ তাক ঘৰ বনাবলৈ নিদি মোক কিয় দেউতাই ঘৰ সাজিবলৈ মাটি দিব? দেউতাই বলিষ্ঠ সিদ্ধান্ত নলৈ মোক নিৰুৎসাহিত কৰিলে৷ মই চকুৰে অন্ধকাৰ দেখিলো৷ শোকত বিহ্বল হৈ পৰিলো৷  বৈ যোৱা নৈ এখন  যেন স্তব্ধ হৈ পৰিল৷ পৰিয়ালটো ভাৰাঘৰৰ এশ এবুৰি সমস্যাৰ মাজৰ পৰা বাহিৰ কৰি অনাৰ এক বিকল্প পথ লৈ পেলালো৷ পটে নদীৰ পাৰৰ তেলাম গামচুক  গাৱঁত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ছহেজাৰ টকাত এবিঘা মাটি কিনি ল'লো৷ তাতে এটা জুপুৰি ঘৰ আছিল৷ ভাৰাঘৰ এৰি তাতে থাকি এটা আসাম আৰ্হিৰ তেনেই সৰু ঘৰ সাজিলো৷ লগে লগে তেলাম গামচুক গাৱঁৰ ৰাইজে মোক গাওঁখনৰ এজন হিচাপে ধৰি আমাৰ পৰিয়ালটোক মৰম স্নেহৰ বান্ধোনেৰে বান্ধি পেলালে৷ গাৱঁৰ বিহু, বিবাহ, দহা, আলি আয়ে লিগাংৰ পৰা ধৰাি মাছমৰা পৰ্বলৈকে সকলোতে ভাগ লৈ দিন অতিবাহিত কৰি পুৰণিঘৰৰ স্মৃতি বিস্মৃতিৰ গহ্বৰলৈ  ঠেলি পঠিয়ালো৷


এবিঘা মাটিৰ চৌহদটো বাঁহৰ বেৰা দি লৈ কল, তামোল,  অমিতা আদি নানা ধৰণৰ ফলমূল আৰু শাকপাচলিৰে উপচাই দিলো৷   এই দৰে স্বাভাৱিক ভাৱে দিনবোৰ পাৰ হৈ যাওঁতে হঠাৎ অফিচৰ পকা মোক এমাহৰ বাবে কলিকতাত প্ৰশিক্ষণ এটা ল'বলৈ নিৰ্দেশ দিলে৷ শ্ৰীমতীয়ে এই চেগতে ডিব্ৰুগড়ৰ মাতৃগৃহত এমাহ কটাই অহাৰ পাং পতিলে৷ ঘৰত তলা লগাই মই গ'লো কলিকতালৈ আৰু বাকীসকল গ'ল ডিব্ৰুগড়লৈ৷


এটা মাহ পাৰ হ'ল৷ তেলামৰ ঘৰ বাৰী কেনে আছে তাৰ খবৰ খাতি নাই৷ সেই দিনবোৰত আজিৰ দৰে টেলিফোন,  মবাইল ফোন আদিৰ ব্যৱস্থা হোৱাই নাছিল৷ বহুতো কথা ভগৱানৰ ওপকত নিৰ্ভৰ কৰিছিল৷ মুঠতে বিশ্বাস মাথো এটাই - ৰাখে হৰি মাৰে কোন ?  এৰা, আমাৰ ঘৰখনৰ ক্ষেত্ৰতো তেনেকুৱাই এক ঘটনা ঘটিল৷ আমি ঘূৰি আহি দেখোঁ যে দুৱাত লগোৱা তলাটো একেদৰেই লাগি আছে ৷ ঘৰৰ সকলো সম্পদ এৰি যোৱা দৰে যথতাস্থানত পৰি আছে৷ নাই কোনো  হীনদেৰি৷  বাৰীখন দেখি আচৰিত নহৈ  নোৱাৰিলো৷ কাৰণ, অমিতা গছবোৰত লোমালোমে অমিতা পকি আছে৷  ৷ মধুৰীগছত ডালভৰি পকা মধুৰী৷ চৰাইয়ে যিমান পাৰে  খাইছে৷    বাৰীৰ শাক পাচলি উভৈনদী হৈ আছে৷ আমাৰ  আাৰে  মনবোৰ  উলাহত নাচি উঠিছিল৷ ভগগাৱানক অশেষ ধন্যবাদ জনালোঁ৷


গা- মন জুৰাই যোৱা দিনবোৰ ৰাতিিৰ পিঠিত বগাই পাৰ হ'ব ধৰিলে৷ এদিন  হঠাৎ   আমাৰ পদূলি মূৰৰ ৰাস্তাত ভগীৰথেলগ পাই মাত লগালে, " দাদা, আপোনালোকৰ ঘৰ বাৰী সকলো ঠিকে   আছেেনে বাৰু?"

" সকলো ঠিকেই আছে৷ পিচে থে, কিয় বা সুধিলা?  " মই ক'লো৷

"দাদা, আপোনালোকে  যোৱাৰ   পিচত মই সদায় পহৰা দি আছিল৷"


গাৱঁৰ মানুহে পগলা বুলি কোৱা ভগীৰথ নামৰ যুৱকজনৰ কথা শুনি মোৰ মুখৰ মাত হেৰাল৷ কি কৈ তেওঁক ধন্যবাদ জনাম ভাবি নোপোৱা হৈ পৰি তেৱঁৰ মুখলৈ অবাক হৈ চাই ৰ'লো৷

আচৰিত  কথা কি জানেনে?  সেই দিনাৰ পৰা আজিলৈকে মই ভগীৰথক কাহানিও ক'তো লগ পোৱা নাই৷ ক'ত হেৰাই গ'ল ভগীৰথ? সি নিজে কৈ ফুৰাৰ দৰে বাৰু সি সঁচাকৈয়ে চি আই ডি ৰ সদস্য  স্স  আছিল নেকি?  নে সেইবোৰ তাৰ প্ৰলাপ আছিল৷ সেয়া যিয়ে নহওক লাগে,  ভগীৰথ  হেৰাই গ'ল ক'ত?
-----------সমাপ্ত---------

Sunday 19 August 2018

সেই বিপদসংকুল ভয়ংকৰ দিনটো

মোৰ জীৱনত সেই দিনটোৰ দৰে ভয়ংকৰ দিন কাহানিও অহা নাছিল৷ সিদিনা আছিল 1998 চনৰ 31 জুলাই ৷  মই, মোৰ পত্নী আৰু চাৰি গৰাকী কণ কণ জীয়াৰী ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ হৈ ঢকুৱাখনাৰ ঘৰলৈ আহিছিলো৷ শিৱসাগৰ পাই জানিব পাৰোঁ যে ব্ৰক্ষ্মপুত্ৰৰ পানী বৃদ্ধি পাই আছে আৰু দিচাং ঘাটৰ মেচিন নাৱত উঠিবলৈ যোৱা প্ৰায় দুই কিলোমিটাৰ মানৰ পথচোৱা পানীত ডুব গৈছে৷ সেইখিনি বাট হাত নাৱত গ'লো৷ মোৰ মটৰ বাইকখনত এজন নাৱৰীয়া বহি লৈ হাত নাৱৰ বাৰত দুফালে দুটা ভৰি দি থৰ ৰাখি গৈ থাকিল৷    হাবিতলীয়া লুংলুঙীয়া বাটেৰে হাত নাওখন  চলাই নিওঁতে  মোৰ বাহিৰে নাওখনত বহি যোৱা আমাৰ পৰিয়ালৰ আটাইকেইটি সদস্যই নতুন অভিজ্ঞতাৰ আকস্মিক ভাৱে মুখামুখী হৈ পৰাত ভয় বোলা অনুভূতিটোকো পাহৰি পেলালে৷ মইতু   সাঁতুৰিব জানো;  কিন্তু বাকী এজনো সদস্যই সেই বিদ্যা আহৰণ কৰা নাই৷ কথাটো বাৰে বাৰে মনলৈ অহাত মই ভয়ত বিহ্বল হৈ পৰিছো৷ কিবা অঘটন ঘটিলে কি গতি হ' ব?
যেইকি নহওক ভগৱানে মোৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিলে৷ আমি নিৰাপদে দিচাং ঘাট  পাই মেচিন নাওত উঠি আসন গ্ৰহণ কৰিলো৷ সাগৰ সদৃশ হৈ পৰা বৰনৈৰ বুকুৰে আমাৰ ক্ষুদ্ৰ মেচিন নাওখন লখিমপুৰ জিলাৰ টেকেলীফুটা ঘাটক লক্ষ্য স্থিৰ কৰি লৈ পানী ফালি আগুৱাই গ'ল৷ যথাসময়ত নিৰ্বিঘ্নে টেকেলীফুটা ঘাটত নাও চপালে৷ পিচে ঘাটৰ পৰা ঢকুৱাখনালৈ যোৱা সমগ্ৰ পথচোৱা বানপানীয়ে বুৰাই থৈছে৷ এখন হাতনাৱেৰে  চাৰি কিলোমিটাৰমান বাট গৈ আমি বকুলগুৰি চাৰিআলি পালোগৈ৷ তাতে বন্ধু পূৰ্ণ শৰ্মাৰ ঘৰত চাহ- তাহ খাই ঢকুৱাখনাত আমাক থৈ আহিবৰ বাবে এখন হাত নাও  ভাৰাত ল'লো৷ মিচিং নাৱৰীয়া  কেইজনে মানৱীয়তাৰ দিশটোত গুৰুত্ব দি কম টকাৰ ভাৰাতে আমাক থৈ অহাৰ দায়িত্ব লৈ বঠা বাই বাই নাও তীব্ৰ বেগেৰে চলাব ধৰিলে, যাতে বেলি ডুবাৰ আগে আগে ঢকুৱাখনা পাবগৈ পাৰি৷
এক বিপদশংকুল যাত্ৰা৷ আমাৰ ছোৱালী কেইজনীৰ এইবোৰ খবৰ নাই৷ সিহঁতে এই যাত্ৰাত এক অনাবিল আনন্দ উপভোগ কৰিবলৈ পাই গান গাব ধৰিলে৷ নাৱৰ দুয়োকাষে হাত মেলি দি সিহঁতে বেগেৰে পাৰ হৈ যোৱা পানীৰ ধাৰত স্পৰ্শ কৰি অনামী অচিন আমেজ ল' ব খুজিলে৷ কেতিয়াবা ঠায়ে ঠায়ে কোবাল সোঁত ফালি আৰু কেতিয়াবা হাবি ভাঙি নাওখন গৈ থাকিল৷ এইদৰে গৈ গৈ আঠ কিলোমিটাৰ বাট অতিক্ৰম কৰি আমি আকৌ অন্য এক সাগৰৰ পাৰত উপস্থিত হ'লো৷ আমি ভৱাই নাছিলো যে বানপানীৰ ফলত চাৰিকড়িয়া নৈখনো সাগৰলৈ ৰূপান্তৰিত হ' ব৷ পাৰাপাৰ চকুৰে মনিব নোৱাৰি৷ এৰা ,নৈৰ মাজৰ পকী দলঙৰ ৰেলিঙৰ লোহা কেইডালহে জিলিকি আছে৷ সেয়ে নাৱৰীয়াই আমাক নৈখন পাৰ কৰাই দিব লগা হ'ল৷
প্ৰচণ্ড সোঁতে নাওখন আগ বাঢ়িব নিদিয়া হ'ল ৷ মই দেখিলো সাহসী নাৱৰীয়া দুজন অসহায় হৈ পৰিছে৷ নাৱত থকা বাঁহৰ লগীডাল মই হাতত লৈ পানীত ডুবালো৷ মই চাগৈ বিব্ৰত হৈ পৰিছিলো৷ মোৰ সমগ্ৰ শৰীৰ কঁপি উঠিছিল৷ তথাপি মই চেষ্টা চলালো৷  লগীডালে মাটি ঢুকি পোৱাত মই জোৰ দি নাওখন আগ বঢ়াত সহায় কৰিব ধৰিলো৷ নাৱৰীয়া কেইজনেও প্ৰাণতাকি নাও বোৱাত আমি আগুৱাব পাৰিলো৷ পিচে, নতুন এক বিপদে আমাৰ পিছ ল 'লে৷ সন্ধ্যা বেলিকা নাওখন পাৰত লাগিবলৈ অলপ দূৰ থাকোতেই আকাশ ক'লা মেঘে ঢাকি ধৰিলে আৰু বৰষুণ দিবলৈ আৰম্ভ কৰিলে৷

