Friday 2 March 2018

লোক সেৱা আয়োগত দুৰ্নীতিৰ ইতিহাস(এটি চমু লেখা)


প্ৰকৃততে যদি চৰকাৰে অসম লোক সেৱা আয়োগৰ দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে তেন্তে ৰাজনৈতিক নেতাসকলক অতিশীঘ্ৰে তদন্তৰ আওতালৈ অনা উচিত৷ ৰাজনৈতিক পোষকতাতহে দুৰ্নীতিয়ে ইমান দূৰলৈ পোখা মেলিব পাৰে৷ ৰাজনৈতিক ভাৱে প্ৰশয় নিদিলে এয়া কাহানিও সম্ভৱ নহয়৷ প্ৰশ্ন হয় ৰাজ্যখন দুৰ্নীতিত ইমান গভীৰলৈকে পুত যাবলৈ শাসকবৰ্গই এৰি দিলে কিয়? তেওঁলোকৰ একো কৰিব লগা নাছিল? দুৰ্নীতি পৰায়ণলোকসকলক প্ৰতিহত কৰাৰ ক্ষমতা ৰাজনৈতিক নেতাসকলৰ নাছিল নেকি? দুৰ্নীতিত লিপ্ত হোৱা লোকসকলৰ ক্ষমতা ইমান অধিক নে? গণতান্ত্ৰিক দেশ এখনত বিভাগীয় মন্ত্ৰীসকল জনগণৰ ওচৰত এনে কাণ্ডৰ বাবে জবাব দেহি নহ’বনে? কলঙ্কিত অধক্ষ্য ৰাকেশ পাল, বক্ৰপথে চাকৰি লোৱাসকল বা অন্য দাদাল সকলকে কৰায়ত্ত কৰি ৰাজনৈতিক নেতা সকলক যদি তদন্তৰ আওতালৈ অনা নহয় তেন্তে এনে গণতন্ত্ৰ ৰাষ্ট্ৰত বাস কৰাৰ অভিজ্ঞতা জনসাধাৰণৰ বাবে কোনো কালেও সুখকৰ নহ’য়৷ সেয়ে আন্দোলনৰ পথ লৈ তাৰ বাবে ৰাইজে দাবী জনোৱাটোৱেই মঙ্গলজনক হ’ব৷ গণতান্ত্ৰিক শাসনৰ নামত অযথা ৰাজনৈতিক নেতাসকলক দেশখন লুটি পুটি খাবলৈ দিলে দেশৰ সত্তৰ শতাংশ জনতা পথৰ ভিক্ষাৰী হ’ব আৰু বাকী ত্ৰিশ শতাংশ ৰাজনৈতিক নেতা আৰু পুঁজিপতিয়ে ঐক্যবদ্ধ হৈ জনসাধাৰণৰ মূৰত টাঙন মাৰি চলি গৈ থাকিব৷ সত্তৰটা বছৰে সেই হ’ল৷

আশীৰ দশকৰ কংগ্ৰেছ চৰকাৰৰ তদানীন্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰে পৰাই অসম লোক সেৱা আয়োগৰ চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি অনিয়ম চলি আহিছে৷ সেই সময়ৰ পৰাই অসম লোক সেৱা আয়োগৰ চাকৰি নানা অনিয়মৰ যোগেদি চৰকাৰী পৃষ্ঠপোষকতাতে বিক্ৰী কৰি আহিছে৷ এই লেখাৰ লিখকে সেই সময়ত অনুষ্ঠিত হোৱা লোক সেৱা আয়োগৰ লিখিত আৰু মৌখিক উভয় পৰীক্ষাতে উতীৰ্ণ হৈ বৰ আশাৰে চাকৰিত যোগদানৰ বাবে বাট চাই থাকি অৱশেষত বিফল মনোৰথ হ’ব লগা হ’ল৷ পুলিচ ভেৰিফিকেশ্যন হৈ গ’ল৷ তাৰ পিছত অতি পিছ পৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ বিচাৰিলে, সেয়াও জমা দিয়া হ’ল; কিন্তু চাকৰি নহ’ল৷  পিছ পৰা ঠাইৰ এজন দৰিদ্ৰ কৃষকৰ সন্তানৰ যোগ্যতাক ভৰিৰে মোহাৰি চৰকাৰে হেলাৰঙে চাকৰিৰ পৰা বঞ্চিত কৰিলে৷ এনে দৰে আৰু কেইবাজনো দৰিদ্ৰ সন্তান দুৰ্ভগীয়াৰ তালিকাত তালিকাভুক্ত হ’ল৷ চাকৰি পালে দালালৰ যোগে ধন দিব পৰা এচাম ধনীলোকৰ সন্তানে, মন্ত্ৰী আমোলাৰ পুত্ৰই--পৰীক্ষাত নবহাকৈ ৰেগুলেশ্যন থ্ৰী এফত৷ সেই সকলে চাকৰি পাই পৰবৰ্তী কালত অসমত দুৰ্নীতিৰ পথাৰখন বহল আৰু সাৰুৱা কৰি আজিৰ এই অৱস্থাত উপনীত কৰালে৷ ভাৱি চাওকচোন আশীৰ দশকতে অসমত দুৰ্নীতিৰ শিপাডাল কিমান তললৈ পোখাইছিল৷ এয়া সম্ভৱ হৈছে কেৱল কুশাসনৰ ফলত৷

সেয়েহে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য শতাংশ সহিঞ্চুতাৰ মতাৰ্দশৰ কথা কোৱা অসমৰ বৰ্তমানৰ চৰকাৰখনে কামে কাজে কৰি দেখুৱাই নিজৰ নিকা ভাৱ মূৰ্তিৰ পৰিচয় দিলে সংশ্লিষ্ট সকলো পক্ষৰে মংগল সাধন হ’ব৷ এতিয়ালৈকে যিমান দূৰ আগুৱাইছে তালৈ লক্ষ্য ৰাখি ক’ব পাৰি যে ইয়াৰ বাবে প্ৰয়োজনীয় সদ্দিচ্ছা, সততা আৰু সৎসাহস নিশ্চয় বৰ্তমানৰ চৰকাৰখনৰ আছে৷

++++++সমাপ্ত+++++++

বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী ‘অসম বাণী’ৰ ১৬ ফেব্ৰুৱাৰী ২০১৮ ৰ সংখ্যাত প্ৰকাশ পাইছে৷