কবিতা



                     ৰজা

পোহৰ বিনাশী তিমিৰৰ ৰজা
সি হেনো নহয় মোৰ প্ৰজা
মৰণাস্ত্ৰ  তুলি হানিলো আঘাত
তথাপিও সি নহ’ল নিপাত৷
মোৰহে দেহ হ’ল ৰক্তাক্ত
তথাপিও যে মোৰ হাততে
আছে  ৰাজদণ্ড
ওৱা! ই কেনে কাণ্ড
অ’ মোৰহে  বুজাত হ’ল বিলম্ব  
যাক বধিছিলো সি মোৰেই প্ৰতিবিম্ব৷
     ---------***--------
 ৰচনাকাল-১৯৮৯
                                   
            
   

No comments:

Post a Comment