আমি ভগৱানৰ নাম ল'লো আৰু সকলোৱে হাতেৰে নাও বাব ধৰিলো৷ অৱশেষত নাওখন পাৰত লাগিলগৈ৷ আমি নাৱৰ  পৰা নমাৰ পিচতে এজাক প্ৰচণ্ড বৰষুণ আহিল আৰু আমি উঠি অহা নাওখন পানীত ডুব গ'ল৷ তিতিবুৰি জুৰুলা হৈ ঘৰলৈ খোজ লোৱাৰ পূৰ্বে আমি ভয়াৰ্ত নয়নে ডুবন্ত নাওখনলৈ এপাক ঘূৰি চালো৷
--++++++++ সমাপ্ত --+++++++




Wednesday 18 July 2018

পখিলা পালনৰ অৰ্থনীতি


ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম বিশ্বৰ ভালেমান জৈৱবৈচিত্ৰৰ আশ্ৰয়স্থল৷ গৱেষকসকলৰ মতে, ইয়াত ৫০০ বিধতকৈও অধিক প্ৰজাতিৰ পখিলা পোৱা যায়৷ ৰাজ্যখনৰ বৃহৎ বন ধ্বংসকৰণ আৰু খণ্ড–বিখণ্ডকৰণৰ ফলত ভালেসংখ্যক পখিলাৰ সংখ্যা  কুৰি শতিকাৰ প্ৰথমাৰ্ধতে নিঃশেষ হৈছে৷ তৃতীয় বিশ্বৰ দেশবোৰত পখিলাৰ প্ৰজাতিজাতিবোৰ হ্ৰাস হৈ যোৱাটো আজি–কালি এনে বৈষিষ্টপূৰ্ণ যে ইয়াৰ ফলত গোলকীয় পাৰিবেশ সংকট ঘটিব৷ ইয়াৰ যদি প্ৰতিৰোধ কৰা নাযায় তেন্তে এক সংশোধন কৰিব নোৱাৰা অৱস্থাত উপনীত হ’ব লগীয়া হ’ব৷ পখিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ দৰেই অসমো তেনেই পিছপৰি আছে৷ পখিলাক সংৰক্ষণৰ লক্ষ্য স্বৰূপে লোৱা নাই৷ বৰ্তমান চৰকাৰে  ধ্বজ্জাধাৰী প্ৰজাতি হিচাপে বাঘ আৰু গঁড়কহে সংৰক্ষণৰ আওটালৈ আনিছে৷ তৃনমূল পৰ্যায়ত যি গুৰুত্বপূৰ্ণ আন্তঃ প্ৰজাতিৰ সম্পৰ্ক আৰু  ক্ষুদ্ৰ জীৱ গঠনেৰে জৈৱবৈচিত্ৰ পদ্ধতিৰ সংঘটিত হয় তাক আওকান কৰা হৈছে৷

স্থানীয় পৰিবেশত পখিলাবোৰে অতি গুৰুত্বপূৰ্ণ পৰাগসংযোগকাৰী হিচাপে কাম কৰে আৰু প্ৰায় ৫০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগসংযোগকাৰীৰ ভূমিকা পালন কৰে৷ ৰাজ্যখনৰ হেজাৰ বছৰ পুৰণি পাট শিল্পইও পখিলাৰ দৰে পতঙ্গৰ ওপৰতেই নিৰ্ভৰ কৰে ; কিন্তু অঞ্চলটোত  কৰা  কীটনাশক ঔষধৰ  বৰ্ধিত ব্যৱহাৰৰ ফলত পাট পলুৰ বিনাশ ঘটিছে৷  বিশেষকৈ অসমত মূগা চোমনিৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চাহ বাগিচাসমূহত প্ৰয়োগ কৰা কীট নাশকে অতি সাম্প্ৰতিক কালত অনেক মূগা চোমনিৰ ক্ষতি সাধন কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এই বিষয়ত ৰাজ্যখনৰ চৰকাৰ যিমান তৎপৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷ পৰিবেশ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে পখিলাই কাম কৰে আৰু পতঙ্গই আগবঢ়োৱা জৈৱ বৈচিত্ৰ পদ্ধতিৰ সেৱা অসীম৷ তথাপিও পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰদান তথা জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখা যায়৷ জনসাধাৰণৰ মাজত পখিলা সংৰক্ষণৰ সজাগতাৰ অভাৱৰ বাবেই পখিলাবোৰৰ স্থানীয় ভাৱে নামাকৰণ  কৰা হোৱা নাই৷ এনেবোৰ কাৰণতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পখিলাৰ ভূমিকাৰ কথা আলোচনাৰ মাজলৈকে অহা নাছিল ৷
পখিলা পালনৰ যে পৰিৱেশ সংৰক্ষণৰ লগতে এক অৰ্থনৈতিক ভূমিকাও আছে তাকে স্পষ্ট কৰিবলৈ তানজেনিয়াৰ কৃষকসকলৰ কথা উল্লেখ কৰা দৰকাৰ৷

তানজানিয়াৰ(Tanzania)ৰ ডাৰ এজ চালাম (Dar es Salaam) ত অৱস্থিত থমাচ ৰিউটাৰচ ফাউণ্ডেচন (Thomas Reuters Foundation) ৰ সমন্বয়ৰক্ষী কিজিটো মকোয়ে( Kizito Makoye) য়ে তেখেতৰ প্ৰবন্ধ “To save rare forests, famers try a new crop: butterflies.” শিৰোনামৰ এটি প্ৰবন্ধত কৃষকসকলে পখিলা পালনৰ বাবে আগ্ৰহী হৈ পৰাৰ কাহিনী বৰ্ণনা কৰিছে৷


জানজিবাৰ(Zanzibar) ৰ জজানি(Zozani) অৰণ্যত উৰি ফুৰা  চিত্ৰ বিচিত্ৰ পখিলাবোৰ কেৱল দেখিয়ে ভাল লাগে এনে নহয়, সেই অঞ্চলৰ কৃষক আৰু এঙাৰ প্ৰস্তুতকাৰীৰ বাবে নগদ ধন আহৰণৰ আহিলা হৈ পৰিছে৷
দ্বীপটোত ভাবুকিৰ সন্মুখীন হোৱা অৰণ্যৰ সুৰক্ষাৰ অৰ্থে, অৰণ্য আটুট ৰাখিবলৈ লোকসকলক এক  বিত্তীয় সমৰ্থন দি অৰণ্য ধ্বংশ প্ৰতিৰোধ কৰাৰ  প্ৰচেষ্টা চলোৱা হৈছে৷ এই উদ্দেশ্যে এক আচঁনি যোগে স্থানীয় লোকসকলক পখিলা পালনৰ প্ৰশিক্ষণ দি থকা হৈছে৷

সৌন্দৰ্যৰে ভৰপূৰ জজানি( Zozani) অৰণ্যখন এঙাৰ প্ৰস্তুতকৰণ আৰু অবহনক্ষম কৃষি কাৰ্যৰ বাবে দ্ৰুত বন ধ্বংসৰ তীব্ৰ হেঁচাত  পৰিছে৷  জানজিবাৰ পখিলা কেন্দ্ৰ(Zanzibar Butterfly Cetre) য়ে এক জাতীয় ভাৱে চলাই নিয়া প্ৰচেষ্টা স্বৰূপে সেইটো পৰিস্থিতিৰ পৰিবৰ্তন সাধিব খোজে৷  তাৰ বাবেই অৰণ্যৰ চাৰিওফালে বসবাস কৰা এঙাৰ প্ৰস্তুতকাৰীসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কামৰ ঠাইত  পখিলা পালক হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

এঙাৰ প্ৰস্তুতকৰণ কাৰ্যত প্ৰত্যক্ষভাৱে কাকোৱে হকাবাধা কৰা সম্ভৱ নহয় বাবে  পৰিৱেশৰ ওপৰত যে বন ধ্বংসৰ কুপ্ৰভাব পৰে তাকে সেই ঠাইৰ লোকসকলক শিকাবলৈ চেষ্টা চলোৱা হয়৷ এই কাৰ্যসূচীত পখিলা ফাৰ্মৰ কৃষকসকলক প্ৰশিক্ষণৰ লগতে আহিলা-পাতিৰ যোগান ধৰা হয়৷ পলুৰ লেটা পখিলা কেন্দ্ৰৰ  নিজা পৰ্যটক-প্ৰদৰ্শনস্থলী আৰু বিদেশী ক্ৰেতাক বিক্ৰী কৰি একোজন কৃতকাৰ্যতা লভা কৃষকে মাহে ২৫০ মাৰ্কিন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়৷

পখিলা পালকসকলে কিছুসংখ্যক মাইকী পখিলা ধৰি তেওঁলোকৰ অভিযানত নামি পৰে৷ তেওঁলোকে পখিলাবোৰ জালেৰে নিৰ্মিত গঁৰালত ৰাখি কণী পাৰিবলৈ দিয়ে৷ তাৰ পিচত কণীবোৰ সংগ্ৰহ কৰি তেওঁলোকে তাৰ পৰা জগা পলুবোৰক লেটালৈ ৰূপান্তৰ নোহোৱা পৰ্যন্ত খাদ্য যোগানকাৰী উদ্ভিদত ৰাখি  তাৰ পাত ভক্ষণ কৰি ডাঙৰ হ’বলৈ দিয়ে৷ পখিলা পালকসকলক উচিত মূল্য প্ৰদান কৰি পখিলা কেন্দ্ৰই লেটাসমূহ বিদেশলৈ ৰপ্তানী কৰে অথবা কণী নপৰা পৰ্যন্ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাখি থয়৷

জানজিবাৰ পখিলা কেন্দ্ৰটো(The Zanzibar Butterfly Centre) ২০০৮ চনত স্থাপন কৰা হৈছিল৷ ই জজানি চ্ছাওকা উপসাগৰীয় ৰাষ্টীয় উদ্যানৰ (Jozani Chawka Bay National Park) কাষতে অৱস্থিত৷ এইখন আফ্ৰিকাৰ বৃহতম পখিলা উদ্যান৷ ইয়াত ধৰিবলৈ জটিল ক’লা-বগা আফ্ৰিকান চাতক পক্ষী নেজীয়া পখিলাকে ধৰি পঞ্চাশ বিধতকৈ অধিক পখিলা পোৱা যায়৷

এই পখিলা কেন্দ্ৰটোৱে জজানি পৰিৱেশ সংৰক্ষণ সন্থা (Jozani Environmental Conservation Association) ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি পখিলাৰ প্ৰজাতিবোৰ চাবলৈ  আৰু সেইবোৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী পৰ্যটকসকলক আকৰ্ষিত কৰে৷ দৰাচলতে এই কেন্দ্ৰটোৱে অৰণ্য সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে স্থানীয় লোকসকলক এক অতিৰিক্ত উপাৰ্জনৰ সন্ধান দিয়াটোকে লক্ষ্য স্বৰূপে লৈছে৷ পূৰ্বতে এঙাৰ প্ৰস্তুতৰ ব্যৱসায় কৰা লোকসকলে এই কামত ধৰি লাভৱান হোৱা বুলি নিজে স্বীকাৰ কৰিছে৷ তেওঁলোকে ক’ব খোজে যে, পখিলা পালন কৰাটো এঙাৰ প্ৰস্তুত কৰা কামতকৈ বহুত সহজ আৰু এই কামে পৰিয়ালৰ ভৰণ-পোষণ সহজসাধ্য কৰি তুলিছে৷ পখিলা হৈ উৰাৰ পূৰ্বে, কেইটামান সপ্তাহৰ ভিতৰতে কণীৰ পৰা জগি পলু হৈ বিক্ৰীযোগ্য লেটা হৈ পৰে৷ পখিলা পালনে মহিলাসকলৰ বাবে এক সুযোগ আনি দিছে৷ মহিলা সকলে ঘৰুৱা কামৰ মাজতে সহজতে পখিলা পালনৰ কাম কৰি যাব পাৰে৷ নিশ্চয়কৈ বন ধ্বংস নকৰাকৈ পখিলা পালনৰ যোগে ঘৰখন চলাই নিবলৈ তেওঁলোক সমৰ্থ হৈ পৰি্ছে৷

বহুধৰণৰ কৃষি কৰ্মৰ বাবে হাবি-জঙ্গল মুকলি কৰিব লগীয়া হয় ; ইয়াৰ ফলত বতৰ পৰিবৰ্তন সংঘটিত হয় আৰু প্ৰাণী আৰু উদ্ভিদ জগতৰ বহু প্ৰজাতি এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে হেৰাই যায় ; কিন্তু পখিলা পালনৰ বাবে গহন বনৰ আৱশ্যক হয়, সেয়ে ই হাবি বননি ৰক্ষাৰ বাবে অৰ্থনৈতিক ভাৱে উদগনি যোগায়৷

পখিলা পালন প্ৰকল্পৰ যোগেদি বহু গ্ৰাম্যাঞ্চলৰ বাসিন্দাই বন সুৰক্ষাৰ তাৎপৰ্য উপলব্ধি কৰিছে আৰু বহুজনে পখিলা পালনৰ যোগেদি অধিক ভাল ফলাফল লাভ কৰিছে৷ যিসকল স্থানীয় জনগোষ্ঠীয়ে এঙাৰক তাপ শক্তিৰ মূল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে খৰিৰ বাবে বহুতো গছ কাটি পেলাইছে৷ কিন্তু যিসকলে পখিলা পালনৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে গছ কটা কাম এৰিছে৷ দৰাচলতে অঞ্চলটোৰ লোকসকলে যদিও উপলব্ধি কৰিছিল যে এঙাৰ প্ৰস্তুত কৰা কামটো পৰিবেশৰ বাবে বেয়া তথাপিও ততালিকে ধন ঘটিব পৰা ধৰণৰ বিকল্প জীৱিকাৰ পথ বিচাৰি নোপোৱা বাবে তাকে কৰি গৈছিল৷ যদিওবা প্ৰচেষ্টাটো নিজেই বন ধ্বংসৰ সমাধান নহয় তথাপি ই সজাগতা সৃষ্টিত সহায় কৰিছে আৰু কৃষকসকলৰ মাজত বনাঞ্চলৰ গৰাকী হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছে৷

টানজিনিয়াৱ পূব ওচাম্বাৰা পৰ্বতমালাত (Tanzanias East Usambara Mountains) ২৫০ জন স্থানীয় কৃষকে একে ধৰণৰ এক প্ৰকল্প হাতত লৈছে ৷ এই অঞ্চলটো জৈৱ বিচিত্ৰতাৰ অঞ্চল বুলি জনা জাত যদিও তাত এঙাৰ প্ৰস্তুতকৰণ আৰু কৃষিৰ বাবে বহু হাবি মুকলি কৰা হৈছে৷

জানজিবাৰ পখিলা কেন্দ্ৰৰ তথ্য অনুযায়ী, কোন জাতৰ, কিমান সংখ্যক পলুৰ বাহ পখিলাৰ কেন্দ্ৰটোলৈ আনে বা সেইবোৰ কি প্ৰজাতিৰ তাৰ ওপৰত নিৰ্ভৰ কৰি পখিলা পালকসকলে কিমান উপাৰ্জন কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে৷ পাবলৈ নোহোৱা আৰু ধৰিবলৈ জটিল পখিলাৰ বাবে কেন্দ্ৰটোৱে বেছি মূল্য প্ৰদান কৰে৷

বৰ্তমান বিশ্বত অনেক স্থানত পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷ আমাৰ ভাৰবৰ্ষত তথা আমাৰ ৰাজ্য অসমতো পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে ; কিন্তু তানজেনিয়াৰ কৃষকসকলক পখিলা পালনৰ যোগেদি যিদৰে অৰ্থনৈতিক ভাৱে  আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে তেনে ব্যৱস্থা এতিয়াও কৰিব পৰা হোৱা নাই৷ বিশ্বৰ বৰ্ষাৰণ্যসমূহত কৃষকসকলে পখিলা পালনৰ যোগেদি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’লেই নিশ্চয় অৰণ্য  সংৰক্ষণ হ’ব আৰু আমাৰ এই পৃথিবী নামৰ সেঁউজীয়া গ্ৰহটোৱে  জীৱকূলক শীতল ছাঁ দি জীয়াই ৰাখি চিৰ সেঁউজীয়া হৈ ৰ’ব৷
++++++সমাপ্ত+++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচলিত, সুপ্ৰাচীন তথা বলিষ্ঠ দৈনিক বাতৰি কাকত 'দৈনিক অসম' ৰ ২৭ জুন , ২০১৮ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷

Tuesday 19 June 2018

পৰিভ্ৰমী চৰাইৰ অৰ্থনৈতিক ভূমিকা


পৰিভ্ৰমী চৰায়ে কেৱল প্ৰকৃতিপ্ৰেমীসকলৰ নয়ন জুৰায়, হিয়া-মন পুলকিত কৰি বি

Thursday 7 June 2018

দেশত মূল্যবোধৰ ৰাজনীতিৰ প্ৰয়োজন

চলিত বছৰ অৰ্থাৎ ২০১৮ চনৰ ৫ এপ্ৰিল তাৰিখে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন জনাকীৰ্ণ সভাত দিয়া ভাষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নৱপ্ৰজন্মক মূল্যবোধৰ শিক্ষা দিয়াত অধিক গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে মূল্যবোধ সম্পন্ন ব্যক্তি সৃষ্টি কৰিবৰ বাবে ভাল পৰিৱেশৰ প্ৰয়োজন আৰু শৃংখলাবদ্ধ আদৰ্শ নাগৰিকৰ দ্বাৰা ই সম্ভৱ হ’ব৷ মুখ্য মন্ত্ৰী গৰাকীয়ে কোৱা কথা সম্পূৰ্ণ সত্য; কিন্তু মূল্যবোধৰ ৰাজনীতিৰ অবিহনে ভাল পৰিৱেশ এটা গঢ় লৈ উঠিবনে ?
মূল্যবোধৰ ৰাজনীতিৰ অভাৱৰ পৰিপ্ৰেক্ষিততে স্বাধীনোত্তৰ কালৰ বিগত বছৰবোৰত অসমত দুৰ্নীতিয়ে ইমান বেছিকৈ ছানি ধৰিলে যে তাৰ পৰিণামত ৰাজ্যবাসীয়ে কিমান দিনলৈ যাতনা ভূগিব লগীয়া হ’ব সেয়া এতিয়া নিভৰ্ৰ কৰিব বৰ্তমানৰ ভাৰতীয় জনতা দলৰ তত্বাৱধাণত গঠিত হোৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্য-ক্ৰমণিকাৰ ওপৰত৷ দুৰ্নীতি নিবাৰণৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত লোক সেৱা আয়োগৰ দুৰ্নীতিকে ধৰি অনেক বিয়াগোম দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীলতাৰ পৰিচয় যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়৷ তথাপিও যেন ক’ৰবাত কিবা সুৰুঙা ৰৈ গৈছে, যাৰ বাবে বিৰোধী পক্ষই চৰকাৰক পক্ষপাতিত্বৰ আৰোপ লগাই মাত মাতি আহিছে; কিন্তু চৰকাৰে স্পষ্টভাৱে তাক খণ্ডন কৰা পৰিলক্ষিত হোৱা নাই৷ কংগ্ৰেছ চৰকাৰৰ আমোলৰ দুৰ্নীতিবোৰৰ তদন্ত চলাই থকা সময়তে যেন বৰ্তমানৰ মিত্ৰজোঁটৰ চকাখনৰ গাত ভেঁজা দি কোনো কোনো  চক্ৰই ৰাজ্যখনত মাফিয়াৰাজৰ যোগেদি দুৰ্নীতিত লিপ্ত হৈছে৷

ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত মূল্যবোধৰ ৰাজনীতিৰ অবিহনে দেশৰ শান্তি শৃংখলা বৰ্তাই ৰখাটো সম্ভৱ নহয়৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰই এজন মানুহৰ মূল্যৰ স্বীকৃতি প্ৰদান কৰে৷ ই এজন অথবা কিছুসংখ্যক লোকৰ আনৰ ওপৰত চলোৱা শাসনক বিৰোধিতা কৰে৷ গণতন্ত্ৰত সমগ্ৰ জাতিটোৱেই দেশৰ সাৰ্বভৌমত্বৰ গৰাকী বা ৰক্ষক৷ গতিকে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা ৰাজনৈতিক দলে শাসন ভাৰ লাভ কৰাৰ পিছত গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকৰ এনে মৌলিক অধিকাৰ যাতে অক্ষুন্ন থাকে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত৷ এনেবোৰ গুণৰ বলতহে ভাৰতবৰ্ষৰ গণতন্ত্ৰই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ  বুলি  স্বীকৃতি লাভ কৰিছে আৰু  স্বাধীনোত্তৰ কালৰ সাতোটা দশকত  সফলতা প্ৰদৰ্শন কৰিছে৷

মাৰ্কিন দাৰ্শনিক তথা মনঃস্তত্ববিদ জন ডিৱেই( John Dewey) কৈছে, ‘মানৱীয় গুণৰ  ক্ষমতাৰ ওপৰত বিশ্বাস, মানৱীয় বুদ্ধিমত্তাৰ ওপৰত আৰু যৌথ অৱস্থানৰ সমন্বিত ক্ষমতাৰ ওপৰত বিশ্বাসেই হ’ল গণতন্ত্ৰৰ ভেটি৷’ ভাৰতীয় গণতন্ত্ৰত এনে বিশ্বাস বিদ্যমান হোৱা বাবেই ই তিস্থি আছে৷ কোনো ৰাজনৈতিক দলে ইয়াক নুই কৰিলে সেই দলক গণতান্ত্ৰিক সত্তাই ক্ষমতাচ্যুৎ কৰে৷

কেৱল গণতন্ত্ৰতহে সাধাৰণ কল্যাণ (common welfare) সাধন সম্ভৱপৰ হয়৷ যিহেতুকে, সকলোৰে ওপৰত সাৰ্বভৌমত্ব ক্ষমতা আৰোপিত, সেয়ে  চৰকাৰে সকলোৰে আৱশ্যকতাবোৰৰ প্ৰতি সঁহাৰি দিব লাগে৷ দেখা গৈছে যে চৰকাৰে দেশৰ জনসাধাৰণৰ একাংশই কোনোৰকম খাই বৈ জীয়াই থাকিবৰ বাবে নিম্নতম প্ৰয়োজনীয়তাখিনি লাভ কৰিবৰ বাবে সুবিধা প্ৰদান কৰিবলৈ বহু বছৰ ধৰি চৰকাৰক  কাকুতি মিনতি কৰি থকা সত্বেও তালৈ গুৰুত্ব নিদি দেশৰ ৰাষ্ট্ৰপতি, ন্যায়াধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ স্বাৰ্থত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ দৰমহা ভাট্টা আদি মনপছন্দ অনুযায়ী বৃদ্ধি কৰি দি, পুঁজিপতি আৰু আন্তৰ্জাতিক ব্যৱসায়িক প্ৰতিষ্ঠানক নানা সা সুবিধা দি ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থক ভৰিৰে মুহাৰি দেশত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰিছে৷ আনকি ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি তাৰ বিষয়া কৰ্মচাৰীসকলক আৰ্থিক ভাৱে হাৰাশাস্তি প্ৰদান কৰিছে৷ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকক ন্যায়সংগতভাৱে প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি স্বয়ং কল্যাণকামী চৰকাৰেই উচ্চ ন্যায়ালয়ে কৰ্মচাৰীসকলৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰু উচ্চতম ন্যায়ালয়ত তেনে গোচৰৰ ৰায় নিদি পাঁচ বছৰতকৈও অধিক কাল বিচাৰাধীন কৰি পেলাই ৰাখিছে৷ ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰি ওৰে জীৱনটো পাৰ কৰা জ্যেষ্ঠ নাগৰিকসকলৰ হেজাৰ হেজাৰজনে ন্যায় নোপোৱাকৈয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ মূল্যবোধক এইদৰেই কবৰ দিয়া নাইনে দেশৰ তথাকথিত কল্যাণকামী চৰকাৰে ? শাসনৰ বাঘজৰীডাল হাতত লৈ সংশ্লিষ্ট ৰাজনৈতিক দলে পাহৰি গৈছে যে গণতান্ত্ৰিক ব্যৱস্থাত ক্ষমতাচ্যুতসকলক ক্ষমতাত থাকোঁতে দিয়া সুবিধাবোৰৰ পৰা বঞ্চিত কৰা হয়৷ এজন নাগৰিক তৎক্ষণাতে শাসিত আৰু শাসক হোৱাতো আৰু ‘শাসিতসকলৰ মতাদেশতে চৰকাৰ’ হোৱাটো কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ গতিকে ভাৰতবৰ্ষৰ দৰে এক গণতান্ত্ৰিক দেশত ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ পিছত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰা জনতাক বৃদ্ধা আঙুষ্ঠ প্ৰদৰ্শণৰ পৰিণাম যে তেওঁলোকৰ বাবে ভীষণ হ’ব পাৰে সেই কথা পাহৰি যোৱা উচিত নহয়৷  অতি সাম্প্ৰতিক কালৰ অসমৰ ৰাজনৈতিক বাতাৱৰণত শাসকবৰ্গই যেন শাসিতসকলৰ হৃদয়ৰ ভাষা নুবুজি কোনো ন্যস্ত স্বাৰ্থ জড়িত মহলৰ প্ৰৰোচনাত পৰি অবাটে গতি কৰিছে, এনে অনুভৱ হয়৷  
  
ব্ৰিটিছ দাৰ্শনিক তথা ৰাজনৈতিক অৰ্থনীতিবিদ জন ষ্টুৱাৰ্ড মিলে(John Stuard Mill) মন্তব্য ৰাখিছে, ‘চৰকাৰী কাম কাজত অংশ গ্ৰহণে এজন ব্যক্তিক তেওঁৰ আত্মশ্লাঘাৰ সংকীৰ্ণ বৃত্তৰ পৰা উঠাই আনে আৰু তেওঁৰ ধ্যান-ধাৰণা বহল কৰি দিয়ে৷ গণতন্ত্ৰই এজন ব্যক্তিক দেশৰ প্ৰতি মনোযোগশীল কৰি দিয়ে আৰু তেওঁক দায়িত্বশীলতাৰ জ্ঞান দিয়ে৷’ গতিকে, আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে, গণতন্ত্ৰ সৰ্বকাললৈ বৰ্তি থকাৰ স্বাৰ্থত শাসকবৰ্গৰ কাম কাজত জন ষ্টুৱাৰ্ড মিলে বৰ্ণনা কৰা বৈশিষ্টৰাজি প্ৰকাশ পোৱাটোকে আশা কৰোঁ৷  

কেৱল গণতান্ত্ৰিক ব্যৱস্থাতহে ব্যক্তি আৰু শ্ৰেণীৰ শাসনৰ পৰিবৰ্তে আইনৰ শাসন(Rule of Law) চলে, য’ত মৌলিক অধিকাৰ প্ৰদান কৰা হয় আৰু চৰকাৰৰ সীমাবদ্ধতা স্বৰূপে মৌলিক অধিকাৰে কাম কৰে৷ গতিকে, এখন গণতান্ত্ৰিক দেশত শাসনৰ বাঘজৰীডাল হাতত লোৱা চৰকাৰখনে আইনৰ শাসনৰ কথা পাহৰি, জনগণৰ মৌলিক অধিকাৰ খৰ্ব কৰি ক্ষমতা দখলৰ স্বাৰ্থ আগত ৰাখি বেছি দূৰ আগুৱাই যাব নোৱাৰে৷ তেনে চৰকাৰ ক্ষমতাচ্যুৎ হয়৷ ভাৰতবৰ্ষৰ বুৰঞ্জীত এনে উদাহৰণ বহুতো আ্ছে৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিঘ্নিত হোৱাৰ পৰিবৰ্তে গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰাসকলহে সদায় পৰাভূত হৈছে৷    
      
গণতন্ত্ৰই দেশ প্ৰেমৰ উদ্যম বৃদ্ধি কৰে৷  এই প্ৰসংগত দাৰ্শনিক জন ষ্টুৱাৰ্ড মিলে কৈছে, ‘ গণতন্ত্ৰই দেশৰ প্ৰতি প্ৰেম শক্তিশালী কৰে; কাৰণ, নাগৰিকসকলে অনুভৱ কৰে যে চকৰাৰ  তেওঁলোকৰ নিজৰ সৃষ্টি আৰু শাসকসকল তেওঁলোকৰ সেৱকহে, মালিক নহয়৷’ হয়, এনে ধাৰণাই দেশ প্ৰেম আৰু জাতীয়তাবোধ তেওঁলোকৰ মনত সোমোৱাই দিয়ে৷ গতিকে শাসকবৰ্গই তেওঁলোকৰ কাম কাজ নিয়ন্ত্ৰিত কৰি ৰাখি জনতাৰ দেশ প্ৰেমৰ ভাৱনা অক্ষুন্ন ৰখা দৰকাৰ৷ এনে কৰিলে দেশত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ নিজে নিজে নোহোৱা হ’ব৷

একনায়কত্ববাদ বা অভিজাততন্ত্ৰ অথবা সামন্তবাদৰ দৰে গণতন্ত্ৰ অত্যাচাৰী, নিষ্ঠুৰ বা স্বেচ্ছাচাৰী হ’ব নোৱাৰে৷ গণতন্ত্ৰ নিয়মিত আৰু অবিৰাম সমালোচনা আৰু সৰ্বপ্ৰিয় হেঁচাত থাকিব লগা হয়৷  এনে হোৱা বাবে শাসকবৰ্গৰ ওপৰত দায়িত্বশীলতা আহি পৰে৷ জনগণৰ স্বাৰ্থৰ হকে সেৱা আগ বঢ়ালেহে শাসনত থকা ৰাজনৈতিক দলে শাসনত থাকিবলৈ ৰাইজৰ সমৰ্থন লাভ কৰিব পাৰে৷ গণতন্ত্ৰত  জনগণৰ শক্তিৰ কথা ক্ষমতালৈ আহি পাহৰি যোৱা ৰাজনৈতিক দলে জনতাৰ ৰোষত পৰি গাদীচ্যুৎ হোৱা উদাহৰণ ভাৰতবৰ্ষতে অনেক আছে৷
বিৰোধী দলবোৰে শাসক দলৰ কাম কাজবোৰৰ প্ৰতি তীক্ষ্ন নজৰ দি সেইবোৰ পৰীক্ষা কৰি থাকে৷ শাসকসকলে তেওঁলোকৰ নীতিসমূহৰ বিষয়ে ব্যাখ্যা কৰি তেওঁলোকক ভোট যুদ্ধত জয়ী কৰি পঠিওৱা জনতাক ইয়াৰ সুস্থতা সম্পৰ্কে সদায়ে পতিয়ন নিয়াব পাৰিব লাগিব৷ আলোচনা, বিতৰ্ক আৰু পৰামৰ্শৰ যোগেদি সকলোবোৰ সিদ্ধান্তত উপনীত হোৱা দৰকাৰ৷ বৰ্তমান আমাৰ অসমত চৰকাৰে এই আচৰণ মানি চলা পৰিলক্ষিত হোৱা নাই৷ উদাহৰণ স্বৰূপে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ, হিন্দু বাংলাদেশীৰ সংস্থাপন আদি সিদ্ধান্তৰ কথাকে ক’ব পাৰি৷ এখন গণতান্ত্ৰিক দেশত এনে আচৰণ শুভ নহয় আৰু ই সংশ্লিষ্ট চৰকাৰখনৰ ভাৱমূৰ্তি বিনিষ্ট কৰাৰ লগতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি হৈ পৰা বাবে ৰাজনৈতিক দলটোৰ ক্ষতি সাধন হ’ব৷ কাৰণ, গণতন্ত্ৰই চিন্তা-চৰ্চা আৰু ক্ৰিয়াৰ দমন পৰিহাৰ কৰে৷

গণতন্ত্ৰত শান্তিপূৰ্ণ ভাৱে চৰকাৰ পৰিবৰ্তন কৰা অধিকাৰ জনতাৰ আছে৷ অন্য কোনো ধৰণৰ চৰকাৰতেই এনে ব্যৱস্থা নাই৷ গণতন্ত্ৰই তীব্ৰ বিদ্ৰোহ পৰিহাৰ কৰে আৰু নমনীয়তা প্ৰদান কৰে৷ সংকট কালত গণতন্ত্ৰই চৰকাৰক যথেষ্ট ক্ষমতা প্ৰদান কৰে আৰু সংকট দূৰ হোৱাৰ লগে লগে সেই ক্ষমতা ঘূৰাই লোৱা হয়৷ ভাৰতবৰ্ষত প্ৰবৰ্তিত গণতন্ত্ৰক চিৰকালৰ বাবে বাহাল ৰাখিবৰ বাবে দেশত মূল্যবোধৰ ৰাজনীতিৰ নিতান্তই প্ৰয়োজন৷ কিছুমান চাটুকাৰী ৰাজনৈতিক দলৰ বাবেই ভাৰতবৰ্ষত গণতন্ত্ৰৰ শক্তি মাজে মধ্যে স্তিমিত হোৱা পৰিলক্ষিত হয়৷ তেনে দলবোৰে নিজে ক্ষমতাশীল হৈ থাকিব খুজি গণতান্ত্ৰিক পৰম্পৰাত আঘাট হানে৷ নিৰ্বাচনৰ পূৰ্বে জনতাক ভুৱা প্ৰতিশ্ৰুতি দি শাসনভাৰ লোৱা ৰাজনৈতিক দলে জনতাক মুৰ্খ সজাবলৈ গৈ নিজে মুৰ্খামিৰ পৰিচয় দিয়া দেখা যায়৷

এটা অপৰাধৰ গোচৰৰ ৰায়ৰ বাবে কুৰি বছৰতকৈও অধিক কাল অপেক্ষা কৰিব লগা হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰত আইনৰ শাসনৰ বিফলতাকে সূচাইছে বুলি দিয়া বহুলোকৰ মন্তব্যক পোনচাটেই নুই কৰিব পৰা নাযায়৷ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ইয়াৰ সংশোধনী কৰাটো অতি জৰুৰী৷ প্ৰশাসনিক দুৰ্বলতাৰ ফলত পুলিচ বিভাগৰ লগতে বিভিন্ন চৰকাৰী বিভাগসমূহৰ নিষ্ক্ৰিয়তাৰ ফলত, দুৰ্নীতি, নাৰীৰ ওপৰত নিৰ্যাতন আৰু চৌদিশে অৰাজকতাৰ সৃষ্টি হোৱাটোৱে গণতন্ত্ৰৰ প্ৰতি জনতাক মোহভংগ কৰি দিয়াও পৰিলক্ষিত হয়৷ তথাপিও গণতন্ত্ৰ বৰ্তি আছে দেশৰ এচাম সৎ আৰু দেশভক্ত নাগৰিক, সৎ ৰাজনৈতিক নেতা, সক্ৰিয় বুদ্ধিজীৱি আৰু দেশৰ সংবা্দ মাধ্যমসমূহৰ নেৰানেপেৰা প্ৰচেষ্টাত৷

আমাৰ অসমৰ সামাজিক বাতাৱৰণ অতি ভয়ানক হৈ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ হ’লে ৰাজ্যখনত মূল্যবোধৰ ৰাজনীতিৰ প্ৰৱৰ্তন হ’ব লাগিব৷ শিক্ষা বিভাগ,স্বাস্থ্য বিভাগ,জলসিঞ্চন বিভাগ, শক্তি বিভাগ, বন বিভাগ, কৃষি বিভাগ, যোগান বিভাগ, ৰাজহ বিভাগ, নিয়োগ বিভাগ আৰু পৰিবহন বিভাগ আদি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ দুৰ্নীতি দূৰ কৰিলেহে মূল্যবোধৰ ৰাজনীতি গঢ় লৈ উঠিব আৰু ভৱিষ্যত প্ৰজন্মই মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ একোজন মূল্যবোধ সম্পন্ন ব্যক্তি হৈ অসমৰ গৌৰব অক্ষুন্ন ৰাখিব আৰু আমাৰ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰো মনোকামনা পূৰণ হ’ব৷
++++++সমাপ্ত++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয়, বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত “সাদিন” ৰ  ৮ জুন, ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

Saturday 2 June 2018

অসমৰ জনসংখ্যা বিস্ফোৰণৰ ভয়াবহ ছবিখন

অসমৰ জাতীয়তাবাদী দল, সংগঠন তথা সৰ্বস্তৰৰলোকক শংকিত কৰি, অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশলৈ চকু নিদি দেশৰ চৰকাৰ আৰু ভাৰতীয় জনতা দলে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে  হিন্দু বাংলাদেশীক  নাগৰিকত্ব প্ৰদানৰ প্ৰচেষ্টা চলাইছে৷  দেখা গৈছে যে অসম চৰকাৰে নানা কাৰণত অসমৰ বৰ্ধিত জনসংখ্যাক ৰাজ্যখনৰ উন্নয়নৰ হকে পৰিচালিত কৰিব পৰা নাই৷ সেয়েহে জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ  অৰ্থনীতিত কেনে প্ৰভাৱ পৰিব তাকে চমুকৈ অৰ্থনীতিবিদসকলৰ দৃষ্টিভঙ্গীৰে  আলোচনা কৰিবলৈ প্ৰয়াস কৰা  হৈছে৷
অৰ্থনীতিবিদসকলৰ মতে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ সম্পৰ্কটো অতি জটিল৷ ইয়াৰ সংখ্যাগত উদাহৰণ বুৰঞ্জীত বিচাৰি চালে, বিশেষ ভাৱে ইয়াৰ কাৰণ কি আৰু ফলাফল কি তাৰ প্ৰতি লক্ষ্য ৰাখি চালে ই দ্ব্যৰ্থক ৰূপে ধৰা দিয়ে৷ উন্নয়ন প্ৰক্ৰিয়াত জনসংখ্যা বৃদ্ধিয়ে এক সংঘাতপূৰ্ণ ভূমিকা পালন কৰে৷ ই বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰতিবন্ধক উভয় ধৰণেই ক্ৰিয়া কৰে৷ কিমান জনসংখ্যা হ’লে অৰ্থনৈতিক সুবিধাবোৰ বাধাপ্ৰাপ্ত হয় তাৰ কিন্তু কোনো সঠিক উত্তৰ পোৱা নাযায় বা ইয়াৰ ভাৰসাম্য কিমানত নিৰ্ণয় হ’ব তাৰো সঠিক উত্তৰ নাই৷ অৰ্থনীতিবিদসকলে আগবঢ়োৱা এনে বক্তব্যৰ ওপৰত ভিত্তি কৰি অসমৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিদেশী নাগৰিকৰ প্ৰব্ৰজন বুলি নিশ্চিত কৰাৰ পিচত বৰ্তমানৰ অসমৰ দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মূল কাৰণ যে প্ৰবল জনবিস্ফোৰণ সেয়া প্ৰকট হৈ পৰে৷
উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে বিশ্বত, বিশেষকৈ উন্নয়নশীল দেশত সমস্যাৰ সৃষ্টি কৰিছে৷ জনসংখ্যা বৃদ্ধিয়ে মানৱ কল্যাণ হ্ৰাস কৰে বুলি যুক্তি দাঙি ধৰা হয়৷ যিহেতু জনসংখ্যা বৃদ্ধিৰ ফলত দুষ্প্ৰাপ্যসম্পদৰ(নৱীকৰণ অযোগ্য) ব্যৱহাৰ কৰা হয় আৰু ই বাতাৱৰণ অৱনমিত কৰে৷ জনসংখ্যা বৃদ্ধিয়ে খাদ্য যোগানত চাপ বৃদ্ধি কৰে৷ নগৰত জনসংখ্যা ঠাহখোৱা অৱস্থা কৰে৷ জনসংখ্যা বৃদ্ধিৰ ফলতেই নিয়োগ সমস্যাৰ উদ্ভৱ হয়৷ ই সঞ্চয়ৰ হাৰ হ্ৰাস কৰে  আৰু নিয়োজিত প্ৰতিজন ব্যক্তিৰ মূলধনৰ পৰিমাণ নোহোৱা কৰে৷  অসমত জনসংখ্যা বৃদ্ধিয়ে তদনুৰূপ সমস্যাৰে সৃষ্টি কৰিছে৷
দেখা যায় যে উন্নয়নশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত দেশবোৰতকৈ অতি দ্ৰুত৷ বিশ্বৰ ইতিহাসলৈ মন দিলেই এই কথা ভালদৰেই স্পষ্ট হৈ পৰে৷ জনসংখ্যা বৃদ্ধিয়ে কিছুমান সুবিধা আনে যদিও কিছুমান জটিল সমস্যাৰ সৃষ্টি কৰে৷ গড় হিচাপে সামগ্ৰীক ভাৱে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা বৃদ্ধি বাৰ্ষিক ১.৩ শতাংশ৷ জন্মৰ হাৰ প্ৰতি ১০০০ জনত ২৪ জন( বা ২.৪ শতাংশ) আৰু মৃত্যুৰ হাৰ প্ৰতি ১০০০ জনত ১১ জন ( বা ১.১ শতাংশ)৷ জন্মৰ হাৰৰ তাৰাতম্য নঘটাকৈ মৃত্যু হাৰৰ এক অভিনৱ নিম্নগামীতাৰ ফলত ইয়াৰ ঐতিহাসিক তুলনা অনুযায়ী অতি দ্ৰুত জনসংখ্যা বৃদ্ধি পাইছে৷ উন্নত দেশৰ জনসংখ্যা গড় হিচাপে ০.৭ শতাংশতকৈ অধিক বৃদ্ধি পোৱা নাই৷ নিম্ন-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধি উচ্চ-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধিতকৈ তিনিগুণ বেছি৷  ২০০০---২০০৭ চনৰ ভিতৰত নিম্ন-আয়ৰ দেশৰ জনসংখ্যাৰ শতকৰা বৃদ্ধি ২.২%, মধ্য-আয়ৰ দেশৰ ১.০ আৰু উচ্চ-আয়ৰ দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ শতকৰা হাৰ ০.৭% মাত্ৰ৷
নিম্ন মূলধন সমাহাৰৰ দৰেই দ্ৰুত জনসংখ্যা বৃদ্ধিক দৰিদ্ৰতাৰ কাৰণ আৰু ফলাফল উভয়ে বুলি গণ্য কৰা হয়৷ যিহেতুকে দুখীয়া সমাজত শিশুৰ মৃত্যুৰ হাৰ অধিক আৰু পিতৃ মাতৃয়ে  বৃদ্ধ বয়সত নিৰাপত্তা পাবৰ বাবে এটা ডাঙৰ পৰিয়াল আশা কৰে আৰু সেয়ে দৰিদ্ৰতাই জন্মৰ হাৰ বৃদ্ধিৰ কাৰক হৈ পৰে৷ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতা, ধৰ্মীয় কাৰণ, মহিলাৰ বাবে নিয়োগৰ সুযোগহীনতা আৰু জন্ম নিয়ন্ত্ৰণৰ কৌশলৰ অজ্ঞতা আদিৰ লগে লগে জন্মৰ উচ্চ হাৰ আগবাঢ়ি গৈ থাকে৷ যদিহে জনসংখ্যা বৃদ্ধিয়ে সঞ্চয় হ্ৰাস কৰে, প্ৰতিজনলোকৰ গড় মুলধন বিলোপ ঘটায়, কৃষিত শ্ৰমৰ প্ৰান্তীয় উৎপাদন হ্ৰাস কৰে তেনেহ’লে জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা চিৰস্থায়ী কৰাত সহায় কৰে৷ হ্ৰস্ব কালীন ম্যাদত জনসংখ্যা বৃদ্ধিয়ে উন্নয়ন প্ৰক্ৰিয়াত বাধা জন্মায়৷ কাৰণ, জনসংখ্যাৰ চাপে চৰকাৰী ব্যয়ত প্ৰবল হেঁচা দিয়ে৷ যদিহে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উদানবোৰ মজুত থাকে তেন্তে জনসংখ্যা বৃদ্ধিয়ে দীৰ্ঘ ম্যাদী কালত এনেবোৰ সমস্যাত নেপেলায়৷ তেতিয়া জনসংখ্যা বৃদ্ধিয়ে বিনিয়োগ আৰু কাৰিকৰী উন্নয়নত উৎসাহ যোগাব৷ অসমৰ জনবিস্ফোৰণে চৰকাৰী ব্যয়ত প্ৰবল চাপৰ সৃষ্টি কৰিছে৷ অসমৰ চৰ অঞ্চল আৰু বনাঞ্চলসমূহত সন্দেহযুক্ত বিদেশী নাগৰিকে ভৰি পৰিছে৷ বহু ক্ষেত্ৰত এনেবোৰ নাগৰিকৰ বাবে অসম চৰকাৰে চৰকাৰী ধন ব্যয়ৰ ক্ষেত্ৰত প্ৰবল চাপৰ সন্মুখীন হৈছে, যাৰ ফলত খিলঞ্জীয়ালোকসকল চৰকাৰী আঁচনিবোৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছে৷ অসমত চৰকাৰে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উপাদানসমূহৰ সুপ্ৰয়োগৰ যোগেদি বৰ্ধিত জনসংখ্যাক নিয়োগৰ সুবিধা দিয়াত বহুবছৰৰ পূৰ্বৰে পৰা বিফল হৈ আহিছে আৰু বৰ্তমান বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুৱাৰত তলা ওলমাই চৰম ব্যৰ্থতাৰ প্ৰমাণ দিছে৷ চৰকাৰৰ এনে কাৰ্যৰ ফলত অসমৰ খিলঞ্জীয়ালোকসকলৰ আৰ্থিক দুখ-দুৰ্দ্দশা সীমাহীন হৈ পৰিছে৷
 ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা আছিল ২৬.৬৬ মিলিয়ন৷ ২০০৬ চনত ই হ’লগৈ ২৮.৬৭ মিলিয়ন আৰু ২০১১ চনত হ’ল ৩০. ৫৭ মিলিয়ন৷ এই বৰ্ধিত গতিলৈ লক্ষ্য ৰাখি ২০১৭ চনৰ অসমৰ জনসংখ্যা ৩৪.৪৯২ মিলিয়ন হ’ব বুলি অনুমান কৰিব পাৰি৷(তথ্যঃ Indiapopulation2017.in) দেখা গৈছে যে বিগত  বছৰবোৰত  অসমৰ জনসংখ্যা অবিশ্বাস্য ভাৱে বৃদ্ধি পাইছে৷ বিদেশী অনুপ্ৰবেশক মূল কাৰণ হিচাপে গণ্য কৰি তাক নিৰ্মূলৰ বাবে অসমত বহুবছৰৰ পূৰ্বেই আন্দোলনৰ সূচনা হৈছে৷ বৰ্ধিত জনসংখ্যাৰ ফলত অসমত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু অন্যান্য  কিছুমান  আৰ্থ-সামাজিক  সমস্যাৰ  সৃষ্টি  কৰিছে৷ বিশেষকৈ ৰাজনৈতিক দলবোৰে ভৌট বেংকৰ  স্বাৰ্থত ৰক্ষণাবেক্ষণ দিয়া বিদেশী অনুপ্ৰৱেশকাৰীসকলে মানসিক বিকাশৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ নানা  অপৰাধমূলক আৰু অসামাজিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷  এনে ক্ষেত্ৰত দলবাগৰা আৰু চলচাই কঠিয়া পেলোৱা বিধৰ চতুৰ ৰাজনৈতিক নেতাসকলে ভাৰতীয় জনতা দললৈ আহি শাসনৰ বাঘজৰী হাতত লৈ ক্ষমতা  চিৰস্থায়ী কৰা বাবে  নিজৰ দ্বৈত মানদণ্ডৰ পৰিচয় নিৰ্লজভাৱে দি কংগ্ৰেছ দলত নিজে থাকোঁতে আমদানী কৰা বিদেশী নাগৰিকৰ দ্বাৰা সৃষ্ট ভাবুকিৰ কথা কৈ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তাৰ পৰিত্ৰাণৰ বাবে পুনৰ অসমত বাংলাদেশীক ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ পক্ষত থিয় দিবলৈ আহ্বান কৰিছে৷  এনে নেতাই নিজে মন্ত্ৰী হৈ থাকোতেই শিক্ষা, স্বাস্থ্য আৰু অনেক দিশত এচামলোকক বঞ্চিত কৰি ৰখাৰ ফলত তেনেলোকৰ এক বংশবৃক্ষ যে এক বংশ অৰণ্যত হৈ পৰিল সেয়া এতিয়া নাগৰিক পঞ্জী উন্নীত কৰোঁতে ওলাই পৰিছে৷ এনে বংশ বৃদ্ধি ৰোধৰ ব্যৱস্থা চৰকাৰে নিশ্চয়ে কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া দৰিদ্ৰ আৰু অশিক্ষিত অসমীয়াৰ সংখ্যা কমিলহেঁতেন; কিন্তু ৰাজনৈতিক মুনাফা লাভৰ আশাত সেই কাম নকৰিলে৷ এনে বিড়ম্বনাৰ সমোচিত প্ৰতিক্ৰিয়া ৰাজ্যখনৰ জনগণে ব্যক্ত কৰিছে৷ অসমৰ সচেতনলোকসকলে শংকিত হৈ পৰিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যেৰে প্ৰস্তুত কৰা নাগৰিকত্ব সংশোধনী আইন,২০১৬ ৰ সংসদত গৃহিত হ’লে অচিৰেই ভাষিক সংখ্যালঘূসকল সংখ্যাগুৰুত পৰিগণিত হ’ব আৰু অসমীয়া ভাষা সংকটত পৰিব আৰু একালত ত্ৰিপুৰী জাতিৰ দৰে অসমীয়া জাতিৰ অৱস্থা হ’ব৷ অৱশ্যে ধৰ্মৰ নামত ৰাজনীতি কৰা চতুৰ অসমীয়া ৰাজনৈতিক নেতাসকলে সম্প্ৰতি ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থাকি অনুধাৱন কৰিব নোৱাৰিলেও, তেনে অসমমীয়া বিধ্বংসী আইন বলবৎ হ’লে সৰ্বভাৰতীয় ৰাজনৈতিক নেতাৰ চক্ৰান্তত পৰি শাসনৰ বাঘজৰীডাল অদূৰ ভৱিষ্যতে তেওঁলোকেও অনাঅসমীয়াৰ হাতত তুলি দিবলৈ বাধ্য হ’ব

 দেখা যায় যে স্বাধীনোত্তৰ কালৰ অসমৰ কোনো এখন চৰকাৰেও জনসংখ্যা বৃদ্ধিৰ কুফলবোৰ অনুধাৱন কৰা নাই আৰু ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দি বিদেশীৰ প্ৰতি দয়াশীল হৈছে৷ কংগ্ৰেছে যদি বিদেশী মুছলমানক আকোঁৱালি ল’ব বিচাৰিছে, তেন্তে ভাৰতীয় জনতা দলে বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ যেনেকৈয়ে নহওক,  ১% ধনী ব্যক্তিৰ হাতত দেশৰ ৫০% তকৈ অধিক সম্পদ তুলি দি ভাৰতবৰ্ষই বিশ্বৰ ছখন উন্নত অৰ্থনীতিৰ দেশৰ তালিকাভুক্ত হোৱাৰ ক্ষণত বিদেশীৰ বোজা বহন কৰা অসমখন নিচেই দৰিদ্ৰ ৰাজ্য হৈয়ে থাকিল৷ উল্লেখযোগ্য যে অসমত দৰিদ্ৰ সীমা ৰেখাৰ তলত ৩১.৯৮% লোকে বসবাস কৰে৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ গড় হিচাপ ২১.৯২% হে৷ সকলোতকৈ উন্নত ৰাজ্য গোৱাত কেৱল ৫.০৯ শতাংশ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে৷

অসমৰ এই জলন্ত নিবনুৱা সমস্যাক অকপতে স্বীকাৰ কৰি অসমৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে কিছুদিনৰ  পূৰ্বে অসমৰ নিবনুৱাসকলক বিদেশী ভাষাৰ শিক্ষা লৈ বিদেশত গৈ চাকৰি কৰিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ বিপৰীতে চৰকাৰে বিদেশীলোকক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ এয়া অসমৰ জনসাধাৰণৰ বাবে অতি পৰিতাপৰ বিষয় হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধিৰ কুফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰা অৱস্থাত বিদেশীক স্বদেশী কৰি জনসংখ্যা বঢ়াই লোৱাটো যুক্তিসংগত হ’ব পাৰেনে? ৰাজ্যখনৰ ভূমি, মূলধন, সংগঠন আদি উৎপাদনৰ উপাদান সমূহক অসমীয়ালোকৰ স্বাৰ্থত উপযুক্তভাৱে কামত লগাবলৈ চেষ্টা চলালে উৎপাদনৰ অন্য আহিলাস্বৰূপ শ্ৰমৰ অভাৱ নহয়৷ অসমৰ যুৱশক্তিৰ সুপ্ৰয়োগে বহু সমস্যা সমাধানৰ পথ উন্মুক্ত কৰিব৷ যদিহে বিদেশী ৰাষ্ট্ৰই আমাৰ দেশৰ নিবনুৱাক চাকৰি দিব পাৰে, তেনেহ’লে আমাৰ চৰকাৰে কিয় সেই কাম কৰিব নোৱাৰে? নিজে বিবস্ত্ৰ হৈ আনক বস্ত্ৰ পিন্ধাবলৈ যোৱাতকৈ চৰকাৰে নিজৰ ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰিলে বহু জটিল সমস্যা অনায়াসে সমাধান হ’ব আৰু অসম উন্নতিৰ পথত আগুৱাই যাব৷
আমি আশা কৰোঁ যে আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে জাতি-ধৰ্মৰ সংকীৰ্ণ বেষ্টনীৰ  মাজৰ পৰা ওলাই আহি বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ হকে চিন্তা কৰি অসমত জনবিৰোধী  আইন জাপি দিয়াৰ পৰা কেন্দ্ৰ চৰকাৰক বাৰণ কৰিব৷
++++সমাপ্ত++++
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ সৰ্বাধিক প্ৰচলিত বলিষ্ঠ কাকত " তিনিদিনীয়া অগ্ৰদূত" ৰ ৩০ মে ২০১৮ সংখ্যাৰ বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

Wednesday 16 May 2018

কেৱল মৃত্যু দণ্ডই অপৰাধ প্ৰৱণতা ৰোধ কৰিবনে ?

কেৱল আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে নাৰী নিৰ্যাতনৰ ঘটনা ইমানেই বৃদ্ধি পাব ধৰিলে যে ধৰ্ষণ ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি অপৰাধীৰ শাস্তি স্বৰূপে মৃত্যু দণ্ডৰ ব্যৱস্থা কৰিব লগা হ’ল৷ সমাজত কৰ্কট ব্যাধিৰ ৰূপ ধাৰণ কৰা বলাৎকাৰ নিৰ্মূলৰ বাবে কৰ্কট ৰোগ অস্ত্ৰোপচাৰ কৰি দূৰ কৰিবলৈ চেষ্টা কৰাৰ দৰে মৃত্যু দণ্ডৰ যোগে অপৰাধী নিঃশেষ কৰিব পৰা যাবনে ? নে অপৰাধৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হ’ব? দেশৰ প্ৰচলিত আইনৰ প্ৰতি ভয় ভাবেই কেবল অপৰাধ নিয়ন্ত্ৰণ কৰিবনে ? আইনৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জাগ্ৰিত হ’ব নালাগিবনে? ইয়াৰ বাবে ৰাজনৈতিক নেতাকে ধৰি সাধাৰণ জনতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ দায়বদ্ধতা নাইনে ? সমাজৰ সকলো ধৰণৰ দুৰ্নীতি, অপৰাধ প্ৰৱণতা আৰু চৰকাৰী ভ্ৰষ্টাচাৰৰ দ্বাৰা ধৰ্ষণকাৰীহঁত মানসিক ভাৱে প্ৰভাবিত আৰু উৎসাহিত হোৱা নাইনে? দেশখনক, বিশেষকৈ আমাৰ অসমখনক আৰ্থিকভাৱে কোঙা কৰি সংঘটিত কৰা বৃহৎ বৃহৎ অৰ্থনৈতিক কেলেংকাৰিবোৰে সমাজখনৰ চাৰিত্ৰিক বৈশিষ্টত কোনো ধৰণৰ কু-প্ৰভাব পেলোৱা নাই নেকি? সেইবোৰে ধৰ্ষণত জড়িতহঁতক দেশৰ প্ৰচলিত আইনক উপলুঙা কৰিবলৈ উদগনি দিয়া নাইনে? তেনে অপৰাধীবোৰ আৰু তেনে অপৰাধীক প্ৰশয় দি ধন আহৰণ কৰা ৰাজনৈতিক নেতাসকল  কেনেকৈ ক্ষমাৰ যোগ্য হ’ব পাৰে ? তেনেবোৰ অপৰাধীৰ বাবে আইন কঠোৰ হ’ব  নালাগে নেকি? উচ্চ শিক্ষিতসকলে দুৰ্নীতি কৰি হাঁহিমুখে কাৰাগাৰত প্ৰৱেশ কৰিলে বাকীবোৰলৈ থকিল কি ?
দৰাচলতে অতি সাম্প্ৰতিক কালত আমাৰ দেশে  বিশ্ব-অৰ্থনীতিৰ অঘোষিত  প্ৰতিযোগিতাত ভাগ লৈ দৌৰ মাৰোঁতে সকলোকে লগত লৈ আগ নাবাঢ়ি কেইজনমান বাছক-বনীয়া ব্যৱসায়ীৰ বাউসীত ওলমিছে৷ ইয়াৰ পৰিণাম স্বৰূপে বণিক গোষ্ঠীক নানা সা-সুবিধা আগ বঢ়াবলৈ গৈ দেশৰ কৌটি কোটি জনতাৰ স্বাৰ্থক আওকান কৰি যাব ধৰিছে৷ সেয়ে দেশত স্বৰ্গ আৰু নৰকৰ দৃশ্য জলজল পটপটকৈ দৃশ্যমান হৈ পৰিছে৷ লাহে লাহে দেশ দুখন হৈ পৰিছে৷ এখন ধনীৰ আনখন দুখীয়াৰ দেশ৷ ধনীসকলে দূখীয়াসকলক শোষণ কৰাৰ সকলো পথ বিচাৰি পোৱাৰ বিপৰীতে দুখীয়াসকলে জীয়াই থকাৰ পথ বিচাৰি নাপাই ইতৰ প্ৰাণীৰ শাৰীত থিয় দিছে৷ সমাজ ব্যৱস্থাৰ এই আসোঁৱাহ আৰম্ভণিতে নিৰ্মূল নকৰি স্বাধীনোত্তৰ কালৰ সত্তৰটা বছৰত সৰ্বহাৰা লোকৰ উত্তৰণৰ নামত নানা আঁচনি প্ৰস্তুত কৰি  ৰাজনৈতিক নেতা, বণিক গোষ্ঠী, আমোলা-বিষয়া সকলোৱে মিলি ধন আত্মসাৎ কৰি যাবলৈ চৰকাৰে সুবিধা দিলে৷ কোনো ধৰণৰ আইনে এনে দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে৷ এৰা, কথাতেই কয় নহয়, ‘ৰজাই ভাল দেখে যাক…৷’ দেশৰ প্ৰচলিত আইন উলঙ্ঘাকাৰীসকল অত্যুৎসাহী হৈ পৰিল৷ তেওঁলোকেই ধনতন্ত্ৰৰ কোলাত লালিত-পালিত হ’ব ধৰা গণতন্ত্ৰৰ সুবিধা লৈ শাসনৰ বাঘজৰী হাতত ল’বলৈ সুযোগ পালে৷ দেশখন ক্ৰমান্বয়ে যে ৰসাতলে যাব ধৰিলে তাক উন্নয়নৰ শ্লোগান গাই কৌশলেৰে ঢাকি গ’ল তথাকথিত দেশৰ জনপ্ৰিয় চৰকাৰে৷ এইদৰেই দেশৰ ৩৬ কোটিৰ অধিক  জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলতেই থাকি গ’ল চিৰ দিনৰ বাবে৷ বৰ্তমানৰ চৰকাৰী নীতিয়ে ভুল পথেৰে গতি কৰি দেশৰ বৃহৎ অৰ্থনৈতিক ক্ষতি কৰি তাক পূৰণৰ বাবে এচাম লোকৰ জীৱিকাৰ সম্বল কাঢ়ি নিছে, যাৰ ফলত তেওঁলোকো দৰিদ্ৰ সীমা ৰেখাৰ তললৈ নামি গৈছে৷ চৰকাৰৰ এই বঞ্চনাৰ পৰিক্ৰমাৰ পৰা অৱসৰপ্ৰাপ্ত বয়োজ্যেষ্ঠসকলেও ৰেহাই পোৱা নাই৷ তেওঁলোককো প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি কাপ কাপ কৰি মৰিবলৈ এৰি দিয়া হৈছে৷ দেশৰ ন্যায় পালিকাও নিমাত৷ হাঁয় ভাৰত মাতা ! ৰাষ্ট্ৰপতি, ন্যায়ধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক, আমোলা-বিষয়া, ঠিকাদাৰ আৰু বণিকসকলৰবোৰহে জীৱন৷ বাকী কৃষক মজদুৰৰ এই দেশত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ যেন হেৰাই যাব ধৰিছে৷

স্বাধীন ভাৰতত অংকুৰিত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষৰ পুলিটো শাসনৰ বাঘজৰী হাতত লোৱা ৰাজনৈতিক নেতাসকলে উৎখাত কৰিবলৈ তেওঁলোকৰ নৈতিকতাৰ অভাৱ ঘটিল৷ কাৰণ, তেওঁলোক দূৰ্নীতি ভ্ৰষ্টাচাৰৰ পংকিলতাত নিজেই নিমগ্ন হৈ পৰিল৷ পুলিটো এতিয়া এক প্ৰকাণ্ড বট-বৃক্ষলৈ ৰূপান্তৰিত হ’ল - যাৰ ছায়াতে সৰ্ব স্তৰত অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে৷ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষক সমুলঞ্চে উভালি পেলোৱাৰ প্ৰচেষ্টাৰ অভাৱ বতৰ্মানো পৰিলক্ষিত হয়৷ ধনতন্ত্ৰৰ প্ৰত্যক্ষ প্ৰভাব পৰা গণতন্ত্ৰত এয়া যেন কোনো কাহানিও সম্ভৱ নহ’ব৷ এনেবোৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেই আমাৰ দেশৰ সমাজ ব্যৱস্থাক বাৰুকৈয়ে কলুষিত কৰিছে যাৰ ফলত আইনৰ প্ৰতি জনতাৰ শ্ৰদ্ধা কমিছে আৰু নাৰীৰ শ্লীলতা হানি কৰা এচাম লোকৰ সৃষ্টি হৈছে৷  
দূৰলৈ নগৈ আমাৰ অসমৰ পটভূমিতে কথাবোৰ আলোচনা কৰিব পাৰি৷ অসমত যিবোৰ দুৰ্নীতি ব্যভিচাৰৰ কাহিনী পোহৰলৈ আহিব ধৰিছে সেইবোৰ ধৰ্ষণৰ ঘটনাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে৷ অসমৰ সমূহ জনগণ ৰাজপথলৈ ওলাই আহি এনেবোৰ দুৰ্নীতি ব্যভিচাৰৰ আঁৰত থকা ৰাজনৈতিক নেতাক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰা উচিত৷ এনে তথাকথিত শিক্ষিত নেতাবোৰে চলাই যোৱা শোষণৰ ফলতেই সমাজৰ এচাম লোক অন্ন-বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আদি সুবিধাৰ পৰা বঞ্চিত হৈছে ৷ তেওঁলোকৰ এচামলোক  চৰকাৰী অৱহেলাৰ ফলত সকলো দিশতে পিছ পৰি থাকি কু-সংস্কাৰৰ বলি হৈ অপৰাধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ অন্যান্য দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু  লোক সেৱা আয়োগৰ দুৰ্নীতিৰ ফলত সৃষ্ট দুৰ্নীতিপৰায়ণ এচাম আমোলা বিষয়াই ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহত কিমান যে দুৰ্নীতি সংঘটিত কৰিলে তাৰ কোনো তথ্য বিচাৰ কৰা হোৱা নাই৷ এই বোৰ দুৰ্নীতিৰ পাৰ্শ্ব ক্ৰিয়া সমাজৰ বাবে কেনে হ’ব পাৰে ভাবি চাওকচোন৷ আইনৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব পৰা শ্ৰদ্ধাস্পদ আইন ৰক্ষীসকলেই যদি আইন উলঙ্ঘা কৰি ধন ঘটিব ধৰে তেন্তে ঘটীৰাম বাটিৰামৰ সামান্য মগজুত অপৰাধ প্ৰৱণতা জাগি উঠাটো তেনেই স্বাভাৱিক৷ গতিকে শিক্ষিত অপৰাধী আৰু ৰাজনৈতিক অপৰাধীৰ শাস্তিৰ বিধান কঠোৰ হোৱা দৰকাৰ৷ যিহেতুকে তেওঁলোকে সমাজখন নিকা কৰিব পৰা ক্ষমতা লাভ কৰি তাৰ বিপৰীতে নিজে সমাজ কলুষিত কৰিবলৈ গৈছে, গতিকে দুগুণ শাস্তি পোৱা উচিত৷

প্ৰকৃততে সমাজখন নিকা কৰি ৰাখিবলৈ সৰ্ব স্তৰৰ লোকৰ মনত দেশ প্ৰেমৰ ভাৱনা জগাই তুলিব পাৰিব লাগিব৷ এয়া কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ শাসকবৰ্গই দেশৰ জনতাক গণতন্ত্ৰৰ সোৱাদ পাবলৈ দিব লাগিব৷ জনগণে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ উপভোগ কৰিবলৈ পাব লাগিব৷ জনগণে উপলব্ধি কৰিব পাৰিব লাগিব যে চৰকাৰ তেওঁলোকে পাতি দিছে আৰু তেওঁলোকেই দেশৰ মালিক আৰু শাসকসকল তেওঁলোকৰ সেৱক৷ এনে ভাৱৰ উন্মেষ ঘটাবৰ বাবে  গণতন্ত্ৰ সুপ্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে দেশত অন্ধ বিশ্বাসৰ ওপৰত ভিত্তি কৰা ধৰ্ম তথা জাতপাতৰ সংকীৰ্ণ গণ্ডীৰ ৰাজনীতিয়েহে গা কৰি উঠিছে৷ দেশত সচেতন নাগৰিকৰ সৃষ্টি নহৈ শিক্ষা লাভৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত এচাম অৰ্থৰ বিনিময়ত বিক্ৰী হোৱা দৰিদ্ৰ ভোটাৰৰ সৃষ্টি কৰি থকা হৈছে- যিসকল বাংলা দেশৰ পৰা আগমণ ঘটা ভিন্ন ধৰ্মী বিদেশীও হ’ব পাৰে৷ এতিয়া এইচাম লোককে ধৰি দেশৰ ভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ জনসাধাৰণক উচ্চ প্ৰযুক্তিৰ সোৱাদ দি তেওঁলোকৰ ধন টকা-পইচা ধনী ব্যৱসায়ীসকলক লুটিবলৈ নানা সুযোগ দিয়া হৈছে৷ ইন্টাৰনেটৰ অপৰিসীম সুবিধাৰে সৈতে হাতত স্মাৰ্টফোন লৈ এচাম অশিক্ষিত আৰু অৰ্ধশিক্ষিত যুৱকে অশ্লীল ভিডিঅ’ চাই যৌন উন্মাদনাত ভূগি নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ দৰে ঘটনাৰ পৰিসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ এইবোৰৰ প্ৰতি চৰকাৰৰ বিশেষ মনোযোগ নাই৷

নিজৰ অপ্ৰাপ্তবয়স্ক সন্তান অথবা তেনে অন্য কাৰোবাৰ পৰা স্মাৰ্টফোনৰ ব্যৱহাৰ, ইন্টানেট প্ৰয়োগৰ শিক্ষা, ফেচবুক, টুইটাৰ আৰু ইনষ্টগ্ৰাম আদি সামাজিক মিডিয়াত নিজকে অন্তৰ্ভুক্তি কৰিবলৈ অ-আ ক-খ শিকা অনভিজ্ঞ অভিভাৱকসকলেনো কিদৰে কণমানিহঁতক ইন্টাৰনেটৰ অপব্যৱহাৰৰ ফলত ঘটিব পৰা কু-ফলৰ পৰা ৰক্ষা কৰিব? উপায় নাই! ভিক্ষা কৰি হ’লেও পিতৃ-মাতৃয়ে সন্তানক স্মাৰ্টফোন কিনি দিব লাগিব৷ তাৰ ফলাফল তেহেলৈ যিয়েই নহওক লাগে৷ দেশ প্ৰগতিৰ পথত৷ ইন্টাৰনেট আৰু স্মাৰ্টফোন বিক্ৰী হ’ব লাগে৷ ধনী অধিক ধনী হ’ব লাগে আৰু চৰকাৰী বঞ্চনাৰ বলি দৰিদ্ৰই ইতৰ প্ৰাণীৰ শাৰীলৈ গৈ জীৱন কটাওক৷ পিচে ইতৰ প্ৰাণী হৈ তেওঁলোকে ইতৰ প্ৰাণীৰ দৰে আচৰণ নকৰি কৰিব কি? তেওঁলোকে আইনে কি শাস্তি বিহিব তাক অনুভৱ কৰিবনে? ফাঁচীকাঠত কিমানজনক তুলিব ? শেষ হ’বনে অপৰাধী ? সমাজৰ ধনী ব্যক্তিসকলে সমাজৰ নিম্ন স্তৰৰ লোকসকলক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ নিদি,  মানৱ-ধৰ্ম পাহৰি গৈ ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি নিজে সামাজত অসুৰ তথা দৈত্য–দানৱৰ সৃষ্টি কৰি গৈছে৷ এইদৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈ সভ্যতাৰ জখলাত বগাব পাৰিবনে সমাজখনে?
+++++++++সমাপ্ত++++++++
বিঃ দ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত 'তিনিদিনীয়া অগ্ৰদূত'ত ১৬ মে' ২০১৮ সংখ্যাত বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